পবিত্ৰ কাবা শ্বৰীফৰ সৈতে মিল থকা বৃহৎ অট্টালিকাৰ পৰিকল্পনা কৰি বিশ্বৰ মুছলমান সমাজৰ ৰোষত ছৌদি আৰৱ চৰকাৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
পবিত্ৰ কাবা শ্বৰীফ
পবিত্ৰ কাবা শ্বৰীফ
 
আছাদ মিৰ্জা/নতুন দিল্লী
 
ছৌদি আৰৱত ৰাজধানী ৰিয়াদত এটা বৃহৎ ঘনক আকৃতিৰ অট্টালিকা গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। এই ঘনক আকৃতিৰ অট্টালিকাটোৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ কাবা শ্বৰীফৰ সৈতে মিল থকা বুলি ছ’চিয়েল মিডিয়াত বিশ্বৰ এক বৃহৎসংখ্যক মুছলমানে বিৰোধিতা কৰা পৰিলক্ষিত হৈছে। 
 
ছৌদি আৰৱৰ ৰাজকুমাৰ মহম্মদ বিন ছালমানে যোৱা সপ্তাহত মুৰাব্বা উন্নয়ন কোম্পানী নামৰ এটা প্ৰতিষ্ঠান মুকলি কৰাৰ কথা ঘোষণা কৰে। এই নতুন কোম্পানীটোৱে ৰাজধানী ৰিয়াদত ১৯ বৰ্গ কিলোমিটাৰ জোৰা এখন নতুন ব্যৱসায়িক আৰু পৰ্যটন কেন্দ্ৰ গঢ়ি তোলাৰ সকলো দায়িত্ব পালন কৰিব। 
 
ৰিয়াদত গঢ়ি তুলিব বিচৰা ঘনক আকৃতিৰ অট্টালিকাৰ প্ৰতিনিধিত্বমূলক ছবি
 
কৰ্তৃপক্ষই দাবী কৰে যে এই নতুন প্ৰকল্পটো পৰিৱেশ আৰু প্ৰকৃতিৰ বহনক্ষমতাৰ প্ৰতি লক্ষ্য ৰাখি পৰিকল্পনা কৰা হৈছে। প্ৰকল্পটোত সেউজীয়া স্থান, খোজ কঢ়া আৰু চাইকেল চলোৱাৰ পথ আদি অন্তৰ্ভুক্ত কৰা হ’ব, যাতে সক্ৰিয়, সুস্থ জীৱন আৰু সামাজিক পাৰস্পৰিক ক্ৰিয়া-কলাপক উৎসাহিত কৰি জীৱন ধৰণৰ মান উন্নত কৰিব পৰা যায়।
 
মুকাব কি?
 
প্ৰকল্পটোক মূলতে মুকাব নামেৰে জনা যাব। এই বিশাল ঘনক আকৃতিৰ অট্টালিকাটো ৰিয়াদৰ আধুনিক ভৱিষ্যতৰ পৰিচয় হিচাপে চিহ্নিত হ’ব। সমালোচকসকলে কয় যে ই আনকি নতুন চৌদি আৰৱৰ পৰিচয় হ’ব পাৰে, আৰু ই চৰকাৰৰ ৰাজভৰাল চহকী কৰিব পাৰে। পেট্ৰলিয়ামতকৈ অধিক পৰ্যটনে ৰাজহ সংগ্ৰহ কৰিব পাৰে। বৰ্তমান সময়ত ঘনক আকৃতিৰ অট্টালিকাটোত ১ লাখ আৱাসিক ইউনিটৰ লগতে ৯ হাজাৰ হোটেলৰ কোঠাৰ পৰিকল্পনা কৰা হৈছে।
 
