আমবাৰীৰ বুঢ়া জামে মছজিদ: সমন্বয়ৰ প্ৰতীক

Story by  Ariful Islam | Posted by  Munni Begum • 1 Years ago
আমবাৰীৰ বুঢ়া জামে মছজিদ
আমবাৰীৰ বুঢ়া জামে মছজিদ
 
আৰিফুল ইছলাম / গুৱাহাটী
 
গুৱাহাটী মহানগৰীৰ সদাব্যস্ত আমবাৰীৰ মাজেৰে পাৰ হৈ যোৱাসকলক সঘনাই আকৰ্ষিত কৰে এটা বগা ৰঙৰ ভৱনে। এই ভৱনটোৰ পৰা ভাহি অহা আজানৰ শব্দই সমগ্ৰ অঞ্চলটোত এক আধ্যাত্মিক বাতাৱৰণৰ সৃষ্টি কৰে আৰু স্থানীয় লোকক আজানৰ শব্দই সময়ৰো অনুমান দিয়ে। এই ভৱনটো হ'ল গুৱাহাটীৰ বিখ্যাত বুঢ়া জামে মছজিদ। 
 
বুঢ়া জামে মছজিদ নামটোৰ উৎপত্তি কেনেকৈ হ’ল কোনেও সঠিকভাৱে নাজানে। প্ৰবাদ অনুসৰি, এই মছজিদত নিয়মীয়াকৈ নামাজ পঢ়া এজন পুৰণি পীৰ আছিল আৰু পিছলৈ ইয়াৰ চৌহদতে তেওঁৰ মৃত্যু হৈছিল। তেতিয়াৰ পৰাই সেই ঠাইখন বুঢ়া পীৰৰ মছজিদ নামেৰে পৰিচিত হ’ল। 
 
 
আন কিছুমানে আকৌ গুৱাহাটী চহৰৰ আটাইতকৈ পুৰণি হোৱাৰ বাবেই ইয়াক বুঢ়া মছজিদ বুলি ক'ব বিচাৰে। আন এটা প্ৰবাদ অনুসৰি, আহোম ৰজা ৰুদ্ৰ সিংহৰ দিনতে মছজিদটো প্ৰতিষ্ঠা হৈছিল।
 
ইয়াৰ অতীত যিয়েই নহওক কিয় বুঢ়া জামে মছজিদক আজি শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ প্ৰতীক হিচাপে জনা যায়। এই মছজিদলৈ সকলো ধৰ্মৰ লোকৰে আগমন ঘটে। ইয়াত পবিত্ৰ ৰমজান মাহৰ ইফটাৰৰ সময়ত হিন্দুসকলেও সহযোগিতা আগবঢ়ায়।  কিছুমান হিন্দু লোকে ৰোজা ৰাখি বুঢ়া জামে মছজিদত নিজৰ মুছলমান ভাতৃৰ লগত যোগদান কৰি সূৰ্যাস্তৰ সময়ত ইফটাৰ কৰে।
 
উল্লেখ্য যে, সমাজৰ হিতৰ বাবে কাম কৰি অহা ব্যক্তি বা অনুষ্ঠানৰ ইতিবাচক কামক স্বীকৃতি প্ৰদান কৰা All Assam Sports & Cultural Organisationয়ে অলপতে ইতিহাসপ্ৰসিদ্ধ বুঢ়া জামে মছজিদক শান্তি আৰু সম্প্ৰীতিৰ বঁটা প্ৰদান কৰে। সমাজত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ অটুট ৰখাত আগবঢ়োৱা অতুলনীয় অৰিহণাৰ বাবে বুঢ়া মছজিদক এই প্ৰদান কৰা হয়। বুঢ়া মছজিদ কৰ্তৃপক্ষৰ হৈ বঁটা গ্ৰহণ কৰে মছজিদ কমিটিৰ সাধাৰণ সম্পাদক নিজামুল হকে।
 
