ইছলামত ছোৱালী শিক্ষা, প্ৰকৃত সত্য কি ?

Story by  atv | Posted by  Munni Begum • 1 Years ago
 চৌদি আৰৱত যুৱতীসকলে শিক্ষাৰ দিশত আগবাঢ়িছে
চৌদি আৰৱত যুৱতীসকলে শিক্ষাৰ দিশত আগবাঢ়িছে
  ফিৰদুছ খান
 
আফগানিস্তানত তালিবানে ছোৱালী আৰু মহিলাৰ শিক্ষা নিষিদ্ধ কৰি ইয়াক অইছলামী প্ৰথা বুলি অভিহিত কৰাৰ পিছত এই বিষয়টো পুনৰ চৰ্চাৰ বিষয়বস্তু হৈ পৰিছে। সকলোৱে অৱগত যে তালিবান সদায় মহিলা সৱলীকৰণৰ বিৰোধী। তালিবান চৰকাৰৰ শিক্ষামন্ত্ৰী নিদা মহম্মদ নাদীমে কয় যে ছোৱালী আৰু মহিলাৰ শিক্ষা ইছলাম আৰু আফগান মূল্যবোধৰ বিৰোধী।
 
সেয়েহে, আফগানিস্তানত পাৰমাণৱিক বোমা নিক্ষেপ কৰিলেও ইছলামিক আমিৰাত চৰকাৰে নিজৰ সিদ্ধান্ত সলনি নকৰে। এতিয়া প্ৰশ্ন  হৈছে, ছোৱালীয়ে শিক্ষা লাভ কৰাটো সঁচাকৈয়ে ইছলামৰ বিৰোধী নেকি? যিসকলে ইছলাম নাজানে বা ইছলামৰ বিষয়ে নাজানে, তেওঁলোকে তালিবানৰ  শিক্ষামন্ত্ৰীয়ে সঠিক কথা কোৱা বুলিয়ে ভাবিব।  
 
ইছলামৰ আগশাৰীৰ দেশ ছৌদি আৰবেও মহিলাৰ অগ্ৰগতিৰ পথ মুকলি কৰিছে। এতিয়া তাত থকা মহিলাসকল পৃথিৱীৰ আন উন্নত দেশৰ সমতুল্য। ২০১৭ চনত ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমান ক্ষমতালৈ অহাৰ পিছৰে পৰা ছৌদি আৰৱত মহিলা সবলীকৰণৰ প্ৰচাৰ চলি আছে।
যোৱা পাঁচ বছৰত কৰ্মৰত মহিলাৰ সংখ্যা প্ৰায় দুগুণলৈ বৃদ্ধি পাইছে। ব্ৰুকিংছ ইনষ্টিটিউচনৰ প্ৰতিবেদন অনুসৰি ২০১৮ চনত ছৌদি আৰৱত কৰ্মৰত মহিলাৰ সংখ্যা ২০ শতাংশ আছিল, যিটো ২০২০ চনৰ শেষলৈ ৩৩ শতাংশলৈ বৃদ্ধি পাইছে। পুৰুষৰ আধিপত্য থকা ক্ষেত্ৰত ছৌদি আৰৱৰ মহিলাসকলে অবিৰতভাৱে অগ্ৰগতি লাভ কৰিছে।
২০১৮ চনত ছৌদি আৰৱ চৰকাৰে মহিলাসকলক গাড়ী চলোৱাৰ স্বাধীনতা প্ৰদান কৰিছিল। ইয়াৰ পিছতে তাত থকা ৰাজপথত মহিলাসকলে গাড়ী চলাই থকা দেখিবলৈ পোৱা যায়। যোৱা বছৰ ২০২২ চনৰ মে’ মাহত ছৌদি আৰৱত এখন বিমান সংস্থাৰ বিমানত ক্ৰুৰ পৰা ক্ৰু মেম্বাৰলৈকে সকলো মহিলা আছিল।
 
