অসমৰ মফছলীয় অঞ্চলত গ্ৰন্থ ব্যৱসায়ৰ আগৰণুৱা প্ৰতিষ্ঠান গাজী বুক ষ্টলৰ আঁৰৰ মানুহজন

Story by  Sazzad Hussain | Posted by  Munni Begum • 1 Years ago
গাজী বুক ষ্টলৰ প্ৰতিষ্ঠাতা আৰু স্বত্বাধিকাৰী নুৰ মহম্মদ গাজীক সম্বৰ্ধনা জনোৱা এক মূহুৰ্ত
গাজী বুক ষ্টলৰ প্ৰতিষ্ঠাতা আৰু স্বত্বাধিকাৰী নুৰ মহম্মদ গাজীক সম্বৰ্ধনা জনোৱা এক মূহুৰ্ত
  ছাজাদ হুছেইন
 
অসমৰ মফছলীয় অঞ্চলত গ্ৰন্থ ব্যৱসায়ৰ আগৰণুৱা প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম নাম হৈছে উত্তৰ লখিমপুৰৰ গাজী বুক ষ্টল। এসময়ৰ কিতাপ, পাঠ্যপুথি আৰু অনান্য আনুসংগিক সামগ্ৰীৰ একমাত্ৰ প্ৰতিষ্ঠান (বৰ্তমানৰো এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান) গাজী বুক ষ্টলৰ প্ৰতিষ্ঠাতা আৰু স্বত্বাধিকাৰী নুৰ মহম্মদ গাজীৰ যোৱা ২৫ ফেব্ৰুৱাৰীত ৯৩ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে। 
 
এসময়ত আমাৰ কৈশোৰৰ ভাস্কৰ ছিৰিজ, পাফু ছিৰিজৰ পৰা সত্যেন বৰকটকীৰ নেপোলিয়ন বোনাপার্ট, এডল্ফ হিটলাৰলৈকে, মেট্ৰিকৰ 'মাষ্টাৰ্ছ ছাজেচন'ৰ পৰা 'গুপ্তাছ ডায়েৰী'লৈকে এই সকলোবোৰ কিতাপ আনিবলৈ আমাৰ গাজী বুক ষ্টললৈ যোৱাতো এক উপলক্ষ আছিল। 
 
গাজী বুক ষ্টল
 
অতি সৎ, বিনয়ী আৰু সৰল মনৰ গাজী চাহেবে ১৯৫০-৬০ৰ দশকতে কলিকতা-গুৱাহাটী আদিৰ পৰা অতি কষ্ট কৰি কিতাপ লখিমপুৰলৈ আনি বিক্ৰীৰ ব্যৱস্থা কৰিছিল আৰু অবিভক্ত লখিমপুৰ জিলাত এক বৌদ্ধিক বিকাশ সাধনৰ এক নিৰৱ আৰু মহান কামত ব্ৰতী হৈছিল। অবিভক্ত লখিমপুৰ জিলা (বৰ্তমান লখিমপুৰ আৰু ধেমাজি)ৰ উপৰিও চুবুৰীয়া অবিভক্ত দৰং জিলাৰ কলাবাৰী, গহপুৰ, ব্ৰহ্মজান, হেলেম আদিৰো বহু লোকে কিতাপ পত্ৰ কিনিবলৈ উত্তৰ লখিমপুৰৰ গাজী বুক ষ্টললৈ আহিছিল। 
 
গাওঁ-ভুঁই আৰু বহু ভিতৰুৱা অঞ্চলৰ স্কুলৰ ব্লেক ব'ৰ্ড, ফুলস্কেপ কাগজ, চক মাটি, কলম-চিঞাহী, মেপ-গোলক আদিৰ এক মাত্ৰ যোগান ধৰোঁতা আছিল গাজী বুক ষ্টল। গোলাঘাটৰ যদুমণি ছপাখানা (স্থাপিত ১৯২২)ৰ স্বত্বাধিকাৰ ক্ষীৰোদ গোস্বামীয়ে বিশিষ্ট লিখক জনাৰ্দন গোস্বামীক এবাৰ কৈছিল যে নুৰ মহম্মদ গাজীয়ে ১৯৬০ৰ দশকত গুৱাহাটীৰ দত্ত বৰুৱাৰ পৰা কিতাপ লৰীত বোজাই দি উত্তৰ লখিমপুৰলৈ আনিছিল। জনাৰ্দন গোস্বামীয়ে আমাক কোৱা মতে গাজী চাহাবে ডিব্ৰুগড়ৰ বনলতাকো ব্যৱসায়ত সহায় কৰিছিল। 
 
