পদ্ম বঁটা প্ৰদান অনুষ্ঠানত হৃদয়স্পৰ্শী মুহূৰ্ত; প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই আৱেগিক হৈ পৰিল হীৰাবাইবেন ইব্ৰাহীম লোবী

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই আৱেগিক হৈ পৰিল হীৰাবাইবেন ইব্ৰাহীম লোবী
প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই আৱেগিক হৈ পৰিল হীৰাবাইবেন ইব্ৰাহীম লোবী

নতুন দিল্লী

মোৰ প্ৰিয় নৰেন্দ্ৰ ভাই, আপুনি মোৰ জীৱন সুখেৰে ভৰাই দিলে। ইমান দিনে আমাৰ প্ৰতি কোনেও গুৰুত্বই দিয়া নাছিল, কোনোৱেই আমাৰ ফালে চোৱা নাছিল। কিন্তু আপুনি আমাৰ ফালে দৃষ্টি নিক্ষেপ কৰে আৰু আমাক পাহৰণিৰ গৰ্ভৰ পৰা উলিয়াই আনিলে। আজি সকলোৱে আমাক জানিছে, সকলোৱে আমাক দেখিছে।”
 
ৰাষ্ট্ৰপতি ভৱনত বুধবাৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ পৰা সন্মানীয় পদ্ম বঁটা গ্ৰহণ কৰি এইদৰে আৱেগিক হৈ পৰে গুজৰাটৰ হিৰাবাইবেন ইব্ৰাহীম লোবী। তেওঁ ছিদ্দি জনগোষ্ঠীৰ উন্নতিৰ হকে গোটেই জীৱন উৰ্চ্ছগা কৰিছে। অনুষ্ঠানত ৰাষ্ট্ৰপতিয়ে হিৰাবাইবেনৰ লগতে আন ১০৬ গৰাকী ব্যক্তিক পদ্ম বঁটা আগবঢ়োৱা হয়।
 
বঁটা গ্ৰহণৰ বাবে মঞ্চলৈ আগবাঢ়ি গৈ থকাৰ সময়তে ৭০ বছৰীয়া হিৰাবাইবেনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কথা পাতিবলৈ ৰৈ আৱেগিক হৈ পৰে। প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, আৰু কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী বহি থকা সন্মুখৰ শাৰীৰ ওচৰলৈ আহি তেওঁ নিজৰ আৱেগ প্ৰকাশ কৰে। চৰকাৰে আগবঢ়োৱা বিৰল স্বীকৃতিত তেওঁ ইমানেই আৱেগিক হৈ পৰে যে, নিজৰ দুপাট্টা টানি আনি মহিলাগৰাকীয়ে দুচকুৰে বৈ অহা আনন্দ অশ্ৰুক বাধা দিয়ে।
প্ৰেক্ষাগৃহত উপস্থিতসকলে হাতচাপৰিৰে বৰ্ষীয়ান মহিলাগৰাকীক সম্ভাষণ জনোৱাৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে হাৱাই চেণ্ডেল পিন্ধি আগবাঢ়ি অহা সমাজকৰ্মীগৰাকীক প্ৰণাম জনোৱাৰ লগতে তেওঁৰ সন্মুখত মূৰ দোৱা দেখা যায়। পদ্ম বঁটা প্ৰদান অনুষ্ঠানৰ এয়া আছিল অন্যতম হৃদয়স্পৰ্শী মুহূৰ্ত।
 
ছিদ্দি মহিলা ফেডাৰেচন নামেৰেও পৰিচিত আদিবাসী মহিলা সংঘৰ সভানেত্ৰী হিৰাবাইবেন ইব্ৰাহিম লোবিয়ে প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰায় ৫০ ছেকেণ্ড থিয় হৈ নিজৰ আৱেগ প্ৰকাশ কৰে। তেওঁৰ আৱেগ আৰু শাৰিৰীক ভাষাই এই কথাকে অনুভৱ কৰায় যে নাৰী আৰু নিজৰ সমাজৰ সবলীকৰণৰ কাম কৰিলেও তেওঁৰ কামক ইমান বছৰে কোনেও স্বীকৃতি দিয়া নাছিল আৰু আজি এক বিৰল স্বীকৃতি লাভ কৰি মহিলাগৰাকী অভিভূত হৈ পৰিছে। বঁটা গ্ৰহণ কৰাৰ সময়ত সমাজকৰ্মীগৰাকীয়ে নিজৰ কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ ৰাষ্ট্ৰপতি মুৰ্মুৰ কান্ধতো হাত ফুৰায়।
 
