মহত্মা গান্ধী আৰু অসম

Story by  atv | Posted by  Munni Begum • 1 Years ago
জাতিৰ পিতা মহত্মা গান্ধী
জাতিৰ পিতা মহত্মা গান্ধী
  পুলিন ডেকা
 
ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ গৌৰৱোজ্জ্বল ইতিহাসৰ সৈতে সম্পর্কিত দিশসমূহ বিশ্লেষণ কৰিলে স্বদেশপ্ৰেমৰ চেতনা স্ফূৰণত যিসকল ব্যক্তিয়ে শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিল, সেইসকলৰ ভিতৰত অনন্য আছিল মহামানৱ মহাত্মা গান্ধী। জাতিৰ আত্মাক প্ৰাণৱন্ত কৰি দেশক দি যোৱা মাৰ্গ দর্শনে প্ৰতিগৰাকী ভাৰতীয়ক আজিও উদ্বুদ্ধ কৰি আহিছে। গান্ধীজীৰ চেতন আৰু মনন জগতত স্বদেশানুৰাগৰ ফল্গুধাৰা এনেভাৱে প্ৰৱাহিত হৈছিল, যাৰ ফলত দেশৰ জনসাধাৰণে একত্রিতভাৱে যুঁজ দি স্বাধীনতাৰ সপোন বাস্তৱায়িত কৰিছিল। 
 
সত্য আৰু অহিংসাৰ দৰ্শনৰে ভাৰতবাসীৰ আত্মিক বল সঞ্চাৰিত কৰি বিশ্ববাসীৰ সন্মুখত এক আদর্শ প্রতিষ্ঠা কৰিছিল। অহিংসা পদ্ধতিৰ বিপ্লৱৰ জৰিয়তে পৰাধীনতাৰ গ্লানিৰ পৰা দেশক মুক্ত কৰি গণতন্ত্ৰৰ ধ্বজা এনেভাৱে উৰুৱাই গ'ল, সেয়া ভাৰতবৰ্ষৰ প্ৰগতিৰ এক শক্তিশালী ভেটি হৈ পৰিছে। আজি বিশ্বই অনুভৱ কৰিছে গান্ধীজীৰ দৰ্শন। 
ভাৰতৰ মহাত্মা গান্ধীৰ জীৱন আৰু কৰ্মৰাজীৰ সৈতে অসমৰ এক ওতঃপ্রোত সম্পর্ক আছে। ভাৰতৰ স্বাধীনতা আন্দোলনে নহয়, অসমৰ অস্তিত্ব ভাৰতবৰ্ষৰ মাজত অক্ষুণ্ণ ৰাখি গান্ধীয়ে অসমৰ প্ৰতি থকা গভীৰ আন্তৰিকতাক এনেভাৱে প্রকাশ কৰি গৈছে, সেই কথা অসমবাসীৰ হৃদয়ত সদায়ে অম্লান হৈ ৰ'ব। ‘বিষ্ণুৰাম মেধি আৰু অসমৰ ৰাজনীতি' শীৰ্ষক গ্ৰন্থত মহাত্মা গান্ধীৰ প্ৰথম অসম ভ্ৰমণ সন্দৰ্ভত এনেদৰে কৈছে, "১৯২১ চনৰ ২৮ জুলাইত বোম্বাইত বহা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাত ভাগ ল'বলৈ যাওঁতে, অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, কুলধৰ চলিহা আৰু চন্দ্ৰ নাথ শৰ্মাই গান্ধীজীক অসমত অসহযোগ আন্দোলনৰ প্ৰচাৰ চলোৱাৰ বাবে নিমন্ত্ৰণ কৰে। সেই সময়টোত যদিও গান্ধীজী অন্ধ্রপ্রদেশ ভ্রমণতহে যোৱা কথা আছিল, তথাপি অসমৰ প্ৰতিনিধিসকলৰ পৰা, অসমৰ বৰ্ণ নিৰ্বিশেষে প্রত্যেক ঘৰতে তাঁত শিল্পৰ পৰম্পৰা থকা বুলি জানি অসম ভ্ৰমণৰ প্ৰতি অতি আগ্রহী হয় আৰু অন্ধ্র ভ্রমণ সাময়িকভাৱে সলনি কৰি অসম ভ্ৰমণৰ বাবে ওলায়।" 
যি কাৰকে তেওঁক অসমৰ প্ৰতি আকৰ্ষিত কৰিছিল, তাৰ অন্যতম অন্তনির্হিত আবেদন আছিল ৰাজ্যৰ শিল্প জগত। ১৯২১ চনৰ ১৮ আগষ্টত গোলোকগঞ্জত উপস্থিত হোৱাৰ পিছত গুৱাহাটীলৈ আহে। গুৱাহাটীৰ তৰুণৰাম ফুকনৰ বাসগৃহত থাকি তেজপুৰ, নগাঁও যোৰহাট, ডিব্ৰুগড়, শিলচৰ আৰু শ্রীহট্ট ভ্ৰমণ কৰি স্বাধীনতা সংগ্রামীসকলক অনুপ্ৰাণিত কৰে। তৰুণৰাম ফুকনৰ গৃহত হোৱা সভাত বিদেশী কাপোৰ দাহ কৰা হৈছিল। এই সভাত তৰুণৰাম ফুকনৰ উপৰি, নবীন চন্দ্ৰ বৰদলৈ,বিষ্ণুৰাম মেধি, মহম্মদ তৈয়বউল্লা আদি নেতাসকল উপস্থিত আছিল ।
 
