এদিন পেটৰ ভাতৰ বাবে সংগ্ৰাম কৰা মইনুল হকে এতিয়া ৩০০ পৰিয়ালক দিছে জীৱিকা, স্বাস্থ্য-শিক্ষাৰ সুবিধা

Story by  atv | Posted by  Munni Begum • 1 Years ago
মইনুল হক
মইনুল হক
 
মালতী শৰ্মা / বিলাসীপাৰা
 
কঠোৰ পৰিশ্ৰম, দৃঢ়তা আৰু অধ্যাৱসায় থাকিলে জীৱনত এদিন হ'লেও সফলতা অর্জন কৰিব পাৰি। এই কথাকে প্ৰমাণ কৰি ধুবুৰীৰ বিলাসীপাৰাৰ মইনুল হকে আজি নিজে স্বাৱলম্বী হোৱাৰ লগতে ৩০০ৰো অধিক পৰিয়ালৰ পেটৰ ভাত মোকলাবলৈ সক্ষম হৈছে। লগতে এই পৰিয়ালসমূহক তেওঁ আগবঢ়াইছে শিক্ষা আৰু স্বাস্থ্যৰ দৰে মৌলিক সা-সুবিধা। 
 
'আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা এক বাৰ্তালাপত নম্ৰ, মৃদুভাষী মইনুল হক ওৰফে বল্টুকে কয় যে জীৱনৰ আৰম্ভণিতে তেওঁ জীয়াই থকাৰ বাবে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হৈছিল। বিলাসীপাৰা মহকুমাৰ লক্ষীগঞ্জৰ চোকাপাৰা-নওঁদা নামৰ এখন পিছপৰা গাৱঁত তেওঁ জন্ম লাভ কৰিছিল। মৎস্য ব্যৱসায়ী পিতৃ চাবেদ আলী আৰু লোকৰ ঘৰত কাম কৰা মাতৃ মনোৱাৰা বিবিৰো আনৰ দৰে নিজৰ সন্তানক লৈ  আছিল অযুত সপোন। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
সেই অনুসৰি, দিন বাগৰাৰ লগে লগে মইনুলক পিতৃ-মাতৃয়ে ওচৰৰে এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰাই দিয়ে। দুই পুত্ৰ সন্তান আৰু চাৰিজনীকৈ কন্যা সন্তানেৰে ভৰা পৰিয়ালটোৰ ভোৰণ-পোষণ দিয়াতো মৎস্য ব্যৱসায়ী চাবেদ আলীৰ বাবে ক্ৰমান্বয়ে জটিল হৈ  পৰে। তাতে আকৌ ভূতৰ ওপৰত দানহ  পৰা দি চাবেদ আলী ৰোগাক্ৰান্ত হৈ পৰে। 
 
"এনে অৱস্থাত ৮ জনীয়া পৰিয়ালটোৰ ভোৰণ-পোষণ আৰু দেউতাৰ পৰিচৰ্যা কৰাটো আমাৰ বাবে দুঃসাধ্য হৈ পৰিছিল। ফলত কেতিয়াবা আমি অনাহাৰে দিন অতিবাহিত কৰিবলগীয়াও হয়। দৰিদ্ৰতাৰ কৰাঁল গ্ৰাসত পৰি অৱশেষত এদিন মই স্কুল এৰিলো। তেতিয়া মোৰ বয়স আছিল ৮ বছৰ। পৰিয়ালটোক কিদৰে ভোৰণ-পোষণ দিব পৰা যায়, তাৰে চিন্তাত মই ব্ৰতী হৈছিলো। তাৰ পিছত পথৰ কেকুঁৰীত পাপড় সেকি সেয়া বেচিবলৈ আৰম্ভ কৰো। অলপ ধন আহৰণ হোৱাত মই টেবুল এখনত পাপড়ৰ লগতে তামোল-পানো বেচিবলৈ লৈছিলো।"-মইনুলে কয়।
 
