ভাৰতৰ প্ৰথমগৰাকী মুছলমান মহিলা শিক্ষয়ত্ৰী ফাতিমা শ্বেখ

Story by  atv | Posted by  Munni Begum • 1 Years ago
 ফাতিমা শ্বেখ
ফাতিমা শ্বেখ
  জুনু বৰা 
 
ভাৰতৰ স্ত্ৰীশিক্ষাৰ অগ্ৰণী যোদ্ধাসকলৰ কথা ক'লে স্বতঃস্ফূর্তভাৱে আমাৰ মনলৈ পোনতেই আছে ফুলে দম্পতীৰ নাম— জ্যোতিৰাও ফুলে আৰু সাবিত্ৰীবাঈ ফুলে। তেওঁলোক আছিল একে সময়তে সমাজ সংস্কাৰক আৰু ভাৰতবৰ্ষত স্ত্রীশিক্ষাৰ বাটকটীয়া। ফুলে দম্পতীৰ লগত আছিল আন এগৰাকী সমাজ সংস্কাৰক, স্ত্রীশিক্ষাৰ যোদ্ধা ফাতিমা শ্বেখ, যিগৰাকীৰ নাম ইতিহাসৰ বুকুত হেৰাই যোৱাৰ উপক্ৰম হৈছিল। 
 
এই তিনিগৰাকী সমাজ সংস্কাৰকে ১৮৪৮ চনতেই মহাৰাষ্ট্ৰত ছোৱালীৰ বাবে স্কুল প্রতিষ্ঠা কৰি স্ত্রীশিক্ষাৰ বাট মুকলি কৰিছিল। যি বৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেনকাফলছত-ৱ'মেন বাইবেলৰ ৰচয়িতা এলিজাবেথ কেডি ষ্টেনটনে কেইগৰাকীমান সহযোগীৰ সৈতে নাৰী অধিকাৰ অভিৱৰ্তন অনুষ্ঠিত কৰি ভোটাধিকাৰকে ধৰি বাৰদফীয়া দাবীচনদ গ্রহণ কৰিছিল, সেই বৰ্ষত ভাৰতত মাথোঁ নাৰীৰ বাবে স্কুল প্রতিষ্ঠা কৰি শিক্ষাৰ দুৱাৰ খুলিবলৈ আগবাঢ়ি আহিছিল পিচপৰা নিম্ন বৰ্ণৰ ফুলে দম্পতী আৰু তেওঁৰ সহযোগী হিচাপে প্ৰথমগৰাকী মুছলমান মহিলা শিক্ষয়িত্রী ফাতিমা শ্বেখ। 
সাবিত্রীবাই ফুলে আৰু ফাতিমা শ্বেখে পিতৃতান্ত্রিক সমাজৰ বিপৰীতে গৈ শিক্ষয়িত্ৰীৰ দায়িত্ব গ্রহণ কৰিছিল। তেওঁলোক দুয়োগৰাকীয়েই খ্ৰীষ্টান মিছনেৰীয়ে পৰিচালনা কৰা শিক্ষক প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ লৈছিল আৰু স্ত্রীশিক্ষাকে ধৰি সমাজ সংস্কাৰৰ আন্দোলনত ওতঃপ্রোতভাৱে জড়িত হৈ পৰিছিল। কিন্তু অত্যন্ত পৰিহাসৰ বিষয় যে স্ত্রীশিক্ষাৰ প্ৰচলন, প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বাটকটীয়াৰ ভূমিকা লোৱা, দেশৰ প্ৰথমগৰাকী মুছলমান শিক্ষয়িত্রী ফাতিমা শ্বেখ ইতিহাসত উপেক্ষিতা হৈ ৰ'ল। 
আমাৰ পুৰুষতান্ত্রিক সমাজখনত গুৰুত্বপূৰ্ণ সামাজিক বৰঙণি আগবঢ়াই যোৱা বহু মহিলা পাহৰণিৰ গৰ্ভত জাহ যোৱা পৰিলক্ষিত হৈছে। আমি অৱশ্যে বিশ্বাস কৰো যে কোনো ঐতিহাসিক সত্য চিৰদিনৰ বাবে লুকাই নাথাকে, এদিন নহয় এদিন পোহৰলৈ আহিবই। যি কি নহওক, পাহৰণিৰ গ্ৰাসত পৰা ফাতিমা শ্বেখক ৱেবছাইট গুগলে যোৱা বছৰ ৯ জানুৱাৰীত ১৯১ সংখ্যক জন্ম বার্ষিকী উদযাপনৰ মাজেৰে পোহৰলৈ উলিয়াই আনে আৰু তেতিয়াৰ পৰাহে সামাজিক মাধ্যমত তেওঁৰ সম্পর্কে বহল ভিত্তিত চিন্তা-চৰ্চা আৰম্ভ হয়। ইতিমধ্যে ইতিহাসবিদ, গৱেষক, সংগঠকসকলে অনুসন্ধিৎসু মনেৰে বিষয়টো গুৰুত্বসহকাৰে গৱেষণাৰ সমল হিচাপে গ্ৰহণ কৰা দেখা গৈছে। 
 
