প্ৰায় লগে লগেই, ইয়াৰ প্ৰভাৱ সমগ্ৰ বিশ্বৰ বজাৰত বিয়পি পৰিছে। ব্ৰেণ্ট ক্ৰুড (Brent crude)ৰ মূল্য প্ৰতি বেৰেলত ১০০ ডলাৰ অতিক্ৰম কৰিছে আৰু আনকি ১২৬ ডলাৰো স্পৰ্শ কৰিছেগৈ, যিটো ১৯৭০-ৰ দশকৰ তৈল সংকটৰ পিছত আটাইতকৈ ডাঙৰ যোগান সংকটৰ অন্যতম। ১৯৫৬ চনত ব্ৰিটেইনে ছুৱেজ খাল বন্ধ হোৱাৰ সময়ত যি পৰিস্থিতিৰ সন্মুখীন হৈছিল, তাৰ পিছত এনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা নাছিল। বিশ্ব অৰ্থনীতিৰ বাবে ইয়াৰ ফলাফল অতিশয় ভয়াৱহ হৈ পৰিছে - মুদ্ৰাস্ফীতি, অস্থিৰ বজাৰ আৰু শক্তিৰ তীব্ৰ নাটনি। আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থা (IEA)ই ইয়াক "যোৱা কেইবা দশকৰ ভিতৰত আটাইতকৈ গুৰুতৰ বিশ্বব্যাপী শক্তি আৰু খাদ্য-নিৰাপত্তাৰ প্ৰত্যাহ্বান" বুলি অভিহিত কৰিছে।
তথাপি, ধাৰণা আৰু বাস্তৱৰ মাজৰ এই পাৰ্থক্য ভাৰতত যিমান স্পষ্টকৈ দেখা গৈছে, সেয়া আন ক’তো দেখা পোৱা নাই। উৰাবাতৰি, দীঘলীয়া শাৰী আৰু বৰ্ধিত মূল্যই প্ৰকৃত যোগান পৰিস্থিতিৰ সমানেই ৰাইজৰ আচৰণকো প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰিছে।
ভাৰতৰ শক্তিৰ নিৰ্ভৰশীলতা
বিশ্বব্যাপী শক্তি খণ্ডৰ অস্থিৰতাৰ প্ৰতি ভাৰতৰ দুৰ্বলতা গঠনমূলক, কিয়নো দেশে ইয়াৰ প্ৰয়োজনীয় খাৰুৱা তেলৰ প্ৰায় ৮০-৮৫ শতাংশই আমদানি কৰে। আৰু যিহেতু ৰন্ধন গেছ আৰু প্ৰাকৃতিক গেছৰ বাবে বিদেশৰ পৰা অহা সামগ্ৰীৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা ব্যাপক, সেয়েহে বিশ্বৰ যোগান ব্যৱস্থাত হোৱা যিকোনো বাধাই স্বাভাৱিকতেই ভাৰতৰ ঘৰুৱা বজাৰতো কঁপনিৰ সৃষ্টি কৰে।
ভাৰতৰ কোটি কোটি ঘৰত ব্যৱহাৰ হোৱা ৰন্ধন ইন্ধন, অৰ্থাৎ তৰলীকৃত পেট্ৰ'লিয়াম গেছ (LPG) এই সংকটৰ আটাইতকৈ দৃশ্যমান প্ৰতীক হৈ পৰিছে। ভাৰতৰ এল পি জি আমদানিৰ প্ৰায় ৯০ শতাংশই হৰমুজ প্ৰণালীৰ মাজেৰে আহে, যাৰ বাবে এই জলপথৰ যিকোনো বাধাই আমাক বাৰুকৈয়ে প্ৰভাৱিত কৰে। জাহাজৰ চলাচল মন্থৰ হোৱাৰ লগে লগে আৰু টেংকাৰসমূহে সংঘাতপূৰ্ণ জলভাগত প্ৰৱেশ কৰিবলৈ কুণ্ঠাবোধ কৰাৰ ফলত, যোগান শৃংখলা ব্যাহত হৈ পৰিছে। ভাৰতৰ বহু চহৰত ঘৰে ঘৰে এল পি জি চিলিণ্ডাৰ যোগান ধৰাত পলম হোৱাৰ খবৰ পোৱা গৈছে। বাণিজ্যিক চিলিণ্ডাৰৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল ৰেষ্টুৰেণ্ট আৰু সৰু ভোজনালয়সমূহে এই সংকটৰ প্ৰভাৱ আৰু সোনকালে অনুভৱ কৰিছে, যাৰ ফলত একাংশ প্ৰতিষ্ঠানে সাময়িকভাৱে পাকঘৰ বন্ধ ৰাখিবলৈ বা তেওঁলোকৰ খাদ্যৰ তালিকা (Menu) সলনি কৰিবলৈ বাধ্য হৈছে।

