ঋষি সুনক, দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
ঋষি সুনক
ঋষি সুনক
ছাজ্জাদ হুছেইন
 
১০ ডাউনিং ষ্ট্ৰীটত ঋষি সুনকৰ কাৰ্যভাৰ গ্ৰহণ কৰাটো নিঃসন্দেহে আগন্তুক সময়ৰ বাবে এক ঐতিহাসিক ঘটনা। যিখন দেশে ঔপনিৱেশিক মালিকসকলক তেওঁৰ পূৰ্বপুৰুষৰ ওপৰত ৰাজত্ব কৰিবলৈ প্ৰেৰণ কৰিছিল, সেই দেশত ক্ষমতাৰ জখলাত উচ্চতম পৰ্যায়লৈ উঠি যোৱাটো সঁচাকৈয়ে অবিশ্বাস্য। এই ব্যাখ্যাবোৰ ঔপনিৱেশিক অতীত আৰু ইয়াৰ সাম্ৰাজ্যবাদী শ্ৰেষ্ঠত্বৰ জটিলতাৰ বাবেই উল্লেখযোগ্য যেন লাগে যিয়ে অনা ইউৰোপীয়সকলৰ প্ৰতি বৰ্ণবাদক প্ৰতিষ্ঠানিক কৰি তুলিছিল। 
 
 
ঔপনিবেশীকতাবাদৰ বেছিভাগেই এছিয়ান আৰু আফ্ৰিকানসকলক বনৰীয়া আৰু নিম্ন জাতিৰ বুলি গণ্য কৰি পদ বা প্ৰাধান্যৰ পদবীত অক্ষম বুলি গণ্য কৰিছিল। কিন্তু ঔপনিৱেশিকতাবাদক সমৰ্থন কৰা পশ্চিম ইউৰোপীয় দেশ সমুহত বিগত এশ বছৰৰ কালছোৱাত ঔপনিৱেশিক আখ্যানসমূহৰ নিৰ্গঠণৰ এক নিৰন্তৰ প্ৰক্ৰিয়া চলি আহিছে কাৰণ তেওঁলোকে নিজৰ উপনিবেশৰ পৰা মানুহক নিজৰ সমাজলৈ গ্ৰহণ কৰিছিল। অৱশ্যে সেয়া  ফৰাচী বিপ্লৱৰ পিছৰ পৰা আৰম্ভ হোৱা এক সমতাবাদী সমাজৰ বাবে নহয়, বৰং তেওঁলোকৰ ঔদ্যোগিক প্ৰয়োজনীয়তাক পূৰ কৰিবলৈহে  হৈছিল।  
 
পত্নী আৰু দুই কন্যাৰ সৈতে ঋষি সুনক
 
দ্বিতীয় বিশ্বযুদ্ধলৈকে সৰ্ববৃহৎ সাম্ৰাজ্যবাদী শক্তি হৈ থকা ব্ৰিটেইনত  ইয়াৰ ঔপনিৱেশিক ভাৰতীয়  (অবিভক্ত) প্ৰজাসকলৰ অৱদান অন ন্য আছিল। জাৰ্মান আৰু জাপানীসকলৰ বিৰুদ্ধে তেওঁলোকৰ যুদ্ধত ভাৰতীয়ৰ অৰিহণা অসাধাৰণ আছিল, যাৰ বাবে, হয়তো, দক্ষিণ এছিয়াৰ পৰা মানুহৰ আগমন আৰু বসতি বৃটেইনত স্থাপন হৈছিল  মাজে মাজে কিছু প্ৰতিৰোধ হৈছিল যদিও ইয়াকলৈ ডাঙৰ সমস্যাৰ সৃষ্টি হোৱা নাছিল।  যুদ্ধৰ পিছৰ পুনৰ্গঠনৰ প্ৰয়োজনীয়তাই দক্ষিণ এছিয়াৰ পৰা আৰু পিছলৈ কেৰিবিয়ানৰ পৰাও এক বিশাল কৰ্মশক্তিক চাৰ্চিল আৰু কিপলিংৰ দেশলৈ প্ৰব্ৰজন কৰিবলৈ সুবিধা দিছিল। ব্ৰিটেইনৰ ঔপনিৱেশিক বোজাই ইদি আমিনৰ বহিস্কৰণৰ চৰমসীমাৰ পৰিপ্ৰেক্ষিতত পূব আফ্ৰিকাৰ পৰা (উগাণ্ডা) দক্ষিণ এছিয়ানসকলক আদৰণি জনোৱাটো আৰু অধিক বাধ্যতামূলক কৰি তুলিছিল।  
 