উল্লেখ্য যে, নুৰ মহম্মদ গাজীৰ জন্ম হৈছিল ১৯৩০ চনত পশ্চিম বংগৰ ২৪ পৰগণা জিলাৰ ডায়মণ্ড হাৰবাৰত। লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰত চাকৰী সুত্ৰে থকা তেওঁৰ জ্যেষ্ট ভাতৃ এগৰাকীৰ সৈতে ১৯৫৩ চনত উত্তৰ লখিমপুৰলৈ অহা গাজী চাহেবে পিছত ইয়াতেই থাকি যোৱাৰ সিদ্ধান্ত লয়। প্ৰথমে জাল গুঠাৰ কাম আৰম্ভ কৰি জাল আৰু আনুসাংগিক সামগ্ৰীৰ ব্যৱসায় কৰা গাজী চাহেবে তেতিয়াৰ মহকুমা চহৰ উত্তৰ লখিমপুৰত কিতাপৰ দোকানৰ অভাৱ দেখি গাজী বুক ষ্টল ১৯৫৮ চনত আৰম্ভ কৰে।
 
কিতাপৰ এখন বিপণি
 
কলিকতাৰ শ্ৰী ভুমি পাবলিছিং, ভবানী পাবলিছিং কোম্পানী, দেব পাবলিছিং, ৰাজেন্দ্ৰ লাইব্ৰেৰীৰ পৰা আৰম্ভ কৰি পি.এম. বাগচীৰ ডাইৰেক্টৰী পঞ্জিকা, ইণ্ডিয়ান মেপ্ ডিপ', ক'ৰেছ, হিন্দুস্তান পেনচিলছ, কেমলিন, ডক্তৰ পেন, সুলেখা চিঞাহীলৈকে সকলোবোৰ ষ্টেচনাৰী সামগ্ৰীৰ ডিলাৰ হৈ পৰিছিল।
 
এজন নৈস্তিক মুছলমান, গাজী চহাব আন সকলো ধৰ্মৰ প্ৰতি অতি শ্ৰদ্ধাশীল আছিল। কীৰ্ত্তন, ভাগৱত, নামঘোষা, গুণমালা আদি দোকানতে পঢ়ি থকা গাজী চাহাবে নতুন ধৰ্মীয় পুথি আহিলেই গ্ৰাহকক জনাইছিল। 
 
কিতাপৰ ব্যৱসায় কৰিয়েই গাজী চাহাবে উত্তৰ লখিমপুৰত আন ব্যৱসায়তো হাত দিছিল আৰু তেওঁৰ সততা আৰু নিষ্ঠাৰ বাবে দোপতদোপে উন্নতি কৰিছিল। বেংকৰ জমা ধনৰ সুত নোলোৱা গাজী চাহাবৰ পৰিয়াল আজি উত্তৰ লখিমপুৰৰ এক আগশাৰীৰ ব্যৱসায়িক পৰিয়াল।
 
এই মহান ব্যক্তিগৰাকীক তেখেতৰ আজীৱন অনুৰাগী জনাৰ্দন গোস্বামীৰ সৈতে ২০১৭ বৰ্ষৰ আমাৰ কলেজৰ বাৰ্ষিক সপ্তাহৰ বঁটা বিতৰণী অনুষ্ঠানত আমন্ত্ৰণ কৰি সম্বৰ্ধনা জনাইছিলোঁ। মূলতঃ জনাৰ্দন গোস্বামীৰ চেষ্টাতেই আমি সেই অনুষ্ঠানটো পাতিছিলোঁ। সাহিত্য, লিখক আৰু পঢ়ুৱৈ সৃষ্টি আদিত যে গ্ৰন্থ ব্যৱসায়ী আৰু বিপনীৰো এক গুৰুত্বপূৰ্ণ ভুমিকা থাকে, তাৰ এক উজ্জ্বল নিদৰ্শন হৈছে গাজী বুক ষ্টলৰ নুৰ মহম্মদ গাজী।
 
(লেখক এজন স্তম্ভলেখক তথা উত্তৰ লখিমপুৰৰ লখিমপুৰ কমাৰ্চ কলেজৰ ইংৰাজীৰ শিক্ষক)