সমন্বয়ৰ পীঠস্থান শিৱসাগৰত মানৱতাৰ জয়গান গালে মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱ-আজান ফকীৰৰ শিষ্যই

Story by  atv | Posted by  [email protected] • 2 Years ago
শিৱসাগৰৰ ৰাজপথত শংকৰ দেৱ-আজান ফকীৰৰ শিষ্যৰ মহানুভৱতা
শিৱসাগৰৰ ৰাজপথত শংকৰ দেৱ-আজান ফকীৰৰ শিষ্যৰ মহানুভৱতা

 

আশ্ৰফুৰ ৰহমান / শিৱসাগৰ

 

‘মোৰ মনত ভেদ ভাৱ নাই অ আল্লা, হিন্দু কি মুছলমান, একে আল্লাৰ ফৰমান’শীৰ্ষক আজানপীৰ চাহেবৰ কালজয়ী জিকিৰ ফাকিৰ মাহাত্ম্যই পুনৰ এবাৰ অনুৰণিত কৰিলে ৰাইজক৷ চৌপাশে আগুৰি ধৰা অবিশ্বাস, সংশয়ৰ কলীয়া ডাৱৰৰ মাজতেই যেন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰ্ণ বৈষম্যহীন অসমীয়া সমাজখনত আজানপীৰ চাহেবৰ সম্প্ৰীতিৰ বাণীৰে সকলোকে একত্ৰিত কৰিলে ৷

 

কাকতলীয়াভাৱে  দুই গৰাকী মহাপুৰূষৰ ভক্তই অলপতে আলিংগনাবদ্ধ হয় শিৱসাগৰৰ ৰাজপথত৷ কাৰ্য্যত যেন সমন্বয়ৰ পীঠস্থানত আকৌ এবাৰ বাজি উঠিল মানৱতাৰ জয়গান ৷

 

স্থান আছিল শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিচাং ঘাট আৰু দৰিকাপাৰ অঞ্চল ৷গোলাঘাট জিলাৰ পৰা দুখনকৈ বাছত ধেমাজী জিলাৰ চিমেন চাপৰিত অনুস্থিত শংকৰ সংঘৰ অধিবেশনত অংশ গ্ৰহণ কৰিবলৈ আহিছিল প্ৰায় ৮০ গৰাকীকৈ ভক্ত ৷কিন্তু দুপৰীয়া ডেৰ মান বজাত এখন ভক্ত কঢ়িয়াই বাছ দিচাং ঘাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত বিকল হৈ পৰে ৷ চালক-হেণ্ডিমেনে শিৱসাগৰ চহৰৰ পৰা মেকানিক নিবলৈ বুলি আহি সন্ধিয়া ৮ বজা পৰ্য্যন্ত উভতি নোযোৱাত যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগে৷ লগে লগে শিৱসাগৰৰ এগৰাকী সংবাদকৰ্মীয়ে এই সন্দৰ্ভত কেইজনমান যুৱকক এই সন্দৰ্ভত অৱগত কৰাৰ লগতে জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনক অৱগত কৰে ৷

 

শিৱসাগৰৰ জেষ্ঠ সংবাদকৰ্মী তথা উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি মণিৰল ইছলাম বড়াই তাৎক্ষণিক ভাৱে কল্যাণ পৰিষদৰ কৰ্মী সকলক সেই স্থানলৈ যোৱাৰ নিৰ্দেশ দিয়াৰ লগতে শিৱসাগৰৰ স্বাস্থ্য কৰ্মী চৈয়দ মুৰ্চিদুল আৰ্ফিনেও ততাতৈয়াকৈ  খাদ্য সামগ্ৰী, পানী লৈ ঘটনাস্থলীত উপস্থিত হয় ৷

ট্ৰাকত উঠি ইষ্টেমাস্থলীত চিৰণী বিতৰণ কৰিছে অঞ্চলটোৰ একাংশ যুৱকে

 

বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সদস্য চৈয়দ মুৰ্চিদুল আৰ্ফিনে নিজেই ভক্ত সকলৰ তদাৰক কৰাৰ লগতে সমীপতে অনুস্থিত হৈ থকা জাপিসজীয়া ইষ্টেমাস্থলীত এই কথা অৱগত কৰায় ৷ তাৰ পিছতে ইষ্টেমাস্থলীৰ পৰা শতাধিক স্বেচ্ছাসেৱকে পৰ্য্যাপ্ত খাদ্যৰ টোপোলা লৈ দিচাং ঘাটৰ শংকৰ সংঘৰ অধিবেশনলৈ অহা যাত্ৰী সকলৰ কাষত ঠিয় হয় ৷

 