ই একমাত্ৰ আৰৱৰ বিমান আছিল য’ত সকলো ক্ৰু সদস্য মহিলা আছিল। ফ্লাইডিলৰ মুখপাত্ৰ ইমাদ ইস্কাণ্ডাৰানীয়ে জনোৱা মতে, ফ্লেগ কেৰিয়াৰ ছৌদিয়াৰ বাজেট সহযোগী কোম্পানী ফ্লাইডিলে ১৯ মে’ত ৰাজধানী ৰিয়াদৰ পৰা লোহিত সাগৰৰ বন্দৰ চহৰ জেদ্দালৈ উৰা মাৰিছিল।
 
এগৰাকী মুছলমান যুৱতীয় পঢ়ি থকা এক দৃশ্য
 
ইয়াৰ পূৰ্বে ২০১৯ বৰ্ষত ছৌদি আৰৱৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই ছৌদি আৰৱৰ মহিলা সহ-পাইলটৰ প্ৰথম বিমান যাত্ৰাৰ কথা ঘোষণা কৰিছিল। যোৱা বছৰ ছৌদি আৰৱত প্ৰথমবাৰৰ বাবে উটৰ সৌন্দৰ্য্য প্ৰতিযোগিতা ‘শ্বিপছ অৱ দ্য ডেজাৰ্ট’ত মহিলাসকলে অংশগ্ৰহণ কৰিছিল।
 
ৰাজধানী ৰিয়াদত অনুষ্ঠিত এই প্ৰতিযোগিতাত প্ৰায় ৪০ গৰাকী মহিলাই নিজৰ উটৰ সৈতে অংশগ্ৰহণ কৰে। প্ৰতি বছৰে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত কোটি কোটি টকাৰ পুৰস্কাৰ দিয়া হয়। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ৰছিদীয়ে কয় যে যদি মহিলাসকলক এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ দিয়া হয়, সেইবাবে মই নিজকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰাকৈ  ৰখাব নোৱাৰিলোঁ।
এক প্ৰতিবেদন অনুসৰি এই প্ৰতিযোগিতাত শীৰ্ষ ৫ গৰাকী মহিলাৰ বিজয়ী সকলক ১০ লাখ ৰিয়াল অৰ্থাৎ ২৩ কোটি ১৯ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হয়। কেৱল এয়াই নহয় এতিয়া ছৌদি আৰৱতো মহিলাই বুলেট ট্ৰেইন চলাব। ছৌদি ৰেলৱে কোম্পানীয়ে ৩২ গৰাকী ছৌদি মহিলাৰ স্নাতক ডিগ্ৰী লাভ উদযাপন কৰে।
মহিলা ৰেলৱে চালকৰ এই প্ৰথমটো গোটে চলাব বিশ্বৰ অন্যতম দ্ৰুততম ৰেল হাৰমনিয়া এক্সপ্ৰেছ। এই মহিলা চালকসকলে ইতিমধ্যেই ৰে’ল চলোৱাৰ অৰ্হতা অৰ্জন কৰিছে। ছৌদি ৰেলৱে কোম্পানীয়ে নিজৰ অফিচিয়েল টুইটাৰ একাউণ্টত এই মহিলাসকলক ৰে’ল চলোৱাৰ প্ৰশিক্ষণ দি  সুখ প্ৰকাশ কৰিছে।
 
এই ৰেলখনৰ গতিবেগ প্ৰতি ঘণ্টাত ৪৫০ কিলোমিটাৰৰ পৰা ৩০০ কিলোমিটাৰলৈকে। এইখন সম্পূৰ্ণ বৈদ্যুতিক ৰেল আৰু ২০১৮ চনত মক্কা আৰু মদীনাৰ মাজত মুকলি কৰা হৈছিল। যোৱা বছৰ ২৮ হাজাৰ মহিলাই এই চাকৰিৰ বাবে আবেদন কৰিছিল।
 
