আৱাজ - দ্য ভইচ ব্যুৰো
আজি বিশ্ব ব্রেইল দিৱস। দৃষ্টিহীন আৰু আংশিকভাৱে দৃষ্টি বাধাগ্রস্ত লোকৰ যোগাযোগৰ মাধ্যম হিচাপে ব্ৰেইলৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে এই দিৱস পালন কৰা হয়।
১৮০৯ চনৰ ৪ জানুৱাৰীত ফ্ৰান্সৰ কৌপভ্ৰে' নামৰ এখন চহৰত জন্ম লাভ কৰে ব্ৰেইল লিপিৰ উদ্ভাৱক লুই ব্ৰেইলে। প্ৰায় তিনি বছৰ বয়সত পিতৃৰ দোকানত সংঘটিত এটি দুৰ্ঘটনাৰ বাবে লুইৱে দৃষ্টি শক্তি হেৰুৱাবলগীয়া হয়৷ দেউতাকৰ কাৰখানাত হাৰ্নেছ সীবলৈ ব্যৱহাৰ কৰা বেজী লুইৰ এটা চকুত সোমাই পৰে। ক্ৰমাৎ সেই চকুটোৰ সংক্ৰমণ সোঁচৰিবলৈ ধৰে আনটো চকুলৈ। যাৰ পৰিণতিত লুইৱে হেৰুৱাব লগীয়া হয় দৃষ্টিশক্তি।
দুৰ্ঘটনাটোৰ পাছত দৃষ্টিশক্তি সম্পূৰ্ণৰূপে হেৰুৱাই হতাশ হৈ পৰিছিল লুই। তেনে এটা দিনতেই লুইৰ ওচৰলৈ আহিছিল এজন বন্ধু। বন্ধুজনে লুইৰ হাতত তুলি দিছিল এটি পাইন গছৰ গুটি। পাইন গছৰ গুটিটোৰ ওখোৰা মোখোৰা পৃষ্ঠখন স্পৰ্শ কৰি অনুমান কৰিছিল পাইনৰ গুটিটোৰ আকাৰ। তেনেদৰেই আখৰসমূহো অনুমান কৰিব পৰা যাব বুলি খেলালে লুইৰ মনত। তেতিয়াৰে পৰাই লুই ব্যস্ত হৈ পৰিল দৃষ্টিশক্তিহীন লোকৰ বাবে এক নতুন লিপি উদ্ভাৱন কৰাত।
ৰয়েল ইনষ্টিটিউত পঢ়ি থকা সময়ছোৱাতে শ্বৰ্টহেণ্ডৰ স্ৰষ্টা চালৰ্ছ বাৰ্বিয়াৰৰ অনুসৰণতেই লুই ব্ৰেইলে নিজৰ সুবিধা হোৱাকৈ সৃষ্টি কৰিলে ব্ৰেইলী লিপি। যি লিপিত প্ৰচলিত আখৰৰ ঠাইত আছিল কিছু সাংকেতিক চিহ্ন, যি চিহ্ন স্পৰ্শৰ সহায়ত অনুধাৱন কৰিব পাৰিছিল লুই ব্ৰেইলে।
মাত্ৰ পোন্ধৰ বছৰ বয়সতেই লুই ব্ৰেইলে কৰে এক যুগান্তকাৰী উদ্ভাৱন। জীৱনৰ বাকী সময়ছোৱা এই ব্ৰেইলী লিপিৰ সংশোধনৰ বাবে উৎসৰ্গা কৰি দিয়া লুইয়ে কিন্তু মৃত্যু পৰ্যন্ত লাভ কৰা নাছিল স্বীকৃতি। মৃত্যুৰ কেইবা বছৰ পাছতহে সমগ্ৰ বিশ্বই বুজি উঠে লুই ব্ৰেইলৰ অৱদানৰ মাহাত্ম্য। চৌদিশে বিয়পি পৰে ব্ৰেইলী লিপিৰ খ্যাতি। এই যুগদ্ৰষ্টা লুই ব্ৰেইলৰ জন্ম দিৱসৰ দিনাই সমগ্ৰ বিশ্বই ‘বিশ্ব ব্ৰেইল দিৱস’ৰ জৰিয়তে স্মৰণ কৰে লুই ব্ৰেইলক।
২০১৮ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ব্ৰেইল ব্যৱস্থাৰ জনক লুই ব্ৰেইলৰ জন্ম দিনত ৪ জানুৱাৰী দিনটো বিশ্ব ব্রেইল দিৱস হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত লয়। ব্রেইল হৈছে প্ৰতিটো আখৰ আৰু সংখ্যাক প্ৰতিনিধিত্ব কৰিবলৈ ৬টা বিন্দু ব্যৱহাৰ কৰি বৰ্ণানুক্রমিক আৰু সংখ্যাগত চিহ্নৰ স্পৰ্শ উপস্থাপন যিয়ে সংগীত, গাণিতিক আৰু ৫ বৈজ্ঞানিক চিহ্নসমূহ অন্তর্ভুক্ত কৰে।
ব্ৰেইল ভাষাৰ অন্ধ্ৰ আৰু আংশিকভাৱে দৃষ্টি বাধাগ্রস্ত লোকসকলে ছপা কৰা কিতাপ, কাকত আলোচনী আদি পঢ়িবলৈ ব্যৱহাৰ কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে সমগ্র পৃথিবীত এক বিলিয়ন লোকৰ ওচৰ বা দূৰত্বৰ দৃষ্টিশক্তিৰ অক্ষমতা আছে যিটো প্ৰতিৰোধ কৰিব পৰা যায়।
ভাৰতত চৰকাৰে দৃষ্টি বাধাগ্ৰস্তসকলৰ বাবে শিক্ষা, সংস্থান আৰু অধিকাৰ তথা তেওঁলোকৰ সামগ্রিক কল্যাণৰ বাবে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰিছে।