জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক দিল্লীৰ গংগাৰাম চিকিৎসালয়ত ভৰ্তি

Story by  atv | Posted by  [email protected] • 1 Months ago
জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী
জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী
 
নতুন দিল্লী

হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিছে ছোনিয়া গান্ধীৰ। মঙলবাৰে পুৱা দিল্লীৰ গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে জ্যেষ্ঠ কংগ্ৰেছী নেত্ৰীগৰাকীক। চিকিৎসালয়খনত চিকিৎসকৰ এটা দলৰ তীক্ষ্ণ নিৰীক্ষণত আছে নেত্ৰীগৰাকী।
 
জানিব পৰা মতে, ছোনিয়া গান্ধীক বুকুৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে। অৱশ্যে ছোনিয়া গান্ধীৰ স্বাস্থ্য সন্দৰ্ভত কংগ্ৰেছ দল অথবা চিকিৎসালয়খনে এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। অৱশ্যে দিল্লীৰ প্ৰদূষণৰ ফলত নেত্ৰীগৰাকীৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পৰিছে বুলি বিশেষ সূত্ৰই সদৰী কৰিছে।
 
উল্লেখযোগ্য যে, ছোনিয়া গান্ধী দীৰ্ঘদিন ধৰি কাহত আক্ৰান্ত হৈ আছিল। যাৰ বাবে তেওঁ নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱাই আছিল।
 
ইয়াৰ পূৰ্বে ২০২৫ চনৰ ১৫ জুনত পেটৰ সমস্যাৰ বাবে ছাৰ গংগা ৰাম হাস্পতালৰ চাৰ্জিকেল গেষ্ট্ৰ’এণ্টেৰ’লজী বিভাগত ভৰ্তি কৰোৱা হৈছিল ছোনিয়া গান্ধীক। ৭৯ বছৰীয়া নেত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থাক লৈ উদ্বিগ্ন হৈছে কংগ্ৰেছৰ নেতা-কৰ্মীসকল