স্তনপানে কি শাৰীৰিক পৰিৱৰ্তন ঘটালে মোহময়ী অভিনেত্ৰী ছানা খানৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
অভিনেত্ৰী ছানা খান তেওঁৰ স্বামী মৌলানা আনাছ ছাইদ আৰু পুত্ৰৰ সৈতে
অভিনেত্ৰী ছানা খান তেওঁৰ স্বামী মৌলানা আনাছ ছাইদ আৰু পুত্ৰৰ সৈতে
 
আৱাজ-দ্য ভইচ আছাম ব্যুৰ  
 
এসময়ৰ মোহময়ী অভিনেত্ৰী ছানা খানৰ মাতৃ হোৱাৰ অভিজ্ঞতা এতিয়ালৈ অতি সুখদায়ক আৰু আশীৰ্বাদপূৰ্ণ। ছানা খানে ৫ জুলাইত এটি পুত্ৰ সন্তানক জন্ম দিছিল। তেওঁ কয় যে তেওঁৰ সন্তানটিক স্তনপান কৰোৱাৰ ফলত তেওঁ আৰু তেওঁৰ পুত্ৰৰ মাজত এক অতি এক অমূল্য সম্পৰ্কই গঢ় লৈ উঠিছে। আৰু ই প্ৰতিদিনে দৃঢ় হৈ গৈ আছে।    
 
বিশ্ব স্তনপান সপ্তাহৰ (১ আগষ্টৰ পৰা ৭ আগষ্ট লৈ) সময়তে খানে কয় যে, "সন্তানক স্তনপান কৰোৱাটো পৃথিৱীৰ এক অন্যতম সুন্দৰ অভিজ্ঞতা। যিয়ে আপোনাক আৰু আপোনাৰ সন্তানৰ মাজৰ সম্পৰ্ক দৃঢ় কৰি তোলে।"
 
 প্ৰতিনিধিত্বমূলক ছবি
 
খানে কয়, "যেতিয়া মই স্তনপান কৰাবলৈ আৰম্ভ কৰিছিলো, তেতিয়া মই ভাবিছিলো যে ইমান বছৰৰ পিছত মোৰ শৰীৰে কেনেকৈ গাখীৰ প্ৰস্তুত কৰিব পাৰে, যিটো এক আচৰিত কথা। তাৰ পিছত মই সৰ্বশক্তিমানৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছিলো।"    
 
২০২০ চনত মৌলানা আনাছ ছাইদৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ছানাই জানে যে কিছুমান নতুন মাতৃয়ে স্তনপান কৰোৱাৰ ক্ষেত্ৰত লজ্জা অনুভৱ কৰে। খানে কয়, "মই কিয় বুজি নাপাওঁ... শিশুৰ স্বাস্থ্যৰ বাবে স্তনপান কৰাটো অতি গুৰুত্বপূৰ্ণ। গাখীৰ তেওঁলোকৰ বাবে আটাইতকৈ স্বাস্থ্যকৰ আহাৰ। ই তেওঁলোকৰ পেটটো সুস্থ কৰি ৰাখে, তেওঁলোকক শক্তিশালী কৰে আৰু তেওঁলোকক শাৰীৰিক আৰু মানসিক বৃদ্ধিত সহায় কৰে।" 
 
বিশ্ব স্তনপান সপ্তাহ (১ আগষ্টৰ পৰা ৭ আগষ্ট লৈ) উপলক্ষে অনুষ্ঠিত এক সজাগতা অনুষ্ঠান
 
জনপ্ৰিয় ৰিয়েলিটি শ্ব' বিগ বছৰ প্ৰাক্তন প্ৰতিযোগী ছানাই কয় যে, "কেৱল শিশুটোৱেই নহয়, স্তনপান কৰাটো মাতৃৰ বাবেও উপকাৰী। স্তনপানে মাতৃৰ বহুত ওজন কমোৱাত সহায় কৰি আহিছে। সন্তান জন্ম হোৱাৰ পিছত মই ওজন হ্ৰাস কৰাত মনোনিৱেশ কৰা নাছিলো। স্তনপানৰ বাবে মই এমাহত প্ৰায় ১৫ কিলোগ্ৰাম ওজন কমিল। বৈজ্ঞানিকভাৱে এয়া প্ৰমণিত যে শিশুক স্তনপান কৰোৱাৰ ফলত মাতৃৰ শৰীৰৰ ওজন হ্ৰাস পায়।"   
 
