লক্ষ্মীনাথ বেজবৰুৱা আৰু সাধুকথা

Story by  atv | Posted by  Munni Begum • 2 h ago
 'ৰসৰাজ' লক্ষ্মীনাথ বেজবৰুৱা
'ৰসৰাজ' লক্ষ্মীনাথ বেজবৰুৱা
 
  স্বপ্না দাস 
 
সাধুকথা। ডাঙৰে বা সাধু সন্তজনে দিয়া উপদেশ বা নীতিশিক্ষামূলক কথাই শিশু মনত পোনপটীয়াকৈ প্ৰভাৱ নেপেলায়। সেইবাবে বহু সময়ত তেনে উপদেশ বা নীতিশিক্ষা দিবলৈ একোটা কাহিনীৰ আশ্ৰয় লোৱা হয়। সেই কাহিনীয়েই সাধুকথা। কিন্তু সময়ৰ সোঁতত বহু মৌখিক কাহিনী হেৰাই যোৱাৰ আশংকা থাকে। তেনে আশংকা কৰিয়েই কিজানি লক্ষ্মীনাথ বেজবৰুৱায়ো অসমীয়া ভাষাত সাধুকথাক লিখিত ৰূপ দিছিল। অসমীয়া সাহিত্যৰ মহান ব্যক্তিত্ব, অসমৰ জোনাকী যুগৰ অন্যতম শ্ৰেষ্ঠ সাহিত্যিক, অসমীয়া সাহিত্যক আধুনিকতাৰ দিশে আগবঢ়াই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা 'ৰসৰাজ' লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান বিশেষভাবে স্মৰণীয়। তেওঁ উপলব্ধি কৰিছিল যে ককা-আইতাৰ মুখে মুখে ঘূৰি ফুৰা এই সাধুকথাবোৰ কেৱল বিনোদনৰ বাবে নহয়, এইবোৰ হৈছে জাতিৰ সাংস্কৃতিক ঐতিহ্য। সেই উপলব্ধিৰ ফলতেই তেওঁ সংগ্ৰহ কৰি লিখি থৈ গ’ল অমৰ সাধুকথাৰ সংকলন 'বুঢ়ী আইৰ সাধু'।
 
'বুঢ়ী আইৰ সাধু' অসমীয়া সাহিত্যৰ এক অনন্য সম্পদ।১৯১২ চনতেই প্ৰথম প্ৰকাশ  পোৱা এই সাধুকথাৰ পুথিখনে প্ৰথম প্ৰকাশৰে পৰা এতিয়ালৈ শিশুৰ লগতে ডাঙৰৰ মনতো এক গভীৰ সাঁচ বহুৱাই থৈছে। এটা শতিকাতকৈও অধিক কাল অসমীয়া সাহিত্যত এক মাইলৰ খুঁটি হৈ আছে ‘বুঢ়ী আইৰ সাধু’খন। ইয়াৰ সাধুবোৰত সজীৱ হৈ উঠে গ্ৰাম্য জীৱনৰ সহজ-সৰল মানুহৰ নৈতিকতাৰ কাহিনী, মানৱতাৰ কাহিনী। কেতিয়াবা যদি 'তেজীমলাৰ সাধু' শুনি তেজীমলাৰ দুখৰ সমভাগী হৈ চকুপানী টুকিছে, কেতিয়াবা আকৌ ধূৰ্ত শিয়ালটোৱে এশিকনি পোৱাত খিলখিলাই হাঁহিছে শুনোঁতাই। শিশুৰ মনক কল্পনাৰ ডেউকা মেলিবলৈ সহায় কৰাৰ লগতে এই কাহিনীবোৰে জীৱনৰ মূল্যবোধো শিকায়। শিশুৰ জিজ্ঞাসু মনক আৰু অধিক জিজ্ঞাসু কৰি তোলে। সেয়েহে বহু প্ৰজন্ম ধৰি এই পুথিয়ে অসমীয়াৰ প্ৰতিখন ঘৰতেই সমাদৰ লাভ কৰি আহিছে। আজিও ইয়াৰ আবেদন একেই শক্তিশালী।
 