 
হিৰাবাইবেনে অতি কম বয়সতে মাক-দেউতাকক হেৰুৱাইছিল আৰু ককাক-আইতাকে তেওঁক ডাঙৰ-দীঘল কৰিছিল। তেওঁ ছিদ্দি সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীক শিক্ষা প্ৰদানপ সমান্তৰালকৈ এই সম্প্ৰদায়ৰ মহিলাসকলক আৰ্থিক স্বাধীনতা লাভৰ বাবে তেওঁলোকক সৱল কৰিছে। গুজৰাটৰ গিৰ অঞ্চলৰ জাম্বুৰ নামৰ এখন গাঁৱৰ জনসংখ্যাৰ ৯৮ শতাংশ লোক ছিদ্দি সম্প্ৰদায়ৰ। ছিদ্দিসকল আফ্ৰিকান আদিবাসী আৰু প্ৰায় ৪০০ বছৰ পূৰ্বে জুনাগড়ৰ শাসকৰ দাস হিচাপে তেওঁলোকক ভাৰতলৈ অনা হৈছিল।
উল্লেখ্য যে, তৃণমূল পৰ্যায়ত বিভিন্ন সামাজিক কাম-কাজত জড়িত হৈ থকা অখ্যাত যোদ্ধাসকলক স্বীকৃতি দিয়াৰ এক সুকীয়া প্ৰয়াস হিচাপে মোদী চৰকাৰৰ অধীনত পদ্ম বঁটাসমূহ "জনতাৰ বঁটা"লৈ পৰিণত হোৱা দেখা গৈছে। সৰুৰে পৰা হিৰাবাইবেনে সৌৰাষ্ট্ৰৰ ১৮খন গাঁৱত নীৰৱ বিপ্লৱৰ নেতৃত্ব দিছিল। তেওঁৰ পদক্ষেপসমূহৰ ভিতৰত আছে সমবায় আন্দোলন, পৰিয়াল পৰিকল্পনা, আৰু ছিদ্দিসকলৰ বাবে এটা সৰু সঞ্চয় ক্লাব।
 
মহিলা সমবায়সমূহে ট্ৰেডমাৰ্ক ছিদ্দিছ ভাৰ্মিকম্পোষ্টো বিক্ৰী কৰে। মহিলা সমবায়সমূহেও ঋণ প্ৰদান কৰাৰ লগতে স্বাস্থ্যজনিত সমস্যাৰ বিষয়ে সজাগতা সৃষ্টি কৰে। ছিদ্দিসকলৰ বাবে তেওঁ এখন কমিউনিটি স্কুল স্থাপনতো সহায় কৰিছে।
ইয়াৰ পূৰ্বে হিৰাবাইবেন ইব্ৰাহিমে ২০০১, ২০০৭ আৰু ২০১২ চনত জুনাগড়ৰ গুজৰাট কৃষি বিশ্ববিদ্যালয়ৰ পৰা প্ৰশংসা পত্ৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ২০০২ চনত তেওঁ মহিলা বিশ্ব সন্মিলন ফাউণ্ডেশ্যনৰ 'গ্ৰাম্য জীৱনত মহিলাৰ সৃষ্টিশীলতাৰ বঁটা’ আৰু ২০০৬ চনত অসাধাৰণ মহিলা গ্ৰাম্য উদ্যোগীৰ বাবে জাংকিদেৱী বাজাজ পুৰস্কাৰ লাভ কৰে। বিভিন্ন সময়ত লাভ কৰা এই বঁটাৰ ধনসমূহ হিৰাবাইবেনে শিশুৰ স্কুলীয়া শিক্ষা আৰু ছিদ্দি মহিলাৰ সবলীকৰণৰ বাবে ব্যৱহাৰ কৰিছে।