ভৱিষ্যতদ্রষ্টা চাওলুং চুকাফা

Story by  atv | Posted by  Munni Begum • 1 Years ago
 চাওলুং চুকাফা
চাওলুং চুকাফা
  পুলিন ডেকা
 
অসমীয়া মানুহৰ ইতিহাসত বিশেষ অধ্যায়ৰ সূচনা কৰা এগৰাকী বৰেণ্য ব্যক্তি আছিল চাওলুং চুকাফা। চুকাফাৰ কম, চিন্তা-দর্শনে সমগ্র জাতিৰ বিবেকক বিশেষভাৱে আলোড়িত কৰি আহিছে। তেওঁ আছিল ভৱিষ্যদ্রষ্টা, জাতি নিৰ্মাতা, সমন্বয়ৰ বাহক আৰু স্রষ্টা। অসমৰ ৰাজনৈতিক ভূগোল আৰু অসমীয়া জাতিৰ পৰিচয়ৰ আৰম্ভণি কৰি চুকাফাই শাসন ব্যৱস্থা, সমাজ আৰু সংস্কৃতি, ধৰ্ম আৰু লোক বিশ্বাসৰ উৰ্বৰতা সিঁচি অসমীয়া জাতিক আত্মপ্রত্যয় প্ৰদান কৰি গৈছে। 
 
তেওঁৰ ব্যক্তিত্ব আছিল অতুলনীয়। বিশিষ্ট সাহিত্যিক সূর্য কুমাৰ ভূঞাই 'দেওধাই অসম বুৰঞ্জীত চুকাফাৰ শৌর্য-বীৰ্য আৰু সাহসৰ কথা উল্লেখ কৰিছে। বিশিষ্ট সাহিত্যিক নগেন শ‍ইকীয়াই কৈছে, "এই কথাও স্মৰণীয় যে প্রাচীন কামৰূপ ৰাজ্যই ব্ৰহ্মপুত্ৰ উপত্যকাৰ পূৰ্বৰ এই অঞ্চলটো সামৰা নাছিল। কিন্তু ভাৰতীয় আৰ্যমূলৰ যিটো ভাষা ব্ৰহ্মপুত্ৰ উপত্যকাত গঢ় লৈ উঠিছিল সেই ভাষাটোৱেই প্ৰাক আহোম যুগতে পূৰ্বৰ এই অঞ্চল বিলাকলৈকে বিয়পি পৰিছিল। চুকাফাই আহি লগ পোৱা বৰাহী, মৰাণ, চুতীয়া, কছাৰী আদি জনগোষ্ঠীৰ সেই ভাষাটোৱে মাতৃভাষা আছিল। তেওঁ থিতাপি লৈ এই জনগোষ্ঠীসমূহৰ দলপতিসমূহক মতাই আনি তেওঁবিলাকৰ লগত সম্পর্ক স্থাপন কৰিলে। কোনো জনগোষ্ঠীক খৰি যোগোৱাৰ, কোনো জনগোষ্ঠীক কাঠ কটাৰ কোনো জনগোষ্ঠীক হাঁহ-কুকুৰা পালনৰ, কাৰোবাক ৰন্ধা-বঢ়াৰ, আনকি কোনো-কোনোক বেজৰ দায়িত্বও দিলে আৰু এনেভাৱে আটাইবিলাকৰ বিশ্বাস আৰু আনুগত্য আদায় কৰিলে।”
 