বৰ্তমানৰ ছানা খানৰ প্ৰথম প্ৰাধান্যতা হৈছে তেওঁ পুত্ৰ আৰু তেওঁ তেওঁৰ পুত্ৰক স্তনপানৰ কৰোৱাৰ বাবে স্বাস্থ্যবান হৈ থাকিব বিচাৰে। ছানাই কয়, "স্তনপানে আপোনাক দুৰ্বল কৰি তুলিব পাৰে। গতিকে ডাক্তৰে কয় যে প্ৰসৱৰ পিছত ৩০-৪৫ দিন জিৰণি লব লাগে। সেয়েহে মই ভালকৈ খোৱা-বোৱা কৰিছিলো আৰু নিজৰ যত্ন লৈছিলো। যাতে মই স্তনপান কৰাব পাৰো। মই বিশ্বাস কৰোঁ যে আপুনি যি  খায়, সেয়াই আপোনাৰ শৰীৰত প্ৰভাৱ পেলায় আৰু ই আপোনাৰ গাখীৰ প্ৰস্তুতৰ ক্ষেত্ৰতো প্ৰভাৱিত কৰে। গতিকে মই ঔষধ, ঠাণ্ডা পানীয় আৰু অস্বাস্থ্যকৰ বস্তু পৰিহাৰ কৰি আছো।" ছানাই শাহুৱেকৰ পৰামৰ্শ অনুসৰণ কৰি আছে বুলিও উল্লেখ কৰিছে।    
 
প্ৰতিনিধিত্বমূলক ছবি
 
"তেওঁলোকৰ সকলোবোৰৰ বাবে ঘৰুৱা প্ৰতিকাৰ আছে। স্তনপান কৰোৱাৰ বাবে যথেষ্ট শক্তিৰ প্ৰয়োজন হয়, যদিও মই তেওঁলোকৰ পৰামৰ্শ অনুসৰি প্ৰচুৰ পৰিমাণে প্ৰ'টিন আৰু স্বাস্থ্যকৰ খাদ্য খাওঁ। মই শুকান ফল আৰু কেশৰৰ সৈতেও হৰিৰাও পান কৰোঁ। ৰাতিপুৱা মোৰ এইটো প্ৰথম কাম।" এগৰাকী নতুন মাতৃয়ে ৰাজহুৱা স্থানত স্তনপান কৰোৱাত আৰামদায়ক নহয় বুলিও ছানাই মন্তব্য কৰিছে।   
 
ছানাই কয়, "বহু নতুন মাতৃয়ে হয়তো ৰাজহুৱা স্থানত শিশুক স্তনপান কৰোৱাটো ঠিক আছে, এইটো তেওঁলোকৰ নিজৰ পছন্দ হয়। কিন্তু মোৰ বাবে তেনেকৈ স্তন্যপান কৰোৱাটো আৰামদায়ক নহয়। মই মোৰ সন্তানটিক স্তনপান কৰাবলৈ নিস্তব্ধ ঠাই বিচাৰি লম। কিয়নো নিজৰ সন্তানক এটুকুৰা নিস্তব্ধ স্থানত লৈ গৈ স্তনপান কৰোৱাৰ বিকল্প সদায় এগৰাকী মাতৃৰ ওচৰত থাকে। বৰ্তমান মোৰ আটাইতকৈ ডাঙৰ চিন্তাটো হ’ল কামৰ বাবে ওলাই গ’লে মই কেনেকৈ স্তনপান কৰোৱাম।"
 
বিশ্ব স্তনপান সপ্তাহ (১ আগষ্টৰ পৰা ৭ আগষ্ট লৈ) উপলক্ষে এই প্ৰতিবেদনটি প্ৰকাশ কৰা হৈছে। এইবছৰৰ বিষয়বস্তু আছিল "Let's make breastfeeding and work, work!"