আমাৰ পঢ়ুৱৈসকলক অশেষ ধন্যবাদ

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
আৱাজ - দ্যা ভইছে এবছৰ সম্পূৰ্ণ কৰিলে
আৱাজ - দ্যা ভইছে এবছৰ সম্পূৰ্ণ কৰিলে
মৰমৰ পঢ়ুৱৈসকল,

আৱাজ - দ্যা ভইছে ঠিক এবছৰ পুৰ্বে ইয়াৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু অতি কম সময়ৰ ভিতৰতে, এক সমন্বয়মুখী ভাৰতৰ ধাৰণাত বিশ্বাস কৰা সকলৰ কণ্ঠ হৈ পৰিছে।
 
আমি আনন্দিত যে ইমান কম সময়ৰ ভিতৰতে আৱাজ-দ্যা-ভইছে নিজকে এক পক্ষপাতহীন মিডিয়া সংগঠন হিচাপে প্ৰতিষ্ঠা কৰিছে। এই সকলোবোৰ আমাৰ পঢ়ুৱৈসকলৰ অভূতপূৰ্ব সঁহাৰিৰ বাবে সক্ষম হৈছে। 
 
আৱাজ - দ্যা ভইছৰ এই বৃহৎ সফলতাৰ বাবে আমি আমাৰ সকলো পঢ়ুৱৈক অশেষ ধন্যবাদ জনাইছোঁ। প্ৰত্যেক ৰাতিপুৱা আমি আমাৰ মেইলবক্সত পঢ়ুৱৈসকলৰ অসংখ্য মেইল পাওঁ। যিসকলে আমাৰ কামৰ প্ৰশংসা কৰাৰ লগতে আৱাজৰ মঞ্চৰ সৈতে জড়িত হ'ব বিচাৰে।    
যেতিয়া আমি এই যাত্ৰা আৰম্ভ কৰিছিলোঁ, তেতিয়া এইয়া এক বৃহৎ প্ৰত্যহ্বান যেন লাগিছিল। আমি যি ধৰণৰ সমলৰ ধাৰণা কৰিছিলো সেয়া বৰ্তমান সময়ত অকল্পনীয় আছিল। আমাৰ যাত্ৰা আছিল সাংবাদিকতাক এক সম্পূৰ্ণৰূপে নতুন দৃষ্টিভঙ্গী প্ৰদান কৰা।   
যেতিয়া আমি আমাৰ চাৰিওফালে দৃষ্টি নিক্ষেপ কৰিছিলোঁ, তেতিয়া আমি লক্ষ্য কৰিছিলোঁ যে সাংবাদ মাধ্যমে কেৱল মানুহৰ মাজত  বিভাজন আৰু বিতৰ্কত সৃষ্টি কৰা বাতৰি প্ৰাকাশ কৰাত ব্যস্ত আছিল। এই সাংবাদিকতা আছিল ৰাজনৈতিকভাৱে প্ৰৰোচিত পৰিৱেশত মানুহৰ মাজত ঘৃণাৰ সৃষ্টি কৰা।   
 
 
এই চিন্তাই আমাক এক নতুন দৃষ্টিভংগী প্ৰদান কৰিছিল আৰু আমি সাংবাদিকতাক এক পৃথক দৃষ্টিৰে চাইছিলোঁ। এক অৰাজনৈতিক মনোভাৱেৰে আমি ইয়াৰ উজ্জ্বল দিশটো লক্ষ্য কৰিছিলোঁ আৰু ভাল আৰু ইতিবাচক বাতৰিবোৰ প্ৰচাৰৰ দিশত কাম আৰম্ভ কৰিছিলোঁ।   
 
