কাশ্মীৰ ফাইল্ছ- চিন্তাৰ খোৰাক

Story by  atv | Posted by  Munni Begum • 2 Years ago
কাশ্মীৰ ফাইল্ছ
কাশ্মীৰ ফাইল্ছ
  পল্লব ভট্টাচাৰ্য্য

গোড়া ইহুদী বংশৰ পৰা অহা আমেৰিকান পৰিচালক, প্ৰযোজক আৰু চিত্ৰ নাট্যকাৰ ষ্টিভেন এলান স্পিলবাৰ্গে ২০০৩ চনত যুগান্তকাৰী চলচ্চিত্ৰ Schindler's List  নিৰ্মাণ কৰে আৰু ই সাতটা একাডেমী বঁটা, সাতটা BAFTA আৰু তিনিটা গোল্ডেন গ্লোব বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াক সাংস্কৃতিক, ঐতিহাসিক বা নান্দনিকভাৱে গুৰুত্বপূৰ্ণ হিচাপেও মনোনীত কৰা হৈছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পঞ্জীত সংৰক্ষণৰ বাবে বাছনি কৰা হৈছিল। এইটো উল্লেখ কৰা উচিত যে চলচ্চিত্ৰখন এজন জাৰ্মান উদ্যোগপতিৰ জীৱন অনুসৰণ কৰি কিদৰে তেওঁ এক হাজাৰতকৈও অধিক পোলিছ ইহুদী শৰণাৰ্থীক Holocaust নৰসংহাৰৰ পৰা ৰক্ষা কৰিছিল তাৰ হৃদয়স্পৰ্শী বিবৰণ সুন্দৰভাৱে দৰ্শকৰ মাজত উপস্থাপন কৰি সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছিল। অন্যাৰ্থত, চিনেমাখনৰ গ্ৰহণযোগ্যতা সাৰ্বজনীন আছিল।
 
আজি ভাৰতৰ লগত অসমতো “কাশ্মীৰ ফাইল্ছে” এক অভূতপূৰ্ব আলোড়ণৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এক সমীক্ষা মতে ১১ মাৰ্চত মুকলি হোৱা ছবিখনে ২২ মাৰ্চৰ ভিতৰত ২০০ কোটিৰ অধিক উপাৰ্জন কৰিবলৈ সাৰ্থক হৈছে। যদি আমি Schindler’s List  নামৰ বোল ছবিখনৰ লগত “কাশ্মীৰ ফাইল্ছ”ৰ এক তুলনামূলক খতিয়ন দৰ্শকৰ জ্ঞাতাৰ্থে পৰিবেশন কৰোঁ, কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আৰু আৱেগ উদ্দীপিত হয়।
 
 প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ বিবেক অগ্নিহোত্ৰী আৰু পল্লৱী যোশীৰ
 