একে সময়তে, নাটনিৰ মানসিকতাই এই সংকটক আৰু অধিক ঘনীভূত কৰি তুলিছে। যোৱা সপ্তাহত সমগ্ৰ দেশৰ পেট্ৰ'ল পাম্প আৰু গেছ বিতৰকৰ সন্মুখত দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছিল। হোৱাটছএপ আৰু ছ’চিয়েল মিডিয়াত বিয়পি পৰা উৰা বাতৰিৰ দ্বাৰা প্ৰভাৱিত হৈ মানুহে আতংকিত হৈ সামগ্ৰী কিনিবলৈ ধৰাৰ ফলত, মানুহে যি নাটনিৰ ভয় কৰিছিল, সেয়া বাস্তৱায়িত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। ক'লা বজাৰত অধিক মূল্যত এল পি জি চিলিণ্ডাৰ বিক্ৰী হোৱাৰ খবৰে জনসাধাৰণৰ শংকা আৰু বৃদ্ধি কৰিছে। আৰু ইয়াতেই এটা গুৰুত্বপূৰ্ণ কথা কোলাহলৰ মাজত হেৰাই যায় - যোগানত বাধা অহাটো সঁচা, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে যোগান ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে।
ভাৰতৰ চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ তেল কোম্পানীসমূহে বাৰে বাৰে গুৰুত্ব আৰোপ কৰি কৈছে যে তেওঁলোকৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ মজুত আছে আৰু বিতৰণ ব্যৱস্থা স্বাভাৱিকভাৱে চলি আছে। তেওঁলোকে নাগৰিকসকলক আতংকিত হৈ সামগ্ৰী ক্ৰয় কৰা আৰু জমা কৰি ৰখাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে, লগতে সকীয়াই দিছে যে এনে আচৰণে পৰিবহণ ব্যৱস্থাত হেঁচা পেলোৱাৰ লগতে সাময়িক ভাৰসাম্যহীনতাক আৰু অধিক অৱনতি ঘটায়।
চৰকাৰৰ দ্ৰুত পদক্ষেপ
পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ চৰকাৰে দ্ৰুত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। হ্ৰস্বম্যাদী অস্থিৰতা হ্ৰাস কৰিবলৈ কৌশলগত মজুত আৰু শোধনাগাৰৰ কাৰ্যকলাপসমূহ পুনৰ নিৰ্ধাৰণ কৰা হৈছে। সম্ভৱপৰ ক্ষেত্ৰত বিকল্প যোগানকৰ্তাৰ পৰা অতিৰিক্ত খাৰুৱা তেল আৰু এল পি জি অনাৰ বাবে জৰুৰীকালীন ক্ৰয় পথসমূহ মুকলি কৰা হৈছে। একে সময়তে, শক্তি সৰবৰাহৰ নিৰাপদ যাতায়াত নিশ্চিত কৰিবলৈ কৰ্তৃপক্ষই উপসাগৰীয় অঞ্চলৰ গুৰুত্বপূৰ্ণ অংশীদাৰসকলৰ সৈতে কূটনৈতিকভাৱে যোগাযোগ স্থাপন কৰিছে।
নীতিগত পৰিৱৰ্তনৰো ব্যৱস্থা কৰা হৈছে। কিছুমান অঞ্চলত, কৰ্তৃপক্ষই কেৰাচিনৰ দৰে বিকল্প ইন্ধনৰ আৱণ্টন বৃদ্ধি কৰিছে আৰু ৰেষ্টুৰেণ্টসমূহক পাকঘৰ সক্ৰিয় কৰি ৰাখিবলৈ সাময়িকভাৱে বিকল্প শক্তিৰ উৎস বিচাৰিবলৈ অনুমতি দিছে।