‘বুঢ়ী আইৰ সাধু’ৰ উপৰিও ‘ককাদেউতা আৰু নাতি ল’ৰা’ আৰু ‘জুনুকা’— এই দুখন সাধুকথা পুথি ৰচনাৰে লক্ষ্মীনাথ বেজবৰুৱাই যেন বুজাই দিছিল— সাধুকথা মানে কেৱল আমোদ নহয়, ই হৈছে সমাজ গঢ়াৰ এক শক্তিশালী আহিলাও। তেখেতৰ প্ৰতিখন সাধুকথাৰ পুথিৰ প্ৰতিটো কাহিনীত দেখা যায় লোক জীৱনৰ সৰলতা, সমাজৰ বিশ্বাস আৰু নৈতিক মূল্যবোধ। কাহিনীবোৰৰ মাজত লুকাই আছে জীৱনৰ বাস্তৱ শিক্ষা— সাহস, সততা আৰু বুদ্ধিৰ মূল্য। বিশেষকৈ শিশুসাহিত্যৰ ক্ষেত্ৰত এই পুথিকেইখনৰ ভূমিকা অপৰিসীম। বহু প্ৰজন্মৰ শিশুৰ শৈশৱ 'বুঢ়ী আইৰ সাধু'ৰ কাহিনীৰ মাজেৰেই ৰঙীন হৈ পৰিছে। শিশুৰ মনত কল্পনাশক্তি জাগ্ৰত কৰা, ভাল-বেয়াৰ পাৰ্থক্য বুজিবলৈ সহায় কৰা আৰু ভাষাৰ সৌন্দৰ্য উপলব্ধি কৰাত এই কাহিনীবোৰে উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। সেয়েহে এই পুথি মাত্ৰ এখন সাধুকথাৰ কিতাপ নহয়, এই পুথিখন হৈছে শৈশৱৰ আনন্দ, পৰিয়ালৰ স্মৃতি আৰু সংস্কৃতিৰ এক জীৱন্ত প্ৰতিচ্ছবি।
 
‘বুঢ়ী আইৰ সাধু’ৰ আৰু ‘ককাদেউতা আৰু নাতি ল’ৰা’
 
'বুঢ়ী আইৰ সাধু' প্ৰকাশৰ শতিকা গৰকাৰ পিছত  সাধুকথাই অসমত পুনৰ যেন চৰ্চালৈ আহিছে। নতুন প্ৰজন্মক সাধুকথাৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিবলৈ উৎসাহিত কৰা আৰু আমাৰ লোকসংস্কৃতিৰ সংৰক্ষণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ উদ্দেশ্যে ‘মৌচাক’ আলোচনীয়ে পূৰ্বৰে পৰা বিশেষ উদ্যোগ হাতত লৈছে। 'মৌচাক'ৰ উদ্যোগত লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰয়াণ দিৱসৰ দিনাৰ পৰা এসপ্তাহ ধৰি সাধুকথা সপ্তাহ আয়োজন কৰা হয়। তদুপৰি অসমৰ বহু ঠাইত ‘অকণিৰ সাহিত্য সভা’ৰ উদ্যোগতো নগাঁও শাখা সদৌ অসম লেখিকা সন্থা, জ্যোতি চিত্ৰাংকন বিদ্যালয় আৰু অন্যান্য অনুষ্ঠানৰ সহযোগত কিছু বছৰৰ পৰা ২০ মাৰ্চ তাৰিখৰ পৰা ২৬ মাৰ্চ তাৰিখলৈ 'সাধুকথা সপ্তাহ' উদযাপন কৰি আহিছে। এইখিনিতে উল্লেখযোগ্য যে ২০১৩ চনত অকণিৰ সাহিত্য সভাই 'বুঢ়ী আইৰ সাধু'ৰ ইংৰাজী অনুবাদ হিচাপে প্ৰকাশ কৰি উলিয়ায়। আমেৰিকা নিবাসী ড° নীলাক্ষি ফুকন আৰু ড° মণিকা শইকীয়াই মুখ্য সম্পাদকৰ উপৰি অনন্যা হিলৈদাৰীয়ে সম্পাদকৰ দায়িত্বভাৰ লৈ ৩১টা সাধু সন্নিৱিষ্ট কৰি বিশ্বৰ আন আন দেশৰ পাঠকে পঢ়িব পৰাকৈ ইংৰাজী ভাষাত 'বুঢ়ী আইৰ সাধু' সম্পাদনা কৰে। 'বুঢ়ী আইৰ সাধু'ৰ দৰে সৃষ্টিয়ে স্ৰষ্টাক যুগে যুগে স্মৰণীয় কৰি ৰাখিছে। যদিও তেওঁ ১৯৩৮ চনৰ ২৬ মাৰ্চতেই এই পৃথিৱী এৰি গ’ল, তথাপিও তেওঁৰ সাহিত্য আজিও অসমীয়া সমাজত জীয়াই আছে। জীয়াই থাকিব। তেখেতৰ অন্যান্য সৃষ্টিৰ লগতে বুঢ়ী আইৰ সাধুৰ যোগেদি 'সাধুকথা সপ্তাহ' উদযাপনৰ মাধ্যমেৰেই স্মৰণীয় হৈ থাকিব যুগ যুগান্তৰলৈ।   
 