চলচ্চিত্ৰখনৰ আলোচনাযোগ্য প্ৰথম গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে ১৭ মাৰ্চত জম্মু-কাশ্মীৰৰ এখন আদালতে প্ৰযোজক সকলক শ্ৰীমতী নিৰ্মল খান্নাৰ আবেদনৰ ভিত্তিত প্ৰয়াত ভৰতীয় বায়ুসেনাৰ স্কোয়াড্ৰন লিডাৰ ৰবি খান্নাক দেখুৱাত বাধা আৰোপ কৰিছিল আৰু দাবী কৰিছিল যে দৃশ্যটো তথ্যৰ বিপক্ষে আছিল। ১৯৯০ চনৰ ২৫ জানুৱাৰীত শ্ৰীনগৰত জে কে এল এফৰ মুৰব্বী য়াছিন মালিকৰ নেতৃত্বত এটা গোটে গুলীয়াই হত্যা কৰা ৪ জন আই এ এফ কৰ্মীৰ ভিতৰত ৰবি খান্না এজন আছিল। ভূক্তভোগী পত্নীৰ এই আবেদনে বোল ছবিখনৰ যথাৰ্থতা সম্পৰ্কে সন্দেহৰ উপস্থাপন কৰে। 
দ্বিতীয়তে চলচ্চিত্ৰখনে উগ্ৰবাদৰ সময়ত কাশ্মীৰি পণ্ডিতসকলৰ ওপৰত সংঘটিত "গণহত্যা" (Genocide) আৰু "প্ৰস্থান" (Exodus) শব্দৰ প্ৰচুৰ ব্যৱহাৰ আৰু ইয়াৰ জৰীয়তে হলোকষ্টৰ প্ৰসংগ অবতাৰণা কৰে। এই যুক্তিৰ সমৰ্থনত হিন্দু মৃতকৰ সংখ্যা বৃদ্ধি কৰি সশস্ত্ৰ সংঘৰ্ষ আৰম্ভ হোৱাৰ পৰা ৪,০০০ কাশ্মীৰি পণ্ডিত নিহত আৰু পাঁচ লাখ স্থানচ্যুত হৈছে বুলি দাবী কৰা পৰিলক্ষিত হয়। 
আনহাতে, ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা পানীপথ হাৰিয়ানাৰ এজন আৰ পি কাপুৰে দাখিল কৰা আৰ টি আই আবেদন অনুসৰি, সন্ত্ৰাসবাদৰ আৰম্ভণিৰ পৰা সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা কাশ্মীৰি পণ্ডিতৰ সংখ্যা ৮৯ জন। ২০১৮ চনত শ্ৰীনগৰত অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰা এজন সাংবাদিক সুজাত বুখাৰীৰ “দ্যা হিন্দু” নামৰ বাতৰিকাকতত প্ৰকাশ কৰা প্ৰতিবেদন মতে সংখ্যাটো ২১৯। শেহতীয়াকৈ 'ছেভেন এক্সোডছ এণ্ড দ্যা এথনিক ক্লিনজিং অফ কাশ্মীৰি হিন্দুজ' নামৰ প্ৰতিবেদনত গৱেষণাকাৰী ‘থিংক টেংক’ চেণ্টাৰ ফৰ ইণ্টিগ্ৰেটেড এণ্ড হোলিষ্টিক ষ্টাডিজে (CIHS) ১৯৮৯ চনৰ মাৰ্চ মাহৰ পৰা ২০০৩ চনৰ মাৰ্চলৈ  উপত্যকাত সম্প্ৰদায়টোৰ বিৰুদ্ধে হত্যা, ধৰ্ষণ আৰু হিংসাৰ নিৰ্বাচিত নথিভুক্ত গোচৰৰ এখন গ্ৰাফিক তালিকা প্ৰকাশ কৰিছে। ৰহস্যৰ আৱৰ্তত থকা মৃত্যুৰ সংখ্যাৰ ওপৰত এনে বিসংগতি অতি সোনকালে উন্মোচন কৰাতো সময়ৰ আহ্বান।  
 
'কাশ্মীৰ ফাইল্ছ' চলচ্চিত্ৰখনৰ এক দৃশ্য
 
তৃতীয়তে, কাশ্মীৰি পণ্ডিতসকলৰ গণ প্ৰস্থানৰ বাবে কি কাৰকে লোকসকলক প্ৰেৰিত কৰিছিল, কোনে এই সিদ্ধান্ত লৈছিল আৰু এইটো কি মূল্যায়নৰ ওপৰত আধাৰিত আছিল-এই সমগ্ৰ ব্যৱস্থাৰ উন্মোচন দেশৰ জনসাধাৰণৰ মাজত ভুৱা তথ্যৰ প্ৰচলনত বাধা দিয়াৰ বাবে জৰুৰী। শ্ৰীনগৰ, অনন্তনাগ, বাৰামুলা আদি অঞ্চলত কেন্দ্ৰীভূত কাশ্মীৰি পণ্ডিতসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে পলায়ণৰ বাহিৰে আন উপায় আছিল নেকি ই এক বিচাৰ্য্য বিষয়।  
 