প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ঋষি সুনক
 
ঋষি সুনকৰ পিতৃ-মাতৃ আছিল ১৯৬০ চনত ব্ৰিটেইনত অৱতৰণ কৰা ব্ৰিটিছ পূব আফ্ৰিকাৰ পৰা অহা ঔপনিবেশিক নাগৰিক।  এইদৰে সুনাকৰ আৰোহণে ইউৰোপীয় ঔপনিৱেশিকতাবাদৰ ইতিহাসৰ এক অনন্য গতিপথৰ এক আকৰ্ষণীয় সম্পূৰ্ণ বৃত্তৰ সম্পূৰ্ণ কৰিলে যিয়ে এনে এখন দেশত বৈচিত্ৰময় সমাজ গঠনত অৰিহণা যোগাইছে যিখন দেশ অন্যথা কেইশ বছৰ মানৰ আগতে অতি সমগোত্ৰীয় আছিল।  ইয়াৰ আগতে শেহতীয়াকৈ আমেৰিকাত, য'ত দাসত্ব আৰু বৰ্ণবাদী পৃথকীকৰণৰ সৈতে অধিক কঠোৰ সংঘৰ্ষৰ ইতিহাস আছিল যাৰ শিখৰত উপনীত হৈছিল  বাৰাক হুছেইন ওবামাই ৰাষ্ট্ৰপতি পদৰ প্ৰাইমাৰীত জয়লাভ কৰি আৰু পৰৱৰ্তী সময়ত হোৱাইট হাউছত প্ৰৱেশ কৰাৰ যোগেদি।  
 
ব্ৰিটেইনৰ শীৰ্ষ কাৰ্যবাহী পদলৈ ঋষি সুনকৰ উত্থানে দক্ষিণ এছিয়া আৰু আফ্ৰিকান-কেৰিবিয়ানসকলৰ অংশগ্ৰহণ আৰু দেশৰ ৰাজনৈতিক মূলসুঁতিৰ সৈতে একত্ৰীকৰণৰ শিখৰত উপনীত কৰোৱাইছে।  ঐতিহাসিকভাৱে দক্ষিণ এছিয়া আৰু আফ্ৰিকান-কেৰিবিয়ানসকলৰ ৰাজনৈতিক ক্ষেত্ৰত অংশগ্ৰহণক কেৱল লেবাৰ পাৰ্টি বা হুইগসকলেহে প্ৰতিনিধিত্ব কৰিছিল। দীৰ্ঘদিন ধৰি থেচাৰ যুগৰ পিছৰ পৰা আজি কিছু বছৰৰ আগলৈকে লেবাৰৰ এজন বিশিষ্ট সাংসদ কিথ ভাজে দক্ষিণ এছিয়াৰ লোকসকলৰ বিভিন্ন স্বাৰ্থ আৰু শংকাক প্ৰতিনিধিত্ব কৰিছিল। এডেনত জন্মগ্ৰহণ কৰা গোৱা মূলত এইজন ৰাজনীতিবিদ আছিল ৱেষ্টমিনিষ্টাৰত আটাইতকৈ বেছি দিন কাৰ্যনিৰ্বাহ কৰা দক্ষিণ এছিয়াৰ সাংসদ যিয়ে টনি ব্লেয়াৰৰ মন্ত্ৰীসভাৰো সদস্য আছিল। 
 