এজাক মুছলমান যুৱতী বহি থকা এক দৃশ্য
 
ছৌদি আৰৱৰ মহিলাসকলেও এতিয়া মহাকাশলৈও যাব পাৰিব। ২০২২ চনৰ ২২ ছেপ্টেম্বৰত ৰাজ্যখনত প্ৰথম মহাকাশচাৰী কাৰ্য্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে অভিজ্ঞ সকলক দীঘলীয়া আৰু চুটি মহাকাশ উৰণ আৰু ভৱিষ্যতৰ মহাকাশ অভিযানত অংশগ্ৰহণৰ বাবে প্ৰস্তুত কৰা।
 
ছৌদি প্ৰেছ এজেন্সীৰ মতে, এই কাৰ্যসূচীৰ অধীনত এগৰাকী মহিলা মহাকাশচাৰীক পুৰুষ মহাকাশচাৰীৰ সৈতে মহাকাশলৈ প্ৰেৰণ কৰা হ’ব। আচলতে ই ৰাজ্যৰ অভিলাষী ভিজন ২০৩০ৰ এটা অংশ। এইবাৰ প্ৰথমখন বিমান আৰম্ভ হ’ব আৰু প্ৰথমখন ছৌদি মহিলা পাইলটে ইয়াত যোৱাৰ সুযোগ পাব।
ইছলামৰ দুৰ্গ হিচাপে বিবেচিত চৌদি আৰৱে যিসময়ত মহিলাসকলক আগবাঢ়ি যাবলৈ অহৰহ উৎসাহিত কৰি আছে, সেইসময়তে আফগানিস্তানে মহিলাৰ পৰা শিক্ষাৰ অধিকাৰ কাঢ়ি লোৱাৰ মনোভাৱেৰে ইছলামক ভুল পথে পৰিচালনা কৰিছে। আফগানিস্তানে ইছলামক সম্পূৰ্ণ ভুল ভাষাৰে বাখ্যা কৰিছে যে ছোৱালী আৰু মহিলাৰ শিক্ষা ইছলাম বিৰোধী, অথচ সেয়া একেবাৰেই সত্য নহয়।
ইছলামত শিক্ষা, বিশেষকৈ ছোৱালীৰ শিক্ষাক অত্যন্ত গুৰুত্ব দিয়া হৈছে। নবী হজৰত মহম্মদৰ (ছ:) ওচৰত অৱতীৰ্ণ হোৱা কোৰআনৰ প্ৰথমটো শব্দ হৈছে ‘ইকৰা’, যাৰ অৰ্থ পঢ়া। নবী হজৰত মহম্মদে (ছ:) কৈছে যে ‘প্ৰতিজন মুছলমান (পুৰুষ আৰু মহিলা)ৰ ওপৰত জ্ঞান আহৰণ কৰাটো বাধ্যতামূলক (ফৰজ) (টিব্ৰানি ১০/২৪০)। 
 
প্রিয় নবী হজৰত মহম্মদে (ছ:)  ছোৱালী আৰু মহিলাৰ শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিছিল। প্রিয় নবী হজৰত মহম্মদে (ছ:) কোৰাণৰ আয়াতবোৰৰ বিষয়ে কৈছিল যে আপুনি নিজেই কোৰাণ শিকক আৰু আপোনালোকৰ মহিলাসকলকো সেইবোৰ শিকাওক। (সুনান দৰ্মি ৩৩৯০)আল্লাহৰ ৰাছুল হজৰত মহম্মদ (ছ:) কয় কৈছে যে আপোনালোকে ঘৰত থাকক, পৰিয়ালৰ সদস্যৰ লগত বসবাস কৰক, তেওঁলোকক ধৰ্মৰ শিক্ষা দিয়ক আৰু তেওঁলোকক ধৰ্মৰ নিয়ম পালন কৰিবলৈ বাধ্য কৰাওক। (ছহীহ বুখাৰী ৬৩)
ইছলামত ছোৱালীৰ ভাল লালন-পালন, সু-শিক্ষা আৰু সু-স্বাস্থ্যৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। আল্লাহৰ ৰাছুল হজৰত মহম্মদ (ছ:) য়ে কয় যে যিজনে তিনিগৰাকী ছোৱালীক ডাঙৰ-দীঘল কৰিছে, তেওঁলোকক ভাল শিক্ষা আৰু প্ৰশিক্ষণ দিছে আৰু তেওঁলোকৰ লগত ভাল ব্যৱহাৰ কৰিছে। তাৰ পিছত ভালদৰে বিয়া দিছে, তেন্তে তেনে অভিভাৱকৰ বাবে স্বৰ্গৰ পথ অতি সহজ হৈ পৰে। (আবু দাউদ ৫১৪৭)
আল্লাহে কোৰাণৰত কৈছে যে হে হজৰত মহম্মদ (ছ:) আপুনি আপোনাৰ উম্মতক (হজৰত মহম্মদৰ পিছত অহা মানৱ জাতি) সুধিব যে জ্ঞান থকা মানুহ আৰু জ্ঞান নথকা মানুহ সমান হ’ব পাৰে নেকি? (কোৰাণ ৩৯:৯)
 
