গুৱাহাটীত গণেশৰ চতুৰ্থীৰ বাবে উত্তৰ-পূবৰ আটাইতকৈ ওখ গণেশৰ প্ৰতিমা নিৰ্মান

Story by  atv | Posted by  Munni Begum • 9 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী 
 
গণেশ চতুৰ্থীৰ বিশাল উদযাপনৰ বাবে সাজু হৈছে গুৱাহাটী মহানগৰী, সমগ্ৰ মহানগৰীত পূৰ্ণগতিত উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে। এইবাৰৰ মহানগৰীৰ ফটাশিল আমবাৰীত ৪১ ফুট উচ্চতাৰ ভগৱান গণেশৰ মূৰ্তি নিৰ্মান কৰা হব, যিটো উত্তৰ-পূব ভাৰতৰ আটাইতকৈ ওখ প্ৰতিমা হব বুলি উদ্যোক্তাসকলে দাবী কৰিছে।
 
ফটাশিল আমবাৰী জিএমচি নিউ কলনীৰ ডাঃ বি আৰ আম্বেদকাৰ ইউথ ক্লাব আৰু তেলেগু এছ'চিয়েশ্যনে যৌথভাৱে চলিত বৰ্ষৰ ৪০ সংখ্যক গণেশ চতুৰ্থীৰ আয়োজন কৰিছে। আয়োজক সমিতিৰ উপদেষ্টা সাম্বা শিৱৰাওৱে জনোৱা মতে, এইবাৰ তেওঁলোকে ভগৱান গণেশৰ ৪১ ফুট ওখ মূৰ্তি নিৰ্মাণৰ লক্ষ্য লৈছে আৰু উত্তৰ-পূব ভাৰতৰ এইটো আটাইতকৈ ওখ মূৰ্তি হ’ব বুলি দাবী কৰিছে।  
 
গণেশ চতুৰ্থী উদযাপনৰ বাবে আমাৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। কলকাতাৰ শিপিনী আৰু স্থানীয় ৰাইজে নিয়োজিত হৈ আছে ৪১ ফুট উচ্চতাৰ এই মূৰ্তিটো নিৰ্মান কাৰ্যত। সাম্বা শিৱৰাওৱে কয়, "যোৱা বছৰ আমি গণেশ ভগৱানৰ ৩৫ ফুট ওখ মূৰ্তি নিৰ্মাণ কৰিছিলো। প্ৰতি বছৰে আমি গণেশ চতুৰ্থী উদযাপন কৰো। এইবাৰ আমি আমন্ত্ৰণ জনাইছো অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক।"    
 
আয়োজকসকলৰ মতে এই মূৰ্তিটো প্লাষ্টিক আৰু কৃত্ৰিম ৰং অবিহনে নিৰ্মাণ কৰা হৈছে আৰু যোৱা বছৰ তেওঁলোকেও পৰিৱেশ অনুকূলভাৱে গণেশ চতুৰ্থী উদযাপন কৰিছিল। শিৱৰাওৱে লগতে কয় যে, এইবাৰ তেওঁলোকে পণ্ডালৰ বাবে অপাৰেচন সেন্দুৰৰ এটা থিম লৈছে। 
 
২২ এপ্ৰিলৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ নিৰ্ণায়ক সামৰিক সঁহাৰি হিচাপে ভাৰতে যোৱা ৭ মে’ত অপাৰেচন সেন্দুৰ আৰম্ভ কৰিছিল। ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰত সন্ত্ৰাসবাদী আন্তঃগাঁথনি লক্ষ্য কৰি ১০০ৰো অধিক সন্ত্ৰাসবাদীৰ মৃত্যু ঘটে।