হিন্দু কি মুছলমান, একেই আল্লাৰ ফৰমান

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
আজান পীৰৰ দৰগাহ আৰু বৰদোৱা সত্ৰ
আজান পীৰৰ দৰগাহ আৰু বৰদোৱা সত্ৰ
  ময়ূৰ বৰা

সুদূৰ বাগদাদৰ পৰা সোতৰশ শতিকাতে আহি অসম ভূমিক আপোন কৰি লোৱা আজান পীৰৰ জিকিৰৰ মাজত শিৰোনামত উল্লেখিত অমোঘ কথাষাৰ প্ৰতিধ্বনিত হয়। কথাষাৰ প্ৰেৰণাদায়িনী হোৱাৰ লগতে সমন্বয়ৰ বলিষ্ঠ বাৰ্তাবাহকো। সেই সমন্বয় আছিল প্ৰকৃত সমন্বয়; সেই সমন্বয় আছিল হিন্দু আৰু ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত। সেই সমন্বয় মহীয়ান হোৱা নাছিল বৰ্তমান সময়ত এচাম লোকে যান্ত্ৰিকভাৱে প্ৰয়োগ কৰা আলংকাৰিক শব্দৰ বাগাড়ম্বৰৰ দ্বাৰা। ই জীপাল হৈ উঠিছিল উভয়পক্ষই প্ৰদৰ্শন কৰা আন্তৰিকতাপূৰ্ণ আৰু নিষ্ঠাপূৰ্ণ প্ৰয়াসৰ পৰশত। অৱধাৰিতভাৱে বহু মানুহৰ  মনোজগতত অসমীয়া জাতীয় জীৱনৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ লগতে আজান পীৰৰ প্ৰতিচ্ছবিও জিলিকি উঠিছিল। মোৰ বিশ্বাস কোনো শক্তিয়ে বিচাৰিলেও এই সমন্বয়ৰ প্ৰতিচ্ছবিখন বিবৰ্ণ কৰিব নোৱাৰে।

হিন্দু মুছলমানৰ সংহতি আৰু সম্প্ৰীতিৰ বিষয়ে উপলব্ধি কৰিবলৈ হ'লে আমি ইতিহাসৰ মাজলৈ যাব লাগিব। আমাক সকলোকে আপোনপাহৰা কৰা অসম নামৰ বৰ্তমানৰ ভূখণ্ডটোত খ্ৰীষ্টীয় তেৰশ শতিকাত হিন্দু আৰু মুছলমানৰ মাজত প্ৰথম যোগাযোগ হয়। এই যোগাযোগ অৱশ্যে সম্প্ৰীতিৰ নাছিল। প্ৰথম সংযোগ ঘটিছিল যুদ্ধৰ মাজেৰে। আৰু যুদ্ধৰ আচলত ধৰি লাহে লাহে নামিছিল সংহতিৰ কথা-বতৰা। উত্তৰ গুৱাহাটীত অৱস্থিত কানাই বৰশীবোৱা শিলালিপিয়ে খিলঞ্জীয়া লোকৰ শৌর্য-বীৰ্যৰ কথা প্ৰথম উনুকিয়াইছে। ১২০৫ খ্ৰীষ্টাব্দত বংগদেশৰ শাসনকর্তা মহম্মদ বিন বখতিয়াৰে কামৰূপ আক্ৰমণ কৰে। তেওঁৰ মূল উদ্দেশ্য অৱশ্যে কামৰূপ দখলতে সীমাবদ্ধ নাছিল। কামৰূপৰ মাজেদি গৈ বখতিয়াৰে তিব্বত আৰু চীনদেশ জয় কৰিব বিচাৰিছিল। বখতিয়াৰৰ আক্ৰমণক কামৰূপৰ নৃপতি পৃথুয়ে নিজৰ বুদ্ধি আৰু পৰাক্ৰমৰ দ্বাৰা প্ৰতিহত কৰে। ইয়াৰ পাছতো ১২২৭ আৰু ১২২৮ খ্ৰীষ্টাব্দত মুছলমান শাসনকৰ্তাই কামৰূপ আক্ৰমণ কৰে। কিন্তু এই তিনিওটা আক্ৰমণৰ সময়ত কোনো মুছলমান সৈন্য কামৰূপত থাকি যোৱাৰ তথ্য পোৱা নাযায়। ১২৫৭  খ্ৰীষ্টাব্দত কামৰূপ শাসন কৰিছিল সন্ধ্যা নামৰ এজন ৰজাই। সেইটো সময়তে তুঘ্ৰিল খাঁই কামৰূপ আক্ৰমণ কৰে। বিভিন্ন কাৰণত তুঘ্ৰিল খাঁৰ আক্ৰমণ ব্যৰ্থ হ'ল। কিন্তু সেইবাৰ কিছু মুছলমান সৈন্য-সামন্ত লোকবন্দী হৈ কামৰূপত থাকি যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল। যুদ্ধত পৰাজিত হোৱাৰ আগতেই তুঘ্ৰিল খাঁই কামৰূপত প্ৰথমটো মছজিদ স্থাপন কৰে।
বিশিষ্ট পণ্ডিত ড°  নগেন শইকীয়াই 'অসমীয়া মানুহৰ ইতিহাস' শীৰ্ষক গ্ৰন্থত এই বিষয়ে সুন্দৰভাৱে লিখিছে  - "১২০৬ খ্ৰীষ্টাব্দত বখতিয়াৰ খিলজি কামৰূপ সোমোৱাৰ আধা শতিকাৰ পাছত কামৰূপত ইছলামধৰ্ম আৰু ইছলামধৰ্মী লোক স্থায়ীভাৱে সোমোৱাৰ আৰম্ভণি ঘটিল। অসমীয়া মানুহৰ সিৰত নতুন ৰক্ত  প্ৰবাহিত হোৱাৰো পথ মুকলি হ'ল ;  মুকলি হ'ল পৰৱৰ্তী কাললৈ অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিত নতুন মাত্ৰা সংযোগৰ পথো।" 
ড° শইকীয়াৰ শেষৰ বাক্যটোতে লুকাই আছে সমগ্ৰ প্ৰক্ৰিয়াটোৰ মাজত থকা ইতিবাচক সমলসমূহ। এনেবোৰ সমলৰ মাজত থকা গুৰুত্বপূৰ্ণ উপাদানটো হৈছে সমন্বয়মুখী চিন্তাচেতনা। এই চিন্তাচেতনা সমগ্ৰ জাতিটোৰ বাবেই শুভংকৰ। 