ইয়াৰ উপৰিও ইয়াত ৮০ টাতকৈও অধিক মনোৰঞ্জন আৰু সাংস্কৃতিক স্থানো থাকিব। এটা প্ৰখ্যাত সংগ্ৰহালয়,প্ৰযুক্তি আৰু ডিজাইন, বিশ্ববিদ্যালয়ৰ বাবে এটা কেম্পাছ ৰখাৰো পৰিকল্পনা কৰা হৈছে। ১৯ কিলোমিটাৰ আৱৰি থকা এই ঠাইত হাজাৰ হাজাৰ লোক থাকিব পাৰিব। ২৫ মিলিয়ন বৰ্গমিটাৰ এলেকাত ১,০৪,০০০ আৱাসিক ইউনিট, ৯,০০০ হোটেলৰ কোঠা আৰু ৬ লাখ ২০ হাজাৰ বৰ্গমিটাৰ এলেকা অৱসৰ বিনোদনৰ বাবে স্থান থাকিব। এই প্ৰকল্পটোৰ ভিতৰত অতিৰিক্ত ৯ লাখ ৮০ হাজাৰ বৰ্গমিটাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে আৰু ১৮ লাখ বৰ্গমিটাৰৰ বিনোদনমূলক সুবিধাসমূহৰ বাবে ৰখা হ’ব।
 
মক্কাৰ প্ৰতিনিধিত্বমূলক ছবি
 
উল্লেখ্য যে, নিউয়ৰ্ক চহৰৰ এম্পায়াৰ ষ্টেট বিল্ডিংতকৈ ২০ গুণ ডাঙৰ হ’ব এই অট্টালিকাটো। গ্ৰাহক  আৰু ব্যৱসায়িক প্ৰতিস্থাপনৰ  স্বত্বাধিকাৰীসকলৰ বাবে সকলো বস্তু এঠাইতে উপলব্ধ হ'ব, য’ত ৯ লাখ ৮০ হাজাৰ বৰ্গমিটাৰতকৈ অধিক খুচুৰা দোকান আৰু ১৪ লাখ বৰ্গমিটাৰ কাৰ্যালয়ৰ স্থান থাকিব।
 
মুকাবৰ মূল গঠনটো হ’ব এট্ৰিয়াম(এটা বিশাল প্ৰেক্ষাগৃহ)। ইয়াৰ ভিতৰত পৰ্য্যাপ্ত পৰিমাণৰ প্ৰাকৃতিক পোহৰ পৰিব আৰু গছ-গছনিও ৰোপণ কৰিব পাৰিব। ছৌদি আৰৱ চৰকাৰে প্ৰতিশ্ৰুতি দিছে এই অট্টালিকাই পৰ্যটকক এখন বেলেগ পৃথিৱীলৈ লৈ যাব। ই সম্পূৰ্ণৰূপে ডিজিটেল, ভাৰ্চুৱেল, আৰু হ’ল’গ্ৰাফিক প্ৰযুক্তিৰ দ্বাৰা পৰিচালিত হ'ব।
 
শেহতীয়া বছৰবোৰত ছৌদি আৰৱৰ খাৰুৱা তেলৰ প্ৰাচুৰ্য্যৰ বাবে চৰকাৰখনে বহু নতুন আৰু ব্যতিক্ৰমী প্ৰকল্প কাৰ্যকৰী কৰিব পাৰিছে । ২০২১ চনত ৰাজকুমাৰ মহম্মদ বিন ছালমানে ছৌদি আৰৱৰ উত্তৰ-পশ্চিমে ৫০০ বিলিয়ন ডলাৰৰ ভৱিষ্যতৰ নিঅ'ম চহৰৰ ঘোষণা কৰিছিল। এই ভৱিষ্যতৰ নিঅ'ম চিটিৰ প্ৰকল্পত ৰবটৰ দ্বাৰা পৰিচালিত কৰ্মী, উৰণীয়া টেক্সি আৰু এটা বিশাল কৃত্ৰিম চন্দ্ৰৰ পৰিকল্পনা কৰা হৈছে। যোৱা বছৰ মহম্মদ বিল ছালমানে এখন বিশাল লাইনাৰ চহৰ উন্মোচন কৰিছিল। এই ৰেখা সদৃশ চহৰখনে ১০৬ মাইল দূৰত্ব সাঙুৰি ল’ব আৰু ৯০ লাখ লোকে ইয়াত আশ্ৰয় গ্ৰহণ কৰিব পাৰিব। এক ট্ৰিলিয়ন-ডলাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া প্ৰকল্পটো মূলতঃ সম্পূৰ্ণ হোৱাৰ পিছত মৰুভূমিৰ মাজত এখন নিজস্ব বিশাল চহৰত পৰিণত হ’ব।
 