দৃতীয় বিশ্বযুদ্ধৰ সময়ৰ দৃশ্য
 
হাউছ অৱ লৰ্ডছত আছিল লৰ্ড স্বৰাজ পাল, লৰ্ড মেঘনাদ দেশাই, লৰ্ড “কাৰি কিং” নুন আদি ভাৰতীয় মূলৰ নেতা।  লেবাৰ পাৰ্টিয়ে পৰম্পৰাগতভাৱে পূৰ্বৰ কালৰে পৰাই প্ৰব্ৰজনকাৰীসকলক সহায় কৰিছিল আৰু নাগৰিক আৰু ৰাজনৈতিক ক্ষেত্ৰত তেওঁলোকক স্থান প্ৰদানৰ ক্ষেত্ৰত পথ প্ৰদৰ্শক আছিল।  গৰ্ডন ব্ৰাউনৰ মন্ত্ৰীসভাত মন্ত্ৰী হৈ থকা লেবাৰৰ সাংসদ ছাদিক খান বৰ্তমান লণ্ডনৰ মেয়ৰ।  কিন্তু ১৯৯০ চনৰ পৰা দক্ষিণ এছিয়ান আৰু আফ্ৰিকান-কেৰিবিয়ানসকলৰ অংশগ্ৰহণ কনজাৰ্ভেটিভ পাৰ্টিত আৰম্ভ হয়। এই সকল ব্ৰিটেইনৰ ৰাজহুৱা জীৱনৰ দ্বিতীয় আৰু তৃতীয় প্ৰজন্মৰ প্ৰবজনকাৰী যি ট’ৰী হিচাপে শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰিছিল।
 
এইদৰে ডেভিড কেমেৰুণৰ মন্ত্ৰীসভাত চ্যান্সেলৰ এক্সচেকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা ছাজিদ জাভিদ যি টেৰেছা মে’ৰ চৰকাৰত গৃহ সচিব আৰু বৰিছ জনছনৰ মন্ত্ৰালয়ত স্বাস্থ্য সচিব হিচাপে কাৰ্যভাৰ চলাইছিল, বৰিছ জনছনৰ মন্ত্ৰীসভাত গৃহ সচিব হিচাপে প্ৰীতি পেটেল, লিজ ট্ৰাছৰ চৰকাৰত আৰু এতিয়া  ঋষি সুনকৰ মন্ত্ৰীসভাত ছুৱেলা ব্ৰেভাৰমেন আদি বিয়াগোম দক্ষিণ এছিয় টৰী নেতা।
 
ভাতৰবর্ষত ইংৰাজৰ শাসনকালৰ দৃশ্য
 
ট’ৰীসকলৰ এই দক্ষিণ এছিয় মন্ত্ৰীসকলৰ এটা বৈশিষ্ট্য হ’ল তেওঁলোকে পৰম্পৰাগত ৰক্ষণশীল ব্ৰিটিছ মূল্যবোধ আৰু বৈদেশিক পৰিক্ৰমা নীতিৰ প্ৰতি নীতিগতভাবে দায়বদ্ধ। উদাহৰণস্বৰূপে, লেবাৰ পাৰ্টি, যিয়ে পৰম্পৰাগতভাৱে প্ৰব্ৰজনৰ ওপৰত নৰম সীমান্ত নীতি গ্ৰহণ কৰে—যিটোক ব্ৰিটেইনৰ প্ৰায়বোৰ সম্ভাব্য প্ৰব্ৰজনকাৰী আৰু ৱৰ্ক পাৰ্মিট ধাৰীসকলে আশাকৰে।  কিন্তু একেটা বিষয়তে ট’ৰীসকলে সদায় অতি ৰক্ষণশীল স্থিতি গ্ৰহণ কৰে।  ইয়াৰ ফলত প্ৰীতি পেটেল আৰু ছুয়েলা ব্ৰেভাৰমেনৰ দৰে দক্ষিণ এছিয়াৰ ট’ৰী মন্ত্ৰীয়ে প্ৰব্ৰজনৰ ক্ষেত্ৰত অতি কঠোৰ স্থিতি লোৱা দেখা গৈছে—যিটোৱে উদাৰবাদীসকলৰ বাবে বহুখিনি অসন্তুষ্টিৰ সৃষ্টি কৰিছে।  
 
