আৱাজ - দ্য ভইচ / গুৱাহাটী
শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আইচিচি) প্ৰথমবাৰৰ বাবে আয়োজন কৰা আই চি চি ১৯ বছৰ অনুৰ্ধ মহিলা ক্ৰিকেট বিশ্বকাপত ভাৰতে খিতাপ জয় কৰি ইতিহাস ৰচে। দেশৰ ক্ৰীড়া জগতৰ বাবে ইয়াতকৈ ভাল খবৰ আৰু একো হ’ব নোৱাৰে। দক্ষিণ আফ্ৰিকাৰ মাটিত শ্বেফালী বাৰ্মাৰ নেতৃত্বত ভাৰতৰ ১৯ বছৰ অনুৰ্ধ মহিলা ক্ৰিকেট দলটোৱে ঐতিহাসিক জয়েৰে দেশবাসীক গৌৰৱান্বিত কৰে।
এই ঐতিহাসিক জয় দলটোৰ প্ৰতিগৰাকী খেলুৱৈসকলৰ বাবে অত্যন্ত বিশেষ আৰু স্মৰণীয় হৈ ৰ’ব। কিন্তু যিগৰাকী প্ৰশিক্ষকে দলটোৰ যুৱ খেলুৱৈসকলক বিশ্ব চেম্পিয়ন কৰাবলৈ সৰ্বস্ব উজাৰি দিছিল, তেওঁৰ বাবে এই জয় আছিল সকলোতকৈ বিশেষ। ভাৰতৰ এই চমকপ্ৰদ প্ৰদৰ্শন তেওঁৰ বাবে আছিল পুৰণি ঘাঁ ভাল কৰাৰ দৰেই আনন্দদায়ক।
বিশ্বজয়ৰ সপোন বহু বছৰ ধৰি বুকুৰ মাজত কঢ়িয়াই লৈ ফুৰা ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলৰ প্ৰশিক্ষকগৰাকী হ’ল ভাৰতৰ প্ৰাক্তন মহিলা ক্ৰিকেটাৰ নুছিন আল খাদিৰ। এই জয় তেওঁৰ বাবে অতি বিশেষ। কাৰণ ১৮ বছৰ আগতে খেলুৱৈ হিচাপে তেওঁৰ বিশ্বজয়ৰ সপোন আধৰুৱা হৈ ৰৈছিল।
প্ৰশিক্ষক নুছিন আল খাদিৰ আইচিচি অনুৰ্ধ-১৯ মহিলা বিশ্বকাপ লৈ অধিনায়ক শেফালী বাৰ্মাৰ সৈতে
কিন্তু এতিয়া প্ৰশিক্ষক হিচাপে তেওঁ এই সপোন বাস্তবায়িত কৰিবলৈ সক্ষম হ’ল। আইচিচি ১৯ বছৰ অনুৰ্ধ মহিলা বিশ্বকাপত ভাৰতীয় উদীয়মান খেলুৱৈসকলে দুৰ্দান্ত প্ৰদৰ্শনেৰে উজলি উঠাত অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল প্ৰশিক্ষক খাদিৰে। প্ৰতিগৰাকী খেলুৱৈৰ মনত তেওঁ জগাইছিল প্ৰচুৰ আত্মবিশ্বাস আৰু অদম্য মনোবল। ইয়াৰ ফল দেখা গৈছিল খেলপথাৰত। ভাৰতে সমগ্ৰ প্ৰতিযোগিতাত মাত্ৰ এখন খেলতহে পৰাজয়ৰ সন্মুখীন হয় আৰু ফাইনেলত ইংলেণ্ডক হৰুৱাই বিশ্বকাপত চুম্বন দিবলৈ সক্ষম হয়।
প্ৰশিক্ষক খাদিৰে কয়, "এই দলটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল খেলুৱৈসকলৰ আত্মবিশ্বাস আৰু দৃঢ় মনোবল। কোনো পৰিস্থিতিতে তেওঁলোক বিচলিত হোৱা নাছিল। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বেয়া প্ৰদৰ্শনৰ পিছত দলটোৱে ঐক্যবদ্ধ হৈ খেলাৰ সংকল্প লয় আৰু পৰৱৰ্তী মেচসমূহত তেওঁলোকে অসাধাৰণ মনোবল আৰু ইচ্ছাশক্তিৰ পৰিচয় দিয়ে। আমি কথাবোৰ অতি সহজ কৰি ৰাখিবলৈ চেষ্টা কৰিছিলো। আমাৰ এটা অনুভৱ হৈছিল যে আমি বিশ্বজয়ৰ সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি নতুন মাইলৰ খুটি স্পৰ্শ কৰিব পাৰিম।"
ইফালে, ভাৰতীয় ১৯ বছৰ অনুৰ্ধ মহিলা ক্ৰিকেট দলটোৱে বিশ্বকাপ জয়ৰ পিছত প্ৰশিক্ষক খাদিৰৰ ত্যাগ, কষ্ট আৰু পৰিশ্ৰমক ভূয়সী প্ৰশংসা কৰি তেওঁক একালৰ সতীৰ্থ তথা ভাৰতৰ তাৰকা মহিলা ক্ৰিকেটাৰ মিতালী ৰাজে কয়, ‘খাদিৰ আছিল এগৰাকী আক্ৰমণাত্মক খেলুৱৈ, যিয়ে সদায় আগ্ৰাসী মনোভাৱেৰে খেলপথাৰত নামিছিল। খেলপথাৰত তেওঁ সঠিকভাৱে দায়িত্ববোৰ ৰূপায়ন কৰিব বিচাৰিছিল। যেতিয়া তেওঁ প্ৰশিক্ষক হিচাপে যোগদান কৰাৰ সিদ্ধান্ত লৈছিল, তেতিয়া আমাৰ মাজত কথা-বতৰা হৈছিল। যেতিয়া মই কৈছিলো যে প্ৰশিক্ষক হ’লে তুমি কেৱল চিনিয়ৰসকলক প্ৰশিক্ষণ দিলেই নহ’ব, যুৱক-যুৱতীসকলকো প্ৰশিক্ষণ দিব লাগিব, আৰু ধৈৰ্য্য শক্তি গঢ়ি তুলিব লাগিব। সেই দিশত তেওঁ যথেষ্ট কষ্ট কৰিছিল। সেইটোৱেই খাদিৰৰ আটাইতকৈ ডাঙৰ ৰূপান্তৰ।
