শিৱাজীৰ যুদ্ধ আছিল মোগল আক্ৰমণকাৰীৰ বিৰুদ্ধে, মুছলমান বা ইছলামৰ বিৰুদ্ধে নহয়ঃ পইগম্বৰ শ্বেইখ

Story by  atv | Posted by  Munni Begum • 2 Years ago
 পইগম্বৰ শ্বেইখ
পইগম্বৰ শ্বেইখ
 
মনছুৰুদ্দিন ফৰিদী / নতুন দিল্লী
 
মাৰাঠা যোদ্ধা ৰজা চত্ৰপতি শিৱাজী ইছলাম বিৰোধী নাছিল, বৰঞ্চ তেওঁ দেশ আক্ৰমণ কৰা মোগলৰ বিৰুদ্ধেহে যুঁজ দিছিল। কেৱল শিৱাজীৰ জীৱনৰ বাস্তৱতাক ন্যস্ত স্বাৰ্থই বিকৃত কৰাই নহয়, তেওঁৰ ভাবমূৰ্তিও এনেদৰে উপস্থাপন কৰা হৈছে যাতে তেওঁক ইছলাম বিৰোধী আৰু মুছলমান বিৰোধী ব্যক্তিত্বৰ দৰে দেখা যায়।
 
"প্ৰকৃত সত্যটো হ’ল শিৱাজী মহাৰাজে হয়তো মুছলমানসকলতকৈও ইছলামক বেছিকৈ সন্মান কৰিছিল। এই বাস্তৱতাক উপলব্ধি কৰাসকলে শিৱাজী জয়ন্তী উদযাপন কৰে।” ছত্রপতি শিৱাজী মহাৰাজ জয়ন্তীৰ আয়োজনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা পুনেৰ মুছলমান ধৰ্মাৱলম্বী পইগম্বৰ শ্বেইখে কয়।

'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা কথা-বতৰাত পইগম্বৰ শ্বেখে কয় যে হিন্দুসকলৰ এটা অংশই শিৱাজী মহাৰাজক মুছলমান বিৰোধী বুলি উপস্থাপন কৰে আৰু বহু মুছলমানো এই অপপ্ৰচাৰৰ বলি হয়। শিৱাজী মহাৰাজ জয়ন্তী উদযাপন কৰা মুছলমান সংগঠনবোৰে প্ৰকৃত সত্যবোৰ জানে বা তেওঁৰ সেনাবাহিনীৰ  উচ্চ পদবীত কিয় কমেও ১৩ জন মুছলমান আছিল, সেইবোৰ ভালকৈ জানে।”
 
পইগম্বৰ শ্বেইখৰ মতে শিৱাজী মহাৰাজৰ জন্ম হৈছিল মছজিদত থকা এটা দূৰ্গৰ ভিতৰত। তেওঁ মুছলমানক কেৱল সন্মান কৰাই নহয়, তেওঁলোকৰ ধৰ্মৰ বিৰুদ্ধেও কোনো কথা কোৱা নাছিল। তেওঁ আক্ৰমণকাৰীৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিছিল আৰু মুছলমানসকলেও তেওঁক সমৰ্থন কৰিছিল।
 
এক উৎসৱত পইগম্বৰ শ্বেইখ তেওঁৰ পৰিয়ালৰ সৈতে
 
শিৱাজী মহাৰাজ সম্পৰ্কে সমাজত প্ৰচলিত ভুল ধাৰণাসমূহ দূৰ কৰাৰ ক্ষেত্ৰত সক্ৰিয় হোৱাৰ লগতে পাইগম্বৰ শ্বেইখে “আৰ্থিক কুৰবানী আন্দোলন” নামৰ এক অভিযানো মুকলি কৰিছে। এই আন্দোলনে ঈদ উৎসৱত বলিদানৰ বাবে জন্তু কিনিবলৈ ৰাহি কৰা ধনৰাশি সকলো সম্প্ৰদায়ৰ শিক্ষাৰ বাবে দান কৰিবলৈ মুছলমানসকলক উৎসাহিত কৰে। 
 
আৰ্থিক কুৰবানী আন্দোলনে (Financial sacrifice movement) মুছলমানৰ লগতে আনৰ পৰাও ধন সংগ্ৰহ কৰে। সেইখিনি ধন শিশুৰ শিক্ষাৰ ক্ষেত্ৰত আৰ্তজনক সহায় কৰাৰ বাবে ব্যৱহাৰ কৰে। পাইগম্বৰে কয় যে তেওঁৰ জীৱনত মাত্ৰ দুটা লক্ষ্য আছেঃ এটা হ’ল মুছলমানসকলৰ মাজত শিৱাজী মহাৰাজৰ বিষয়ে থকা ভুল ধাৰণা আঁতৰোৱা আৰু দ্বিতীয়টো হ’ল তেওঁৰ “আৰ্থিক কুৰবানী অভিযান”ৰ জৰিয়তে দুখীয়াৰ শিক্ষাৰ বাবে ধন সংগ্ৰহ কৰা।

