দেশবাসীক ফিট আৰু সুস্থ কৰি ৰখাৰ দায়িত্বত জম্মু-কাশ্মীৰৰ অনিছা নবী

Story by  atv | Posted by  Munni Begum • 30 d ago
অনিছা নবী
অনিছা নবী
 
অনিকা মহেশ্বৰী/ নতুন দিল্লী
 
জম্মু-কাশ্মীৰ চৰকাৰৰ অসামৰিক বিষয়া অনিছা নবীয়ে নিজকে এগৰাকী ক্ৰীড়াবিদ হিচাপে পৰিচয় দি ভাল পায়। Jammu & Kashmir Rural Livelihoods Mission (JKRLM)ৰ এগৰাকী নিষ্ঠাৱান বিষয়া নবীয়ে ফিটনেছক জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গ্ৰহণ কৰিছে। তেওঁ ফিট ইণ্ডিয়া মুভমেণ্টৰ এম্বেছাদৰ হিচাপে দেশবাসীক ফিট আৰু সুস্থ-সৱল কৰি ৰখাৰ সপোন দেখে।
 
এম বি এ স্নাতক অভিযন্তা অনিছা নবী বৰ্তমান গ্ৰামোন্নয়ন বিভাগত ব্লক উন্নয়ন বিষয়া হিচাপে কৰ্মৰত। লগতে তেওঁক এতিয়া জম্মু-কাশ্মীৰ গ্ৰাম্য জীৱিকা অভিযানৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে।
 
উল্লেখ্য যে, অনিছা নবী ফিট ইণ্ডিয়া মুভমেণ্টৰ এম্বেছাদৰ আৰু তেওঁ এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত এটা বাৰ্তা শ্বেয়াৰ কৰিছে। "ফিটনেছৰ প্ৰতি মোৰ কঠোৰ পৰিশ্ৰম আৰু আবেগক স্বীকৃতি দিয়াৰ বাবে আৰু দেশখনক ফিট আৰু সুস্থ কৰি তোলাৰ মোৰ ক্ষমতা আৰু ইচ্ছাত বিশ্বাস কৰাৰ বাবে মই চৰকাৰক ধন্যবাদ জনাইছো। ফিট ইণ্ডিয়া মুভমেণ্টৰ সৈতে এম্বেছাদৰ হিচাপে জড়িত হোৱাটো মোৰ বাবে গৌৰৱৰ বিষয়।"-তেওঁ কয়।
 
আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত মহিলা সকলৰ সৈতে আনিছা নাবী
 
মোৰ ফিটনেছ যাত্ৰাত মোক সদায় সমৰ্থন আৰু উৎসাহিত কৰা আৰু মোৰ প্ৰচেষ্টাৰ শলাগ লোৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোক সকলোৰে বাবেই মই এইখিনি অৰ্জন কৰিছো। আমি সকলোৱে মিলি আমাৰ দেশখনক ফিট কৰিম।
 
জম্মু-কাশ্মীৰ প্ৰশাসনিক সেৱাৰ এগৰাকী বিষয়া, খেলুৱৈ তথা ফিট ইণ্ডিয়াৰ এম্বেছাদৰ অনিছা নবীৰ কিছু কৃতিত্ব তলত উল্লেখ কৰা হৈছেঃ
 
১. মাষ্টাৰ এথলেটিকছত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বৰ্ণ আৰু ৰূপৰ পদক জয়।
২. এডিএইচএম, টিএমএম আৰু ডুবাই মাৰাথন ২০২৪কে ধৰি ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বৃহৎ মাৰাথনত অংশগ্ৰহণ কৰি ১০ হাজাৰ আৰু ২১ হাজাৰ মিটাৰ দৌৰত পদক লাভ কৰিছে।
৩. ফিট ইণ্ডিয়া অভিযানৰ নেতৃত্ব
৪. মহিলাক ফিটনেছৰ দিশত অনুপ্ৰাণিত কৰিবলৈ ৱাণ্ডাৰ্ছ উইমেনছ কমিউনিটিৰ প্ৰতিষ্ঠাপক।
 
সামাজিক সমস্যাৰ উন্নতি সাধন কৰি যুৱক-যুৱতীসকলক উদ্ভাৱনীমূলক চিন্তাধাৰা আৰু প্ৰগতিশীল হ’বলৈ প্ৰেৰণা যোগোৱাৰ বাবেও অনিছা নবীক বহু বঁটাৰে সন্মানিত কৰা হৈছে। যুৱক-যুৱতীসকলক তেওঁলোকৰ ব্যৱসায়িক ধাৰণাক বিনিয়োগৰ সুযোগলৈ ৰূপান্তৰিত কৰি শক্তিশালী কৰাৰ লক্ষ্যৰে ষ্টাৰ্টআপ ছামিটতো তেওঁ প্ৰায়ে অংশগ্ৰহণ কৰে।
 
