সৃষ্টিৰ নিখুঁত-নিৰ্ভেজাল আকৰগৰাকী

Story by  atv | Posted by  Munni Begum • 2 Months ago
ডঃ ভবেন্দ্ৰ নাথ শইকীয়া
ডঃ ভবেন্দ্ৰ নাথ শইকীয়া
 
মামণি শৰ্মা
 
"ক'ৰ এজাক সপোন যেন বৰষুণ/ ক'ৰ এজাক সপোন যেন বৰষুণ/ ধূলিৰ উৰণি থেলি ভাহি আহে/ ভাহি আহে/ ধূলিৰ উৰণি থেলি ভাহি আহে/ ভাহি আহে/ কোমল মাটিৰ গান/ গুণ গুণ গুণ/ কোমল মাটিৰ গান/ গুণ গুণ গুণ/ এজাক সপোন যেন বৰষুণ/ ক’ৰ এজাক সপোন যেন বৰষুণ......।" 
 
এই এটি মাত্ৰ গীতেৰেই অনুৰাগীৰ মন আহ্লাদিত কৰি তোলা গীতিকাৰ গৰাকীয়েই সময়-প্ৰতিসময় অসমীয়াক গৌৰৱান্বিত কৰি তুলিছে। এগৰাকী সম্পূৰ্ণ অৰ্থত নিখুঁত ব্যক্তি…! যি ব্যক্তিৰ প্ৰতিটো সৃষ্টিৰ অনন্য সোৱাদ ভোগ কৰি আছে অসমীয়াই। এগৰাকী সফল শিক্ষক, ছবি পৰিচালক, নাট্যকাৰ, গল্পকাৰ, ঔপন্যাসিক, কবি-গীতিকাৰ, সম্পাদক, শিশু সাহিত্যিক তথা সময় সচেতনতাৰ এক নিৰ্ভেজাল আকৰৰ ৰূপতেই পোৱা যায় সেই মহীৰুহক। সৃষ্টিকাৰ্যৰ প্ৰতিটো ঢাপ নিয়াৰিকৈ সম্পাদন কৰিয়েই তেখেত হৈ পৰিছিল এগৰাকী নিখুঁত ব্যক্তি। যিগৰাকী ব্যক্তিৰ ঋণ অসমীয়াই কোনোকালেই পাহৰিব নোৱাৰে আৰু নাপাহৰেও।
 
চলচ্চিত্ৰৰ শ্বুটিঙৰ সময়ত পৰিচালক ভবেন্দ্ৰ নাথ শইকীয়া
 
হয় পাঠক বন্ধু, মই ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ কথাই কৈছোঁ। ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীৰ দিনাখন তেনেই সাধাৰণ এটি পৰিয়ালত জন্ম লাভ কৰা এইগৰাকী মহীৰুহৰ পিতৃ আছিল বিদুৰ শইকীয়া আৰু মাতৃ চম্পাবালা শইকীয়া। তাহানিৰ নগাঁও গৱৰ্ণমেণ্ট হাইস্কুলৰ ছাত্ৰ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰক জানিব পাৰি দুভৰিৰ যাদু দেখুওৱা ফুটবলৰ প্ৰেমত বলিয়া হৈ ফৌজদাৰীপট্টিত ফুটবল দল গঠন কৰাৰ কথা, সেই দলৰ দলপতি হোৱাৰ কথা, স্কুলত আলোচনী উলিয়াবলৈ আগভাগ লোৱাৰ কথা আৰু তাৰ বাবে গল্প লেখিবলৈ উদগ্ৰীৱ হৈ পৰাৰ কথা। স্মৃতিকথাত এয়া ডঃ শইকীয়া ছাৰে উল্লেখ কৰাৰ লগতে উল্লেখ কৰিছিল গান গোৱাৰ কথাও। শৈশৱত গান গাই ভাল পোৱা ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ কাপেৰেই পিছলৈ সৃষ্টি হৈছিল "ক'ৰ এজাক সপোন যেন বৰষুণ..."। যি সৃষ্টিৰ সোৱাদত আহ্লাদিত প্ৰতি অসমীয়া। 
 