ফাতিমা শ্বেখ আৰু সাবিত্রীবাই ফুলে
 
ইতিপূর্বে ২০১৪ চনত উর্দু পাঠ্যক্ৰমত মহাৰাষ্ট্ৰ চৰকাৰ আৰু সৌসিদিনা অন্ধ্ৰপ্ৰদেশ চৰকাৰে অষ্টম শ্ৰেণীৰ পাঠ্যক্ৰমত পাঠ সন্নিৱিষ্ট কৰি প্ৰথমগৰাকী মহিলা শিক্ষয়িত্রী তথা সমাজ সংস্কাৰকগৰাকীৰ বিষয়ে নতুনকৈ চিন্তা-চৰ্চা হোৱাৰ পথ মুকলি কৰে। মাথোঁ মহাৰাষ্ট্ৰ, অন্ধ্রপ্রদেশতেই নহয়, সমগ্ৰ দেশৰ শৈক্ষিক পাঠ্যক্ৰমত ফাতিমা শ্বেখৰ সামাজিক সংস্কাৰ আৰু স্ত্রীশিক্ষালৈ আগবঢ়োৱা বৰঙণি অন্তৰ্ভুক্ত কৰা নিতান্তই প্রয়োজন। সাবিত্ৰীবাঈ ফুলেৰ নামত পুনে বিশ্ববিদ্যালয়ৰ পুনৰ নামকৰণৰ দৰেই ফাতিমা শ্বেখকো উপযুক্ত সোঁৱৰণৰ মাজেৰে যথাযোগ্য সম্মান জনোৱাৰ ব্যৱস্থা কৰা উচিত। 
যি সময়ত শূদ্র, মহিলা, মুছলমান, পিচপৰা, দলিত, অনুসূচিত জাতিৰ লোকসকলক শিক্ষা-দীক্ষাৰ পৰা বঞ্চিত কৰি অহা হৈছিল, সেই সময়ত ফুলে দম্পতী আৰু ফাতিমা শ্বেখে শিক্ষাৰ পোহৰ বিলাই বঞ্চিত-নিপীড়িত সমাজক আলোকিত কৰিছিল। সাবিত্ৰীবাঈ ফুলে আৰু ফাতিমা শ্বেখে স্কুললৈ ল'ৰা-ছোৱালী পঠোৱাৰ বাবে ঘৰে ঘৰে গৈ পিতৃ-মাতৃক বুজাইছিল আৰু অহৰহ প্ৰচা চলাইছিল যদিও নিচেই নগণ্য সংখ্যক অভিভাৱকেহে ল'ৰা-ছোৱালী স্কুললৈ পঠিয়াবলৈ মান্তি হৈছিল। নাৰীশিক্ষাৰ ক্ষেত্ৰত পিতৃতান্ত্রিক সমাজৰ নাৰীবিৰোধী চিন্তা,গোড়ামি, অন্ধবিশ্বাস, কুসংস্কাৰ আদি এলান্ধুকলীয়া ধ্যান-ধাৰণাবোৰ প্রধান প্রতিবন্ধক হৈ উঠিছিল। আনকি নাৰীক পঢ়িবলৈ পঠোৱা কাৰ্যক 'পাপ' বুলি গণ্য কৰা হৈছিল। 
এই কাম কৰিবলৈ গৈ তেওঁলোক ঊনবিংশ শতিকাৰ পশ্চাদপদ, ৰক্ষণশীল সমাজখনৰ পৰা নানা ধৰণৰ বাধাৰ সন্মুখীন হৈছিল। তেওঁলোক ৰাস্তাৰে গৈ থকা সময়ত উচ্চবৰ্ণৰ পুৰুষ-মহিলাই তেওঁলোকৰ গালৈ শিলগুটি, গোবৰ, বোকা, গেলা কণী আদি দলিয়াইছিল, ককৰ্থনা কৰিছিল, চিঞৰি চিঞৰি অশ্রাব্য ভাষাৰে গালি দিছিল। আনকি এনেকুৱা অৱস্থা হৈছিলগৈ যে স্কুললৈ যাওতে সাবিত্রীবাঈয়ে বেগত এখন শাৰী লৈ গৈছিল আৰু বোকা, গোবৰ লগা শাৰীখন স্কুলত সলাই লৈছিল আৰু স্কুল ছুটীৰ পিচত পুনৰ লেতেৰাখন পিন্ধি গৃহমুখী হৈছিল। কিন্তু সমস্ত বাধা নেওচি তেওঁলোক নিজ লক্ষ্যত দৃঢ়তাৰে আগুৱাই গৈছিল আৰু অতি লেহেমীয়া গতিত হ'লেও ক্ৰমান্বয়ে তেওঁলোকৰ প্ৰতি সঁহাৰি জনোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছিল।
 