ইছলামত জ্ঞানক সৰ্বাধিক ধন বুলি গণ্য কৰা হৈছে। ছহীহ তিৰমিজী হাদীছৰ মতে উলামাসকল নবীসকলৰ উত্তৰাধিকাৰী, কাৰণ নবীসকলে উত্তৰাধিকাৰ হিচাপে দিৰহাম, দিনাৰ বা কোনো ধন-সম্পত্তি এৰি যোৱা নাছিল, কিন্ত তাৰ পৰিৱৰ্তে জ্ঞান এৰি থৈ গৈছিল। সেয়েহে যি জনে জ্ঞান আহৰণ কৰিছে তেওঁ নবীসকলৰ ঐতিহ্যৰ অধিক অংশ লাভ কৰিছে। (ছহীহ তিৰমিধি ২১৫৯)
 
প্ৰতিনিধিত্বমূলক ছবি
 
হাদীছত কোৱা হৈছে যে যদি কোনো পুৰুষে পঢ়ে তেন্তে ইয়াৰ অৰ্থ হ’ল এজন ব্যক্তিয়ে পঢ়ে, আৰু যদি কোনো মহিলাই পঢ়ে তেন্তে ইয়াৰ অৰ্থ হ’ল এটা পৰিয়ালে পঢ়ে। আল্লাহৰ ৰাছুল হজৰত মহম্মদৰ (ছ:) সময়ত মহিলাসকলে মছজিদলৈ গৈ নমাজ পঢ়িছিল। অগণন যুদ্ধত নাৰীয়েও নিজৰ যুদ্ধৰ দক্ষতা প্ৰমাণ কৰিছিল। আউহাদৰ বিখ্যাত যুদ্ধত যেতিয়া হজৰত মহম্মদ (ছ:) আহত হৈছিল তেতিয়া তেওঁৰ কন্যা ফাতিমা জহুৰা (আ:) য়ে তেওঁৰ চিকিৎসা কৰিছিল। সেই সময়ছোৱাতো ৰাফাইদা আৰু মাইমুনা নামৰ বিখ্যাত মহিলা চিকিৎসক আছিল।
আনকি ৰাফাইদাৰ মৈদান-ই-নাবভিত এখন চিকিৎসালয় আছিল, য’ত গুৰুতৰ ৰোগীক ভৰ্তি কৰা হৈছিল। মুছলমান মহিলাসকলেও অস্ত্ৰোপচাৰ কৰিছিল। উম্মে-জিয়াদ, ছাজিয়া, বিন্তে মৌজ, মাজাত-উল-আপগাৰিয়া, আতিয়া আছাৰিয়া আৰু চেলিম আনছাৰিয়া আদি সেই যুগৰ বিখ্যাত অস্ত্ৰোপচাৰ বিশেষজ্ঞ আছিল। ময়দান-ই-জুঙত মহিলা চিকিৎসকেও পুৰুষৰ দৰে ইউনিফৰ্ম পিন্ধিছিল। হজৰত মহম্মদৰ (ছ:) পত্নী খাদিজাই কাপোৰৰ ব্যৱসায় কৰিছিল। সন্ত ৰবিয়া বশ্ৰীৰ খ্যাতি বহু দূৰলৈ বিয়পি পৰিল। পুৰুষ সাধুৰ দৰে তেওঁ ধৰ্মীয় সমাৱেশত অংশ লৈছিল।
ৰাজনীতিতো মহিলাসকলে প্ৰশংসনীয় কাম কৰিছিল। ৰাজিয়া চুলতান ভাৰতৰ প্ৰথম মহিলা শাসক হিচাপে পৰিগণিত হয়। নুৰজাহান তেওঁৰ সময়ৰ এগৰাকী বিখ্যাত ৰাজনীতিবিদো আছিল, যিয়ে শাসন ব্যৱস্থাৰ বেছিভাগ কাম চোৱাচিতা কৰিছিল। ১৮৫৭ চনত স্বাধীনতাৰ যুদ্ধত কানপুৰৰ মৰমৰ নৃত্যশিল্পী আজিজান বাইয়ে সকলো বিলাসীতা এৰি দেশখনক দাসত্বৰ শিকলিৰ পৰা মুক্ত কৰিবলৈ সংগ্ৰামত জপিয়াই পৰিছিল। 
 