চতুৰ্থ বিচাৰ্য্য বিষয় হৈছে জম্মুৰ কাশ্মীৰি পণ্ডিত থকা শিবিৰসমূহত ব্যৱস্থা কিয় মাহ/বছৰৰ পাছতো ইমান বেয়া হৈ আছে তাৰ কাৰণ।
পঞ্চমতে, ১৯৮৯ চনত মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্য জম্মু-কাশ্মীৰত হিংসাত্মক জাতি-ধৰ্মীয়  বিদ্ৰোহৰ আকস্মিক উত্থানৰ কাৰণটো সঠিক পৰীক্ষাৰ প্ৰয়োজন। পূৰ্বৰ জম্মু আৰু কাশ্মীৰৰ ডি জি পি শ্ৰী শীশ পাল বৈদে ২০২২ চনৰ ১৬ মাৰ্চ তাৰিখে কৰা এটা টুইটৰ জৰিয়তে প্ৰকাশ কৰিছিল যে আই এছ আইৰ দ্বাৰা প্ৰশিক্ষণ প্ৰাপ্ত ৭০ জন সন্ত্ৰাসবাদীৰ প্ৰথম দলটোক জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। কিন্তু সেই সময়ত লোৱা ৰাজনৈতিক সিদ্ধান্তৰ দ্বাৰা তেওঁলোকক মুকলি কৰি দিয়া হৈছিল আৰু কালক্ৰমত এই সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ বহুতো সন্ত্ৰাসবাদী সংগঠনক নেতৃত্ব দিছিল। এই কট্টৰ ইছলামী সন্ত্ৰাসবাদীসকলক ফাৰুক আব্দুল্লা (১৯৮৭-১৯৯০) চৰকাৰে মুকলি কৰি দিছিল আৰু পিছত তেওঁলোকে হিন্দুসকলক হত্যা কৰিছিল। কেন্দ্ৰত ৰাজীৱ গান্ধী নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ ফালে আঙুলি তুলি ডি জি পিয়ে কৌতুক কৰি কয়, "১৯৮৯ চনৰ কেন্দ্ৰীয় চৰকাৰৰ অজ্ঞাতে এইটো সম্ভৱ হ'ব পাৰিলেহেঁতেন নেকি?"
শেষত চিনেমাখনৰ কিছুমান দৃশ্যৰ চিত্ৰণ অতি নাটকীয় আৰু উত্তেজনাপূৰ্ণ যেন ভাব হয়। চলচ্চিত্ৰখনে উগ্ৰপন্থীৰ বাহিৰেও কাশ্মীৰৰ মুছলমানসকলক হিন্দুসকলৰ বহিষ্কৰণত হাত উজাৰ দিয়া বুলি ৰং দিবলৈ প্ৰচেষ্টা কৰা অনুভুত হয়। কিয়নো ভুক্তভোগীৰ সংখ্যা অতিৰঞ্জিত কৰা হৈছে। কিছু দৰ্শকে অভিযোগ কৰিছে যে চলচ্চিত্ৰখনে হিংসাৰ প্ৰদৰ্শনৰ জৰিয়তে দৰ্শকক আকৃষ্ট কৰিবলৈ অহোপুৰুষাৰ্থ কৰা দৃষ্টিগোচৰ হৈছে, 'সোঁ-পন্থী' মানসিকতা প্ৰদৰ্শন কৰিছে আৰু কল্পকাহিনীবোৰ কথোপকথনৰ দ্বাৰা উত্তেজনাপূৰ্ণ কৰা হৈছে। 
 