আমাৰ অত্যন্ত প্ৰতিভাৱান সাংবাদিক আৰু টেকনিচিয়ানৰ দলটোৱে তেওঁলোকৰ সকলো শিক্ষা আৰু দশকৰ অভিজ্ঞতা মূলসুঁতিৰ সাংবাদিকতাৰ এক নতুন শৈলী সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰিছিল, যাৰ উদ্দেশ্য আছিল ভুল ধাৰণা দূৰ কৰা আৰু সম্প্ৰদায়বোৰৰ মাজত সমন্বয়ৰ এক সেঁতু গঢ়ি তোলা। 
আৱাজ - দ্যা ভইছৰ প্ৰতিবেদনৰ জৰিয়তে বহুলোকে ন্যায় লাভ কৰিবলৈ সক্ষম হৈছে। তেনে এটা উদাহৰণ হ'ল, ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এতিয়া এজন প্ৰখ্যাত লেখকক আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াইছে। আৱাজে তেওঁৰ দুৰ্দশাৰ বিষয়ে বৃস্তৃত প্ৰতিবেদন প্ৰকাশ কৰিছিল।
আন এক উদাহৰণ হ'ল, আৱাজত প্ৰকাশিত এক প্ৰতিবেদনৰ পিছত হায়দৰাবাদত ভাৰতীয় সেনাই এজন প্ৰাক্তন সৈনিকক সহায় কৰিবলৈ আগবাঢ়ি অহাটো। এই গৰাকী সৈনিক ১৯৭১ চনৰ যুদ্ধত সাহসিকতাৰে অংশ গ্ৰহণ কৰিছিল। সৈনিক জনৰ বৰ্তমানৰ দুৰ্দশাৰ অৱস্থা আমি ৰাইজৰ আগত দাঙি ধৰিছিলোঁ। সৈনিক গৰাকীক শেহতীয়াকৈ এটা সেনাৰ অনুষ্ঠানৰ বাবেও আমন্ত্ৰণ জনোৱা হৈছিল।   
 
আৱাজ - দ্যা ভইছৰ এটা প্ৰভাৱশালী প্ৰতিবেদন
 
মুছলমান সমাজৰ সৈতে সম্পৰ্কিত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আৱাজৰ হস্তক্ষেপে অৰ্থপূৰ্ণ আলোচনাৰ বীজ ৰোপণ কৰিছে। আমি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত কাম কৰিছোঁ যেনে মুছলমান সম্প্ৰদায়ৰ মাজত ক'ভিড টিকাকৰণৰ ভয় দূৰ কৰা, মাদ্ৰাছাত শিক্ষাৰ আধুনিকীকৰণ আৰু মুছলমান মহিলা সৱলীকৰণ। 
 
আমি ২০২১ বৰ্ষৰ ২৩ জানুৱাৰীত, একেলগে আমাৰ ইংৰাজী, হিন্দী আৰু ঊৰ্দু সংস্কৰণ আৰম্ভ কৰিছিলোঁ। পৰৱৰ্তী সময়ত আমি ১ নৱেম্বৰত আমাৰ অসমীয়া সংস্কৰণ আৰম্ভ কৰিছিলোঁ। আমি অতি সোনকালে আন ভাষাত অধিক সংস্কৰণ মুকলি কৰাৰ পৰিকল্পনা কৰিছোঁ।
 
এই সকলোবোৰ আমাৰ মহান পৃষ্ঠপোষকসকলৰ সমৰ্থন অবিহনে সম্ভৱ নহ'লহেঁতেন। আমি তেওঁলোকক ধন্যবাদ জনাব বিচাৰোঁ, কিয়নো তেওঁলোক আমাৰ প্ৰতি অতি উদাৰ আৰু সাংবাদিকতাৰ এই নতুন ধৰণৰ পৰীক্ষাত আমাৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিছে।  
আৱাজ - দ্যা ভইছৰ এক বছৰৰ সাফল্যৰ মূল চাবি-কাঠি হৈছে আমাৰ অটুট বিশ্বাস যে সাংবাদিকতাই মানুহৰ মাজত মিলনৰ সেঁতু গঢ়িব পাৰে। এই বিশ্বাসৰ বাবেই আমি এক  উৎকৃষ্ট আৰু এক উচ্চ মানদণ্ডৰ সাংবাদিকতা সৃষ্টি কৰিবলৈ সক্ষম হৈছো। 
আৰম্ভণিতে, আমাৰ সম্পাদকসকলে আমাৰ ষ্ট্ৰিংগাৰ আৰু সংবাদদাতাসকলক বুজাবলৈ কিছু সমস্যাৰ সন্মুখীন হৈছিল যে আমি তেওঁলোকৰ পৰা ইতিবাচক সমল বিচাৰিছিলোঁ, যিয়ে মানুহৰ মাজত বিভাজনৰ সৃষ্টি নকৰে। প্ৰথমতে তেওঁলোক অলপ আচৰিত হৈছিল, কিয়নো কোনো  মিডিয়া প্লেটফৰ্মে তেওঁলোকৰ পৰা এই ধৰণৰ ইতিবাচক প্ৰতিবেদন আশা কৰা নাছিল। সংবাদদাতাসকলক আমাৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খুৱাবলৈ নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰয়োজন হৈছিল।   
 