ভক্তসকলক পৰ্য্যাপ্ত আহাৰ যোগান ধৰাৰ লগতে শৌচ, পেচাৱৰ সুবিধা আগবঢ়ায়৷ আনহাতে, একে সময়তে শংকৰ সংঘৰ অধিবেশনলৈ অহা আন এখন বাছো দৰিকা দলঙৰ সমীপত বিকল হোৱা বুলি জানিব পাৰি ইষ্টেমাস্থলীৰ ৰাইজ, স্বেচ্ছাসেৱক উবুৰি খাই পৰে৷ স্বেচ্ছাসেৱক সকলে  যাত্ৰীসকলক শীতৰ পৰা ৰক্ষা কৰিবলৈ পথৰ কাষত জুইৰ ব্যৱস্থা কৰাৰ লগতে খাদ্যৰ সুবিধাও আগবঢ়ায়৷ দুপৰীয়াৰ পৰা ভোকে পিয়াহে থকা যাত্ৰীসকলৰ বিকল্প ব্যৱস্থা নোহোৱা পৰ্য্যন্ত দুয়োটা স্থানতেই স্বেচ্ছাসেৱক সকলে যাত্ৰীসকলৰ থকা সুৰক্ষা ব্যৱস্থা কৰে৷

 

আনহাতে, শিৱসাগৰ জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱেও এই খবৰ লাভ কৰি ঘটনাস্থলীলৈ এগৰাকী কাৰ্য্যবাহী দণ্ডাধীশ প্ৰেৰণ কৰাৰ লগতে জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাইও এগৰাকী বিষয়াসহ আৰক্ষীৰ এটা দলক যাত্ৰীসকলৰ সুবিধাৰ বাবে প্ৰেৰণ কৰে ৷

 

উল্লেখ্য যে, জাপিসজীয়াৰ ইষ্টেমাস্থলীলৈ ওৰে নিশা যিটো পথেদি ইছলামধৰ্মী ভক্ত প্ৰাণ ৰাইজৰ আগমণ ঘটিছে সেই একেটা পথেদিয়েই শংকৰ সংঘৰ অধিবেশনলৈ সোঁত বৈছিল হাজাৰ হাজাৰ ভক্তৰ, যাৰ বাবে বিভেদকামী শক্তিৰ ঘৃণা, অবিশ্বাসৰ মাজতো শিৱসাগৰৰ ৰাষ্ট্ৰীয় ঘাইপথত মিলন ঘটিল মহাপূৰূষ শ্ৰীমন্ত শংকৰ দেৱ আৰু আজানপীৰ চাহেবৰ ভক্তগণৰ৷ সাক্ষী হৈ ৰল ঐতিহাসিক শিৱসাগৰ, যি মিলনত গুৰু ভূমিকা পালন কৰিলে চৈয়দ মুৰ্চিদুল আৰ্ফিনৰ লগতে উজনি অসম মুছলিম কল্যাণ পৰিষদ আৰু ইষ্টেমাস্থলীৰ স্বেচ্ছাসেৱক৷ যোৱাৰ সময়ত এফাকি ঘোষাৰে আশীৰ্বাদ দি যোৱা ভক্তসকলে সমস্বৰে কৈ গ’ল গুৰুজনাই এক কৰে,ভকতেহে  ভাগ কৰে ৷

 

ইফালে, শিৱসাগৰ নগৰৰ একেবাৰে গাতে লাগি থকা ঐতিহ্যমণ্ডিত আমগুৰি গাঁৱৰ যুৱকসকলে ইষ্টেমাস্থলীৰ ৰাইজৰ সেৱাৰ্থে প্ৰায় ১০ হাজাৰ পেকেট চিৰণী বিতৰণ কৰে ৷ প্ৰায় ১২ ঘন্টা ধৰি অদ্ধশতাধিক যুৱকৰ নেৰানেপেৰা প্ৰচেষ্টাত তৈয়াৰ হৈ উঠা এই ১০ হাজাৰ চিৰণী পেকেট লৈ নিশাই তিনিখন গাড়ীৰে উপস্থিত হোৱা যুৱকসকলে সমুহীয়া দোৱাৰ পিছতেই ৰাইজৰ মাজত বিতৰণ কৰে৷ উল্লেখ্য যে, আমগুৰি বৰ মচজিদ প্ৰাংগণত চিৰণী তৈয়াৰ কৰাৰ সময়ত চহৰৰ বহু কেইগৰাকী হিন্দু সম্প্ৰদায়ৰ যুৱকে নিজ হাতে চিৰণী পেকেট প্ৰস্তুত কৰাৰ দৃশ্য আছিল অনন্য ৷