এটা নতুন কাবা ?
 
কৰ্তৃপক্ষই দাবী কৰিছে যে এই প্ৰকল্পটোৱে ছৌদি অৰ্থনীতিক ১৮০ বিলিয়ন ৰিয়ালেৰে (৪৮ বিএন) সমৃদ্ধ  কৰিব আৰু ৩ লাখ ৩৪ হাজাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ চাকৰিৰ সৃষ্টি কৰিব। কিন্তু এই বিশাল প্ৰকল্পৰ মুঠ খৰচৰ কথা এতিয়াও উল্লেখ কৰা হোৱা নাই।
 
প্ৰতিনিধিত্বমূলক ছবি
 
ছৌদি আৰৱৰ এই বিশাল আৰু অভিলাসী প্ৰকল্পটোৰ ৰূপৰেখা ছোচিয়েল মিডিয়াত গোটেই বিশ্বৰ মুছলমানে উপহাস কৰিছে। কিয়নো ইয়াৰ আকৃতি আৰু গঠন পবিত্ৰ কাবা শ্বৰীফৰ সৈতে মিল আছে। উল্লেখ্য যে, সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বীসকলে যুগ যুগ ধৰি মক্কাৰ কাবা শ্বৰীফৰ পিনে মুখ কৰি নামাজ পঢ়ি আহিছে আৰু লগতে হজ তথা উমৰাহ হজযাত্ৰাৰ সময়ত পবিত্ৰ কাবা শ্বৰীফৰ চাৰিওফালে ঘূৰি হজৰ নিয়মসমূহ পালন কৰে।
 
যদিও চৌদি আৰৱৰ ধৰ্মগুৰুসকলেও এই প্ৰকল্পটোক সমালোচনা কৰিব বুলি আশা কৰা হৈছিল, কিন্তু তেওঁলোকে তেনে কৰা দেখিবলৈ পোৱা নাই। কাৰণ তেওঁলোকে শাসক পক্ষৰ বিৰুদ্ধে মুকলিকৈ মাত মাতিব খোজা নাই। যাৰ ফলত মুক্তভাৱে প্ৰতিবাদ কৰা আৰু প্ৰকাশভংগী দেখুওৱাৰ পৰা তেওঁলোক বিৰত আছে। 
 
এই প্ৰকল্পটোৱে ভাৰতীয় মুছলমানসকলৰ মাজতো বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অল ইণ্ডিয়া শ্বিয়া পাৰ্ছনেল ল’ ব’ৰ্ডে এই প্ৰকল্পক নিন্দা কৰিছে। এটা বিবৃতিত মৌলানা বোৰ্ডৰ সাধাৰণ সম্পাদক মৌলানা য়াছুব আব্বাছে কয় যে ছৌদি চৰকাৰে সমগ্ৰ বিশ্বৰ মুছলমানৰ ধৰ্মীয় আৱেগক গভীৰভাৱে আঘাত কৰিছে। তেওঁলোকে যিটো ঘনক আকৃতিৰ অট্টালিকা নিৰ্মাণ কৰিবলৈ ওলাইছে, সেইটো ইছলামৰ আটাইতকৈ পবিত্ৰ স্থান কাবা শ্বৰীফৰ সৈতে মিল আছে। মৌলানা আব্বাছে কয় যে এই প্ৰকল্পৰ বিৰোধিতা কৰিবলৈ এক বৃহৎ আন্দোলন আৰম্ভ কৰা হ’ব। ৫ মাৰ্চত লক্ষ্ণৌৰ ইমাম্বাৰাত প্ৰথম প্ৰতিবাদ কাৰ্যসূচী অনুষ্ঠিত হ’ব।
 
এই নতুন উন্নয়নমূলক চিন্তা কিয় ?
 