পোন্ধৰ শতিকাৰ শেষৰফালে এবাৰ বংগৰ এজন চুলতানে কামৰূপৰ হাজোপৰ্যন্ত অধিকাৰ কৰিছিল। চুলতানে পাছত দুজন সেনাপতিক এই অঞ্চলৰ শাসনৰ দায়িত্ব দিছিল। গিয়াছুদ্দিন আউলিয়া নামৰ অত্যন্ত ধৰ্মপৰায়ণ সেনাপতি জনে হাজোৰ এটা টিলাৰ ওপৰত এটা মছজিদ স্থাপন কৰে। তেওঁৰ সমাধিস্থল হিন্দু আৰু মুছলমান দুয়োটা সম্প্ৰদায়ৰে বাবে পবিত্ৰ স্থান ৰূপে পৰিগনিত হৈছে। সম্প্ৰীতিৰ সাতামপুৰুষীয়া চানেকি বহন কৰি পোৱামক্কাৰ কাষতে আছে হিন্দুসকলৰ হয়গ্ৰীব মাধৱ মন্দিৰ।

সেই অসম ভূমিৰে পূব প্ৰান্তত অৱস্থিত আহোম সাম্ৰাজ্যৰ উদাৰ শাসন ব্যৱস্থাতো হিন্দু মুছলমানৰ মাজৰ ঐক্য-সম্প্ৰীতিয়ে এক সুকীয়া মাত্ৰা লাভ কৰিছিল। আহোম ৰাজ্যত পৰিলক্ষিত হোৱা সমন্বয়ৰ ছবি তথাকথিত মূলসুঁতিৰ ভাৰতীয় মানুহে হয়তো  আজিও কল্পনা কৰিবলৈ টান পাব। মিৰজুমলাৰ অসম আক্ৰমণৰ সময়ত অসমৰ সমাজ জীৱনক প্ৰত্যক্ষভাৱে নিৰীক্ষণ কৰিবলৈ সমৰ্থ হোৱা বুৰঞ্জীকাৰ ছাহাবুদ্দিন তালিচে অসমৰ মুছলমানক দেখি আচৰিত হৈছিল। তেওঁ স্পষ্টভাৱে লিখি গৈছে যে কেৱল নামটোতহে ইছলাম ধৰ্মীয় প্ৰভাৱ থকা অধিকাংশ মুছলমানৰ জীৱনশৈলী হিন্দুসকলতকৈ ভিন্ন নাছিল।
ঐতিহাসিক ড° সূৰ্য  কুমাৰ ভূঞাৰ লিখনিতো প্ৰায় একেধৰণৰ প্ৰতিচ্ছবিয়েই ফুটি উঠা দেখা যায়। অৱশ্যে ছাহাবুদ্দিন তালিছৰ দৰে তেওঁ ধৰ্মীয় পাৰ্থক্যৰ দিশটো ইমান গুৰুত্বহীন কৰি দেখুৱা নাই। ড°  ভূঞাই লিখিছে - "অসমৰ বিবিধ হিন্দু সম্ভ্ৰান্ত পৰিয়াল আদিতে পশ্চিমৰ পৰা অহা।  বুনিয়াদী, অসমীয়া মুছলমানসকলো সেইদৰে পশ্চিমৰ পৰা অহা। এই দুয়োবিধ অসমীয়া প্ৰজা নিজ দেশলৈ উভতি নগৈ ইয়াতে জীৱিকাৰ বাট উলিয়াই, এই দেশকে আপোন বুলি মানি, এই দেশৰ ভাল বেয়া, সুখ দুখতে নিজৰ জীৱন উছৰ্গা কৰি আৰু ইয়াতে চিৰকাললৈ থাকি এই দেশৰ শিৰফুটা অধিবাসী হৈ পৰিছিল।
এই অসম দেশৰ বাহিৰে তেওঁলোকৰ আন দেশ নাছিল। পশ্চিমৰ পৰা অহা অসমীয়া ব্ৰাহ্মনে ব্ৰাহ্মনৰূপে  বৰ্তিছিল, কায়স্থ কায়স্থৰূপে বাস কৰিছিল, অসমীয়া মুছলমানসকলে নিজ ধৰ্ম আৰু মাৰ্গ অনুসৰি ইয়াত জীৱন যাপন কৰিছিল। ধৰ্মগত পাৰ্থক্যৰ বাহিৰে অসমীয়া হিন্দু আৰু মুছলমানৰ মাজত ব্যক্তিগত কোনো পাৰ্থক্য নাছিল।"