'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা কথা-বতৰাত পইগম্বৰ শ্বেইখে কয় যে ইতিহাসত শিৱাজীৰ ভূমিকা মুছলমানসকলে উপলব্ধি কৰাক লৈ তেওঁ অতি সুখী। প্ৰতি বছৰে অধিক মুছলমানে শিৱাজী মহাৰাজ জয়ন্তী উদযাপনত যোগদান কৰে। এয়া হৈছে ধুমধাম আৰু উল্লাসেৰে উদযাপন কৰা এক বৃহৎ উৎসৱ৷
 
“মই দিনটোত প্ৰায় ২০-২৫টা অনুষ্ঠানত অংশগ্ৰহণ কৰো। মুছলমান আৰু অ-মুছলমানে আয়োজন কৰা এই অনুষ্ঠানত মই বক্তা হিচাপেও যাও। শিৱাজীৰ বহু যুদ্ধৰ বিষয়ে মোৰ অধ্যয়নৰ প্ৰসংগ উত্থাপন কৰি মই মুছলমানসকলক বুজাবলৈ চেষ্টা কৰোঁ যে শিৱাজীয়ে দেশ আক্ৰমণকাৰীৰ বিৰুদ্ধেহে যুঁজ দিছিল, মুছলমান বা ইছলামৰ বিৰুদ্ধে তেওঁৰ কোনো যুঁজ নাছিল," শ্বেইখে কয়। 
 
 পইগম্বৰ শ্বেইখ
 
উল্লেখ্য যে, এইবাৰো শিৱাজী জয়ন্তী উদযাপনত পইগম্বৰ শ্বেইখ অত্যন্ত ব্যস্ত আছিল। ৰাতিপুৱাৰে পৰা তেওঁ কাম-কাজ আৰম্ভ হৈছিল। শিৱাজীৰ প্ৰতি তেওঁৰ এই আত্মীয়তাৰ এক আমোদজনক কাহিনী আছে। শ্বেইখে কয়, বয়সৰ প্ৰতিটো পৰ্যায় পাৰ হৈ যোৱাৰ লগে লগে ছত্ৰপতি শিৱাজীৰ প্ৰতি মোৰ প্ৰেম আৰু ভক্তি বাঢ়িছে। কিয় এনেকুৱা হৈছে মই একেবাৰে বুজি পোৱা নাই। যোৱা ৫ৰ পৰা ১০ বছৰৰ ভিতৰত ছাত্ৰপতি শিৱাজী মহাৰাজৰ বিষয়ত পৰিপক্ক হৈছো। মোৰ ৰাতিপুৱাটো আৰম্ভ হৈছিল ৰক্তদানৰ পৰা।”
 
এই অভিযানত প্ৰায়ে তেওঁৰ পত্নীয়ে শ্বেইখক সংগ দিয়ে। তেওঁ কয় যে সৰুতে শিৱাজী মহাৰাজে নিৰ্মাণ কৰা দূৰ্গবোৰৰ বিষয়ে পঢ়ি ভাল পাইছিল। “আগতে মই অনুভৱ কৰিছিলো যে শিৱাজীৰ বিষয়ে আমি অধিক জানিব লাগে, তাৰ পিছত মই ইতিহাস অধ্যয়ন কৰিলোঁ, ভালকৈ পঢ়িলোঁ, আৰু বহুত কথা বুজিলোঁ। মহাৰাষ্ট্ৰৰ সকলো শিৱাজীৰ দুৰ্গ পৰিদৰ্শন কৰিবলৈ মই বদ্ধপৰিকৰ। মহাৰাষ্ট্ৰত শিৱাজীৰ দূৰ্গৰ সংখ্যা হ’ল ৫৩,"তেওঁ কয়। 
 
উল্লেখ্য যে, পইগম্বৰ শ্বেইখ আৰু তেওঁৰ বন্ধুসকলে তেওঁলোকৰ অভিযান “আৰ্থিক কুৰবানী আন্দোলন”ক এক গতি দিবলৈ সক্ষম হৈছে। এই বিষয়ত তেওঁ কয় যে বেংগালুৰুতো তেওঁৰ কিছুমান মুছলমান বন্ধুৱে আনক শিশুৰ শিক্ষাৰ বাবে কাম কৰিবলৈ সজাগতা সৃষ্টি কৰি আছে আৰু তেওঁলোক সফলো হৈছে। কেৱল এয়াই নহয়, ২০১৮ চনৰ কেৰালাৰ বানপানীৰ পিছত ছ’চিয়েল মিডিয়াই সমগ্ৰ দেশৰ বহু লোকক নিজৰ উপাৰ্জনৰ এটা অংশ বানাক্ৰান্তক দান কৰিবলৈ প্ৰেৰণা যোগাইছিল।
 
