কৃত্ৰিম বুদ্ধিমত্তাই ভৱিষ্যতলৈ মানৱজাতিক কৰ্মহীন কৰি তুলিবঃ ন'বেল বঁটা বিজয়ী মহম্মদ ইউনুছ

Story by  Daulat Rahman | Posted by  Munni Begum • 1 Years ago
ন'বেল বঁটা বিজয়ী মহম্মদ ইউনুছ
ন'বেল বঁটা বিজয়ী মহম্মদ ইউনুছ
 
দৌলত ৰহমান / গুৱাহাটী
 
ন'বেল বঁটা বিজয়ী বাংলাদেশী অৰ্থনীতিবিদ, বেংকাৰ আৰু সামাজিক উদ্যোগী মহম্মদ ইউনুছে কয় যে ‘লোভ’ ভিত্তিক অৰ্থনৈতিক ব্যৱস্থাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি আৰু কমসংখ্যক লোকৰ মাজত সম্পদ কেন্দ্ৰীভূত হৈছে। সকলো লোকৰ সমবিকাশ সুনিশ্চিত কৰিবলৈ এনে অৰ্থনৈতিক ব্যৱস্থা শীঘ্ৰে সলনি কৰিব লাগিব বুলিও তেওঁ কয়।
 
সোমবাৰে নামনি অসমৰ কোকৰাঝাৰ জিলাত অনুষ্ঠিত হোৱা প্ৰথমখন বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱত ভাষণ দি মহম্মদ ইউনুছে কয় যে ‘লোভ’ ভিত্তিক অৰ্থনৈতিক ব্যৱস্থা বহনক্ষম আৰু সুষম উন্নয়ন নীতিৰ বিৰোধী। এনে অৰ্থনৈতিক ব্যৱস্থাৰ অধীনত প্ৰকৃতি আৰু পৰিৱেশতন্ত্ৰ ধ্বংস হৈ আছে, যাৰ ফলত গোলকীয় উষ্ণতাৰ সৃষ্টি হৈছে।
 
কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence) ব্যৱস্থাই ভৱিষ্যতে একপ্ৰকাৰ সকলো লোককে কৰ্মহীন কৰি তুলিব বুলি সকীয়াই দি মহম্মদ ইউনুছে কয়, 'আমি আধুনিক প্ৰযুক্তিৰ দাস হোৱা উচিত নহয়, বৰং আধুনিক প্ৰযুক্তিক নিজৰ অধীনত ৰাখি মানৱ সমাজৰ হিতৰ বাবে ব্যৱহাৰ কৰিব লাগে।'
 
অধ্যাপক মহম্মদ ইউনুছে নবেল বঁটা গ্ৰহণ কৰি থকা মূহুৰ্ত
 
লগতে তেওঁ কয় যে লোভ ভিত্তিক অৰ্থনীতিৰ আন এটা ডাঙৰ বিপদ হৈছে কমসংখ্যক লোকৰ মাজত ধন-সম্পত্তিৰ কেন্দ্ৰীভূত হোৱা। বাংলাদেশত গ্ৰামীন বেংক প্ৰতিষ্ঠা কৰাৰ বাবে সমগ্ৰ বিশ্বতে “দুখীয়া জনসাধাৰণৰ বেংকাৰ” নামেৰে পৰিচিত হৈ পৰা মহম্মদ ইউনুছে কয় যে তেওঁ এতিয়া তিনিটা শূন্য নীতিৰ ওপৰত কাম কৰি আছে। সেয়া হৈছে শূন্য গোলকীয় উষ্ণতা বৃদ্ধি, সম্পদৰ শূন্য কেন্দ্ৰীভূতকৰণ আৰু শূন্য নিবনুৱা সমস্যা।
 
উল্লেখ্য যে, ২০০৬ চনত মহম্মদ ইউনুছক গ্ৰামীন বেংক প্ৰতিষ্ঠা কৰা আৰু ক্ষুদ্ৰ ঋণ তথা ক্ষুদ্ৰ বিত্তীয় ধাৰণাৰ পথ প্ৰদৰ্শক হিচাপে শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল। এই ঋণ পৰম্পৰাগত বেংক ঋণৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰা অতি দৰিদ্ৰ উদ্যোগীসকলক দিয়া হৈছিল। ক্ষুদ্ৰ ঋণ আৰু ক্ষুদ্ৰ বিত্তীয় সাহায্যৰ জৰিয়তে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰচেষ্টাৰ বাবে মহম্মদ ইউনুছ আৰু গ্ৰামীণ বেংকক যৌথভাৱে শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল। 
 
মনকৰিবলগীয়া যে, ১৯৭২ চনত অৰ্থনীতি বিভাগৰ তেতিয়াৰ যুৱ অধ্যাপক মহম্মদ ইউনুছে আমেৰিকাৰ ভেণ্ডাৰবিল্ট বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি. লাভ কৰি বাংলাদেশ (পূৰ্বতে পূব পাকিস্তান নামেৰে জনাজাত)লৈ উভতি আহিছিল। তেওঁ চট্টগ্ৰাম বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপকৰ পদৰ লগতে অৰ্থনীতি বিভাগৰ সঞ্চালকৰ পদ গ্ৰহণ কৰে।
 