মহাত্মা গান্ধীয়ে অসমৰ এক নামঘৰ দৰ্শন কৰাৰ এক মূহুৰ্ত
 
১৯২৬ চনত পাণ্ডু কংগ্ৰেছ অধিৱেশনত মহাত্মা গান্ধীয়ে অংশ গ্ৰহণ কৰিছিল। ইয়ে অসমৰ স্বাধীনতা সংগ্রামীসকলক অনুপ্ৰাণিত কৰিছিল। অসমক পূব পাকিস্তানৰ লগত অন্তভুৰ্ক্ত কৰিব বিচৰা কার্যই অসমবাসীক ক্ষোভিত কৰি তুলিছিল আৰু ইয়াৰ বিৰুদ্ধে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ দৰে বহু নেতাই গ্ৰহণ কৰা স্থিতিয়ে তেওঁলোকৰ মনৰ শক্তি, অসমৰ প্ৰতি থকা গভীৰ অনুৰাগকে সূচাইছিল।  
বৃটিছ চৰকাৰ আৰু মুছলিম লীগৰ গভীৰ ষড়যন্ত্ৰ উফৰাই দিয়াৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নেতৃত্বত প্ৰতিবাদী স্বৰূপ জাগৰিত হৈছিল। কাৰণ এই গ্রুপিং আঁচনিৰ জৰিয়তে সেই সময়ৰ পূব পাকিস্তান অর্থাৎ বাংলাদেশৰ সৈতে চামিলকৰণৰ বাবে কেবিনেট মিছনে পৰামৰ্শ আগবঢ়াইছিল। অসমৰ স্বকীয় সত্ত্বা অক্ষুণ্ণ ৰখাৰ সংকল্পৰে গোপীনাথ বৰদলৈয়ে মহাত্মা গান্ধীৰ সহযোগিতা বিচাৰিছিল।
অসমীয়াৰ ভাবাবেগক সন্মান জনাই গান্ধীজীয়ে অসমৰ স্বাৰ্থত গোপীনাথ বৰদলৈক কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধেই সত্যাগ্ৰহ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। গান্ধীজীৰ সমৰ্থনৰ বাবে কেবিনেট মিছনৰ আঁচনিৰ গ্ৰুপ বা সংঘৰাজ্য অগ্রাহ্য কৰাৰ বাবে অসমে সাহস গোটাব পাৰিছিল। গান্ধীজীয়ে সদায়ে অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে কাম কৰিছিল।
 