কিন্তু পইগম্বৰ শ্বেইখৰ 'আৰ্থিক কুৰবানী আন্দোলন' সকলোতকৈ পৃথক কাৰণ ই কেৱল মুছলমানসকলৰ মাজতে সীমাবদ্ধ নহয়। তেওঁৰ ফেচবুক অভিযানে মুছলমানতকৈ হিন্দুৰ পৰা অধিক সমৰ্থন লাভ কৰিছিল। ২০১৪ চনত যেতিয়া তেওঁ অভিযান আৰম্ভ কৰিছিল তেতিয়া তেওঁ বহু মুছলমানক আকৰ্ষণ কৰিব পৰা নাছিল। সেই বছৰ দান দিয়া ১১৭ জন লোকৰ ভিতৰত মাত্ৰ ৫০ জনহে মুছলমান আছিল। যোৱা বছৰ তেওঁলোকে প্ৰায় ৯৫ হাজাৰ টকা সংগ্ৰহ কৰিছিল, যিটো পূৰ্বৰ বছৰতকৈ কম আছিল যদিও লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি এয়া আশা কৰাতকৈ অধিক।
 
পইগম্বৰ শ্বেইখে শিৱজ মহাৰাজৰ প্ৰতিমূৰ্তি উলিওৱা এক আনুষ্ঠানিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে
 
পইগম্বৰ শ্বেইখে কয়, "কোৰাণে কৈছে যে আটাইতকৈ মৰমৰ বস্তুটো আল্লাহৰ নামত কুৰবানি কৰিব লাগে। এনে পৰিস্থিতিত জীৱ-জন্তুক কেনেকৈ প্ৰিয় হৃদয়ৰ আটাইতকৈ মৰমৰ বস্তু বুলি ক'ব পাৰো ? বহুতে বহুতো মোৰ এই মন্তব্যক পবিত্ৰ কোৰআন বিৰোধী বুলি ক'ব পাৰে, কিন্তু মই বিশ্বাস কৰো যে জন্তুৰ মাংস বা তেজ আল্লাহৰ ওচৰলৈ নাযায়, আল্লাহৰ ওচৰলৈ আত্মা বা মনৰ শুদ্ধতাহে যাব।"
 
জীৱন্ত জন্তু এটাক কুৰবানি দিয়াটো দৰিদ্ৰ লোকক মাংস দিয়াৰ সমান বুলি গণ্য কৰা গোড়া মুছলমানসকলৰ ওপৰত মন্তব্য আগবঢ়াই পইগম্বৰ শ্বেখে কয় যে ধৰ্মত আত্মাৰ শুদ্ধতাহে আটাইতকৈ গুৰুত্বপূৰ্ণ। তেওঁ কয় মাংস খোৱা নে দৰিদ্ৰতা নিৰ্মূল কৰা আমাৰ বাবে বেছি গুৰুত্বপূৰ্ণ ? দুখীয়াৰ ঘৰত মাংস বিতৰণ কৰি ঘূৰি ফুৰাসকলে এই কথা জানি আচৰিত হ’ব যে এই পৰিয়ালবোৰৰ কিছুমানে নিজৰ ল’ৰা-ছোৱালীৰ বাবে প্ৰয়োজনীয় বহী-কিতাপো ক্ৰয় কৰিব নোৱাৰে।
 
আনহাতে, পইগম্বৰ শ্বেইখৰ এজন সংগী ৰফিক শ্বেইখে কয়, "আমি কাকো পশু বলি ত্যাগ কৰিবলৈ কোৱা নাই। আমি মাত্ৰ পৰামৰ্শ দিওঁ যে সেই সকলো টকা এটা জন্তুৰ বাবে খৰচ কৰাৰ পৰিৱৰ্তে ইয়াৰ কিছু অংশ অভাৱগ্ৰস্ত লোকৰ বাবে কিয় ৰাখিব নোৱাৰে ?"
 
আৰ্থিক কুৰবানী আন্দোলনৰ হিতাধিকাৰীৰ সৈতে পইগম্বৰ শ্বেইখ
 
পইগম্বৰ শ্বেইখে অনুভৱ কৰে “আমি আমাৰ উৎসৱ পালনৰ ধৰণ সলনি কৰিব লাগিব; এইবোৰৰ আঁৰৰ লক্ষ্য আৰু উদ্দেশ্য অনুসৰণ কৰা উচিত। যদি আমি অ-প্ৰয়োজনীয় ব্যয় শিক্ষাৰ দিশত ব্যয় কৰো তেন্তে বহু কথা সলনি হ’ব। শৈক্ষিক প্ৰচাৰৰ বাবে তেওঁ সমাজত বহু বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হৈছিল, ভাবুকিমূলক ফোনো আহিছিল। কিন্তু তেওঁ কয় যে এনে বিৰোধিতাৰ সন্মুখীন হ’লে তেওঁ দুজন ব্যক্তিৰ পৰা প্ৰেৰণা লয়।”
 
তেওঁ কয় যে মুছলমানসকলে এটা শৈক্ষিক আন্দোলনৰ নেতৃত্ব দিব লাগিব, যিদৰে ছাৰ চৈয়দ আহমেদ খানে মুছলমান শিক্ষাৰ ক্ষেত্ৰত কোনো আপোচ নকৰাকৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। যদিও তেওঁ বিভিন্ন সময়ত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, তথাপি তেওঁ হতাশ হোৱা নাছিল। সেয়ে আজি আমি শিক্ষাৰ দিশত কিছু অগতানুগতিক কাম কৰি আছো আৰু সেয়ে বিৰোধিতাৰো সন্মুখীন হৈছে।