উদাহৰণস্বৰূপে, ছাজিদ জাভিদেও ২০১৫ চনত আইছিছৰ হৈ যুঁজিবলৈ ছিৰিয়াত প্ৰৱেশ কৰা ব্ৰিটিছ কিশোৰী ছামিনা বেগমৰ প্ৰতি কঠোৰ নীতি গ্ৰহণ কৰিছিল আৰু ২০১৯ চনত গৃহ সচিব হিচাপে তেওঁ ছামিনাৰ ব্ৰিটিছ নাগৰিকত্ব বাতিল কৰিছিল।  জাভিদ ৰাজনৈতিক চিন্তাধাৰাতো ইজৰাইলৰ অতি সমৰ্থক বুলি জনা যায়।  এনে বহু জনগোষ্ঠীয় দক্ষিণ এছিয়াৰ ব্ৰিটিছ ৰাজনীতিবিদৰ ৰক্ষণশীল চৰিত্ৰ জৰ্জ গেলোৱে'  আৰু ৰবিন কুকৰ দৰে উদাৰপন্থী ব্ৰিটিছ ৰাজনীতিবিদতকৈ বহু বেছি শক্তিশালী। ঋষি সুনকৰ প্ৰধানমন্ত্ৰী পদলৈ উন্নীতকৰণে ভাৰতৰ বাবে কিছুমান বিশেষ অনুগ্ৰহ আনিব আৰু আৰ্থিক আৰু কৌশলগত দুয়োটা দিশতে নতুন দিল্লীক লাভৱান কৰিব--তেনে হ'ব বুলি আমি ইমান উল্লাসিত হোৱাৰ ভিত্তি নায়। ঋষি সুনকে নাটোৰ প্ৰতি ব্ৰিটেইনৰ পৰম্পৰাগত প্ৰতিশ্ৰুতি মানি চলাৰ লগতে ভাৰত আৰু পাকিস্তানৰ বিষয়ত বৈদেশিক পৰিক্ৰমাৰ ক্ষেত্ৰত একেটা নীতি বজাই ৰাখিব।
 
মন্দিৰত সেৱা লৈ থকা মুহূৰ্তত ঋষি সুনক
 
ধৰ্মীয় সংখ্যালঘু ব্যক্তি বৃটেইনৰ প্ৰধান মন্ত্ৰী হোৱা ঋষি সুনকেই প্ৰথম ব্যক্তি নহয়। বৃটিছ সাম্ৰাজ্যবাদৰ শিখৰ পৰ্য্যায়ৰ ভিক্ত'ৰীয়া যুগত দুবাৰকৈ প্ৰধানমন্ত্ৰী হোৱা বেঞ্জামিন ডিইজৰাইলী ইহুদিমূলৰ আছিল।
 
ঋষি সুনক ব্ৰিটিছ প্ৰধানমন্ত্ৰী হোৱাটো আকস্মিক ঘটনা। বৰিছ জনছনৰ অধীনত ২০১৯ চনৰ ডিচেম্বৰ মাহত নিৰ্বাচনী জয়ৰ পিছত ট’ৰীয়ে হাউছ অৱ কমনছত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল।  কিন্তু কভিদ নিষেধাজ্ঞাৰ সময়ত বৰিছ জনছনৰ বিৰুদ্ধে বেছিভাগ অভিযোগ উত্থাপন হোৱা আৰু তেওঁৰ উত্তাল জীৱনশৈলীয়ে যোৱা কেইমাহমানৰ পৰা তেওঁৰ ভাবমূর্তি ক্ষয় কৰি আহিছে৷ তেতিয়াৰ পৰাই সদনত সংখ্যাগৰিষ্ঠতা থাকিলেও ট’ৰীসকলে নেতৃত্বৰ প্ৰশ্নৰ সৈতে যুঁজি আছে আৰু এইবোৰে বৰিছ জনছনক ইতিমধ্যে পদত্যাগৰ দুৱাৰ দেখুৱাই দিলে।  লিজ ট্ৰাছ নেতৃত্বৰত এই টৰী নেতৃত্বৰ শূন্যতাৰ ক্ষতিপূৰণ দিবলৈ এটা প্ৰচেষ্টা কৰা হৈছিল যদিও সেইটোও বিভিন্ন সমস্যাৰ বাবে ব্যৰ্থ হৈ পৰিছিল। এনে পৰিবেশতহে ঋষি সুনক টৰীৰ পৰৱৰ্তী পছন্দ হিচাপে আত্মপ্ৰকাশ কৰিছিল। 
 
