বন্যপ্ৰাণী সংৰক্ষণৰ বাবে নিজৰ সীমা অতিক্ৰম কৰা জয়নাল, ফিৰোজ, আনোৱাৰুদ্দিন আৰু নেজিব

Story by  Daulat Rahman | Posted by  Munni Begum • 2 Months ago
জয়নাল আবেদিন, নেজিব আহমেদ,  ডঃ আনোৱাৰুদ্দিন চৌধুৰী আৰু ফিৰোজ আহমেদ
জয়নাল আবেদিন, নেজিব আহমেদ, ডঃ আনোৱাৰুদ্দিন চৌধুৰী আৰু ফিৰোজ আহমেদ
 
দৌলত ৰহমান
 
সমগ্ৰ বিশ্বতে বিশ্ব বন্যপ্ৰাণী দিৱস উদযাপন কৰাৰ  সময়তে আমি অসমৰ কেইজনমান মুছলমান ব্যক্তিৰ কথা উল্লেখ কৰিব ওলাইছোঁ, যিসকলে বন্যপ্ৰাণী আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে নিজৰ সীমা অতিক্ৰম কৰি চেষ্টা কৰি আহিছে।
 
ওখ আৰু সুঠাম স্বাস্থ্যৰ অধিকাৰী জয়নাল আবেদিন এসময়ৰ এগৰাকী তীক্ষ্ণ আৰু পেছাদাৰী চিকাৰী। কিন্তু আজি তেওঁ অসমৰ এজন অগ্রনুৱা বন্যপ্ৰাণী সংৰক্ষক। তেওঁ দেউতাকৰ লগত থকা বন্দুকৰ প্ৰতি সৰুৰে পৰাই যথেষ্ট আকৰ্ষিত হৈছিল আৰু পিছলৈ চিকাৰত দেউতাকৰ সংগী হৈ পৰিছিল।
 
 
World Wildlife Day
 
 
"মোৰ দেউতাই ডিব্রু ছৈখোৱা বনাঞ্চলত প্ৰায়ে চিকাৰ। সেই সময়ত ডিব্রু ছৈখোৱাক জৈৱমণ্ডল সংৰক্ষণ হিচাপত ঘোষণা কৰা হোৱা নাছিল। লাহে লাহে মই দেউতাক অনুসৰণ কৰিবলৈ ধৰিলোঁ। চিকাৰৰ সৈতে জড়িত বিপদ আৰু প্ৰত্যাহ্বানে মোৰ মনত আলোড়নৰ সৃষ্টি কৰিছিল" জয়নালে কয়।
 
জয়নালে প্ৰথমে হাঁহ কুকুৰা মাৰি অৰণ্যত মোৰ চমু প্ৰবেশৰ আৰম্ভ কৰিছিল।  প্ৰথমতে জয়নালে ভাবিছিল যে এইটো কেৱল মোৰ এটা চখ হ'ব বেলেগ একো নহয়। কিন্তু পিছলৈ অৰণ্যৰ ভিতৰত থকা প্ৰচুৰ বন্যপ্ৰাণীয়ে বিভিন্ন ক্ষেত্ৰৰ  প্ৰভাৱশালী লোকসকলক আকৰ্ষিত কৰিবলৈ আৰম্ভ কৰিবলৈ ধৰিলে আৰু তেওঁ তেওঁলোকৰ সৈতে চিকাৰৰ বাবে বনাঞ্চললৈ সঘনাই  যাবলৈ আৰম্ভ কৰিলে। লাহে লাহে অনুভৱ নকৰাকৈয়ে জয়নাল এজন পেছাদাৰী চিকাৰী হৈ পৰিল।
 
আন্তঃৰাষ্ট্ৰীয় খিতাপ পাবলৈ সক্ষম হোৱা নেজিব আহমেদৰ ফটোখন
 
কিন্তু দুটা ঘটনাই -- গৰ্ভজাত ম'হৰ পোৱালিৰ অকাল মৃত্যু আৰু এটা বনৰীয়া হাতীৰ গছকত এজন বন বিষয়াৰ মৃত্যুৰ ঘটনাই -- জয়নালৰ জীৱনৰ গতি সলনি কৰিলে পেলালে। প্ৰথম ঘটনাটো ১৯৯১ ৰ পৰা ১৯৯২ চনৰ ভিতৰত অসমৰ এক উগ্ৰপন্থী সংগঠন তদানীন্তন নিষিদ্ধ আলফাৰ বিৰুদ্ধে সেনাৰ প্ৰথম অভিযানৰ সময়ত সংঘটিত হৈছিল।
 