 অধ্যাপক মহম্মদ ইউনুছে মহিলাসকলৰ সৈতে মত-বিনিময় কৰাৰ এক মূহুৰ্ত 
 
কিন্তু ১৯৭৪ চনত সমগ্ৰ বাংলাদেশত সংঘটিত ভয়ংকৰ দুৰ্ভিক্ষই তেওঁৰ ওপৰত গভীৰভাৱে ৰেখাপাত কৰে। “মই দেখিলোঁ হাজাৰ হাজাৰ লোকৰ দুৰ্ভিক্ষত মৃত্যু হৈছে। মই তেওঁলোকৰ বাবে একো কৰিব পৰা নাছিলো বাবে যথেষ্ট হতাশাত ভুগিছিলো। তেতিয়া মোৰ বিবেক দংশন হৈছিল। মই ভাবিছিলো যে মোৰ সকলো জ্ঞান আৰু শিক্ষা অসাৰ পৰিণত হ’ব, যদিহে মই এজনো ভোকাতুৰক মৃত্যু মুখৰ পৰা ৰক্ষা কৰিব নোৱাৰো।’-মহম্মদ ইউনুছে কয়। 
 
ইয়াৰ পিছত বাংলাদেশৰ দৰিদ্ৰ লোকসকলক জুৰুলা কৰা সমস্যাসমূহৰ সৈতে তেওঁ ব্যক্তিগতভাৱে মোকাবিলা কৰাৰ সিদ্ধান্ত লয়। তেওঁ কিছুমান ছাত্ৰ-ছাত্ৰীৰ সৈতে মিলি চট্টগ্ৰাম বিশ্ববিদ্যালয়ৰ ওচৰৰ জোব্ৰা গাঁৱৰ ৰাজপথসমূহ ভ্ৰমণ কৰিছিল।
 
মহম্মদ ইউনুছে স্থাপন কৰা গ্ৰামীণ বেংক
 
মহম্মদ ইউনুছে কিছুমান পৰম্পৰাগত বিত্তীয় প্ৰতিষ্ঠানক দুখীয়াক ঋণ দিবলৈ পতিয়ন নিয়াব চেষ্টা কৰিছিল, কিন্তু সফল হোৱা নাছিল। কাৰণ, বিত্তীয় প্ৰতিষ্ঠানসমূহে বিশ্বাস কৰিছিল যে দৰিদ্ৰসকলৰ হাতত একোৱেই নাছিল আৰু বন্ধকৰ অভাৱৰ বাবে তেওঁলোকক ঋণ দিব নোৱাৰি। ইয়াৰ পিছত তেওঁ নিজৰ ধন বন্ধকত থৈ জোবৰা গাঁৱত দুখীয়াক ঋণ দিয়াৰ এটা পাইলট প্ৰজেক্ট আৰম্ভ কৰিলে। কেইবছৰমানৰ পাছত ই এক সফলতাৰ কাহিনী হৈ পৰে আৰু দুখীয়াই সময়মতে ঋণ পৰিশোধ কৰিলে।
 
পিছলৈ মহম্মদ ইউনুছে নিজেই গ্ৰামীন বেংক নামেৰে এটা বেংক স্থাপন কৰিছিল। এই বেংকে দুখীয়া লোকসকলক বন্ধক অবিহনে, আৰু কোনো আইনী পদ্ধতি নিৰ্ধাৰণ নকৰাকৈ ঋণ আগবঢ়াইছিল। গ্ৰামীণ বেংকৰ পৰা ঋণ লৈ বাংলাদেশত ১ কোটিৰো অধিক দৰিদ্ৰ মহিলাই আত্মনিৰ্ভৰশীল হৈছিল আৰু এনে ঋণ ব্যৱস্থাই বাংলাদেশত মহিলা সৱলীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। মহম্মদ ইউনুছৰ গ্ৰামীন মাইক্ৰ’ফাইনেন্স মডেলৰ সফলতাই আমেৰিকাকে ধৰি সমগ্ৰ বিশ্বৰ শ শ দেশক অনুপ্ৰাণিত কৰিছে।
 
সমগ্ৰ বিশ্বতে “দুখীয়া জনসাধাৰণৰ বেংকাৰ” নামেৰে পৰিচিত হৈ পৰিছে মহম্মদ ইউনুছে 
 
২৭ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন (বিটিআৰ)ৰ সমৰ্থনত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা অঞ্চলটোত এনে ধৰণৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱ আয়োজন কৰা হৈছে। অনুষ্ঠানটোৰ এজন আয়োজকে কয় যে দৰিদ্ৰ লোকসকলক সহায় কৰিবলৈ বিটিআৰে মহম্মদ ইউনুছক বড়োলেণ্ডত তেওঁৰ বাংলাদেশৰ মাইক্ৰ'ক্ৰেডিট আৰু মাইক্ৰ'ফাইনেন্স প্ৰকল্পৰ আধাৰত দুখীয়া লোকক সহজতে ঋণ দিয়াৰ আঁচনি প্ৰস্তুত কৰিবলৈ দায়িত্ব দিব পাৰে।