 
মহাত্মা গান্ধীয়ে যতঁৰত সূতা কটা মূহুৰ্তৰ এক দৃশ্য
 
অসমৰ শিল্প-সংস্কৃতিৰ প্ৰতি গান্ধীজীৰ আছিল অত্যুগ্র আগ্রহ। ১৯৪৬ চনৰ ৯ জানুৱাৰীত গান্ধীজীয়ে শুৱালকুছি ভ্ৰমণ কৰিছিল। গান্ধীজীয়ে শুৱালকুছিৰ পাট-মুগাৰ শিল্প পৰিদৰ্শন কৰি ইমানেই অভিভূত হৈ পৰিছিল যে তেওঁ কৈছিল যে অসমৰ শিপিনীয়ে তাঁতশালত সপোন ৰচিব পাৰে। ১৯৪৬ চনত গান্ধীজীয়ে শৰণীয়া পাহাৰত পদার্পণ কৰিছিল।
জীৱনকালত গান্ধীজীয়ে ১৯২১, ১৯২৬, ১৯৩৪ আৰু ১৯৪৬ চনত অসম ভ্ৰমণ কৰিছিল। এই ভ্ৰমণকালত গান্ধজীয়ে ৰাজ্যখনৰ বিভিন্ন স্থানত উপস্থিত হৈ স্বাধীনতা আন্দোলনক অধিক গতিশীলতা প্ৰদান কৰাৰ সমান্তৰালভাৱে অস্পৃশ্যতা আৰু কানিৰ দৰে মহাব্যাধিৰ বিৰুদ্ধে ব্যাপক জনমত গঠন কৰিছিল। গান্ধীজীৰ জীৱন আৰু দৰ্শনৰ মাজত অসমে এক সুকীয়া স্থান লাভ কৰিছিল।
স্বৰাজ, অহিংসা, স্বদেশী, সর্বোদয়, সত্যাগ্রহ, স্বচ্ছতাৰ আদৰ্শৰে পৰিচালিত আছিল গান্ধীজীৰ জীৱন। গান্ধীজীয়ে সমাজখনক শক্তিশালীভাৱে আগুৱাই নিয়াৰ বাবে শান্তিৰ বাবেই জীৱন উৎসর্গিত কৰিছিল। গান্ধীজীৰ আদৰ্শৰ গুৰুত্ব আৰু প্ৰাসংগিকতা উপলব্ধি কৰিয়েই ৰাষ্ট্ৰসংঘই ২০০৭ চনতে তেওঁৰ জন্ম দিৱস আন্তঃৰাষ্ট্ৰীয় অহিংস দিৱস ৰূপে ঘোষণা কৰিছিল। গ্রামাঞ্চলত বসবাস কৰা দুখীয়া জনসাধাৰণৰ বাবে গান্ধীজীয়ে সেৱাৰ মনোভাৱেৰে কাম কৰি গৈছিল।
 
মহাত্মা গান্ধী তেওঁৰ সহধৰ্মিণী কস্তুৰবা গান্ধীৰ সৈতে
 
গান্ধীজীৰ চিন্তা-চেতনা বহুমুখী আছিল। গীতাৰ বাণীৰে তেওঁৰ জীৱন সমৃদ্ধ আছিল। ১৮৯৩ চনত গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত বর্ণ বৈষম্যৰ নিময় মানিবলৈ অস্বীকাৰ কৰি ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ সংকল্প গ্রহণ কৰিছিল। গান্ধীজীয়ে ভাৰতীয় ভোটাৰক ভোটদানৰ পৰা বঞ্চিত কৰাৰ বাবে থকা আইনৰ বিৰুদ্ধে প্রতিবাদ কৰিছিল। নাটাল ইণ্ডিয়ান কংগ্ৰেছ গঠন কৰি দক্ষিণ আফ্ৰিকাত থকা ভাৰতীয় সমস্যাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ গৈছিল।
 
ভাৰত ত্যাগ আন্দোলনৰ এক মূহুৰ্ত
 
১৯০৬ চনত ট্ৰেন্সভাল চৰকাৰে ভাৰতীয়ৰ অধিকাৰ খৰ্ব কৰিব বিচাৰিছিল আৰু গান্ধীজীয়ে সত্যাগ্ৰহৰ কাৰ্যসূচীৰ সূচনা কৰিছিল। সাত বছৰ প্ৰতিবাদৰ পিছত দক্ষিণ আফ্ৰিকাৰ চৰকাৰৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল। ১৯১৪ চনত দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি আহি ইয়ং ইণ্ডিয়া নামেৰে এখন বাতৰি কাকত প্ৰকাশ কৰি ভাৰতৰ স্বাধীনতা আন্দোলনক এক নতুন মাত্ৰা প্ৰদান কৰিছিল।
 
গুৱাহাটীৰ শৰণীয়া পাহাৰ অৱস্থিত গান্ধী মণ্ডপ
 
১৯২৪ চনত মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব বহন কৰিছিল। ভাৰত ত্যাগ আন্দোলন, দাণ্ডী যাত্রা, বিদেশী বস্ত্ৰ পৰিহাৰ, সত্যাগ্রহ, অনশন, অসহযোগ আন্দোলনৰ সূচনা কৰি ভাৰতক পৰাধীনতাৰ পৰা মুক্ত কৰি এখন স্বাধীন ৰাষ্ট্ৰ গঢ়ি যি আদর্শ দেখুৱাই গ'ল, সেয়া সদায়ে স্মৰণীয় হৈ ৰ'ব। 
 
(লেখক এজন তথ্য আৰু জনসম্পৰ্ক, অসম, বিভাগৰ উপ সঞ্চালক তথা মুখ্যমন্ত্ৰীৰ জনসম্পৰক্ষী কোষৰ সৈতে সংলগ্ন)