ৰমজানৰ সময়ত বুঢ়া মছজিদৰ দৃশ্য
 
'আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বুঢ়া মছজিদ কমিটিৰ সাধাৰণ সম্পাদক নিজামুল হকে কয়; "All Assam Sports & Cultural Organisationৰ এই বঁটাই আমাক উৎসাহিত কৰিছে। সমাজৰ হিতৰ বাবে কাম কৰি থকা অসমৰ বিভিন্ন ব্যক্তি বা অনুষ্ঠানক স্বীকৃতি দিয়া হৈছে। এনে এক সন্মানীয় বঁটা লাভ কৰি আমি যথেষ্ট সুখী। বুঢ়া মছজিদ কমিটিয়ে অসহায় লোকক সদায়ে সহায়ৰ হাত আগবঢ়াই আহিছে। মই ১৯৯৩ চনৰ পৰা বুঢ়া জামে মছজিদৰ সৈতে জড়িত হৈ আছো। এই সময়ছোৱাত কেৱল মছজিদৰ কাৰণেই নহয়, সমাজৰ হকে বহুত কাম কৰিছোঁ।"
 
উল্লেখ্য যে, বিভিন্ন মানৱদৰদী কামৰ বাবে বুঢ়া জামে মছজিদক সমাজৰ ভিন্ন ক্ষেত্ৰৰ লোকে প্ৰসংশা কৰে। ৪০০ৰো অধিক দুখীয়া শিশুক নিজৰ খৰচত তেওঁলোকে চুন্নত (খটনা) কৰাইছে। সমাজৰ আৰ্তজনক সহায় কৰাৰ বাবে বুঢ়া জামে মছজিদ কমিটিৰ এটা সুকীয়া পুঁজি আছে। সমাজৰ দৰিদ্ৰ লোকসকলৰ পঢ়াৰ খৰচ, বিয়া, বেমাৰ-আজাৰ আৰু অন্যান্য সহায়ৰ বাবে এই পুঁজি ব্যৱহাৰ কৰা হয়। 
 
তাৰোপৰি, দুখীয়া আৰু মেধাৱী ছাত্ৰৰ কাৰণে বুঢ়া মছজিদ চৌহদত এটা ছাত্ৰাবাসৰো ব্যৱস্থা আছে। বুঢ়া মছজিদৰ জাকাত ফাণ্ডৰ অধীনত দুখীয়াসকলক সহায় কৰা হয় আৰু কিছুসংখ্যক দুখীয়া শ্ৰমিকক ৰিক্সা কিনি দি উপাৰ্জনৰ পথ মুকলি কৰি দিছে।
 
বুঢ়া মছজিদৰ উদ্যোগত আয়োজিত 'বুঢ়া মছজিদ শান্তি' বঁটা দিয়া মুহূৰ্তত
 
উল্লেখ্য যে, গুৱাহাটীৰ আমবাৰীস্থিত বুঢ়া মছজিদ চৌহদৰ চাৰিওপিনে হিন্দু ধৰ্মাৱলম্বী লোকৰ সংখ্যা অধিক। যিকোনো মাঙ্গলিক কাৰ্য্য কৰা পূৰ্বে তেওঁলোক বুঢ়া মছজিদত আহি সেৱা আগবঢ়ায়। লগতে বুঢ়া মছজিদৰ আৰ্থিক দিশটো টনকিয়াল কৰাৰ ক্ষেত্ৰত মুছলমানৰ সমানে হিন্দুসকলেও অনুদান আগবঢ়াই আহিছে।
 
প্ৰত্যেক ৰমজান মাহত বুঢ়া মছজিদ কমিটিয়ে ৪০০ ৰো অধিক লোকৰ বাবে চেহেৰী আৰু ইফটাৰৰ ব্যৱস্থা কৰে। ৰমজানৰ সময়ত বুঢ়া মছজিদত হিন্দুলোকসকলেও ইফটাৰ আগবঢ়াই আৰু ৰাজহুৱা দোৱাত অংশগ্ৰহণ কৰে। তাৰোপৰি, বুঢ়া মছজিদ কমিটিয়ে প্ৰত্যেক ৰমজানৰ সময়ত সমাজ কল্যানৰ কামত জড়িত হৈ থকা হিন্দু, মুছলমান, খ্ৰীষ্টান যিকোনো ব্যক্তিক শান্তিৰ বঁটা প্ৰদান কৰে।