চুকাফা দিৱস উদযাপন
 
বহুধা ব্যক্তিত্বসম্পন্ন ক্ষমতাশীল শাসক আৰু কূটনৈতিক জ্ঞানেৰে পৰিপুষ্টি, অত্যন্ত ধৈর্যশীল আৰু কষ্টসহিষ্ণু চুকাফাই অন্য এক পৰম্পৰা, সংস্কৃতিৰ মাজত খাপ খুৱাই এটা ৰাজনৈতিক ধাৰা প্ৰতিষ্ঠা কৰি এক উচ্চ আদৰ্শ দেখুৱাই গৈছে। প্রশাসনীয় ব্যৱস্থাৱলীৰ লগতে জনজাতীয়সকলৰ প্ৰতি প্ৰয়োজন সাপেক্ষে তেওঁ লোৱা নীতিসমূহৰ জৰিয়তে চুকাফাই ৰাজ্য গঠন আৰু পৰিচালনাৰ দিশত দেখুওৱা আদর্শই অসমীয়া জাতিৰ প্ৰাণ প্রতিষ্ঠা কৰিছিল।
ত্ৰয়োদশ শতিকাৰ অসমৰ ৰাজকীয় শাসন ব্যৱস্থাৰ পর্যালোচনা কৰিলে দেখা যায় যে সামগ্রিক অসম হিচাপে কোনো ভূ ৰাজনৈতিক পৰিচয় নাছিল। বিভিন্ন প্রাচীন জনগোষ্ঠীসমূহে নিজস্ব ভাষা, সংস্কৃতি, ৰাজনৈতিক দর্শনৰে শাসন পৰিচালনা কৰিছিল। অৱশ্যে সেই সময়ত সমগ্ৰ ভাৰতবৰ্ষত তেনে এক প্রতিচ্ছবি দেখিবলৈ পোৱা যায়। সমন্বয়ৰ সাধক চুকাফাই জাতি-জনগোষ্ঠীসমূহৰ স্বকীয়তা, স্বাভিমান, সাংস্কৃতিক ঐতিহ্য, ৰাজনৈতিক সুৰক্ষা, অর্থনৈতিক বিকাশৰ গতিধাৰা অব্যাহত ৰাখি এক একত্ৰিত স্রোত প্রৱাহিত কৰাৰ বাবে দূৰদৰ্শী পদক্ষেপ লোৱা বাবেই আজি আমাৰ পৰিচয় অসমীয়া জাতি। 
কোনো ধৰণৰ সংঘাত নোহোৱাকৈ বিভিন্ন জাতি- জনগোষ্ঠীক একত্রিত কৰি যি আহোম সাম্রাজ্য গঢ়ি তুলিছিল তাৰ আলমত অসমৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক ক্ষেত্ৰখনত প্ৰণালীবদ্ধ বিকাশৰ পথ ৰচনা হয়। পুৰাতন জনজীৱনৰ প্রৱাহিত স্রোতটোক আঁকোৱালি লৈ যি নিদর্শন দেখুৱাই গ'ল সেয়া বিশ্ব ইতিহাসত বিৰল। ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাই কৈছিল, "আকৌ উভতি চাও। যি স্বৰ্গদেউ চুকাফাই অসমত বাস কৰা লোকসকলক প্ৰথমবাৰৰ বাবে অসমীয়া জাতি বুলি পৰিচয় প্ৰদান কৰিছিল, যি চুকাফাই নিজৰ ধৰ্ম এৰি প্ৰজাৰ ধৰ্ম আঁকোৱালি লৈ সকলো শ্ৰেণীৰ লোকৰ মাজত শান্তি-সম্প্ৰীতিৰ বান্ধোন কটকটীয়াকৈ ৰখাত সফল হৈছিল— সেই চুকাফাৰ দিনৰে পৰা আজিলৈকে অসমীয়া ভাষা-সাহিত্যই নানা সংগ্রামৰ মাজেৰে খোজ কাঢ়িছে।"
 
যোৰহাটৰ চুকাফা সমন্বয় ক্ষেত্ৰ
 
স্বৰ্গদেউ চুকাফাৰ শাসন ব্যৱস্থাৰ পৰ্যালোচনা কৰিলে দেখা যায় যে তেওঁ কেতবোৰ নিৰ্দিষ্ট লক্ষ্য লৈ অসমলৈ আহিছিল। ৰাজকীয় শাসন ব্যৱস্থা এটা সূচনা কৰাৰ বাবে আহিলেও অসমত পদার্পণ কৰা পিছত ইয়াৰ ভূ-ৰাজনৈতিক দৃষ্টিভংগীৰ সৈতে সামাঞ্জস্য ৰাখি এক বহল আৰু উদাৰ দৃষ্টিভংগী গ্ৰহণ কৰাৰ বাবেই সাম্প্ৰতিক অসমৰ মানচিত্ৰ নিৰ্মাণ হোৱাটো সম্ভৱ হৈ উঠিছে। বিশাল ব্যক্তিত্বৰ অধিকাৰী আৰু লক্ষ্য সাধনৰ অক্লান্ত সাধক চুকাফাৰ জীৱন আৰু কৰ্মৰাজীয়ে অসমীয়া জাতিক সদায়ে উদ্বুদ্ধ কৰি যাব।