অসমীয়া সাহিত্যৰ দুই কৃতবিদ্য ব্যক্তি ডঃ ভবেন্দ্ৰ নাথ শইকীয়া আৰু ডঃ লক্ষ্মী নন্দন বৰা আছিল নগাঁও গৱৰ্ণমেণ্ট হাইস্কুলৰ তাহানিৰ সফল ছাত্র যুতি। যি যুতিয়ে চল্লিশৰ দশকৰ স্কুলীয়া দিনতেই অভিনয় জগতত ভৰি দি জলমলাই উঠে সন্মানীয় অসমীয়াৰ ৰূপত। একাঙ্ক নাট ৰচনাৰে নাট্য জগতত ভৰি থোৱা ডঃ ভবেন্দ্ৰ নাথ শইকীয়াই পোহৰ বিলাই মানুহৰ মন মন্দিৰত ৰৈ যায় অনাতাঁৰ তথা ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাট ৰচি। সমাজৰ সৰু সৰু কথাবোৰকেই অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি নাট্যৰূপ দিয়াত সিদ্ধহস্ত আছিল ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰ। 
 
সূক্ষ্মভাৱে নিৰীক্ষণ কৰি কথাৰ মালা গাঠি সৃষ্টিৰ কষটি শিলত কাটি কুটি নিৰ্ভেজাল ৰূপ দিয়াত নিখুঁত খনিকৰ আছিল ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰ। প্ৰয়াত নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰদেৱে কৈ গৈছে "যিসকলে অসমত একাঙ্ক নাটকৰ ভেটি বান্ধিছিল সেইসকলৰ অন্যতম অগ্ৰণী আছিল ডঃ ভবেন্দ্ৰ নাথ শইকীয়া।" 
 
ভাৰতৰ প্ৰক্তন ৰাষ্ট্ৰপতিৰ পৰা ভবেন্দ্ৰ নাথ শইকীয়াই বঁটা গ্ৰহণ কৰাৰ এক দৃশ্য
 
একাঙ্ক নাট জনপ্ৰিয় কৰাত পাকৈত খনিকৰ গৰাকীয়ে যেন একেই ভূমিকা ললে অনাতাঁৰ নাট জনপ্ৰিয় কৰাতো। এই এটি মাত্ৰ নাম.... যি নামে সাধাৰণতকৈও সাধাৰণ মানুহক ক্ৰমশঃ ওচৰ চপাই আনিছিল অনাতাঁৰ নাট শুনিবলৈ। জুম বান্ধি মাজত ৰেডিঅ'টি লৈ নাট শুনাৰ পৰিৱেশটো সম্ভৱ হৈছিল একমাত্ৰ ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ বাবেহে। যি কথা হয়তো কোনেও অস্বীকাৰ কৰিব নোৱাৰে। এজাক জোনাকীৰ জিলমিল, জোনাকীৰ বিয়া, জোনাকী বোৱাৰী হ'ল, শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট, দেউতা, আগন্তুক আদি ধাৰাবাহিক অনাতাঁৰ নাটৰ জনপ্ৰিয়তাক চেৰ পেলাব পৰা নাট নাই বুলিবই পাৰি। 
 
অসমৰ ভ্ৰাম্যমাণ নাট্য জগতৰ বাবে এক সোণালী সময়....যি সময় চহকী কৰি গৈছে ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ নাট্যকাৰ ৰূপটোৱে। "ৰামধেনু" ৰ ৰঙৰ মেলা পাতি ভ্ৰাম্যমাণ নাট্যজগতৰত বিচৰণ কৰা ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ অদমনীয় উপস্থিতি নাট্যপ্ৰেমীৰ বাবে যেন এক সুকীয়া সোৱাদ। দীনবন্ধু, নীলকণ্ঠ, অমৃত সন্ধান, স্বৰ্গৰ দুৱাৰ, স্বৰ্ণজয়ন্তী, সমুদ্ৰ মন্থন, শতাব্দী আদি বহুল সমাদৃত জনপ্ৰিয় নাট... যি নাট বাদ দি যেন এক অসম্পূৰ্ণ নাটকীয় সময়...নাটকীয় কণ্ঠ। ভ্ৰাম্যমাণ নাট্য দল "আৱাহন"ৰ প্ৰযোজক কৃষ্ণ ৰয়ে যি দূৰদৰ্শী চিন্তাৰে দৰ্শকৰ সৈতে ডঃ ভবেন্দ্ৰ নাথ শইকীয়া নামৰ নাট্যকাৰ গৰাকীৰ সংযোগ কৰাই দিলে, সেয়া যুগে যুগে ৰৈ যাব প্ৰতিজন নাট্যপ্ৰেমীৰ অন্তৰে অন্তৰে। কোনোখন নাটে যদি কৰিছিল দুৰ্নীতিৰ বিৰুদ্ধে সবল প্ৰতিবাদ, কোনোখন নাটে আকৌ সমাজ সচেতনতাকেই প্ৰধান উপজীৱ্য ৰূপে লৈছিল। 
 
