আশ্ৰফুৰ ৰহমান / শিৱসাগৰ
সেউজীয়া পৃথিৱীখনৰ প্ৰাকৃতিক পৰিৱেশ বিঘ্নিত হোৱা তথা বিশ্ববাসীলৈ নামি অহা অশনি সংকেতক লৈ চিন্তিত এজন যুৱক৷ আমাৰ সমাজত সঘনাই ব্যৱহাৰ হৈ থকা প্লাষ্টিকৰ সামগ্ৰীসমূহৰ ফলত সৃষ্টি হোৱা প্ৰদূষণ কিদৰে প্ৰতিহত কৰিব পৰা যায়, তাৰ চিন্তাত নিমগ্ন যুৱকজন৷ যি সময়ত পেলনীয়া প্লাষ্টিকে সমাজ জীৱনত এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে, সেই সময়তে নিজৰ সৃষ্টিশীল কৰ্মৰাজিৰে এক সেউজ পৰিৱেশ গঢ়িবলৈ নীৰৱে কাম কৰি থকা যুৱকজনৰ নাম হৈছে ৱাহিদুৰ ৰহমান হাজৰিকা৷
পেছাত তেওঁ এগৰাকী শিক্ষক৷ প্ৰয়াত পিতৃৰ আদৰ্শৰে অনুপ্ৰাণিত ৱাহিদুৰৰ দুচকুত তিৰবিৰাই থকা সেউজীয়া পৃথিৱীখনৰ সপোনক সাকাৰ ৰূপ দিয়াৰ বাবেই আজিৰ পৰা প্ৰায় আঠ বছৰ পুৰ্বে তেওঁৰ মন-মগজুত বাহ লৈছিল নৱ-সৃষ্টিৰ এক অভিনৱ চিন্তা৷ বুকুত পুহি ৰখা এই চিন্তা আৰু সপোনক সঁচা অৰ্থত বাস্তবায়িত কৰিবলৈ তেওঁ বাছি লৈছিল পেলনীয়া প্লাষ্টিকৰ সামগ্ৰীৰ পুনৰ ব্যৱহাৰৰ পৰিকল্পনা৷
শিক্ষাদানৰ সমান্তৰালকৈ বিদ্যালয়ৰ আগ্ৰহী শিক্ষাৰ্থীসকলক লগত লৈ আগবঢ়া ৱাহিদুৰৰ সপোন লাহে লাহে দিগন্ত ব্যাপি আগুৱাই যোৱা এক সামাজিক আন্দোলনলৈ ক্ৰমাতঃ পৰ্যবেশিত হ'বলৈ ধৰিছে৷ এগৰাকী শিক্ষক হিচাবে বিদ্যালয়ৰ শ্ৰেণী কোঠাত নিজৰ শ্ৰেষ্ঠতা উজাৰি দিয়া শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ চাৰিআলিৰ নিবাসী ৱাহিদুৰ ৰহমান হাজৰিকাই পেলনীয়া প্লাষ্টিক জাতীয় সামগ্ৰীসমূহক পুনৰ ব্যৱহাৰ সম্পৰ্কে জিলাখনৰ বিভিন্ন বিদ্যালয়সমূহত সজাগতা সৃষ্টি কৰি আছে।
বিভিন্ন সজাগতা সভাত ৱাহিদূৰ ৰহমান হাজৰিকা
বিভিন্ন সজাগতা সভা আৰু কৰ্মশালা আয়োজন কৰি তেওঁ শ শ ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিয়াৰ লগতে তেওঁলোকক পৰিবেশৰ প্ৰতি সজাগ কৰি আহিছে৷ বিশেষকৈ প্লাষ্টিকৰ পেলনীয়া সামগ্ৰীসমূহৰ দ্বাৰা গণিত আৰু বিজ্ঞানৰ বিভিন্ন ধৰণৰ শিকন সঁজুলিও তৈয়াৰ কৰিবলৈ সক্ষম হৈছে৷ শিৱসাগৰ জিলাৰ উপৰিও অসমৰ আন কেইবাখনো জিলাৰ বিদ্যালয়তো ৱাহিদুৰ ৰহমান হাজৰিকাই পৰিৱেশ সংৰক্ষণ আৰু প্লাষ্টিকৰ পেলনীয়া সামগ্ৰীৰ পৰা হ'ব পৰা প্ৰদূষণ আৰু ইয়াৰ বিকল্প হিচাবে পেলনীয়া সামগ্ৰীৰ পুনৰ ব্যৱহাৰক লৈ সজাগতা সভা আৰু কৰ্মশালা আয়োজন কৰি আহিছে৷
ইতিমধ্যে প্ৰতিখন বিদ্যালয়তে ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা পেলনীয়া সামগ্ৰীৰে নিৰ্মিত নতুন সৃষ্টিৰ একো একোটা ক্ৰাফ'ট কৰ্ণাৰ প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনাক দিশত অগ্ৰহৰ হৈছে ৷শিৱসাগৰ চহৰৰ পৰা ১০ কিলোমিটাৰ নিলগৰ বানমুখ দিলীহি ধাই আলি মজলীয়া বিদ্যালয়ৰ শিক্ষক ৱাহিদুৰে ২০২৩ বৰ্ষলৈকে প্ৰায় ১৫/২০ খন মান বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক এই বিষয়ত প্ৰশিক্ষণ দিছে৷ বানমুখ দিলীহি ধাই আলি মজলীয়া বিদ্যালয়ৰ শিক্ষক হিচাবে নিষ্ঠা আৰু একাগ্ৰতাৰে সেৱা আগবঢ়াই অহা ৱাহিদুৰ ৰহমান হাজৰিকাই নিজৰ শ্ৰম আৰু দক্ষতাৰ বাবে ২০২১ বৰ্ষত জিলাখনৰ কৃতী শিক্ষক বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল৷