জয়নালে কয়: "মই এজন জ্যেষ্ঠ ভাৰতীয় সেনা বিষয়াক লগ পাইছিলোঁ। বিষয়াজনে ম'হৰ শিং বিচাৰিছিল। মই তেওঁক কৈছিলোঁ যে বহু ম'হৰ শিং খুলি অৰণ্যত পৰি থকা দেখা গৈছিল আৰু তেওঁ সেইবোৰৰ পৰা যিকোনো এটা ল'ব পাৰে। কিন্তু সেনা বিষয়া গৰাকীয়ে মোক জোৰ দিছিল যে মই এটা জীৱিত ম'হ গুলিয়াব লাগে আৰু শিংটো তেঁওক দিব লাগে। সেই দিনবোৰত এজন সেনা বিষয়াৰ ইচ্ছাক 'না' কোৱাটো কঠিন আছিল। অৱশেষত মই এটা জীৱিত বনৰীয়া ম'হৰ সন্ধানত অৰণ্যলৈ গৈছিলোঁ আৰু সেইসময়ত নিৰীহ জন্তুটো গৰ্ভৱতী বুলি অনুভৱ নকৰাকৈ গুলিয়াই দিছিলোঁ। সেইটোৱেই মই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল কৰিছিলোঁ। তেতিয়াৰ পৰা মই অনুশোচনা কৰিবলৈ জীয়াই আছোঁ আৰু গোটেই জীৱন বন্দুকৰ পৰা আঁতৰি থাকিবলৈ সিদ্ধান্ত লৈছিলোঁ।"
 
তেওঁ বাঘৰ সৈতে থাকি ভাল পায়। আচৰিত লাগিলেও কথাষাৰ অতিৰঞ্জিত নহয়। গভীৰ অৰণ্যৰ মাজত বাঘ বিচাৰি ফুৰা আৰু বাঘক কেমেৰাত বন্দী কৰাটো তেওঁৰ নিচা।  
ফিৰোজ আহমেদে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এম এছ গিলৰ পৰা কাৰ্ল জেইছ বঁটা গ্ৰহণ কৰিছে
 
এনে বিপদজনক কাৰ্য্যৰ আঁৰত থকা মানুহজন হৈছে ফিৰোজ আহমেদ। উত্তৰ পূৰ্বাঞ্চলৰ বন্যপ্ৰাণী জীৱবিজ্ঞানী (wildlife biologist) ফিৰোজ ভাৰতৰ আন্তৰ্জাতিকভাৱে প্ৰশংসিত বাঘ বিশেষজ্ঞসকলৰ মাজৰ এজন। ২০১০ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পানীত জিৰণি লৈ থকা এটা প্ৰাপ্তবয়স্ক বাঘক তেওঁৰ কেমেৰাত বন্দী কৰাৰ পিছত তেওঁ সমগ্ৰ দেশত জনপ্ৰিয় হৈ পৰিছিল। বাঘৰ ছবিখন কেমেৰাত বন্দী কৰাৰ পিছত ফিৰোজে এইটো আৱিষ্কাৰ কৰে যে ভাৰতৰ ভিতৰতে প্ৰতি এশ বৰ্গ কিলোমিটাৰত বাঘৰ ঘনত্ব কাজিৰঙাত সৰ্বাধিক আছিল।  
 
ফিৰোজে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত বাঘৰ লোকপিয়লৰ সৈতে জড়িত হৈ আছে। তেওঁ ২০০৮-২০১৩ চনলৈ কাজিৰঙাত কেমেৰা ট্ৰেপিং অনুশীলনৰ নেতৃত্ব দিছিল। তেওঁ ২০০৭ ৰ পৰা ২০১০ চনৰ ভিতৰত ওৰাং আৰু মানস ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ নিৰীক্ষণ প্ৰক্ৰিয়াত নেতৃত্ব প্ৰদান কৰিছিল। কেমেৰা ট্ৰেপিং অনুশীলনীৰ সময়ত ফিৰোজে বনাঞ্চলত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। খঙাল গঁড়বোৰে প্ৰায়ে ফিৰোজ আৰু তেওঁৰ দলৰ অন্য সদস্য সকলক খেদি আহিছিল।
 