মনৰ মাজত বিচৰণ কৰি থকা কথাসমূহ অসমীয়া সমাজৰ মাজত দাঙি ধৰিবলৈ যেন তেখেতে চৰিত্ৰসমূহকেই সম্বল কৰি লৈছিল আৰু ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি এগৰাকী নিখুঁত খনিকৰ ৰূপে অৱতীৰ্ণ হৈ ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰে সফলতাৰে সম্পন্ন কৰিছিল সমাজৰ প্ৰতি থকা সেই মহান কৰ্তব্য। নাটকক জনমুখি কৰা নিখুঁত খনিকৰ গৰাকী যে ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰ সেয়া হয়তো কোনেও অস্বীকাৰ কৰিব নোৱাৰে। সাহিত্যধৰ্মী তথা চুটি চুটি সংলাপেৰে চৰিত্ৰসমূহ কৰি তুলিছিল আকৰ্ষণীয়তকৈও আকৰ্ষণীয়। ক্ৰমশঃ নাটকৰ পৰা চলচ্চিত্ৰলৈ গতি কৰা ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ চলচ্চিত্ৰত প্ৰাণ পাই উঠে জীৱনমুখী ধাৰাই।
 
ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ কেইখনমান গ্ৰন্থৰ বেটুপাত
 
চিৰিয়াছ ছবি "সন্ধ্যাৰাগ"ৰ জৰিয়তে সবল আত্মপ্ৰকাশ কৰে ভাৰতীয় চলচ্চিত্ৰ জগতত। লঘু বিনোদনধৰ্মী চলচ্চিত্ৰৰ পৰা আঁতৰি আহি যেন তেখেতে নিজস্ব ধাৰাৰে চলচ্চিত্ৰ ভাষা উদ্ভাৱন কৰিবলৈ চেষ্টা কৰিছিল। অনিৰ্বাণ, কোলাহল, অগ্নিস্নান, সাৰথি, ইতিহাস, কালসন্ধ্যাকে আদি কৰি প্ৰতিখন ছবিতে সমাজৰ ভিন্ন ৰূপ কলাত্মক ৰূপত দাঙি ধৰিছে। চলচ্চিত্ৰ সমালোচক অপূৰ্ব শৰ্মাই "সন্ধ্যাৰাগ"ক ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ চুটিগল্প "বানপ্ৰস্থ" ৰ ফটোগ্ৰাফিক ৰূপ বুলি অভিহিত কৰিছে।
 
চিন্তা সৰ্বস্ব সমাজৰ ভিন্ন ৰূপত মনোনিবেশ কৰাতেই আৱদ্ধ নাথাকি শিশুৰ মনস্তত্বতো ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰে যিদৰে বিচৰণ কৰে সেয়ানো কোন অসমীয়াই উলাই কৰিব পাৰে। শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট, মহাদুষ্টৰ দুষ্ট বুদ্ধি, তোমালোকৰ ভাল হওক, মৰমৰ দেউতা আদি কিতাপৰ সোৱাদ নোলোৱা পঢ়ুৱৈ হয়তো নোলাব। শিশু মনস্তত্বত বিচৰণ কৰিয়েই তেখেতে আৰম্ভ কৰিছিল "সঁফুৰা" আলোচনী। যি আলোচনীৰ সোৱাদ গুণগ্ৰাহীজনে আজিলৈকে পান কৰি আছে। "সঁফুৰা" আলোচনীৰ পৰা "প্ৰান্তিক" আলোচনীলৈ ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰ যেন সদায়েই অনন্য সম্পাদক। "প্ৰান্তিক"ৰ জৰিয়তেই যেন তেখেতে সাংবাদিকতাৰ জগতখনকো এক ন ৰূপ দিয়ে। পঢ়ুৱৈ সমাজেও পাইছিল এক অনন্য সোৱাদ। 
 