নিৰ্মান কাৰ্য চলি থকা এটা অট্টালিকাৰ ছবি
 
উল্লেখ্য যে, কঠোৰ পৰিশ্ৰম কৰি তেওঁ ৩-৪ বছৰৰ ভিততৰতে সৰু দোকানখনৰ পৰিসৰ বৃদ্ধি কৰি গেলামালৰ দোকান এখন মুকলি কৰে। এইদৰে পৰিশ্ৰমৰ লগতে সততাৰে ব্যৱসায় কৰি মইনুল হকে কিছু সফলতা অর্জন কৰিছিলহে মাত্ৰ, তেনে সময়তে পিতৃ চাবেদ আলী পেৰালাইছত আক্ৰান্ত হোৱাত কিশোৰজনে চৌদিশে অন্ধকাৰ দেখিবলৈ ল'লে। ইয়াৰ পিছতো অৱশ্যে নিজৰ লক্ষ্যৰ পৰা অলপো বিচলিত নহৈ মইনুলে এইবাৰ মৎস্য ব্যৱসায়ত উঠিপৰি লাগে। 
 
পুৱতি নিশা এখন পুৰণি চাইকেলৰে হাতীপোতা, টিলাপাৰা, শালকোচা আদি অঞ্চলৰ পৰা মাছ কিনি আনি তেঁও বিলাসীপাৰা বজাৰ, বেলতলী বজাৰ আদিত বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। এই ব্যৱসায় কৰিয়ে ২০ বছৰ বয়সত তেওঁ বিবাহপাশত আবদ্ধ হয়। এনেদৰে কিছুদিন অতিবাহিত কৰাৰ পিছত মইনুল হকে বালি-শিল-কাঠ আদিৰ ব্যৱসায় কৰিবলৈ আৰম্ভ কৰে। 
 
এই ব্যৱসায়ত লাভ কৰা মুনাফাৰ জৰিয়তেই তেওঁ ৫ বছৰৰ ভিতৰত আটাইকেইজনী ভনীয়েকক বিয়া দিয়ে। ইয়াৰ পাছতে বিভিন্ন ঠিকাদাৰৰ সহযোগী হিচাবে কাম কৰিবলৈ লয়। দৰিদ্ৰতা আৰু কষ্টক অতি ওচৰৰ পৰা লাভ কৰা দৃঢ়মনা যুৱকজনৰ সফলতা অৰ্জনৰ হেঁপাহ ইমানতে অন্ত পৰা নাছিল। 
 
এখন দেৱাল নিৰ্মান কৰি থকা দৃশ্য
 
ব্যৱসায়ৰ লগতে তেওঁ বিভিন্ন সামাজিক কাম-কাজৰ সৈতে জড়িত হৈ পৰে। তেওঁ উপলব্ধি কৰিছিল যে, নামনি অসমৰ বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকল বিভিন্ন দিশৰ পৰা পিছপৰা। এসাজ ভাতৰ বাবে হাহাকাৰ কৰিবলগীয়াত পৰাও তেওঁ প্ৰত্যক্ষ কৰিছে। 
 
তেওঁ শৈশৱতে সন্মুখীন হোৱা পৰিস্থিতি যাতে আন কোনো পৰিয়ালে সন্মুখীন হ'বলগীয়া নহয়, তাক লৈ তেওঁ সদায় চিন্তা কৰিছিল। দৰিদ্ৰতাৰ কৰাঁল গ্ৰাসত পৰা পৰিয়ালৰ হকে কাম কৰাৰ অযুত হেপাহ কিশোৰ অৱস্থাৰ পৰাই মনত পুহি ৰখা মইনুল হকে ৪০ বছৰ বয়সত ৰানীগঞ্জৰ টাকিমাৰীত এটা ইটা প্ৰস্তুত কৰা উদ্যোগ স্থাপন কৰে। 
 
মনকৰিবলগীয়া যে, তেওঁৰ এই উদ্যোগে অঞ্চলটোৰ প্ৰায় ৩০০টা পৰিয়ালক জীৱিকাৰ সন্ধান দিছে। ইয়াৰে অধিকাংশ পৰিয়াল ইছলাম ধৰ্মাৱলম্বী দৰিদ্ৰ লোক। এই সকল পৰিয়ালক তেওঁ জীৱিকাৰ পথ মুকলি কৰি দিয়াৰ উপৰিও তেওঁলোকক চিকিৎসা, বিশুদ্ধ খোৱাপানী আৰু শিক্ষাৰ দৰে মৌলিক সা-সুবিধাসমূহো আগবঢ়াইছে। শূন্যৰ পৰা সফলতাৰ শিখৰত উপনীত হোৱা মইনুল হক সম্প্ৰতি আৰ্থিকভাৱে স্বচ্ছল যদিও সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ কল্যাণৰ বাবে কাম কৰি তেওঁ পৰম আত্মতুষ্টি লাভ কৰে।