'কাশ্মীৰ ফাইল্ছ' চলচ্চিত্ৰখনৰ বিৰোধিতাত কৰা প্ৰতিবাদ
 
এক তথ্য অনুযায়ী ১৯৯০ চনৰ ২০ জানুৱাৰীৰ পৰা কাশ্মীৰি পণ্ডিতসকলে প্ৰথমে কাশ্মীৰ ত্যাগৰ ধাৰা আৰম্ভ কৰিছিল। তেওঁলোকে যিকোনো যান-বাহনত খৰখেদাকৈ সামগ্ৰী লৈ উপত্যকা এৰিবলৈ আৰম্ভ কৰে। উল্লেখযোগ্য যে, ৰাষ্ট্ৰপতি শাসনৰ পাছত ২১ জানুৱৱাৰী ১৯৯০ তাৰিখে চি আৰ পি এফৰ দ্বাৰা সংঘটিত হʼল গাওকাদাল দলং গণহত্যা যʼত এক অসমৰ্থিত তথ্য অনুযায়ী ১৬০ জন কাশ্মীৰি মুছলমানৰ মৃত্যু হৈছিল। এই ঘটনাৰ উল্লেখ বোল ছবিখনত থাকিলে ইয়াৰ বিশ্বাসযোগ্যতা নিশ্চয় বাঢ়িলহেতেন। 
এই দুটা ঘটনা অৰ্থাৎ পণ্ডিতসকলৰ জনমভূমি ত্যাগ আৰু গাৱকাদাল গণহত্যা ৪৮ ঘণ্টাৰ ভিতৰত সংঘটিত হৈছিল আৰু এনে এক আবেগিক স্পৰ্শকাতৰ মূহুৰ্তত দুয়োটা সম্প্ৰদায়ৰ কোনো এজনে আনজনৰ বেদনা হৃদয়ঙ্গম কৰিব পৰা নাছিল আৰু আজিও এই পাৰস্পৰিক সন্দেহ বিভিন্ন প্ৰকাৰে বিদ্যমান হোৱাতো দেশৰ বাবে শুভ লক্ষণ নহয়।  
অতীতৰ ভুলবোৰৰ পৰা শিকাটো হৈছে এই অবিশ্বাস আঁতৰ কৰাৰ উত্তম পথ। সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ সৈতে মীমাংসা আৰু অন্তৰ্ভুক্তি প্ৰক্ৰিয়াৰে কাশ্মীৰি পণ্ডিতসকলৰ দ্ৰুত পুনৰ্সংস্থাপন, হিংসাত্মক কাৰ্য্যৰ ওপৰত কঠোৰ শাস্তিমূলক পদক্ষেপ গ্ৰহণ কৰা, তথাকথিত বাজপেয়ী মতবাদৰ অৰ্থাৎ ইনছানিয়ত (মানৱতা), জামহুৰিয়ত (গণতন্ত্ৰ) আৰু কাশ্মীৰিয়ত (কাশ্মীৰৰ জনসাধাৰণৰ পৰিচয়) সফল ৰূপায়ণ কৰা আৰু সকলো সম্প্ৰদায়ৰ বিত্তীয় অন্তৰ্ভুক্তিয়ে দেশবাসীৰ সপোনৰ সমৃদ্ধিশালী কাশ্মীৰৰ সৃষ্টি কৰিব পাৰে।
 
'কাশ্মীৰ ফাইল্ছ' চলচ্চিত্ৰখনৰ সমৰ্থকসকল
 
এনে এক গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বিষয়ক ভাৰতীয় জনসাধাৰণৰ হৃদয়ৰ ওচৰলৈ অনাৰ বাবে অৱশ্যে বিবেক অগ্নিহোত্ৰী আৰু পল্লৱী যোশীক (মোৰ যৌৱনকালৰ অন্যতম প্ৰিয় অভিনেত্ৰী) কৃতিত্ব দিব লাগিব। স্পেনিছ দাৰ্শনিক জৰ্জ সান্তায়ানাৰ বিখ্যাত উক্তি সকলো ভাৰতীয়ৰ মানসপটত খোদিত হোৱাতো সময়ৰ আহ্বান-“Those who do not learn from history are doomed to repeat it.”
 
(লেখক এজন অসম আৰক্ষীৰ বিশেষ শাখাৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান আৰু এ পি এছ চিৰ পূৰ্বৰ অধ্যক্ষ। তেওঁৰ দ্বাৰা প্ৰকাশিত মতামত ব্যক্তিগত।)