কষ্টোপাৰ্জিত ধন সমাজৰ হিতৰ বাবে বিলাই দিয়া অৱসৰপ্ৰাপ্ত শিক্ষক শ্বাহাদত আলী

Story by  atv | Posted by  Munni Begum • 1 Years ago
শ্বাহাদত আলী
শ্বাহাদত আলী
 
সঞ্জীৱ কুমাৰ দাস / নগৰবেৰা (গোৱালপাৰা)
 
ধনসৰ্বস্ব সমাজ ব্যৱস্থাত এক ব্যতিক্ৰমী চৰিত্ৰ ,যিয়ে চৰকাৰী স্কুলৰ পৰা অৱসৰ গ্ৰহণৰ পাছত হাতলৈ অহা ধনৰাশি মুক্তহস্তে আগবঢ়াইছে জনহিতকৰ আৰু ৰাজহুৱা কামত। ক’ৰবাত যদি তেওঁ দুখীয়া লোকলৈ দমকল আগবঢ়াইছে, আন ক'ৰবাত তেওঁ ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানলৈ দান আগবঢ়াইছে লাখৰ ঘৰত। সমাজক নিঃস্বাৰ্থভাৱে দান কৰি যোৱা এই ব্যক্তিগৰাকী হৈছে পূৱ গোৱালপাৰাৰ নৱাগত শিমলীতোলা অঞ্চলৰ মাটিয়া সুতাৰপাৰা গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক শ্বাহাদত আলী। 
 
উদাৰ চিন্তা আৰু মনোভাৱৰ বাবে সমাজৰ সকলো স্তৰৰ লোকৰ শ্ৰদ্ধা আৰু সন্মান লাভ কৰা এইগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে অৱসৰৰ পিছত হাতলৈ অহা ধনৰ সিংহভাগ বিলাই দিছে বিভিন্ন ৰাজহুৱা উন্নয়নৰ নামত। মাটিয়া, বাকাইটাৰী, সুতাৰপাৰা, গাৰোমাৰী, নবাগত শিমলীতোলা আদি অঞ্চলবোৰত বিনাদ্বিধাই আগবঢ়াইছে বুজন পৰিমাণৰ ধন। ইয়াৰোপৰি যিকোনো লোকেই কিবা বিপদৰ সন্মুখীন হ’লেই সৰ্বোতোপ্ৰকাৰে সহায়ৰ হাত আগবঢ়াই আহিছে অৱসৰী শিক্ষক আলীয়ে।
 
ইতিমধ্যে মন্দিৰ-মছজিদ নিৰ্মাণ, ৰাজহুৱা স্থানত দমকল বহুৱাই দিয়া আদি কামৰ মাজৰে অঞ্চলজুৰি তেওঁ চৰ্চিত হৈ পৰিছে। অলপতে অঞ্চলটোৰ নৱাগত শিমলীতোলা বজাৰৰ দূৰ্গা মন্দিৰ নিৰ্মাণৰ নামত নিৰ্মাণ কমিটিৰ সৈতে আলোচনা মৰ্মে শ্বাহাদত আলীয়ে ডেৰ লাখ টকাৰ এখন চেক আগবঢ়ায়।
 
ধৰ্মীয় সংকীৰ্ণতাৰ উৰ্ধত গৈ এগৰাকী ইছলামধৰ্মী লোকে এইদৰে মন্দিৰলৈ ডেৰ লাখ টকাৰ চেক আগবঢ়োৱা কাৰ্যক সকলোৱে আন্তৰিকতাৰে শলাগিছে। ভাটিবয়সত পৰিয়ালৰ আৰ্থিক নিৰাপত্তাৰ কথা চিন্তা নকৰি নিজৰ কষ্টোপাৰ্জিত ধনৰাশি পাৰ্যমানে দান কৰি যোৱা এনে মানৱদৰদী লোক বৰ্তমানৰ বস্তুবাদী সমাজত তেনেই বিৰল। তেনেস্থলত অৱসৰপ্ৰাপ্ত শিক্ষক শ্বাহাদত আলী নিঃসন্দেহে এক ব্যতিক্ৰমী চৰিত্ৰ।
 