অন্ধ্ৰপ্ৰদেশৰ এখন স্কুলত ফাতিমা শ্বেখৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ এক দৃশ্য
 
উল্লেখযোগ্য যে মহিলা, দলিত, পশ্চাদপদ বর্ণৰ লোকসকলক শিক্ষাদান আৰু বিভিন্ন সংস্কাৰবাদী কাম-কাজৰ লগত জড়িত হোৱাৰ অপৰাধত জ্যোতিৰাওৰ দেউতাকে তেওঁলোকক ঘৰৰ পৰা বাহিৰ কৰি দিছিল। আশ্রয়হীন হৈ তেওঁলোকে তেতিয়া ফাতিমা শ্বেখৰ ভ্ৰাতৃ ওছমান শ্বেখৰ সহৃদয়তাত তেওঁৰ পুনেৰ ঘৰত আশ্ৰয় লৈ থাকিবলৈ বাধ্য হৈছিল। তাৰ বাবে ওছমান আৰু বিশেষকৈ ফাতিমা শ্বেখে সমাজৰ পৰা বহু লাঞ্ছনা-গঞ্জনা সহ্য কৰিবলগা হৈছিল। সমাজৰ সকলো ধৰণৰ ধৰ্মীয় বাধা, ঘৃণাক আওকাণ কৰি ওছমান শ্বেখে ফুলে দম্পতীক থাকিবলৈ দিয়াৰ উপৰি ওছমান শ্বেখৰ ঘৰতেই সৰ্বপ্ৰথমে স্কুল খুলি (নাম দিয়া হৈছিল Indigenous Library) সকলো নিম্নবর্ণ-সম্প্রদায়, মুছলমান মহিলা আৰু দৰিদ্ৰ শ্ৰেণীৰ ছোৱালীক শিক্ষাদান কৰা হৈছিল আৰু ফুলে দম্পতীৰ সৈতে ফাতিমা শ্বেখে শিক্ষয়িত্ৰীৰ দায়িত্ব বহন কৰিছিল।  
স্ত্রীশিক্ষাক জীৱনৰ প্রত্যাহ্বান হিচাপে লৈ তেওঁলোকে মহাৰাষ্ট্ৰত পাঁচখন স্ত্রীশিক্ষাৰ বিদ্যালয় প্রতিষ্ঠা কৰিছিল। ফাতিমা শ্বেখে এই পাঁচোখন স্কুলতে পাঠদান কৰিছিল। নিৰাশ্ৰয় বাল-বিধৱাৰ আশ্ৰয় আৰু গৰ্ভৱতী বিধৱা মহিলাৰ বাবে তেওঁলোকে আশ্ৰয় গৃহ স্থাপন কৰিছিল। সাবিত্ৰীবাঈ আৰু ফাতিমা শ্বেখে নাৰ্ছিং প্রশিক্ষণ লৈ গৰ্ভৱতী মহিলাক চিকিৎসা প্ৰদান কৰিছিল। তদুপৰি শ্ৰমিক আৰু তেওঁলোকৰ ল'ৰা-ছোৱালীৰ শিক্ষাৰ বাবে 'নাইট স্কুল' খুলি শিক্ষাদান কৰিছিল। 
শেহতীয়াকৈ সদৌ ভাৰত প্ৰগতিশীল নাৰী সন্থাকে ধৰি দেশৰ নাৰী সংগঠনসমূহে ফাতিমা শ্বেখৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি দুয়োগৰাকী বাটকটীয়া মহিলা নেত্ৰীৰ জন্ম দিৱস উদযাপন কৰিছে। এই বৰ্ষত প্ৰগতিশীল নাৰী সন্থাই সাবিত্ৰীবাই ফুলেৰ জন্ম দিৱসৰ পৰা ফাতিমা শ্বেখৰ জন্ম দিৱসলৈকে (৩–৯ জানুৱাৰী) সপ্তাহজোৰা কাৰ্যসূচী দেশজুৰি পালন কৰি দেশৰ সকলো বালিকাক শিক্ষাদান কৰা, প্ৰতিখন পঞ্চায়তত হাইস্কুল আৰু ব্লক পৰ্যায়ত একোখনকৈ কলেজ স্থাপন কৰি স্ত্ৰীশিক্ষা নিশ্চিত কৰা, শিক্ষাৰ ব্যক্তিগতকৰণ বন্ধ কৰা, ছোৱালীৰ কৰ্মসংস্থাপন নিশ্চিত কৰাৰ দাবী উত্থাপনৰ লগতে ফাতিমা শ্বেখ আৰু সাবিত্ৰীবাঈ ফুলেৰ জীৱন-সংগ্রাম স্কুলৰ পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে।
 