সেয়েহে এইটো বৰাক ওবামা, ববি জিণ্ডাল বা কমলা হেৰিছৰ দৰে কৃতিত্ব নহয় যি সকলে নিজৰ দলৰ মনোনয়ন লাভ কৰিছিল আৰু পোনপটীয়াকৈ নিৰ্বাচনত জয়ী হৈছিল।  যি কি নহওক সুনকৰ আটাইতকৈ ধনী সাংসদ হিচাপে থকা স্থিতি, ব্যৱসায়িক খণ্ডত তেওঁৰ অভিজ্ঞতা, ক’ভিদ মহামাৰীৰ সময়ত চ্যান্সেলৰ এক্সচেকাৰ হিচাপে অৰ্থনীতি চম্ভালিব পৰাটো তেওঁৰ কিছুমান গুণ আদিবোৰে শীৰ্ষ পদৰ বাবে তেওঁৰ যোগ্যতাক প্ৰমান কৰিছে। 
প্ৰধান মন্ত্ৰীলৈ তেওঁৰ এই উত্তৰণক শীতল যুদ্ধৰ অন্ত পৰাৰ পিছত যোৱা দুটামান দশকত পশ্চিমীয়া গণতন্ত্ৰসমূহে আকোৱালি লৈ অহা বৈচিত্ৰ্য আৰু অন্তৰ্ভুক্ততাক নিশ্চিত কৰিছে।  ২০১৭ চনত আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী হোৱা এজন  ভাৰতীয়মূলৰ লিঅ’ ভাৰাডকাৰ ২০২০ চনলৈকে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।কিন্তু এই খবৰটোৱে ভাৰতৰ প্ৰতি কোনো আগ্ৰহৰ সৃষ্টি কৰা নাছিল। হয়তো তেওঁৰ লিংগ অভিমুখৰ বাবেই ভাৰাডকাৰে এনে গুৰুত্ব ভাৰতত পোৱা নাছিল। শেহতীয়াকৈ ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰীষ্টাৰছনে ইৰাণীয় মূলৰ ২৬ বছৰীয়া জলবায়ু কৰ্মী ৰোমিনা পুৰমুখতাৰীক নিযুক্তি দিছে।
 
একেদৰে ফ্ৰান্স, জাৰ্মানী, নেদাৰলেণ্ড আৰু ইউৰোপৰ বহু দেশত গুৰুত্বপূৰ্ণ চৰকাৰী পদত আৰব, তুৰ্কী আৰু আফ্ৰিকান মূলৰ লোকসকলে অংশ গ্ৰহণ কৰি আহিছে। এই সকলোবোৰে বৰ্তমানে বিভিন্ন প্ৰত্যাহ্বান আৰু শংকাৰ সন্মুখিন হোৱা গণতন্ত্ৰসমুহলৈ এক শক্তিশালী সংকেত প্ৰেৰণ কৰিছে—অৰ্থাৎ বৈচিত্ৰ আৰু অন্তৰ্ভুক্তিয়ে জাতিসমূহক বৰ্তাই ৰাখিব পাৰে। ঋষি সুনকৰ উত্তৰণে এই গুৰুত্বপূৰ্ণ ব্যৱস্থাটোক নবীকৰণ কৰিছে।
 
(লেখক এজন স্তম্ভলেখক তথা উত্তৰ লখিমপুৰৰ লখিমপুৰ কমাৰ্চ কলেজত ইংৰাজীৰ শিক্ষক, তেওঁ প্ৰকাশ কৰা মতামত একান্ত ব্যক্তিগত)