আৱাজ - দ্য ভইচ ব্যুৰ’ অসম
ৰাজনীতি আৰু ৰাজনীতিবিদসকলক লৈ সাধাৰণতে মানুহৰ মনত এক ধাৰণা থাকে যে তেওঁলোকে কেৱল ক্ষমতা আৰু ধন ঘটাৰ স্বাৰ্থতহে কাম কৰে। কিন্তু এই ধাৰণাক ভুল প্ৰমাণিত কৰি সমাজৰ আগত এক বিৰল আৰু মহান নিঃস্বাৰ্থ জনসেৱাৰ নিদৰ্শন দাঙি ধৰিছে মিজোৰামৰ এগৰাকী বিধায়কে। তেওঁৰ এই পদক্ষেপে প্ৰমাণ কৰিছে যে ৰাজনীতিত আজিও ত্যাগ আৰু মানৱ সেৱাৰ মূল্যবোধ জীয়াই আছে।
এইগৰাকী বিধায়ক তথা মিজোৰামৰ প্ৰাক্তন মন্ত্ৰী হৈছে ৰবাৰ্ট ৰোমাৱিয়া ৰয়টে। তেওঁ যোৱা ৭.৫ বছৰ অৰ্থাৎ ধাৰাবাহিকভাৱে ৯০ মাহ ধৰি নিজৰ চৰকাৰী দৰমহাৰ ১০০ শতাংশই দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ কল্যাণৰ অৰ্থে দান কৰি আহিছে। ২০১৮ চনৰ ডিচেম্বৰ মাহৰ পৰা ২০২৬ চনৰ জুন মাহলৈকে তেওঁ নিজৰ প্ৰাপ্য দৰমহাৰ এটা টকাও ঘৰলৈ নিয়া নাই। ইয়াৰ পৰিৱৰ্তে এই সমগ্ৰ ধনৰাশি এটা নিৰ্দিষ্ট দাতব্য একাউণ্টলৈ স্থানান্তৰ কৰিছে, যাৰ সৰ্বমুঠ পৰিমাণ হৈছেগৈ প্ৰায় ১.২৫ কোটি টকা। এক বিবৃতিত প্ৰকাশ পোৱা অনুসৰি, এই সময়ছোৱাৰ ভিতৰত কেবিনেট মন্ত্ৰী হিচাপে তেওঁৰ ৬০ মাহৰ কাৰ্যকাল আৰু বিধায়ক হিচাপে ৩০ মাহৰ কাৰ্যকাল অন্তৰ্ভুক্ত আছে। প্ৰতিটো খৰচৰ সঠিক নথিপত্ৰ ৰখা হৈছে আৰু ইয়াক কেৱল সমাজ কল্যাণমূলক কামত ব্যৱহাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।
এক অনুষ্ঠানত ভাষণ দি থকা অৱস্থাত বিধায়ক ৰবাৰ্ট ৰোমাৱিয়া ৰয়টে
প্ৰকাশিত তথ্য অনুসৰি, এই ধনৰাশি মিজোৰামৰ দৰিদ্ৰ পৰিয়াল, আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰী, গীৰ্জা, NGO আৰু অন্যান্য সামূহিক কল্যাণমূলক কাৰ্যসূচীত ব্যয় কৰা হৈছে। দান কৰা প্ৰতিটো টকাৰ সঠিক আৰু নিকা নথিপত্ৰ ৰখা হৈছে যাতে ইয়াক কেৱল সমাজ কল্যাণমূলক কামত ব্যৱহাৰ কৰিব পাৰি। ৰয়টে জানিবলৈ দিয়া মতে, এই সিদ্ধান্ত তেওঁ ২০১৮ চনৰ মিজোৰাম বিধানসভা নিৰ্বাচনৰ পূৰ্বেই গ্ৰহণ কৰিছিল। তেওঁ প্ৰতিশ্ৰুতিবদ্ধ হৈছিল যে MNF দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি যদিহে তেওঁ নিৰ্বাচিত হয়, তেন্তে নিজৰ সম্পূৰ্ণ দৰমহা দৰিদ্ৰ জনসাধাৰণক দান কৰিব। সেই প্ৰতিশ্ৰুতি তেওঁ আখৰে আখৰে পালন কৰাই নহয়, ভৱিষ্যতেও এই ধাৰা অব্যাহত ৰখাৰ পৰিকল্পনা কৰিছে।
তেওঁ কয়, "২০১৮ চনৰ বিধায়ক নিৰ্বাচনৰ ঠিক আগে আগে মই একেলগে দুটা সিদ্ধান্ত লৈছিলো। প্ৰথম MNF পৰা প্ৰতিদ্বন্দ্বিতা কৰা আৰু নিৰ্বাচিত হ'লে মোৰ সম্পূৰ্ণ দৰমহা দৰিদ্ৰসকলক দান কৰা। মই সেয়াই কৰিলো আৰু ভৱিষ্যতেও কৰি যাম।"