আহোম ৰাজ্যত সকলো ধৰ্ম আৰু বৰ্ণৰ মানুহে এটা সহিষ্ণু আৰু উদাৰ পৰিমণ্ডল পাইছিল। ৰাজকাৰ্য সম্পাদনৰ কিছু কৰ্মতো ইছলাম ধৰ্মালৱম্বীলোক জড়িত হৈছিল। বহুকেইজন ৰজাই  আখৰকটীয়া, খাৰঘৰীয়া, শেনছোৱা, জলমবটা, গুণাকটীয়া, পাৰ্চীপঢ়ীয়া, নাগেৰীয়া, দেৱলীয়া, মৰীয়া  বৃত্তিৰ মুছলমান সকলক সংস্থাপন দিছিল। যুদ্ধবন্দী হৈ ৰৈ যাবলগীয়া মুছলমান সৈন্য সামন্তক আহোম ৰজাই নিজ ধৰ্ম পালন কৰিবলৈ অনুমতি দিছিল। আনকি অন্য ধৰ্ম বা অন্য জাতিৰ মাজত বৈবাহিক সম্বন্ধ স্থাপন হ’লেও ৰজাৰ ফালৰ পৰা কোনো ধৰণৰ বাধা নিষেধ কৰা হোৱা নাছিল।
ইছমাইল ছিদ্দিকি ওৰফে বাঘ হাজৰিকাৰ বিষয়টো সাম্প্ৰতিক সময়ত কিছু বিতৰ্কৰ মাজলৈ অহা দেখা গৈছে। কিন্তু তেওঁৰ বাহিৰেও আন বহু মুছলমান লোকে ৰাজকাৰ্যত কৰা বিভিন্ন সহায়ৰ বিষয়ে আমি বুৰঞ্জীত পঢ়িবলৈ পাওঁ। বৰটোপ সজাৰ ক্ষেত্ৰত গেন্ধেলা গৰীয়াৰ ভূমিকা সচেতন মানুহৰ মাজত জ্ঞাত। তেনে এটা সামাজিক পটভূমিতে অসমলৈ আহিছিল শ্বাহ মিৰান ওৰফে আজান পীৰ। তেওঁৰ উদাৰ বাণীয়েও অসমৰ মুছলমান সকলক অধিক সন্তুলিত কৰি তুলিছিল। ধৰ্মীয় দিশত  তেওঁ কিছু বিধি বিধান আনিছিল যদিও আজান পীৰৰ ভাবাদৰ্শ আছিল মানৱতাবাদী চিন্তাৰে সমৃদ্ধ। ধৰ্মৰ বাহ্যিক আৱৰণতকৈ মূল শাহটোৰ দ্বাৰা বেছিকৈ প্ৰভাৱম্বিত হোৱা আজান  পীৰৰ সৃষ্টিকৰ্মৰ মাজত চুফীবাদ তথা শংকৰ-মাধৱ প্ৰচাৰিত এক শৰণ নামধৰ্মৰ প্ৰভাৱো সুস্পষ্ট ৰূপত প্ৰতিফলিত হৈছে। অসমত বহুলভাবে প্ৰচলিত নাম প্ৰসংগ আৰু দেহবিচাৰৰ গীতৰ আৰ্হিত আজান পীৰে অসমীয়া ভাষাত জিকিৰ ৰচনা কৰিছিল। সেই জিকিৰৰ মাজতে শুনা যায় - "হিন্দু কি  মুছলমান, একে আল্লাৰ ফৰমান"। সম্প্ৰীতিৰ কি যে  এক সুন্দৰ দৃষ্টান্ত! 