ফিৰোজ অসমত বৰ্তমান বাঘৰ সংখ্যাক লৈ সুখী।  তেওঁ কয়, "বাঘৰ সংখ্যাৰ প্ৰৱণতা বৃদ্ধি পাইছে। পৰৱৰ্তী ১৫-২০ বছৰত ই দুগুণ বৃদ্ধি হ'ব পাৰে, যদিহে মানাস টাইগাৰ ৰিজাৰ্ভৰ দৰে সংখ্যা বৃদ্ধি কৰাৰ সুযোগ অধিক থকা এলেকাবোৰত বনাঞ্চলৰ ব্যৱস্থাপনা শক্তিশালী কৰা হয়। দৰাচলতে, মানাস ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সংখ্যা যোৱা ১০ বছৰত ১০ ৰ পৰা ৪৪ লৈ বৃদ্ধি পাইছে আৰু পৰৱৰ্তী ১০-১৫ বছৰত তিনিগুণ নহ'লেও দুগুণ হ'ব।"
 
দুষ্প্ৰাপ্য ক'লা মুৰীয়া গ্ৰীণফিঞ্চ পক্ষী অৰুণাচলত
 
অসম চৰকাৰৰ আয়ুক্ত আৰু সচিব পদৰ পৰা অৱসৰ গ্ৰহণ কৰা ৬৩ বছৰীয়া ডঃ আনোৱাৰুদ্দিন চৌধুৰীক অসমৰ পক্ষী মানৱ বুলি জনা যায়। উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পক্ষীৰ ওপৰত কিতাপ লিখা তেওঁ অসমৰ প্ৰথম জন ব্যক্তি। তেওঁৰ অধ্যয়নে অঞ্চলটোৰ বিভিন্ন প্ৰজাতিৰ পক্ষী সংৰক্ষণ আৰু সজাগতাত যথেষ্ট অৰিহণা যোগাইছে। তেওঁ ২৮ খন কিতাপ, ৫০ খন কাৰিকৰী প্ৰতিবেদন আৰু ৯০০ তকৈও অধিক প্ৰবন্ধ আৰু বৈজ্ঞানিক কাকত লিখি উলিয়াইছে।
 
৬৫ বছৰীয়া চৌধুৰীয়ে বাসস্থান সুৰক্ষিত কৰাত আৰু ২০০৩ চনত দেওহাঁহক অসমৰ ৰাজ্যিক পক্ষী হিচাপে ঘোষণা কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পূব অসমৰ বাক্সা জিলাৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়াৰ সময়ত চৌধুৰীয়ে মানস ৰাষ্ট্ৰীয় উদ্যানত কাম কৰি থকা বহু চোৰাং চিকাৰীক তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ ত্যগ কৰিবলৈ বাধ্য কৰিছিল।
 
মধ্য অসমৰ দৰং জিলাৰ দলগাঁৱৰ বন্যপ্ৰাণী ফটোগ্ৰাফাৰ নেজিব আহমেদে নিজৰ কেমেৰাৰ জৰিয়তে মানুহ-বন্যপ্ৰাণীৰ সংঘাত বন্দী কৰি প্ৰশংসা অৰ্জন কৰিছে। শেহতীয়াকৈ তেওঁ কৰ্ণাটকৰ বেংগালুৰুত নেচাৰ ইনফ’কাছে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় ফটো প্ৰতিযোগিতাত বিজয়ী হৈছিল।
 
জয়নাল আবেদীনে পৰিৱেশ শিবিৰ অংশগ্ৰহণকাৰীক গছপুলি উপহাৰ দিছে
 
২০০৮ চনৰ পৰা Wildlife photography আৰম্ভ কৰা নেজিব আহমেদে যিখন ফটোৰ বাবে আন্তঃৰাষ্ট্ৰীয় ফটোগ্ৰাফী প্ৰতিযোগিতাখনত বিজয়ী সন্মান অৰ্জন কৰিছে, সেই ফটোখন শোণিতপুৰ জিলাৰ অন্তৰ্গত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বৰছলা গাঁওৰ। ছবিখনে অসমৰ লগতে দেশৰ অন্যান্য প্ৰান্তত মানুহ-বন্যপ্ৰাণী সংঘাতৰ ঘটনা বৃদ্ধি পোৱাৰ সমস্যাক বন্দী কৰি তুলিছিল।
 
নেজিব আহমেদে কয়; "যিখন ফটো মই তুলিছিলোঁ, সেই ঠাইটো ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মাত্ৰ ২ কিলোমিটাৰ দূৰত। সেই অঞ্চলত আগে-পিছেও বাঘ ওলায়ে থাকে। ফটো উঠোৱাৰ দিনটো আছিল উৰুকাৰ দিন। তাৰ আগতেও মই তাত বিভিন্ন সজাগতামূলক কাম-কাজৰ বাবে গৈছিলোঁ। লগতে WWF আৰু Aranyakৰ সৈতেও মই কাম কৰোঁ আৰু National tiger conservation authority ৰ লগতো মই অলপ জড়িত।"