আমি আগবাঢ়ি যোৱাৰ লগে লগে অনুভৱ কৰিলোঁ যে এই ধৰণৰ সাংবাদিকতাৰ বাবে বৃহৎ দৰ্শক আছে। আমাৰ সংমিশ্ৰণশীল ভাৰতীয় সংস্কৃতি, সামাজিক সম্প্ৰীতি আৰু ত্যাগৰ কাহিনী কেৱল ভাৰততে নহয়, আন কেইবাখনো দেশত আৱদ্ধ হৈ আছিল। 
 
ভাৰত, পশ্চিম এছিয়া, ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত আমাৰ যথেষ্ট পাঠক আছে। লিথুৱানিয়া আৰু জাঞ্জিবাৰতো আমাৰ পাঠকৰ সংখ্যা থকা দেখি আমি আনন্দিত আৰু আচৰিত হৈছোঁ।  
 
সাম্প্ৰদায়িক বিদ্বেষৰ দুষ্ট পৰিৱেশত পৃষ্ঠ ভূমিলৈ স্থানান্তৰিত হোৱা গংগা-জামুনি তেহজিব নামৰ যৌগিক ভাৰতীয় সংস্কৃতিৰ ওপৰত লিখা প্ৰবন্ধবোৰক সমগ্ৰ বিশ্বৰ পাঠকসকলে যথেষ্ট প্ৰশংসা কৰিছে।   
আৱাজ - দ্যা ভইছৰ পাঠকৰ সংখ্যাই ইয়াৰ কৃতকাৰ্যতাৰ স্বৰূপ দাঙি ধৰিছে। এবছৰতকৈও কম সময়ৰ ভিতৰত, আমি ৩০,০০০ তকৈও অধিক প্ৰতিবেদন প্ৰকাশ কৰিছিলোঁ আৰু আমাৰ ৱেবছাইটৰ বাবে ১৩ নিযুতৰো অধিক দৰ্শক লাভ কৰিছোঁ। 
আমি আমাৰ সামাজিক মাধ্যমৰ মঞ্চতো ভাল প্ৰদৰ্শন কৰিছোঁ। আমাৰ ফেচবুকৰ প্ৰসাৰ ২.২ নিযুততকৈও অধিক আছিল, আমি ৩.৯ নিযুত টুইটাৰ প্ৰভাৱ পাইছিলোঁ, আমি ২৫০০ ৰো অধিক ভিডিঅ' আপলোড কৰিছোঁ।  
 
আমাৰ প্ৰতিবেদনবোৰে আন মিডিয়া হাউচৰ মাজত অনুসন্ধান আৰু কৌতূহলৰ সৃষ্টি কৰিছে। আমাৰ প্ৰতিবেদন প্ৰকাশৰ পিছত অন্য মিডিয়া হাউচে  অনুসৰণমুলক অথবা একে ধৰণৰ প্ৰতিবেদন প্ৰকাশ কৰিছে।     
 
এইটো দেখি আনন্দিত হৈছে যে আমাৰ ধৰণৰ প্ৰতিবেদনবোৰে এতিয়া মূলসুঁতিৰ সংবাদ মাধ্যমতো স্থান লাভ কৰিছে।  আমি বিশ্বাস কৰোঁ যে এইয়া আমাৰ এক বৃহৎ সাফল্য। আমি আনক বুজাবলৈ সক্ষম হৈছোঁ যে ইতিবাচক প্ৰতিবেদনৰ বাবে দৰ্শক আছে আৰু সকলো সময়তে সমালোচনা কৰাৰ প্ৰয়োজন নাই।  
 