নুছিন আল খাদিৰ প্ৰশিক্ষকৰ দায়িত্বত
উল্লেখ্য যে, ধৈৰ্য্য শক্তি বিকাশৰ বাবে নুছিন খাদিৰে হায়দৰাবাদলৈ গুচি গৈছিল আৰু তাত তেওঁ ১৬ বছৰ অনূৰ্ধৰ দলটোৰ সৈতে দুবছৰ ধৰি প্ৰশিক্ষকৰ কাৰ্যকাল আৰম্ভ কৰিছিল আৰু তাৰ পিছত ছত্তীশগড়ৰ ছিনিয়ৰ দলৰ দায়িত্ব লৈছিল।
খাদিৰে কয়, "খেলুৱৈ আৰু প্ৰশিক্ষক দুটা সম্পূৰ্ণ বেলেগ বেলেগ ভূমিকা। এইটো এটা সম্পূৰ্ণ বেলেগ পেছা, আৰু মই আনন্দিত যে মই মোৰ জীৱনৰ আৰম্ভণিতে সেই কথা বুজি পাইছিলোঁ। নিজকে পৰীক্ষা কৰিব বিচৰাৰ বাবেই মই চত্তীশগড় ছিনিয়ৰ দলত যোগ দিছিলো, বিশেষকৈ মোৰ ধৈৰ্য্যৰ পৰীক্ষা ল’ব বিচাৰিছিলো। প্ৰশিক্ষক হিচাপে শান্তি আৰু ধৈৰ্য্যৰ প্ৰয়োজন, কাৰণ মই খেলুৱৈসকলৰ মানসিক স্থিতি বুজিব লাগিছিল আৰু এটা শক্তিশালী দল গঢ়ি তুলিব লাগিছিল।"
উল্লেখ্য যে, ২০০৫ চনৰ আই চি চি মহিলা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰি ভাৰতীয় মহিলা দলে প্ৰথমবাৰৰ বাবে বিশ্বজয়ৰ দোৱাৰদলিত উপনীত হৈছিল। কিন্তু অষ্ট্ৰেলিয়াৰ হাতত ভাৰতৰ এই দুৰ্বাৰ সপোন ধূলিস্যাৎ হৈছিল। বিশ্বজয়ৰ সপোন আধৰুৱা হৈ ৰোৱা সেই দলটোৰ অন্যতম সদস্য আছিল নুছিন আল খাদিৰ।
অষ্ট্ৰেলিয়াৰ মহিলা দলটোৱে ভাৰতৰ সন্মুখত ২১৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। কিন্তু, মিতালী ৰাজ নেতৃত্বাধীন দলটোৱে মাত্ৰ ১১৭ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত ভাৰতীয় মহিলা দলে ২০১৭ চনৰ এদিনীয়া বিশ্বকাপ আৰু ২০২০ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল, যদিও এইবাৰো ভাৰতে বিশ্বকাপৰ ট্ৰফীত চুম্বন দিব নোৱাৰিলে।
নুছিন আল খাদিৰ মিতালী ৰাজৰ সৈতে
ভাৰতীয় মহিলা ক্ৰিকেটৰ এই আধৰুৱা সপোন অৱশেষত ২০২৩ চনৰ আৰম্ভণিতে পূৰণ কৰিলে ১৯ বছৰ অনুৰ্ধ মহিলা দলটোৱে। ইয়াৰ জৰিয়তে নুছিন আল খাদিৰৰ ডেৰ দশকৰো অধিক পুৰণি সপোনে সাৰ্থকতা লাভ কৰিলে। ২০০৫ চনৰ বিশ্বকাপত দেশক প্ৰতিনিধিত্ব কৰা স্পিনাৰ নুছিন আল খাদিৰে সুদীৰ্ঘ ১৮ বছৰৰ মূৰত পৰম সন্তুষ্টিৰে এতিয়া হাঁহি মাৰিবলৈ সক্ষম হৈছে।
খেলপথাৰত নামি বিশ্বকাপ জয় কৰিব নোৱাৰিলেও তেওঁ ভাৰতীয় মহিলা ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিশ্বকাপ বিজয়ী দলৰ অংশ হ’ব পাৰিছে। বৰ্তমান ভাৰতৰ ১৯ বছৰ অনুৰ্ধ মহিলা দলৰ প্ৰশিক্ষক হিচাপে কৰ্মৰত প্ৰাক্তন ক্ৰিকেটাৰ খাদিৰে ২০০২ চনত এদিনীয়াত অভিষেক ঘটায়। তেওঁ ভাৰতীয় মহিলা দলৰ হৈ ৭৮খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলি ১০০টা উইকেট দখল কৰিছিল।
ইয়াৰ লগতে তেওঁ ৫খন টেষ্টত ১৪টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। টি-২০ ক্ৰিকেটতো খাদিৰে ১ উইকেট পাইছিল। ২০০৮ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে স্পিনাৰগৰাকীয়ে ভাৰতৰ হৈ অন্তিমখন মেচ খেলিছিল।