ৱাহিদূৰ ৰহমান হাজৰিকাই তৈয়াৰ কৰা কিছু সামগ্ৰী
নিজা প্ৰচেষ্টা আৰু দৰমহাৰ টকাৰে সেৱাৰ মনোবৃত্তিৰে নীৰৱে প্ৰকৃতি সংৰক্ষণৰ বিপ্লৱ চলাই যোৱা ৱাহিদুৰে শিৱসাগৰৰ বহুতো ঠাইত সজাগতা বৃদ্ধিৰ বাবে প্ৰদৰ্শনীও আয়োজন কৰিছে৷ পেলনীয়া প্লাষ্টিকৰ সামগ্ৰীৰে বৰ্তমানলৈকে কেইবা হাজাৰ বিভিন্ন ধৰণৰ ব্যৱহৃত সামগ্ৰী নিৰ্মাণ কৰা ৱাহিদুৰৰ বুকুত আছে এটা আটক ধূনীয়া মিউজিয়াম নিৰ্মাণৰ সপোন, য'ত সংৰক্ষিত হৈ থাকিব তেওঁৰ সকলো সৃষ্টিৰাজী৷
'আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা এক বাৰ্তালাপত ৱাহিদুৰে জানিবলৈ দিয়ে যে বৰ্তমানেও বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে তেঁওৰ ঘৰলৈ ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ আহে আৰু প্লাষ্টিকৰ সামগ্ৰীৰে পুনৰ নিৰ্মাণ কৰা সামগ্ৰীসমূহ নিৰ্মাণৰ আঁৰৰ কৌশল সমূহ পৰিদৰ্শন কৰে৷ জিলা খনৰ বিভিন্ন স্থানত থকা স্বেচ্ছাসেৱী অনুস্থানসমুহৰ আগ্ৰহী প্ৰশিক্ষাৰ্থী সকলকো মাজে সময়ে তেঁও প্ৰশিক্ষণ দিয়ে।
ৱাহিদুৰে পেলনীয়া প্লাষ্টিকৰ ভয়াৱহতা সন্দৰ্ভত কয় যে, প্লাষ্টিক মাটিত পেলালে মাটিৰ উৰ্বৰা শক্তি নষ্ট হয়৷ ইয়াৰোপৰি পানীত পেলালে ই জলজ প্ৰাণীসমূহৰ কাৰণে ডাঙৰ ভাবুকিৰ সৃষ্টি কৰে৷ পেলনীয়া প্লাষ্টিকৰ সামগ্ৰী সমুহ জ্বলাই দিবও নোৱাৰি৷ বহুতে ভুলতে জ্বলাই দিয়ে৷ বহু লোকে অজ্ঞতাৰ বাবে পেলনীয়া প্লাষ্টিকবোৰ কাগজ আৰু শুকান গছপাত জ্বলোৱাদি জ্বলাই দিয়ে৷ এইটো মাৰাত্মক সমস্যা, প্লাষ্টিক জ্বলালে কেইবাবিধো মাৰাত্মক গেছ নিৰ্গত হয়৷ এইবোৰে কৰ্কট ৰোগত অৰিহণা যোগায়৷
ৱাহিদূৰ ৰহমান হাজৰিকা
আনহাতে, প্লাষ্টিক গৰম হ'লেই ডায়স্কিন নামৰ এবিধ গেছ নিৰ্গত হয়৷ সেয়েহে প্লাষ্টিকৰ পাত্ৰত তপত পানী, চাহ আদি খাব নালাগে ৷প্লাষ্টিক গৰম হ'লে সৃষ্টি হোৱা মাৰাত্মক ডায়ক্সিন গেছে মাটিৰ ওপৰত থকা অজ’ন গেছত প্ৰভাৱ পেলায় আৰু খেতিৰ উৎপাদন ৩০%লৈকে কমাই দিয়ে। এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়া প্লাষ্টিক জাতীয় সামগ্ৰী সমূহে পৰিবেশ প্ৰদূষণৰ মূল কাৰক হিচাবে কাম কৰে৷ গতিকে ইয়াৰ ব্যৱহাৰ কম কৰিব লাগিব আৰু ইয়াৰ পুনৰ ব্যৱহাৰৰ ব্যৱস্থা হাতত ল'ব লাগিব বুলিও হাজৰিকাই 'আৱাজ দ্য ভইচ'ৰ সন্মুখত প্ৰকাশ কৰে।
উল্লেখ্য যে, মূলত চাৰিটা বিশেষ উদ্দেশ্যৰে তেওঁ এই সজাগতমূলক অভিযান চলাই আছে। সেইবোৰ হৈছেঃ ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয়ৰ শ্ৰেণী কোঠাৰ ভিতৰত পৰিৱেশক লৈ সজাগ কৰা, ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা স্থানীয় সমাজখনলৈ এক সচেতনতাৰ বাৰ্তা প্ৰেৰণ কৰা, ছাত্ৰ- ছাত্ৰী সকলক কৰ্মমুখী কৰিবলৈ চেষ্টা কৰা, আৰু ছাত্ৰ-ছাত্ৰী সকলৰ ভিতৰত নিহিত হৈ থকা সৃজনীশক্তিৰ বিকাশ ঘটাই তেওঁলোকক নতুন সৃষ্টিত আত্মনিয়োগ কৰা৷