ডাঃ ময়ূৰ হাজৰিকা বৈদেশিক সেৱাত নিয়োজিত

Story by  atv | Posted by  [email protected] • 4 Months ago
ডাঃ ময়ূৰ হাজৰিকা
ডাঃ ময়ূৰ হাজৰিকা
 
নতুন দিল্লী
 
ইউ পি এছ চিৰ সৰ্বভাৰতীয় পৰ্যায়ত পঞ্চম স্থান দখল কৰা অসমৰ ডাঃ ময়ূৰ হাজৰিকা ভাৰতীয় বৈদেশিক সেৱাৰ বাবে নিৰ্বাচিত হৈছে। ভাৰতীয় বৈদেশিক সেৱাৰ তালিকাৰ এক নম্বৰতে স্থান লাভ কৰিছে অসম সম্ভানগৰাকীয়ে। 
 
শনিবাৰে কেন্দ্ৰীয় লোকসেৱা আয়োগে অনুষ্ঠিত কৰা অসামৰিক সেৱা পৰীক্ষা ২০২২ত উত্তীর্ণ প্রার্থীসকলক কেন্দ্ৰীয় চৰকাৰৰ পাৰ্ছনেল এণ্ড ট্রেইনিং বিভাগে সেৱা অনুমোদন জনায়। 
 
পাৰ্ছনেল এণ্ড ট্রেইনিং বিভাগে প্ৰকাশ কৰা তালিকা অনুসৰি উত্তীৰ্ণ মুঠ ৯৩৩ গৰাকী প্ৰাৰ্থীৰ ভিতৰত সম্প্ৰতি ৭৮৪ গৰাকী প্ৰাৰ্থীকহে সেৱা অনুমোদন জনোৱা হৈছে। 
 
ডাঃ ময়ূৰ হাজৰিকা তেওঁৰ পিতৃ আৰু মাতৃৰ সৈতে
 
পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰো উত্তীৰ্ণ শীৰ্ষ ২০ গৰাকী প্ৰাৰ্থীৰ ১৭গৰাকীক ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ)ৰ বাবে নিৰ্বাচন কৰা হৈছে। 
 
আনহাতে, শীর্ষ ২০ৰ ভিতৰত থকা গাহানা নব্য জেমছ (স্থান ৬) আৰু বিদুষী সিং, (স্থান ১৩)কো ভাৰতীয় বৈদেশিক সেৱাৰ বাবে নিৰ্বাচন কৰা হৈছে। 
 
ইউ পি এছ চিৰ সৰ্বভাৰতীয় পৰ্যায়ত ৮৭ নম্বৰ স্থানত থকা সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী আয়ন জৈনক ভাৰতীয় আৰক্ষী সেৱাৰ বাবে নিৰ্বাচন কৰা হৈছে। আই পি এছৰ তালিকাৰ এক নম্বৰ স্থানত আছে জৈনৰ নাম। ৯৭ সংখ্যক স্থান লাভ কৰা মুছকান খুৰানাই ভাৰতীয় ৰাজহ সেৱাৰ তালিকাৰ এক নম্বৰত স্থান লাভ কৰিছে।
 
ডাঃ ময়ুৰ হাজৰিকাই দ্য আছাম ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰা এক মূহুৰ্ত
 
উল্লেখ্য যে, দেশৰ হাজাৰ হাজাৰ মেধাসম্পন্ন যুৱক-যুৱতীক চেৰ পেলাই অসমৰ তেজপুৰৰ ময়ুৰ হাজৰিকাই কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত  দেশৰ ভিতৰত পঞ্চম স্থান দখল কৰি সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল। মনকৰিবলগীয়া যে, ময়ুৰ হাজৰিকাই ইউপিএছচি পৰীক্ষা ২০২২ত পুৰুষ প্ৰাৰ্থী হিচাপে শীৰ্ষস্থান দখল কৰিছিল।