আগতে পুৰুষৰ পোছাক পিন্ধি বাস কৰা মহিলাৰ দল গঠন কৰিছিল। ঘোঁৰাত উঠি হাতত তৰোৱাল লৈ আটাইকেইজনে যুৱক-যুৱতীসকলক স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। আৱধৰ নবাব ৱাজিদ আলী শ্বাহৰ পত্নী বেগম হজৰত মহলে হিন্দু-মুছলমান ঐক্যক সুদৃঢ় কৰাৰ বাবে উৎকৃষ্ট কাম কৰিছিল।
 
পুথিভঁড়ালত বহি থকা অৱস্থাত এগৰাকী মুছলমান যুৱতীৰ প্ৰতিনিধিত্বমূলক ছবি
 
বৰ্তমান যুগতো নাৰীসকলে বিভিন্ন ক্ষেত্ৰত নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰি আহিছে। কেৱল তুৰস্কৰ দৰে আধুনিক দেশতেই নহয়, উগ্ৰ বুলি গণ্য কৰা পাকিস্তান আৰু বাংলাদেশৰ দৰে দেশতো মহিলাই প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ পাইছিল। সঁচাকৈয়ে এটা সুখদায়ক অনুভৱ যে তথাকথিত ধৰ্মীয় ঠিকাদাৰসকলে আৰোপ কৰা সকলো বাধাৰ মাজতো আজি ৰাজনীতিৰ সমান্তৰালকৈ ক্ৰীড়া, ব্যৱসায়, উদ্যোগ, শিল্প, সাহিত্য, প্ৰতিৰক্ষা আৰু অন্যান্য সামাজিক খণ্ডতো মুছলমান মহিলাসকলে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে। 
 
আচলতে শিক্ষা হৈছে এখন সভ্য সমাজৰ ভেটি। শিক্ষিত  জাতি এটা যে সদায় আগবাঢ়ি আহিছে তাৰ সাক্ষী ইতিহাস। যিকোনো ব্যক্তিৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ বাবে শিক্ষা অতি গুৰুত্বপূৰ্ণ। এক দুখৰ বিষয় যে সমগ্ৰ বিশ্বৰ দেশসমূহে শিক্ষাক বিশেষ গুৰুত্ব দি থকাৰ সময়তে আফগানিস্তানৰ তালিবানে শিক্ষা নিষিদ্ধ কৰি জ্ঞানৰ পোহৰৰ পৰা অজ্ঞানতাৰ আন্ধাৰলৈ গতি কৰিছে, যিটো অতিকৈ চিন্তাৰ বিষয়।
 
(লেখিকা এগৰাকী আলিমা হয়। তেওঁ ফাৰাহ আল-কোৰাণ লিখিছে)