চৌদি আৰৱে খাৰুৱা তেল কেন্দ্ৰিক ৰক্ষণশীল অৰ্থনীতিৰ পৰা নিজকে উলিয়াই আনিব বিচাৰিছে আৰু সেয়ে বৰ্তমানৰ চৰকাৰখনে বহু ধৰণৰ ব্যৱসায়িক আৰু পৰ্যটন ক্ষেত্ৰৰ অভিলাষী প্রকল্প আৰম্ভ কৰিছে। 
 
ৰিয়াদ চহৰ
 
ইয়াৰ উপৰিও ছৌদি আৰৱে তেওঁলোকৰ ওচৰ চুবুৰীয়া দেশ ডুবাই আৰু কাটাৰৰ ৰাজধানী ডোহাৰ পৰা যথেষ্ট অৰ্থনৈতিক প্ৰত্যাহ্বান লাভ কৰিছে। ডুবাই আৰু ডোহাই শেহতীয়া দশকবোৰত বহুতো পৰ্যটক আৰু বিনিয়োগকাৰীক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। অহা এটা দশকত ছৌদি আৰৱে দেশখনৰ ৰাজধানীৰ আকাৰ দুগুণ বৃদ্ধি কৰাৰ লগতে অঞ্চলটোক সাংস্কৃতিক আৰু অৰ্থনৈতিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিবলৈ এক ৮০০ বিলিয়ন ডলাৰৰ পৰিকল্পনা যুগুত কৰিছে বুলি ছৌদি সংবাদ মাধ্যমে ইতিমধ্যে প্ৰকাশ কৰিছে।
 
বছৰ বছৰ ধৰি অৰ্থনৈতিক উত্থান আৰু মৰুভূমিৰ দেশৰ পৰা এখন আধুনিক উন্নয়নশীল দেশলৈ ৰূপান্তৰিত হোৱা ছৌদি আৰৱৰ মূল অৰ্থনৈতিক ভেটি গঢ়ি লৈ উঠিছিল পেট্ৰলিয়াম উদ্যোগৰ ওপৰত ভিত্তি কৰি।  ইয়াৰ উপৰিও চৌদি আৰৱে উমৰাহ আৰু হজযাত্ৰাৰ জৰিয়তে কোটি কোটি ৰাজহ লাভ কৰে। শেহতীয়া বছৰবোৰত ই দেশখনলৈ অধিক পৰ্যটকক আকৰ্ষিত কৰিবলৈ ছৌদি আৰৱ চৰকাৰে হজযাত্ৰীসকলৰ সৈতে যথেষ্ট বন্ধুত্বমূলক আঁচৰণ কৰি আহিছে। কৌশল হিচাপে বছৰেকীয়া হজযাত্ৰাতকৈ ছৌদি আৰৱ চৰকাৰে উমৰাহ হজযাত্ৰাক যথেষ্ট গুৰুত্ব আৰু  প্ৰচাৰ কৰিছে। বহু সমালোচকে বৰ্তমানৰ ৰজা মহম্মদ বিন ছালমানৰ নীতি আৰু পৰিকল্পনাক ইছলাম-বিৰোধী বুলি ক’ব খোজে। 

(আছাদ মিৰ্জা নতুন দিল্লীস্থিত এগৰাকী ৰাজনৈতিক বিশ্লেষক)