কিন্তু মূল্যৰ পৰিৱৰ্তনে, বিশেষকৈ এল পি জিৰ মূল্য বৃদ্ধিয়ে- এই অস্বস্তিকৰ বাস্তৱকে প্ৰতিফলিত কৰে যে ভাৰতে নিজকে বিশ্বব্যাপী শক্তি বজাৰৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই ৰাখিব নোৱাৰে। যেতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পায়, তেতিয়া ঘৰুৱা বজাৰতো ইয়াৰ সালসলনি অনিবাৰ্য হৈ পৰে। তথাপি, নীতি নিৰ্ধাৰক আৰু শক্তি খণ্ডৰ কোম্পানীসমূহৰ পৰা অহা মূল বাৰ্তাটো একেই আছেঃ ভাৰতে কেৱল যোগানৰ বাধাহে নিয়ন্ত্ৰণ কৰি আছে, ই কোনো শক্তিৰ আকালৰ সন্মুখীন হোৱা নাই।
নাগৰিকৰো দায়িত্ব আছে
প্ৰতিটো শক্তি সংকটৰ পৰা- ১৯৭০ ৰ দশকৰ তৈল নিষেধাজ্ঞাৰ পৰা আৰম্ভ কৰি শেহতীয়া যোগান সংকটলৈকে- এটা শিক্ষা স্পষ্ট; সেয়া হ'ল কেৱল চৰকাৰী পদক্ষেপেৰে বজাৰ সুস্থিৰ কৰিব নোৱাৰি, ৰাইজৰ আচৰণো গুৰুত্বপূৰ্ণ। ভাৰতৰ ব্যৱহাৰিক পদ্ধতিয়ে সামূহিক সতৰ্কতাৰ বাবে যথেষ্ট সুযোগ প্ৰদান কৰে। লাখ লাখ পৰিয়ালে গ্ৰহণ কৰা সৰু সৰু পদক্ষেপে চাহিদাৰ হেঁচা যথেষ্ট পৰিমাণে হ্ৰাস কৰিব পাৰে।
স্মাৰ্ট ৰন্ধন পদ্ধতি, যেনে- প্ৰেচাৰ কুকাৰৰ ব্যৱহাৰ, গৰম কৰাৰ সময়ত বাচন-বৰ্তন ঢাকি ৰখা আৰু অদৰকাৰীভাৱে জুই জ্বলাই নৰখা আদি অভ্যাসে এল পি জি চিলিণ্ডাৰ বেছি দিনলৈ যোৱাত সহায় কৰিব পাৰে। চহৰৰ যাত্ৰীসকলে কাৰপুলিং (carpooling) কৰি, ৰাজহুৱা পৰিবহণৰ ওপৰত অধিক নিৰ্ভৰ কৰি আৰু অপ্ৰয়োজনীয় যাত্ৰা পৰিহাৰ কৰি পেট্ৰ'ল আৰু ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰিব পাৰে। ট্ৰেফিক চিগনেলত ইঞ্জিন বন্ধ কৰাটো, যিটো প্ৰায়ে আওকাণ কৰা হয়, ইয়াৰ জৰিয়তে জনবহুল চহৰসমূহত যথেষ্ট পৰিমাণৰ ইন্ধন ৰাহি কৰিব পাৰি। ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰো ইয়াত ভূমিকা আছে। ৰেষ্টুৰেণ্ট, হোটেল আৰু বাণিজ্যিক প্ৰতিষ্ঠানসমূহে শক্তি-সাশ্ৰয়ী ৰন্ধন সঁজুলি গ্ৰহণ কৰা, পাকঘৰৰ কাম-কাজৰ সময় ভগাই লোৱা আৰু সম্ভৱ হ'লে ইলেকট্ৰিক বা ইণ্ডাকচনৰ দৰে সাময়িক বিকল্প ব্যৱহাৰৰ কথা চিন্তা কৰা উচিত।
ঘৰত শক্তি সংৰক্ষণ কৰা, অপচয় হ্ৰাস কৰা আৰু আতংকিত হৈ সামগ্ৰী জমা নকৰাৰ দৰে সৰু সৰু আচৰণগত পৰিৱৰ্তনেও যোগান শৃংখলাত ভাৰসাম্য বজাই ৰখাত সহায় কৰিব পাৰে। মনত ৰাখিবঃ শক্তি সংকট কেতিয়াও ৰাতিটোৰ ভিতৰতে সমাধান নহয়। কিন্তু ৰাইজৰ সঁহাৰিৰ ওপৰত ভিত্তি কৰি ই প্ৰায়ে বেয়াৰ ফালে ঢাল খায় নতুবা উন্নত হয়।
সংকটৰ সিপাৰে
অব্যাহত থকা এই অস্থিৰতাই ভাৰতক ইয়াৰ দীৰ্ঘদিনীয়া শক্তি সংকটৰ এক বাস্তৱ কথা সোঁৱৰাই দিছে। দ্ৰুত অৰ্থনৈতিক বিকাশ আৰু প্ৰযুক্তিগত অগ্ৰগতিৰ পিছতো, আমি এতিয়াও আমদানি কৰা হাইড্ৰ'কাৰ্বনৰ ওপৰত গভীৰভাৱে নিৰ্ভৰশীল। ভূ-ৰাজনৈতিক সংকট; সেয়া লাগিলে পশ্চিম এছিয়া, পূব ইউৰোপ বা আন যিকোনো ঠাইতেই নহওক কিয়; সেয়া জলপথ আৰু সামগ্ৰীৰ বজাৰৰ মাজেৰে আহি অৱশেষত ভাৰতীয় পৰিয়ালসমূহক স্পৰ্শ কৰেহি।