বিগত বৰ্ষত গুগল ডুডলে ফাতিমা শ্বেখৰ জন্মদিনত শ্ৰদ্ধাৰে সোঁৱৰিছিল
 
১৮৩১ চনৰ ১ জানুৱাৰীত এটি আঢ্যৱন্ত মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰা ফাতিমা শ্বেখৰ পৰিয়ালটো উত্তৰ প্ৰদেশৰ পৰা মহাৰাষ্ট্ৰলৈ আহিছিল। সৰুতেই পিতৃ-মাতৃৰ বিয়োগ ঘটাৰ ফলত তেওঁ আৰু ককায়েক ওছমান শ্বেখৰ অভিভাৱকৰ দায়িত্ব পালন কৰিছিল শ্বেখৰ দেউতাকৰ বন্ধু মুন্সিফ গস্ফৰ বেগে, যিগৰাকী উর্দু আৰু পাৰ্চী দুয়োটা ভাষাৰ শিক্ষক আছিল। এইখিনিতে উল্লেখ কৰা উচিত হ'ব যে ফাতিমা শ্বেখ সম্পর্কত আজিও তথ্যপাতিৰ অভাৱ। আশাকৰো, অনুসন্ধানী গৱেষকসকলে চলাই থকা গৱেষণাই আগত দিনত নিশ্চিত তথ্যৰ সন্ধান দিব পাৰিব।
 
ফাতিমা শ্বেখৰ এক প্ৰতিনিধিত্বমূলক ছবি
 
ফাতিমা শ্বেখ, জ্যোতিৰাও ফুলে আৰু সাবিত্রীবাই ফুলে— এই তিনিওগৰাকী আছিল ঊনবিংশ শতিকাৰ তিমিৰাচ্ছন্ন সমাজখনত পোহৰ বিলোৱা সমাজ সংস্কাৰক। সমাজৰ কৌটিকলীয়া ৰীতি-নীতি, আওপুৰণি ধ্যান-ধাৰণা, সহমৰণ, বাল্য বিবাহ, যৌতুক, অন্ধবিশ্বাস- কুসংস্কাৰৰ বিৰুদ্ধে তেওঁলোকে যুঁজিছিল আৰু স্ত্রীশিক্ষাদানৰ মাধ্যমেৰে সেই সংগ্রাম কোবাল হৈ উঠিছিল। তাহানি ডেৰশ-দুশ বছৰৰ পূৰ্বেই এইসকল সমাজ সংস্কাৰকে যিবোৰ বিষয় উত্থাপন কৰিছিল, তাৰ বহুবোৰ প্রশ্ন আজি একবিংশ শতিকাতো অমীমাংসিত হৈ আছে, যিবোৰ বিষয় আজিও প্রাসংগিক।
 
(লেখিকা এগৰাকী নাৰী অধিকাৰ আন্দোলনৰ নেত্ৰী আৰু সমাজকৰ্মী।)