আর্তজনৰ কাষত আল-আমিন জনকল্যাণ সমাজ আৰু আৱাজ দ্য ভইচ অসম

Story by  Ariful Islam | Posted by  Munni Begum • 4 Months ago
বিনামূলীয়া চিকিৎসা শিবিৰৰ ছবি
বিনামূলীয়া চিকিৎসা শিবিৰৰ ছবি
 
আৰিফুল ইছলাম / হাজো
 
আর্তজনক সহায় কৰিবলৈ সদায় এখোজ আগত আল-আমিন জনকল্যাণ সমাজ। ২০০৩ চনত স্থাপন হোৱা আল-আমিন জনকল্যাণ সমাজে ৰাইজৰ স্বাৰ্থত কাম কৰাৰ বহু উদাহৰণ আছে। তেনে এক সমাজকল্যাণমূলক কামৰ অংশ হ'ল দেওবাৰে অনুষ্ঠিত কৰা বিনামূলীয়া স্বাস্থ্য শিবিৰ।  
 
দেওবাৰে আল আমিন জনকল্যাণ সমাজ আৰু আৱাজ-দ্য ভইচ'ৰ উদ্যোগত, আছাম মেডিকেল কলেজ এলামনাই এছ'চিয়েশ্বন আৰু একাডেমিক ফ'ৰামৰ সহযোগীতাত পুৱা ৯-৩০ বজাৰ পৰা দুপৰীয়া ২-০০ বজালৈ বড়িগোগ হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত এক বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰে। 
 
 
এই চিকিৎসা শিৱিৰটো আয়োজন কৰে যুটীয়াভাৱে বিদ্যালয়খনৰ অধ্যক্ষ জ্যোতিষ কলিতা আৰু অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা তথা বিদ্যালয়খনৰে প্ৰাক্তন ছাত্ৰ মঃ ফাইজুৰ ৰহমানে। আল-আমিন জনকল্যাণ সমাজৰ সম্পাদক কৰ্নেল ডাঃ লুটফুৰ ৰহমান , সদস্য ডাঃ আতিকুৰ ৰহমান, মাহমুদুৰ ৰহমান বৰা (ৰাতুল ), ফাইজুৰ ৰহমান , কাল্বি হাচান আহমেদ, আৱাজ-দ্য ভইচ'ৰ মুখ্য কাৰ্য্যবাহী বিষয়া পল্লৱ ভট্টাচাৰ্য্য উপস্থিত থাকে।
 
আছাম মেডিকেল কলেজ এলামনাই এচ'ছিয়েশ্বনৰ অভিজ্ঞ আৰু বিশেষজ্ঞ চিকিৎসক ডাঃ উৎপল কুমাৰ কটকী, ডাঃ জীতা খাউণ্ড, ডাঃ চুভ্ৰা দাস, ডাঃ অঞ্জনা দুৱাৰা, ডাঃ নিৰ্মল কুমাৰ বেৰিয়া, ডাঃ নিকিতা,  ডাঃ পল্লৱী ডেকা (আদি অভিজ্ঞ মেডিচিন বিশেষজ্ঞ, গাইনি বিশেষজ্ঞ, চকু বিশেষজ্ঞ, শিশু বিশেষজ্ঞ)  চিকিৎসকৰ দ্বাৰা সম্পুর্ণ বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা হয়। 
 
ৰোগীৰ তেজ পৰীক্ষা কৰা এক দৃশ্য
 
আল-আমিন জনকল্যাণ সমাজৰ সদস্য ফাইজুৰ ৰহমানে কয়, "মোৰ জন্মস্থান ইয়াতে। এই অঞ্চলত অলপ জনকল্যাণমূলক কাম-কাজ কৰাৰ মন আগৰ পৰাই আছে। আল-আমিন জনকল্যাণ সমাজৰ উদ্যোগত ইয়াত এনেদৰে বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিব পাই মই সুখী। আমি অনাথ আশ্ৰম আৰু বৃদ্ধাশ্ৰমত এনেকুৱা বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিছিলোঁ। এইবাৰ ভাবিলোঁ, গাঁৱত মানুহৰ বেছি প্ৰয়োজন। গতিকে সেইবাবেই গাঁৱত এই শিবিৰটো আয়োজন কৰিলোঁ। শিবিৰটোৰ দুদিন অগত আমি মাইকেৰে প্ৰচাৰ কৰিছিলোঁ। গোহাঁৰি প্ৰস্তুত কৰি স্থানীয় মন্দিৰ, মছজিদ আৰু নামঘৰসমূহত দি আহিছিলোঁ। আজি এই বিনামূলীয়া স্বাস্থ্য শিবিৰটোত যথেষ্ট লোক আহিছে। ভাল লাগিছে যে, আমি বিনামূলীয়া চিকিৎসাৰ লগতে ঔষধো দিব পাৰিছোঁ।" 
 
বিদ্যালয়ৰ ওচৰ চুবুৰীয়া গাঁও যেনে- উখুৰা, হেলেচা, জাপিয়া, নবুৰ্ক, ডিমু, ক্ষুদ্ৰডিমু,  পালাৰা, মৈহাতী আদি গাঁওৰ পৰা জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে তিনি শতাধিক পুৰুষ-মহিলা, শিশু, ডেকা-গাভৰুৱে এই বিনামূলীয়া চিকিৎসা সেৱা গ্ৰহণ কৰাৰ উপৰিও তেওঁলোকে বিনামূলীয়াকৈ ব্লাড চুগাৰ,  হিমগ্লবিন, ব্লাড গ্ৰুপ আদি তেজৰ পৰীক্ষা কৰাৰ সুযোগ লাভ কৰে। লগতে  কিছু পৰিমাণৰ ঔষধ পাতিও বিনামুলীয়াকৈ লাভ কৰে। 
 