এজন নিৰ্বাচিত প্ৰতিনিধি হোৱাৰ সমান্তৰালকৈ ৰবাৰ্ট ৰোমাৱিয়া ৰয়টে এজন সফল উদ্যোগীও। তেওঁ ‘নৰ্থ ইষ্ট কন্সালটেন্সি ছাৰ্ভিচেছ’ (NECS), ‘ৰয়টে ফিচাৰিজ’ আৰু ‘ৰয়টে ব্ৰিক ইণ্ডাষ্ট্ৰিজ’ৰ প্ৰতিষ্ঠাপক। তেওঁৰ এই আৰ্থিক স্বাৱলম্বিতাই তেওঁক নিজৰ চৰকাৰী উপাৰ্জন সম্পূৰ্ণৰূপে সমাজ কল্যাণৰ হকে উছৰ্গা কৰিবলৈ সাহস আৰু সুবিধা প্ৰদান কৰিছে।
গুৱাহাটীৰ জিএনআৰচি হাস্পতালৰ জ্যেষ্ঠ নিউৰ'ছাৰ্জন তথা নিউৰ'ছাৰ্জাৰী বিভাগৰ সঞ্চালক ডাঃ নৱনীল বৰুৱাৰ বাসগৃহত বিধায়ক ৰবাৰ্ট ৰোমাৱিয়া ৰয়টে
তেওঁৰ এই মহান কাৰ্যই আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাগৰাকীও শীৰ্ষ নেতাৰ আদৰ্শক প্ৰতিফলিত কৰে। গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ সঞ্চিত ধন ৰাজ্যিক সচিবালয়ৰ কৰ্মচাৰীসকলৰ কন্যা সন্তানৰ শিক্ষাৰ বাবে এটা কল্যাণমূলক পুঁজিলৈ দান কৰিছিল। ঠিক একেদৰে, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু উৰুগুৱেৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হোজে মুজিকায়ো নিজৰ কাৰ্যকালৰ দৰমহা সমাজৰ হকে ত্যাগ কৰিছিল। ৰয়টেৰ এই পদক্ষেপকো সেই একেই নিঃস্বাৰ্থ সেৱাৰ সমপৰ্যায়ৰ বুলি গণ্য কৰা হৈছে।
প্ৰকৃত জনপ্ৰতিনিধিৰ সংজ্ঞা কি হোৱা উচিত, সেয়া ৰবাৰ্ট ৰোমাৱিয়া ৰয়টে নিজৰ কৰ্মৰ জৰিয়তে সমগ্ৰ দেশবাসীৰ আগত প্ৰমাণ কৰি দেখুৱালে। সমাজৰ প্ৰতি থকা তেওঁৰ এই দায়বদ্ধতা আৰু ব্যক্তিগত স্বাৰ্থত্যাগ কেৱল ৰাজনীতিবিদসকলৰ বাবেই নহয়, বৰঞ্চ প্ৰতিগৰাকী সাধাৰণ নাগৰিকৰ বাবেও এক বিৰল আৰু মহান অনুপ্ৰেৰণা। ৰাজনীতিৰ জগতখনত এনেকুৱা ব্যক্তিয়ে সমাজৰ প্ৰতি মানুহৰ বিশ্বাস আৰু আস্থা সদায় সজীৱ কৰি ৰাখে।
চৰকাৰী উপাৰ্জন প্ৰয়োজনত থকাসকলৰ মাজলৈ লৈ গৈ তেওঁ নিঃস্বাৰ্থ জনসেৱাৰ যি সংষ্কৃতি গঢ়ি তুলিছে, সেয়া সকলোৰে বাবে অনুকৰণীয়। সমাজৰ প্ৰতি থকা তেওঁৰ এই গভীৰ দায়বদ্ধতা আৰু ব্যক্তিগত স্বাৰ্থত্যাগ কেৱল ৰাজনীতিবিদসকলৰ বাবেই নহয়, প্ৰতিগৰাকী সাধাৰণ নাগৰিকৰ বাবেও এক বিৰল অনুপ্ৰেৰণা। ৰাজনীতিৰ জগতখনত ৰবাৰ্ট ৰোমাৱিয়া ৰয়টেৰ দৰে ব্যক্তিয়েই প্ৰমাণ কৰে যে মানৱীয়তা আজিও জীয়াই আছে আৰু এনে ব্যক্তিয়েই সমাজৰ প্ৰতি মানুহৰ বিশ্বাস আৰু আস্থা চিৰযুগমীয়া কৰি ৰাখে।