আৰিফুল ইছলাম / গুৱাহাটী
সৃষ্টি আৰু ধ্বংস দুয়োটা কামেই মানুহৰ হাতেৰেই হয়। মানুহে নিজৰ হাতখনৰে সৃষ্টি কৰিব নে ধ্বংস কৰিব সেইটো নিজৰ বিবেকৰ কথা। আমাৰ আজিৰ এই প্ৰতিবেদন এনে এগৰাকী মানুহৰ বিষয়ে, যিয়ে এসময়ত বন্দুক তুলি লৈছিল যদিও সম্প্ৰতি সৃষ্টিশীল কামত মনোনিবেশ কৰিছে। ব্যক্তিগৰাকীৰ নাম তৰণী বৈশ্য। এসময়ত সংযুক্ত বাহিনী অসম চমুকৈ আলফাৰ সদস্য আছিল তৰণী বৈশ্য। কিন্তু বৰ্তমান সেই ‘সংগ্ৰামী’ জীৱন ত্যাগ কৰি সৃষ্টিশীল কামত নিজকে আত্মনিয়োগ কৰিছে এসময়ৰ আলফা কেডাৰজনে।
পেলনীয়া সামগ্ৰীক নতুন ৰূপ দি তেওঁ সাজ-সজ্জাৰ বিভিন্ন উপযোগী সামগ্ৰী প্ৰস্তুত কৰে। নাৰিকলৰ বাকলি, পেলনীয়া বাঁহ আৰু কাঠৰ টুকুৰাক আটকধুনীয়া ৰূপত সজাই-পৰাই তেওঁ অজস্ৰজনৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
পেলনীয়া সামগ্ৰীক তৰণী বৈশ্যই দিয়া নতুন ৰূপ
উল্লেখ্য যে, বাঁহ-বেতৰ কামৰ প্ৰতি আগ্ৰহ সৰুৰে পৰাই আছিল তৰণী বৈশ্যৰ। কিন্তু লকডাউনৰ সময়ছোৱাত আজৰি সময়ত ঘৰত এনেই বহি নাথাকি তেওঁ সৃষ্টিশীল কামত মনোনিৱেশ কৰে। বিভিন্ন ধৰণৰ সাজ-সজ্জাৰ সামগ্ৰী প্ৰস্তুত কৰাৰ উপৰিও একালৰ আলফা কেডাৰজনে নিজেই দোতোৰা আৰু দগৰ সাজি উলিয়াইছে আৰু এই লোকবাদ্যবোৰ তেওঁ নিজে বজাবও পাৰে।
তৰণী বৈশ্যই নিজ হাতে প্ৰস্তুত কৰা দোতোৰা
উল্লেখযোগ্য যে, তৰণী বৈশ্যই এইবোৰৰ বাবে ক’তো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাছিল। নিজাববীয়াকৈ সামগ্ৰীবোৰ প্ৰস্তুত কৰিব শিকিছিল। ইউটিউবৰ সহায়তো হস্তশিল্পৰ বহু কথা তেওঁ জানিব পাৰিছিল। পৰিয়াল পোহপালৰ দায়িত্বৰ মাজতে যিখিনি সময় লাভ কৰে, সেই সময়খিনিৰ উচিত ব্যৱহাৰ কৰি সৃষ্টিশীল কাম-কাজত মন দিয়ে প্রাক্তন আলফা সদস্যগৰাকীয়ে। তেওঁ অসমীয়া সমাজৰ পৰা লাহে লাহে নাইকিয়া হ'ব ধৰা অপৰিহাৰ্য্য সামগ্ৰীসমূহ প্ৰস্তুত কৰি নৱ-প্ৰজন্মৰ মাজত চিনাকি কৰাই দিব বিচাৰে।
আৱাজ দ্য ভইচ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰাক্তন আলফা সদস্য তৰণী বৈশ্যই কয়; "মই ১৯৯০ চনত আলফাত যোগদান কৰিছিলোঁ। ১৯৯২ চনত প্ৰশিক্ষণ ল'বৰ বাবে মই ভূটান পাহাৰলৈ গৈছিলোঁ। আৰ্থিকভাৱে মই এতিয়াও দূৰ্বল যদিও সেই সময়ত আৰু বেছি বেয়া অৱস্থা আছিল। পঢ়াৰ মন আছিল কিন্তু পৰিয়ালৰ আৰ্থিক অৱস্থা হেঙাৰ হিচাপে থিয় দিছিল। সেই সময়ত আমাৰ ঘৰত দুই-এজন আলফাৰ ল’ৰা আহিছিল। তেওঁলোকৰ লগত বিভিন্ন সমস্যাৰ কথা আলোচনা কৰিছিলো। পিছত মই সিদ্ধান্ত ললোঁ যে আলফাত যোগদান কৰিম আৰু তেনেকৈয়ে এদিন আলফাৰ শিবিৰলৈ গুচি গৈছিলো। সুদীৰ্ঘ ১৩ বছৰ আলফাত আছিলো। ২০০৩ চনত মই সংগঠন এৰি মূলসুঁতিলৈ ঘূৰি আহো। একান্ত ব্যক্তিগত কাৰণ আৰু পৰিয়ালৰ বাবে মই মূলসুঁতিলৈ ঘূৰি আহিবলগীয়া হ'ল। কিন্তু আজিলৈ সংগঠনটোৰ বা সমাজৰ বাবে কোনোধৰণৰ বেয়া কাম কৰা নাই আৰু ভৱিষ্যতেও নকৰোঁ। জাতিটোক ভাল পাওঁ, মানুহৰ কল্যানৰ বাবে কাম কৰাৰ মন আছে।"
বৈশ্যৰ হস্তনিৰ্মিত গৰু গাড়ী আৰু চাহ খোৱা কাপ
"মই জনাত ২০০৩ চনত আত্মসমৰ্পণ কৰা সকলে চৰকাৰী ভাবে কোনোধৰণৰ আৰ্থিক সাহায্য আৰু চৰকাৰী সুবিধা পোৱা নাই। কিন্তু তাৰে আগৰ আৰু পাছৰসকলে ₹১.৫ লাখ আৰু চাকৰিও লাভ কৰিছিল। মই মোৰ পৰিয়াল পোহপাল দিয়াত যথেষ্ট কষ্ট পাইছোঁ। এফালে, সমাজৰ কিছুলোকে ছালফা (আত্মসমৰ্পণ কৰা আলফা সদস্য) বুলিলেই অলপ বেলেগ চকুৰে চায়," তৰণী বৈশ্যই কয়।
উল্লেখযোগ্য যে, প্ৰাক্তন আলফা সদস্য তৰণী বৈশ্যই নিজৰ আজৰি সময়ত নাৰিকলৰ বাকলি, বাঁহ আৰু কাঠেৰে সুন্দৰ সাজ-সজ্জাৰ সামগ্ৰী তৈয়াৰ কৰে যদিও সেই সামগ্ৰীসমূহ তেওঁ বিক্ৰী কৰিবলৈ এখন উপযুক্ত মঞ্চ তথা বজাৰ বিচাৰি পোৱা নাই। বৰ্তমান পত্নী আৰু দুই ল’ৰা সন্তানক পোহপাল দিবলৈ তেওঁ ব্যক্তিগত খণ্ডত কাম কৰি আছে। কিন্তু, সৃষ্টিশীল কৰ্মৰাজিক আগুৱাই নিবলৈ তেওঁক প্ৰয়োজন এতিয়া পৰ্যাপ্ত সহায়-সহযোগিতা আৰু এখন উপযুক্ত মঞ্চৰ।