বিনামূলীয়া ঔষধো যোগান ধৰা হৈছে শিবিৰটোত
 
আল-আমিন জনকল্যাণ সমাজৰ সদস্য কালবি হাচান আহমেদে কয়, "আল-আমিন জনকল্যাণ সমাজ ২০০৩ চনত স্থাপন কৰা হৈছিল। ইছলামধৰ্মীয় জাকাতৰ টকাৰে আমাৰ আল-আমিনৰ কাম-কাজসমূহ সম্পন্ন কৰোঁ।  বহু দুখীয়া ছাত্ৰ-ছাত্ৰীক আমি পঢ়াৰ খৰছ যোগান ধৰি আহিছোঁ। আমি পঢ়োৱা বহু ছাত্ৰ-ছাত্ৰীয়ে ভাল সংস্থাপন পাই আমালৈ জাকাত পইচা প্ৰেৰণ কৰি আহিছে। আমাৰ প্ৰধান উদ্দেশ্যটো হ'ল জাকাতৰ পইচা যাতে সঠিক ব্যৱহাৰ হয়। আমাৰ বহু অসমীয়া মুছলমানলোক বিদেশত আছে, তেওঁলোকেও আমালৈ জাকাতৰ পইচা পঠিয়াই। শিক্ষাৰ উপৰিও আমি মহিলা সংস্থাপনৰ ক্ষেত্ৰতো কাম কৰি আহিছোঁ। চিকিৎসাৰ ক্ষেত্ৰতো আল-আমিনে বহুতক সহযোগ আগবঢ়াই আহিছে।"
 
তাৰোপৰি কেইদিনমান আগতে চিলাই মেচিন দান কৰা পাঁচ গৰাকী ভূমিহীন অতি দুখীয়া-দৰিদ্ৰ আৰু বিধৱা মহিলাক কাল্বি হাচান আহমেদ ডাঙৰীয়াই চিলাই কাটিংৰ প্ৰশিক্ষণ দিয়ে। প্ৰত্যেককে কেচি , ফিটা, স্কেল আৰু গুলি সূতা দান কৰে।
 
আৱাজ-দ্য ভইচ'ৰ মুখ্য কাৰ্যবাহী বিষয়া পল্লৱ ভট্টাচাৰ্য্যই কয়, "মই ইয়াত আহি অতি আনন্দিত হৈছোঁ। স্বাস্থ্য শিবিৰটোত  স্থানীয় ৰাইজে যথেষ্ট সহযোগ কৰিছে। আমাৰ আৱাজ-দ্য ভইচ'ৰ লক্ষ্য সাফল্যমণ্ডিত হোৱা পৰিলক্ষিত হৈছে। আমি সকলোৱে একেলগে আগবাঢ়িব লাগে, তেতিয়াহে সমাজখনৰ উন্নতি হ'ব। ইয়াত দেখিছোঁ জাতি, ধৰ্ম, নিৰ্বিশেষে মানুহ আহিছে আৰু স্বাস্থ্যশিবিৰত স্বাস্থ্যসেৱা গ্ৰহণ কৰিছে। মই আল-আমিন জনকল্যান সমাজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে এই ঠাইটো বাছি লৈ সুন্দৰভাৱে কাম-কাজ সম্পন্ন কৰিছে। লগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষককো ধন্যবাদ জনাইছোঁ, তেওঁ আমাৰ লগত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাই নহয়, গোটেই দিনটো ইয়াত উপস্থিত আছে।" 
 
চিকিৎসকে ৰোগীৰ সৈতে কথা পাতি থকা দৃশ্য
 
উল্লেখযোগ্য যে, আল আমিন জনকল্যাণ সমাজ, আৱাজ-দ্য ভইচ, আছাম মেডিকেল কলেজ এলামনাই এ'চিয়েশ্বনৰ সকলো সদস্যৰ তথা বিষয়ৱবীয়াই বিদ্যালয়ৰ চৌহদত এই শিবিৰ অনুষ্ঠিত কৰা সুবিধাবোৰ দি সকলো দিশতে সহযোগিতা আগবঢ়োৱা বাবে বিদ্যালয়ৰ অধ্যক্ষ জ্যোতিষ কলিতা আৰু প্ৰাক্তন ছাত্ৰ তথা আহ্বায়ক ফাইজুৰ ৰহমান ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰি ভূয়সী প্ৰসংশা কৰে।
 
শেষত বিদ্যালয়ৰ অধ্যক্ষই শলাগৰ শৰাই আগবঢ়ায়। তেখেতৰ ভাষণত সকলোফালৰ পৰা অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি শলাগ লয়। অনুষ্ঠানৰ অন্তত ফাইজুৰ ৰহমানে তেওঁৰ ফালৰ পৰা সংস্থাৰ বিষয়ৱবীয়া তথা চিকিৎসক সকলৰ প্ৰত্যেককে এটিকৈ মেমেন্টো প্ৰদান কৰি নৱবৰ্ষৰ শুভেচ্ছাৰ জ্ঞাপন কৰে।