নিজৰ ভোক আৰু লাস-বিলাসৰ কথা পাহৰি ৰাইজৰ অভাৱ-অভিযোগৰ প্ৰতি সদাসষ্টম হৈ থাকিবলৈ স্বাভাৱিকতে মনত অদম্য সাহস আৰু দৃঢ় সংকল্পৰ প্ৰয়োজন। তেনেস্থলত অৱসৰী শিক্ষকগৰাকী অঞ্চলবাসীৰ বাবে যেন এক দাতৱ্য অনুস্থান বা ন্যাসৰ দৰে পৰিছে। তেওঁৰ দৰ্শন মতে জনসেৱাতকৈ মহানধৰ্ম একোৱেই নাই, ভোগ-বিলাসিতাত ক্ৰমবৰ্ধিত অভাৱ থাকে, পিছে দানত থাকে পৰম শান্তি আৰু আত্মসন্তুষ্টি।
 
শিমলীতোলা বজাৰৰ দুৰ্গা মন্দিৰ
 
আনহাতে, নৱাগত শিমলীতোলা বজাৰৰ দুৰ্গা মন্দিৰত ডেৰলাখ টকা দানৰ পাছতেই তেওঁ এতিয়া মছজিদ কৰ্তৃপক্ষলৈও আৰ্থিক সাহায্য আগবঢ়োৱাৰ সংকল্প লোৱা বুলি 'আৱাজ-দ্য ভইচ'ক জানিবলৈ দিছে অৱসৰী শিক্ষক আলীয়ে। তেওঁ কয় যে শংকৰ-আজানৰ দেশ অসম ভূমিত সম্প্ৰীতি,সদ্ভাৱ বৰ্তাই ৰখাৰ প্ৰয়াসেৰে তেওঁ এই ধৰণৰ উদাৰতাৰ পদক্ষেপ গ্ৰহণ কৰিছে।
 
অৱসৰী শিক্ষক শ্বাহাদত আলীৰ এনে বদান্যতাৰ শলাগ লয় নৱাগত শিমলীতোলা মন্দিৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজে। ধৰ্মীয় সংকীৰ্ণতা, গোড়ামি আৰু ভেদাভেদ পাহৰি অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে নিজেই ইছলামধৰ্মী হৈও হিন্দুৰ মন্দিৰ নিৰ্মাণৰ বাবদ যি দানকাৰ্য সম্পন্ন কৰিলে, সেয়া সমাজৰ বাবে এক আদৰ্শ আৰু ব্যতিক্ৰমী পদক্ষেপ হিচাপে চিহ্নিত হৈ ৰ'ব।
 
কিয়নো চাকৰি কালত শিক্ষাৰ্থীৰ জীৱন গঢ়িবলৈ আহোপুৰুষাৰ্থ কৰা শিক্ষকসকলে জীৱনৰ বিয়লি বেলাত আৰ্থিক নিৰাপত্তাৰ বাবে চৰকাৰীভাবে লাভ কৰা ধনৰাশি আনৰ মাজত বিলাই দিয়াৰ ক্ষেত্ৰত প্ৰায়ে ইতস্ততঃ বোধ কৰা দেখা যায়। তেনেস্থলত শ্বাহাদত আলীৰ এনে ব্যতিক্ৰমী সিদ্ধান্ত সকলোৰে বাবে এক উত্তৰহীন বিস্ময়! 
 
তেওঁৰ মতে অঞ্চলটোত নূন্যতম ১০০ গৰাকী শিক্ষক আছে আৰু তেওঁলোকৰ প্ৰত্যেকেই যদি একলাখকৈ টকা ৰাজহুৱা কামৰ বাবে আগবঢ়ায়, তেন্তে ৰাইজৰ হাতত এক কোটি টকা জমা হ’ব আৰু ইয়াৰদ্বাৰা সমাজৰ ভালেখিনি সমস্য আৰু অভাৱ দূৰ কৰাটো সম্ভৱপৰ হৈ উঠিব। সেয়ে, তেওঁ নিঃসংকোচে সকলোকে পাৰ্যমানে দান কৰিবলৈ আহ্বান জনায়। ব্যক্তিস্বাৰ্থৰ উৰ্ধত গৈ সমাজৰ উন্নয়ন আৰু দুখ-দীনতাৰ সমভাগী হ’ব পাৰিলেহে মানৱ জীৱন সাৰ্থক হয় বুলিও অৱসৰী শিক্ষক আলীয়ে যুক্তি দৰ্শায়।