Fri May 09 2025 8:27:08 AM
  • Follow us on
  • Subcribe

আইনী জটিলতাৰ পিছত নতুন অধ্যায় আৰম্ভ কৰিলে ৰণবীৰ এলাহবাদিয়াই; প'ডকাষ্টৰ অতিথি পালগা ৰিনপোচে প্ৰকৃততে কোন

Story by  atv | Posted by  sarmamukut98@gmail.com • 1 Months ago
বৌদ্ধ সন্নাসী পালগা ৰিনপোচেৰ সৈতে প'ডকাষ্টৰে নতুন আৰম্ভণি ৰণবীৰ এলাহবাদিয়াৰ
বৌদ্ধ সন্নাসী পালগা ৰিনপোচেৰ সৈতে প'ডকাষ্টৰে নতুন আৰম্ভণি ৰণবীৰ এলাহবাদিয়াৰ
 
মুম্বাই

আইনী মেৰপেচত সোমাই অনাকাংক্ষিত জটিলতাৰ সন্মুখীন হোৱা জনপ্ৰিয় ইউটিউবাৰ ৰণবীৰ এলাহবাদিয়াই শেহতীয়াকৈ পুনৰ তেওঁৰ প'ডকাষ্ট আৰম্ভ কৰিছে। ছ’চিয়েল মিডিয়া হেণ্ডেলত ৰণবীৰে প্ৰকাশ কৰিছে যে জটিলতা আৰু সমস্যাৰ পিছত তেওঁ এতিয়া নিজৰ জীৱন আৰু কেৰিয়াৰৰ পৰৱৰ্তী অধ্যায় আৰম্ভ কৰিবলৈ সাজু হৈছে।
 
‘ইণ্ডিয়া’ছ গট লেটেণ্ট শ্ব’ত কৰা এক বিতৰ্কিত মন্তব্যৰ পিছত আইনী মেৰপেচৰ মাজত আৱদ্ধ হৈ পৰা ৰণবীৰে টি আৰ এছ (TRS)ৰ নতুন প’ডকাষ্ট ছিৰিজৰ জৰিয়তে দৰ্শকৰ মাজলৈ পুনৰ উভতি আহিছে। নতুন অধ্যায়ৰ প্ৰথমটো খণ্ডত তেওঁৰ অতিথি আছিল বিলাসী মাছেৰাটি বাহন বিক্ৰী কৰি আভ্যন্তৰীণ শান্তিৰ বাবে মংকলৈ পৰিণত হোৱা কোটিপতি পালগা ৰিনপোচে (Palga Rinpoche)।
 
পালগা ৰিনপোচেই অষ্টম চকয়ং পালগা ৰিনপোচে (8th Chokyong Palga Rinpoche) হিচাপে স্বীকৃতি লাভ কৰিছে। তেওঁক অতি কম বয়সতে তিব্বতী বৌদ্ধ ধৰ্মৰ ড্ৰুকপা বংশৰ পুনৰ্জন্মপ্ৰাপ্ত লামা (reincarnated lama) হিচাপে চিনাক্ত কৰা হৈছিল। লাডাখত জন্মগ্ৰহণ কৰা পালগাই ১৮ বছৰ বয়সলৈকে পৰিয়ালৰ সৈতে এক স্বাভাৱিকভাৱে জীৱন কটায়। তেতিয়া তেওঁ পৰম্পৰাগত শিক্ষা আৰু আধ্যাত্মিক প্ৰশিক্ষণৰ মাজত ভাৰসাম্য ৰক্ষা কৰিছিল।
পাগলা ৰিনপোচে প্ৰযুক্তি আৰু ব্যৱসায়ৰ জগতখনৰ প্ৰতি তীব্ৰ আকৰ্ষণ অনুভৱ কৰি মঠ এৰি থৈ গৈছিল। তেওঁৰ বয়স মাত্ৰ ১৮ বছৰ আছিল যেতিয়া তেওঁ ইউৰোপলৈ গৈ কম্পিউটাৰ প্ৰগ্ৰেমিংৰ দক্ষতা আয়ত্ত কৰি এই ক্ষেত্ৰখনত সাম্ৰাজ্য গঢ়ি তুলিছিল। আৰ্থিকভাৱেও তেওঁ যথেষ্ট স্বচ্ছল হৈছিল যদিও বস্তুবাদী কথাবোৰে তেওঁক আভ্যন্তৰীণ সুখ আৰু সন্তুষ্টি প্ৰদান কৰা নাছিল। এইদৰে তেওঁ নিজৰ সা-সম্পত্তি আৰু উপাৰ্জন দান কৰি আধ্যাত্মিক শিপালৈ ঘূৰি আহিল।
 
ভাৰতলৈ উভতি অহাৰ পিছত পলগাই পুনৰ সন্ন্যাসীৰ ভূমিকা গ্ৰহণ কৰে। তেওঁ বৌদ্ধ ধৰ্মৰ প্ৰসাৰৰ বাবে এক অভিযান আৰম্ভ কৰে। ইয়াৰ বাবে তেওঁ বিভিন্ন স্থানত আকৰ্ষণীয় ৰাজহুৱা ভাষণ দিছিল আৰু মনবিনিময় অনুষ্ঠানত অংশ লয়। তেওঁ আভ্যন্তৰীণ শান্তি, মমতা আৰু মননশীলতাৰ তাৎপৰ্য্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। এই পদক্ষেপৰ জৰিয়তে তেওঁ বহু স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়।
 
পালগা বিভিন্ন ৰাজহুৱা আৰু শৈক্ষিক অনুষ্ঠানত সক্ৰিয়ভাৱে জড়িত হৈ থাকে, য’ত তেওঁ আধ্যাত্মিকতা আৰু মানসিক স্বাস্থ্যৰ ওপৰত নিজৰ চিন্তাধাৰা ভাগ-বতৰা কৰে। তেওঁ নিজৰ দৰ্শকক গভীৰ আৰু অন্তৰ্দৃষ্টিৰে ভৰা কথাৰে আকৰ্ষিত কৰে আৰু জীৱনৰ প্ৰতি বস্তুগত আৰু আধ্যাত্মিক আগ্ৰহ দুয়োটাকে একত্ৰিত কৰা সুষম দৃষ্টিভংগীৰ পোষকতা কৰে।
 
ৰণবীৰ এলাহবাদিয়াই পালগা ৰিনপোচেক তেওঁৰ প্ৰত্যাৱৰ্তন পডকাষ্টলৈ আদৰণি জনোৱাৰ পূৰ্বে এটা সৰু ক্লিপ শ্বেয়াৰ কৰিছিল য’ত তেওঁ উল্লেখ কৰিছিল যে সন্মানীয় বৌদ্ধ সন্ন্যাসীজন তেওঁৰ গুৰু। ৰণবীৰে আইনী যুঁজ চলাই থকাৰ সময়তে এই খণ্ডটোৰ শ্বুটিং কৰিছিল আৰু দুদিন পূৰ্বে ইউটিউবত ইয়াক প্ৰচাৰ কৰা হৈছে। ৰণবীৰে কয় যে তেওঁৰ আটাইতকৈ বেয়া দিনত পালগা ৰিনপোচে আগুৱাই যোৱাত সহায় কৰিছে, প্ৰত্যাহ্বানৰ সময়ত সাহস যোগাইছিল।