শিশুপ্ৰিয় ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰে আৰম্ভ কৰিছিল তেখেতৰ সপোনৰ প্ৰকল্প "আৰোহণ"। যি "আৰোহণ"ৰ জৰিয়তে আৰ্থিকভাৱে পিছপৰা ছাত্র-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে ভিন্নধৰ্মী সহ পাঠ্যক্ৰমত। চিৰিয়াছ ধৰ্মী সৃষ্টিত জড়িত ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰে সত্যপ্ৰিয় পাঠক, সদানন্দ পাঠক ছদ্মনামেৰে আত্মপ্ৰকাশ কৰিছিল হাস্যব্যঙ্গ সাহিত্যত। যি হাস্যব্যঙ্গ সাহিত্যৰ সোৱাদ পাঠক সমাজে পাইছিল "প্ৰান্তিক" আলোচনী আৰু "বুধবাৰ" কাকতত। "অন্তৰীপ" উপন্যাসৰ জৰিয়তে ঔপন্যাসিক ৰূপে উপন্যাস সাহিত্যত সবল খোজ দিয়ে ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰে। এইখন উপন্যাসৰ কাহিনীৰ আলমতেই তেখেতে নিৰ্মাণ কৰি উলিয়ায় "অগ্নিস্নান" শীৰ্ষক ছবি। শিশু মনস্তত্বৰ বিশ্লেষণৰূপেই তেখেতে লিখি উলিয়ায় "মৰমৰ দেউতা" উপন্যাস।
 
এগৰাকী কণমানি শিশুৰ সৈতে ডঃ ভবেন্দ্ৰ নাথ শইকীয়া
 
জন্মসূত্ৰে পাঠশালাৰ হোৱা বাবেই অনুভৱ কৰোঁ গহীন-গম্ভীৰ খোজৰ ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ উপস্থিতিৰ উম। ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত হোৱাৰ সূত্ৰেই পাঠশালাৰ লগত ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ আছিল এক নিকট সম্পৰ্ক। নিকট সেই সম্পৰ্কৰ সুবাদতেই শইকীয়া ছাৰে পাঠশালা বাসীক দি থৈ আহিছিল এক পুথিভঁৰাল। যি পুথিভঁৰালৰ জৰিয়তে আজিও ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ সান্নিধ্য পাই আছে পাঠশালাবাসীয়ে। সাহিত্য-সংস্কৃতিৰ প্ৰতিটো ঢাপত ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰে সময়ৰ প্ৰতিটো পলৰ সুব্যৱহাৰ কৰি সফলতা আৰ্জিলে। 
 
এক নিৰ্দিষ্ট আঁচনি প্ৰস্তুত কৰি কাম কৰা ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰে কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰিছিল বাবেই তেখেত সদায় একক অদ্বিতীয় অসমীয়া হৈ উজলি ৰব চিৰদিন-চিৰকাল। সময়ৰ সফল সম্পাদন কৰা ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ প্ৰতিটো সৃষ্টিৰ অনন্য সোৱাদ ভোগ কৰি আছে প্ৰতি অসমীয়াই। এক অৰ্থত ৮৬,৪০০ চেকেণ্ডৰ সফল প্ৰয়োগত যেন সিদ্ধহস্ত আছিল ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰ। প্ৰচুৰ অধ্যয়নশীল ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰে অহৰহ কঢ়িয়াই ফুৰিছিল কিতাপ আৰু কিতাপ। সৃষ্টিৰ নিখুঁত-নিৰ্ভেজাল আকৰগৰাকীৰ সুকীয়া ব্যক্তিত্বত সেয়ে শিৰ নত হৈ পৰে প্ৰতি অসমীয়া। নিজৰ সৃষ্টিতেই ভেজা দি ন কৈ সৃষ্টি কৰি উলিওৱা অনন্য সৃষ্টিৰাজিৰ বাবেই অসমীয়া সাহিত্য-সংস্কৃতিজগতত ডঃ ভূপেন হাজৰিকা আৰু ডঃ ভবেন্দ্ৰ নাথ শইকীয়া একক-অদ্বিতীয় ৰূপত জলমলাই ৰব প্ৰতি অসমীয়াৰ হৃদয় মন্দিৰত।  
 
(বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, নাট্যকাৰ, গল্পকাৰ, ঔপন্যাসিক, কবি-গীতিকাৰ, সম্পাদক, শিশু সাহিত্যিক ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ আজি জন্ম বাৰ্ষিকী উপলক্ষে এই লেখাটি প্ৰকাশ কৰা হৈছে)