অসমত ২০-২৬ মাৰ্চত সাধুকথা সপ্তাহ আৰু ২০ মাৰ্চত বিশ্বজুৰি বিশ্ব সাধুকথা কোৱা দিৱস উদযাপন কৰা হয়।  বিশ্ব সাধুকথা কোৱা দিৱস (World Storytelling Day), সাধুকথা সপ্তাহ আৰু ২৬ মাৰ্চৰ বেজবৰুৱাদেৱৰ মৃত্যুৰ দিন যেন একেডাল সূতাৰে গুঠা। ২০ মাৰ্চত বিশ্বই সাধুকথাৰ প্ৰয়োজনীয়তাৰ কথা সোঁৱৰাই  দিয়ে আৰু ২৬ মাৰ্চে আমাক স্মৰণ কৰায় সেইজন সাহিত্যিকক, যিয়ে অসমৰ সাধুকথাক সাহিত্যৰ ৰূপ দি বিশ্বৰ আগত আগবঢ়াই থৈ গ’ল। ২০০৬ চনৰ ভিতৰত পাঁচখন মহাদেশৰ ২৫খন দেশে ২০ মাৰ্চৰ দিনটো ‘বিশ্ব সাধুকথা কোৱা দিৱস’ হিচাপে পালন কৰা প্ৰথা আৰম্ভ কৰিলে, যিটো দিনত পৃথিৱীৰ বিভিন্ন ঠাইত মানুহে সাধুকথা কোৱাৰ পৰম্পৰাক উদযাপন কৰে। প্ৰতি বছৰে ২০ মাৰ্চত সমগ্ৰ বিশ্বতে 'বিশ্ব সাধুকথা কোৱা দিৱস’ নামৰ এটা অনুষ্ঠানে বিশেষ আঁচনি হাতত লৈ একোটা বিষয় (থীম)ৰ ওপৰত সাধুকথাৰ দিৱস পালন কৰাৰ আনুষ্ঠানিকভাৱে আয়োজন কৰে। একে সময়তে অসমত সাধুকথা সপ্তাহ আয়োজন কৰা হয়। সাধুকথা কোৱা দিৱস আৰু সাধুকথা সপ্তাহে বুজাই যে ভাষা, সংস্কৃতি আৰু দেশ ভিন্ন হ’লেও সাধুকথাই মানুহক একেই আৱেগত বুৰায়। সাধুকথাই হৈছে এনে এক শক্তি, যিয়ে মানুহৰ হৃদয়ক স্পৰ্শ কৰে আৰু সমাজক একত্ৰিত কৰে।
 
কিন্তু বৰ্তমান ডিজিটেল যুগত এই পৰম্পৰা ক্ৰমে যেন  লোপ পাই আহিছে। ম’বাইল ফোন, টেলিভিছন আৰু ইণ্টাৰনেটৰ ব্যস্ততাই শিশুৰ শৈশৱৰ আমোদ নাইকিয়া কৰাৰ দৰেই ককাক-আইতাকৰ বাৰ্ধক্যৰ সময়ক নিসংগও কৰিব লৈছে। ইয়াৰ ফলত শিশুৰ কল্পনা শক্তি, ভাষাৰ বিকাশ আৰু সামাজিক মূল্যবোধ গঢ়াৰ ক্ষেত্ৰত একধৰণৰ শূন্যতাই দেখা দিছে। কেৱল শিশুৰ ক্ষেত্ৰতেই নহয়, গোটেই সমাজেই ধীৰে ধীৰে নিজৰ মূল সংস্কৃতিৰ পৰা দূৰ হৈ যোৱাৰ আশংকা দেখা গৈছে। আপোনজন কাষতেই থাকিও শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে যেন নিজ নিজ একোখন জগতৰ একো একোজন বাসিন্দা হৈ পৰিছে। সেয়েহে এই সময়ত সাধুকথাৰ পুনৰুজ্জীৱন অতি প্ৰয়োজনীয়। ককা-আইতাৰ মুখৰ সেই সোণসেৰীয়া সাধুবোৰ পুনৰ জীয়াই তুলিবলৈ হ’লে পৰিয়াল, সমাজ আৰু শিক্ষানুষ্ঠান সকলোৰে মিলিত প্ৰচেষ্টাৰ প্ৰয়োজনীয় । কিয়নো সাধুকথা কেৱল অতীতৰ স্মৃতি বা কল্পনাৰ কাহিনীয়েই নহয়, ই আমাৰ ভৱিষ্যৎ গঢ়াৰো এক মূল আধাৰ।
 
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক) লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু বাৰ্ষিকী আজি)