ভাৰতীয় মুছলমান সমাজৰ সৈতে সম্পৰ্কিত প্ৰতিক্ৰিয়াশীল বিষয়বস্তুৰ বিপৰীতে অৰ্থপূৰ্ণ আৰু প্ৰগতিশীল সমল সৃষ্টি কৰাত আৱাজ-দ্যা-ভইছে  অগ্ৰণী ভূমিকা গ্ৰহন কৰিছে। আমাৰ পৰিচয় হৈছে ভাৰতীয় মুছলমানসকলৰ ইতিবাচক আৰু সাফল্যৰ দিশসমুহ উজাগৰ কৰা।
আমাৰ বিষয়বস্তুৰ ভিতৰত, হাজাৰ হাজাৰ কাহিনী আছে, য'ত যুৱ মুছলমানসকলৰ সফলতাৰ ওপৰত আলোকপাত কৰা হৈছে। বহু ভাৰতীয় মুছলমানে স্বাধীনতা সংগ্ৰামত যোগদান কৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কিন্তু তেওঁলোকৰ ভুমিকা এতিয়া পাহৰণিৰ গৰ্ভত। আৱাজ-দ্যা-ভইছে এই লোকসকলৰ জীৱনৰ ওপৰত প্ৰতিবেদন প্ৰকাশ কৰি তেওঁলোকক ভাৰতৰ  ইতিহাসত উপযুক্ত স্থান দিয়াৰ বাবে প্ৰয়াস কৰিছে।   
আৱাজৰ কৃতকাৰ্যতাই ইয়াকে সুচাই যে ভাৰতবৰ্ষৰ সংখ্যা গৰিষ্ঠ লোকে শান্তিপ্ৰিয়, যিয়ে এখন ঐক্যবদ্ধ ভাৰতক চাব বিচাৰে। তেওঁলোকৰ মতে একতাই আমাৰ শক্তি আৰু বিভাজনে আমাৰ ধ্বংস। যিহেতু ভাৰতবৰ্ষই বিশ্বৰ এক সৰ্বশ্ৰেষ্ঠ  শক্তিৰূপে প্ৰতিষ্ঠা কৰিবলৈ দৃঢ় প্ৰাতিজ্ঞ, সেই হেতুকে সহভাৰতীয়সকলৰ মাজত সংঘৰ্ষ আৰু বিভাজনৰ সলনি শান্তি আৰু সমৃদ্ধিৰহে মুল প্ৰয়োজন।    
উল্লেখযোগ্য যে, আমাৰ প্ৰতিষ্ঠাৰ তাৰিখ নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী আছিল। এইটো এটা সচেতন সিদ্ধান্ত আছিল। আমাৰ লক্ষ্য আছিল যে আমাৰ মঞ্চ আৰম্ভ কৰাৰ বাবে জাতীয়তাবাদ আৰু ধৰ্মনিৰপেক্ষতাৰ আইকনৰ জন্মদিনতকৈ অন্য কোনো ভাল ক্ষণ হ'ব নোৱাৰে।
আজিৰ দিনটোত আমি আমাৰ সংস্কৰণৰ এবছৰ সম্পূৰ্ণ হোৱাৰ উদযাপন কৰাৰ সময়ত নেতাজীৰ দৃষ্টিভংগী আৰু সমৰ্পণক প্ৰণাম জনাইছোঁ।  
 
শেষত, আপোনালোকৰ বহুতে জানে যে আমি কোনো ব্যৱসায়িক মিডিয়া সংগঠন নহয়। আমি উপলব্ধি কৰোঁ যে প্ৰচলিত ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক পৰিস্থিতিত আমাৰ সন্মুখৰ পথ অতি কঠিন আৰু প্ৰত্যাহ্বানমুলক। আমাৰ মিডিয়া সংগঠনক জীয়াই ৰাখিবলৈ আপোনালোকৰ নিৰন্তৰ সমৰ্থন আৰু মৰমৰ প্ৰয়োজন।   
 
জয় হিন্দ!
 
আতিৰ খান
এডিটৰ-ইন-চীফ