শম্পি চক্ৰৱৰ্তী পুৰকায়স্থ
সভ্যতাৰ নামত এফালে যেনেকৈ নিৰ্বিচাৰে গছ কটা হৈছে, ঠিক সেই সময়তে সম্পূৰ্ণ বিপৰীত পথেৰে খোজ দি প্ৰকৃতিক নতুনকৈ সজাই তুলিছে কোচবিহাৰৰ হাজৰাপাৰা অঞ্চলৰ বাসিন্দা বিনয় দাসে। পেচাত ৰাজবাড়ীৰ এজন বিষয়া এই ব্যক্তিজনে যোৱা ১৩ বছৰতকৈও অধিক সময় ধৰি অকলেই কোচবিহাৰ চহৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত চাৰে ১৩ হাজাৰতকৈও অধিক গছপুলি ৰোপণ কৰিছে।
কেৱল গছ লগোৱাই নহয়, নিজ হাতে লগোৱা প্ৰতিজোপ গছৰ যত্ন লোৱাৰ দায়িত্বও তেওঁ নিজে লৈছে। এই কাৰণেই কোচবিহাৰত তেওঁ ‘সেউজ বিনয়’ নামেৰে পৰিচিত হৈ পৰিছে।
৩৫ বছৰ বয়সৰ পৰাই গছ লগোৱাৰ নিচাত মগ্ন হয় বিনয় দাস। সৰুৰে পৰাই পৰিৱেশ সম্পৰ্কে চিন্তাই আছিল তেওঁৰ ধ্যান-জ্ঞান। কামৰ ব্যস্ততাৰ মাজতো প্ৰকৃতিৰ বাবে সময় উলিয়াই লোৱাটো তেওঁৰ অভ্যাস। নিজৰ হাতৰ ধন খৰচ কৰিয়েই তেওঁ নাৰ্ছাৰীৰ পৰা গছপুলি কিনি আনে। প্ৰতিদিনে পুৱাই গাড়ী লৈ চহৰ আৰু সংলগ্ন অঞ্চলৰ বিভিন্ন খালী ঠাই, ডাঙৰ পথৰ কাষ, নদীৰ পাৰ আৰু হাবিলৈ ওলাই যায়। পুৱা ৮ বজালৈকে য’তেই প্ৰয়োজন বুলি অনুভৱ কৰে, তাতেই তেওঁ গছ ৰোপণ কৰে।
বিনয়বাবুৱে কেৱল নিজে ৰোপণ কৰা গছবোৰৰে যত্ন নলয়, আন মানুহে লগোৱা গছবোৰৰ দায়িত্বও স্বেচ্ছাই নিজে কান্ধ পাতি লয়। গছ লগোৱাৰ বাবে প্ৰয়োজনীয় কেইবাবিধো যন্ত্ৰ তেওঁ নিজৰ পইচাৰে কিনিছে। যদিও মূল কামটো তেওঁ অকলেই কৰে, তথাপি স্থানীয় কেইজনমান লোকে তেওঁক মাজে মাজে সহায় কৰে। তেওঁৰ এই নিৰন্তৰ প্ৰচেষ্টাৰ ফলতেই ইতিমধ্যে কোচবিহাৰত তিনিটাকৈ সৰু সৰু বনাঞ্চল গঢ়ি উঠিছে।
শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত নিজৰ নাম শুনি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে বিনয় দাস। ২৫ জানুৱাৰীৰ ‘মন কি বাত’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ কামৰ কথা দেশবাসীৰ আগত দাঙি ধৰে। এই সন্দৰ্ভত বিনয়বাবুৱে কয়, “প্ৰধানমন্ত্ৰীয়ে মোৰ কথা কৈছে, সেয়া শুনি খুবেই ভাল লাগিছে। এয়া মোৰ বাবে অত্যন্ত গৌৰৱৰ বিষয়। এই স্বীকৃতিয়ে মোক অধিক উৎসাহ যোগাইছে। অনাগত দিনত আৰু বৃহৎ পৰিসৰত কাম কৰিব বিচাৰো। মোৰ লক্ষ্য হৈছে কোচবিহাৰৰ ৩২ খন নদীৰ চৰত খণ্ডবন (সৰু বন) গঢ়ি তোলা।”
এজন ব্যক্তিৰ একক উদ্যোগ আৰু প্ৰকৃতিৰ প্ৰতি থকা নিস্বাৰ্থ ভালপোৱাৰ এই যুঁজ আজি বহু লোকৰ বাবে অনুপ্ৰেৰণা হৈ পৰিছে। বিনয় দাসৰ একমাত্ৰ ‘নিচা’ হৈছে গছপুলি ৰোপণ কৰা আৰু সেই নিচাই আজি কোচবিহাৰক কৰি তুলিছে অধিক সেউজীয়া আৰু প্ৰাণৱন্ত।