আহোম ৰজাসকলৰ উদাৰতাৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতীয় জীৱনলৈ অনা সংস্কৃতিক নৱজাগৰণৰ পটভূমিত আজান পীৰ হৈ পৰিছিল সকলো লোকৰে দৃষ্টিত মান্য। সম্প্ৰীতিৰ ক্ষেত্ৰত বহু আগৰে পৰা সেয়েহে শংকৰ আজানৰ নাম একেলগে উচ্চাৰিত হয়। লক্ষীধৰ শৰ্মাৰ গল্প ‘চিৰাজ’ৰ মাজতো ফুটি উঠিছে হিন্দু মুছলমানৰ মাজৰ সদ্ভাৱ সংহতিৰ কথা। কথাছবি নির্মাণ হোৱাৰ পাছত নটসূৰ্য ফণী শৰ্মাৰ অতুলনীয় অভিনয় আৰু ভূপেন হাজৰিকাৰ  অনন্য সংগীতে সেই সম্প্ৰীতিৰ মহৎ বাণীক বহু অসমীয়াৰ বুকুত খোদিত কৰিলে। শংকৰদেৱৰ বিষয়েও প্ৰথম উপন্যাস লিখাৰ সাহস কৰি এখন অনবদ্য গ্ৰন্থ অসমীয়া পাঠকক উপহাৰ দিলে ছৈয়দ আব্দুল মালিকে। তেওঁৰ 'ধন্য নৰ তনু ভাল' গ্ৰন্থখন অসমীয়া উপন্যাসৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ বুলি নিসংকোচে কব পাৰি।

গুৰুজনাৰ বিষয়ে মালিকে কোৱা কথাকেইষাৰে প্ৰমাণ কৰে ধৰ্মীয় পাৰ্থক্যৰ কথাটো অসমীয়া হিন্দু আৰু মুছলমানৰ মাজত দৰাচলতে কিমান গৌণ! তেওঁ লিখিছিল -- "জগতৰ আগত মূৰ দাঙি থিয় হ’বলৈ, বুকু ফিন্দাই ক'বলৈ, আমাৰ এটাই পৰিচয় আছে। আমি শংকৰদেৱৰ দেশৰ মানুহ ,তেওঁৰেই সতি সন্ততি, তেওঁৰেই অনুগামী। হিন্দু মুছলমান, বৈষ্ণৱ শাক্ত নিৰ্বিশেষে এই চিনাকিৰে প্ৰতিজনে গৰ্ব অনুভৱ কৰিব পাৰে।"

যি সময়ত ভাৰতৰ বিভিন্ন ৰাজ্যত হিন্দু মুছলমানৰ মাজৰ সম্প্ৰীতি বেয়াকৈ বিঘ্নিত হৈছে, অসমীয়া সমাজ  কিন্তু  সেই  বীজাণুৰ দ্বাৰা বৰ বেছিকৈ আক্ৰান্ত হোৱা নাই। মই ভাবো অনাগত সময়তো অসমৰ সচেতন লোকে এই সম্প্ৰীতি-সমন্বয়ৰ ধাৰা বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব।
 
(লেখক এজন চিন্তাবিদ আৰু সুবক্তা)