ফিট ইণ্ডিয়াৰ এম্বেছাদৰ অনিছা নবী সদায় ক্ৰীড়া সম্পৰ্কীয় কাম-কাজত সক্ৰিয় হৈ থাকে আৰু প্ৰায়ে তেওঁক জম্মুৰ বিদ্যালয় আৰু বিশ্ববিদ্যালয়লৈ আমন্ত্ৰণ জনোৱা হয় ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত কৰিবলৈ। তেওঁৰ আকাংক্ষা হৈছে ছাত্ৰ-ছাত্ৰীসকলক পঢ়া-শুনাৰ লগতে তেওঁলোকৰ এথলেটিক প্ৰদৰ্শনৰ জৰিয়তে প্ৰেৰণা যোগোৱা।
 
জম্মুৰ অমৰ মহলত অনুষ্ঠিত টাৱী উৎসৱত এগৰাকী মহিলা শিল্পীৰ সৈতে আনিছা নাবী
 
সাহস আৰু উদ্যমেৰে ভৰা এনে সফল অনুষ্ঠান আয়োজন কৰাৰ বাবে বিদ্যালয় পৰিচালনা আৰু ছাত্ৰ-ছাত্ৰী আৰু বিশেষকৈ যুৱ খেলুৱৈসকলক অভিনন্দন জনাইছে যে এই পদক্ষেপে তেওঁলোকক ফিট ইণ্ডিয়াৰ দিশে লৈ গৈছে। এইদৰে ক্ৰীড়াৰ ক্ষেত্ৰতো আগবাঢ়ি আহিছে জম্মুৰ ছাত্ৰ-ছাত্ৰী।
 
উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকলে ড্ৰাগছৰ বিৰুদ্ধে যুঁজ দি, ক্ৰীড়াত অংশগ্ৰহণ কৰি ৰাজ্য আৰু দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ আৰম্ভ কৰিছে। অনিছাৰ মতে, মহিলাসকলেও ক্ৰীড়াত আগবাঢ়ি আহি নিজৰ যোগ্যতা প্ৰদৰ্শন কৰি নাৰী সৱলীকৰণৰ দিশত আগবাঢ়িব লাগে। ইয়াৰ বাবে তেওঁ প্ৰায়ে এনে অনুষ্ঠান আৰু প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে য’ত এই গুৰুতৰ বিষয়বোৰৰ ওপৰত আলোকপাত কৰা হয়।
 
অনিছা নবী সদ্য গঠিত জম্মু-কাশ্মীৰ গ্ৰাম্য জীৱিকা অভিযানৰো অংশ হৈ পৰিছে। উমিদ নামেৰেও পৰিচিত জম্মু-কাশ্মীৰ গ্ৰাম্য জীৱিকা অভিযানে জম্মু-কাশ্মীৰৰ মহিলাসকলক প্ৰগতিশীল আৰু স্বনিয়োজিত উদ্যোগী কৰি তুলিছে। আৰ্থিকভাৱে স্বাধীন হোৱাৰ সপোন দেখা গ্ৰাম্য মহিলাসকলৰ আকাংক্ষাক ডেউকা দিয়াৰ সম্ভাৱনা আছে এই সংগঠনটোৰ।
 
ব্লক বাৰী ব্ৰাহ্মণত ব্লক উন্নয়ন বিষয়া হিচাপে অনিছা নবীক আদৰণি জনোৱা এক মূহুৰ্ত
 
বৰ্তমান অনিছা নবীয়ে ছচিয়েল মিডিয়াত FICCI Flow JKL Marathonৰ পঞ্জীয়নৰ বাবে আবেদন জনাইছে। ২০২৪ চনৰ ২১ এপ্ৰিলৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হ’ব। ইয়াৰ পঞ্জীয়ন স্থান জম্মু বিশ্ববিদ্যালয়। যদি আপুনিও এই মাৰাথনত অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে এতিয়াই পঞ্জীয়ন কৰক আৰু ২৩ তাৰিখলৈকে প্ৰমো ক'ড NOTB20 ব্যৱহাৰ কৰি ২০% বিশেষ ৰেহাই লাভ কৰক।
 
ছ’চিয়েল মিডিয়াত তেওঁৰ কাৰ্যকলাপৰ পৰা জনা যায় যে তেওঁ এগৰাকী শান্তিপ্ৰেমী মহিলা, যিয়ে ক্ৰীড়া, ফিটনেছ আৰু দেশৰ প্ৰগতিৰ বাবে আপ্ৰাণ প্ৰচেষ্টা চলাইছে।