ইয়াৰ দীৰ্ঘম্যাদী সমাধান কেৱল সংকট নিয়ন্ত্ৰণেই নহয়, বৰং আমাৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ মাজত নিহিত হৈ আছে। নৱীকৰণযোগ্য শক্তিৰ সম্প্ৰসাৰণ, ঘৰুৱা শোধনাগাৰৰ ক্ষমতা বৃদ্ধি, আমদানিৰ উৎসৰ বৈচিত্ৰ্যকৰণ আৰু বৈদ্যুতিক যান-বাহনৰ দ্ৰুত প্ৰসাৰ- এই সকলোবোৰ এক স্বাৱলম্বী ভৱিষ্যতৰ সমাধানৰ অংশ। সৌৰশক্তি, গ্ৰীন হাইড্ৰ'জেন আৰু জৈৱ ইন্ধনত বিনিয়োগৰ জৰিয়তে ভাৰতে ইতিমধ্যে এই পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰিছে। তথাপি, বৰ্তমানৰ পৰিস্থিতিয়ে প্ৰমাণ কৰিছে যে শক্তিৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ এই যাত্ৰা আৰু অধিক দ্ৰুতগতিত আগবাঢ়িব লাগিব।
প্ৰয়োজন কেৱল শান্ত পৰিৱেশৰ
শক্তি সংকটে সাধাৰণতে দুটা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰেঃ হ্ৰস্বম্যাদী সময়ত আতংক আৰু দীৰ্ঘম্যাদী সময়ত সংস্কাৰমূলক সমাধান। ভাৰতে প্ৰথমটোক পৰিহাৰ কৰি দ্বিতীয়টোক আঁকোৱালি লোৱা উচিত। পেট্ৰ'ল পাম্পৰ বাহিৰৰ শাৰী আৰু ম'বাইল ফোনত বিয়পি পৰা উৰা বাতৰিবোৰে নাটনিৰ পৰিৱেশ সৃষ্টি কৰিছে। কিন্তু বাস্তৱ পৰিস্থিতি বেলেগ- যোগান ব্যৱস্থাৰ ওপৰত হেঁচা পৰিছে যদিও ই নিয়ন্ত্ৰণৰ বাহিৰত নহয়, যদিহে বিতৰণ ব্যৱস্থা শৃংখলাবদ্ধ হৈ থাকে আৰু জনসাধাৰণে দায়িত্বশীলতাৰে ইন্ধন ব্যৱহাৰ কৰে।
নাগৰিকসকলৰ বাবে বাৰ্তাটো একেবাৰেই সাধাৰণ। শক্তিৰ সদ্ব্যৱহাৰ কৰক, সামগ্ৰী জমা কৰি ৰখাৰ পৰা বিৰত থাকক আৰু যোগান ব্যৱস্থা স্বাভাৱিক কৰিবলৈ চেষ্টা চলাই থকা প্ৰণালীটোৰ ওপৰত বিশ্বাস ৰাখক। নীতি নিৰ্ধাৰকসকলৰ বাবে প্ৰত্যাহ্বানটো আৰু ডাঙৰ; শক্তি নিৰাপত্তাৰ মূল ভেটিটোক ইমানেই শক্তিশালী কৰাৰ প্ৰয়োজন যাতে পৰৱৰ্তী বিশ্বব্যাপী সংকটে ইমান দ্ৰুতগতিত ভাৰতীয় পৰিয়ালসমূহক প্ৰভাৱিত কৰিব নোৱাৰে।
বিশ্বৰ তৈল বজাৰ অস্থিৰ হ'ব পাৰে আৰু ভূ-ৰাজনীতি অপ্ৰত্যাশিত হৈ থাকিব পাৰে। কিন্তু শান্ত, সজাগ আৰু সামূহিক পদক্ষেপে এইটো নিশ্চিত কৰিব পাৰে যে শংকাৰ মুহূৰ্তবোৰ যাতে কেতিয়াও বিশ্বাসহীনতাৰ সংকটলৈ ৰূপান্তৰিত নহয়। শেষত, ভাৰতৰ হাতত থকা আটাইতকৈ শক্তিশালী ইন্ধন ভূগর্ভত বা সাগৰৰ বুকুত থকা টেংকাৰত নাই। ই লুকাই আছে দেশৰ জনসাধাৰণৰ অনুশাসন আৰু প্ৰতিষ্ঠানসমূহৰ দৃঢ় সংকল্পৰ মাজত।
(লেখক এজন জ্যেষ্ঠ সাংবাদিক আৰু যোগাযোগ বিশেষজ্ঞ। তেওঁৰ সৈতে [email protected] ত যোগাযোগ কৰিব পাৰিব। ইয়াত প্ৰকাশিত মতামতসমূহ তেওঁৰ ব্যক্তিগত।)