ড০ তপন শইকীয়ালৈ অসম বৈভৱ; ড০ ইফটিকাৰ আহমেদলৈ অসম গৌৰৱ বঁটা প্ৰদান ৰাজ্যপালৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
অসম বৈভৱ বঁটা গ্ৰহণৰ সময়ত ড০ তপন শইকীয়া
অসম বৈভৱ বঁটা গ্ৰহণৰ সময়ত ড০ তপন শইকীয়া
 
আৱাজ দ্য ভইচ / গুৱাহাটী

সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৰিহণাৰ স্বীকৃতিস্বৰূপে অসম চৰকাৰে বিগত বৰ্ষৰ পৰা আগবঢ়াই অহা অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাসমূহ আজি প্ৰদান কৰা হয়। ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও সুযোগ্য সন্তানক এই সন্মানীয় বঁটা প্ৰদান কৰে। দক্ষতা আৰু পাৰদৰ্শিতাৰে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত উজলি উঠা প্ৰতিভাৱান ব্যক্তিসকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বঁটাসমূহ  প্ৰদান কৰা হয়। 
 
উল্লেখ্য যে, চলিত বৰ্ষৰ ৪ জানুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলত এই বঁটা বিজয়ীসকলৰ নাম ঘোষণা কৰিছিল। সেই অনুসৰি, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্কট ৰোগ বিশেষজ্ঞ ড০ তপন শইকীয়াক আজি অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা প্ৰদান কৰা হয়। একেদৰে, দীৰ্ঘদিন ধৰি এইচ আই ভি/ এইডছৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰি অহা ড০ ছৈয়দ ইফটিকাৰ আহমেদলৈ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে। ইফটিকাৰ আহমেদক এইচ আই ভি/ এইডছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত দেশৰ অন্যতম পুৰোধা ব্যক্তি হিচাপে জনা যায়। 
 
অৱশ্যে, অসুস্থতাৰ বাবে ড০ ছৈয়দ ইফটিকাৰ আহমেদে আজি অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে আৰু তেওঁৰ পুত্ৰ ফাৰজাদ আহমেদে বঁটাটো গ্ৰহণ কৰে। একেদৰে, অসম সৌৰভ বঁটা লাভ কৰা প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ গিলবাৰ্টচন চাংমাইও অসুস্থতাৰ বাবে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। 
অসম সৌৰভ বঁটা লাভ কৰা ব্যক্তিকেইগৰাকী হ'লঃ ভ্ৰাম্যমাণ থিয়েটাৰৰ পুৰোধা ব্যক্তি তথা আৱাহন থিয়েটাৰৰ প্ৰযোজক বজালীৰ সু-সন্তান কৃষ্ণ ৰয়, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ গিলবাৰ্টচন চাংমা, কমনৱেলথ গেমছৰ স্বৰ্ণপদক জয়ী ৰোলবল খেলুৱৈ নয়নমণি শইকীয়া, প্ৰখ্যাত বিজ্ঞানী বিনয় কুমাৰ শইকীয়া আৰু চিকিত্সক শশীধৰ ফুকন। 
 
অসম সৌৰভ বঁটাৰ বাবে মনোনীত বিনয় কুমাৰ শইকীয়াই ইয়াৰ পূৰ্বে ২০২১ বৰ্ষত শান্তি স্বৰূপ ভাটনগৰ বঁটা লাভ কৰিছিল। তেওঁ সম্প্ৰতি যোৰহাটৰ উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ প্ৰধান বিজ্ঞানী হিচাপে কৰ্মৰত। 
 
উল্লেখ্য যে, অসমৰ ডিব্ৰুগড়ৰ নাহৰকটীয়াৰ নিবাসী ড০ তপন শইকীয়া দীপশিখা ফাউণ্ডেশ্যনৰ অন্যতম পৃষ্ঠপোষক। তেওঁ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ সজাগতা সৃষ্টি আৰু আগতীয়াকৈ ধৰা পেলোৱাৰ দিশত অপৰিসীম অৱদান আগবঢ়াইছে। ২০০৪ চনৰ জুন মাহৰ পৰা শইকীয়া প্ৰিন্স আলী খান হাস্পতালৰ মেডিকেল অংক’লজী আৰু গৱেষণা সঞ্চালকৰ মুৰব্বী আছিল। বৰ্তমান তেওঁ জছলক হাস্পতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰ মুম্বাইৰ অংক’লজী বিজ্ঞানৰ সঞ্চালক। ইয়াৰ উপৰিও তেওঁ এইমছ, দিল্লী আৰু এলাহাবাদ বিশ্ববিদ্যালয়ত এম ডি, আৰু বাহ্যিক পৰীক্ষক হিচাপেও কাম কৰিছিল।
 
অসম বৈভৱ বঁটাত আছে ৫ লাখ টকাৰ নগদ পুৰস্কাৰ। তদুপৰি তেওঁ চৰকাৰী খৰচত গোটেই জীৱন চিকিৎসাৰ সুবিধা লাভ কৰে। আনহাতে অসম সৌৰভ বঁটাত ৪ লাখ টকাৰ নগদ পুৰস্কাৰ থাকে। এই বঁটা লাভ কৰাসকলে প্রতি বছৰে ৩ লাখ টকা পৰ্যন্ত চৰকাৰী খৰছত চিকিৎসাৰ সুবিধা ল’ব পাৰে৷ একেদৰে, অসম গৌৰৱ বঁটাত ৩ লাখ টকাৰ নগদ পুৰস্কাৰৰ সৈতে বছৰত ৩ লাখ টকাৰ চিকিৎসাৰ সুবিধা আছে।
 
আনহাতে, মুঠ ১৩ গৰাকী ব্যক্তিক অসম গৌৰৱ বঁটা প্ৰদান কৰা হয়। সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ উল্লেখনীয় অৰিহণা আগবঢ়োৱা এই ব্যক্তিসকল হৈছেঃ দেৱজিৎ বৰ্মন, ৰুষ্টম বসুমতাৰী, মঞ্জে লা, বিনন্দ হাতীবৰুৱা, অতুল চন্দ্ৰ বৰুৱা, শীলা গোৱালা, ডাঃ যোগেশ দেউৰী, ডাঃ পংকজ লাল গগৈ, সৰ্বেশ্বৰ বসুমতাৰী, মন্থাং হমাৰ, দয়াল গোস্বামী, ডাঃ ছৈয়দ ইফতিকাৰ আহমেদ আৰু ডাঃ ধ্ৰুবজ্যোতি শৰ্মা।
 
 মনকৰিবলগীয়া যে, যোৱা বছৰ অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল দেশৰ আগশাৰীৰ উদ্যোগপতি তথা বিশিষ্ট সমাজসেৱক ৰতন টাটাক। অসম চৰকাৰে আগবঢ়োৱা 'অসম গৌৰৱ বঁটা' লাভ কৰা ব্যক্তি সকলৰ ভিতৰত অন্যতম আছিল ডাঃ আছিফ ইকবাল। অতি উচ্চ বেতনৰ চাকৰী এৰি ৰাজহুৱা প্ৰতিস্থানত ডাঃ আছিফ ইকবালে আৰ্থিকভৱে দুৰ্বল লোকসকলক সেৱা আগবঢ়াই আছে।