উপাসনাৰ পদ্ধতি পৃথক হ'লেও সকলো ধৰ্মৰ লক্ষ্য এক; সামবেদৰ উৰ্দূ সংস্কৰণ মুকলি অনুষ্ঠানত মোহন ভাগৱত

Story by  atv | Posted by  [email protected] • 1 Years ago
গ্ৰন্থ উন্মোচনী অনুষ্ঠানত মোহন ভাগৱত
গ্ৰন্থ উন্মোচনী অনুষ্ঠানত মোহন ভাগৱত
 
নতুন দিল্লী

বলীউদৰ স্ক্ৰীপ্টৰাইটাৰ আৰু ছবি নিৰ্মাতা ইকবাল দুৰানীয়ে অনুবাদ কৰি উলিওৱা সামবেদৰ উৰ্দু সংস্কৰণ মুকলি কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) মূৰব্বী মোহন ভাগৱতে পুনৰ এবাৰ ধৰ্মীয় একতা-সম্প্ৰীতিৰ পোষকতা কৰে। তেওঁ কয় যে বিভিন্ন ধৰ্মৰ লোকৰ উপাসনাৰ পদ্ধতি পৃথক হ'লেও সকলো ধৰ্মৰ লক্ষ্য একেটাই, সেয়ে উপাসনাৰ পদ্ধতি পৃথক হোৱাতো ধৰ্মীয় সংঘাতৰ কাৰণ হোৱা উচিত নহয়। 
 
উল্লেখ্য যে, মূলতঃ সংস্কৃতত লিখা হিন্দুধৰ্মৰ প্ৰধান শাস্ত্ৰ চাৰিখন বেদৰ ভিতৰত সামবেদ হৈছে অন্যতম। সামবেদ ঋকবেদৰ প্ৰায় সমসাময়িকভাৱে ৰচিত। ইয়াৰ প্ৰায় সকলোবোৰ শ্লোক বা মন্ত্ৰই ঋকবেদত আছে। পাৰ্থক্য ইমানেই যে সামবেদত সেই সকলোবোৰ শ্লোক গীতসহিত আছে। অন্য অৰ্থত যিবোৰ মন্ত্ৰক সুৰেৰে গোৱা হয় সেইবোৰকে সাম বুলি জনা যায়। সামবেদৰ শ্লোকসমূহ গীতৰ সহায়ত স্তুতি কৰা হয়। 
 
বিগত সময়ছোৱাত বিভিন্ন ধৰ্মৰ লোকৰ মাজত বাঢ়ি অহা ঘৃণা আৰু উত্তেজনাৰ কথা উল্লেখ কৰি আৰ এছ এছৰ মূৰব্বী ভাগৱতে কয় যে বেলেগ বেলেগ ধৰ্ম অনুসৰণ কৰিলেও সকলো লোকৰ গন্তব্যস্থান একে। সামবেদখন উৰ্দু ভাষালৈ অনুবাদ কৰা ইকবাল দুৰানীয়ে কয় যে ৪০০ বছৰ পূৰ্বে মোগল ৰাজকুমাৰ দাৰা শিকোহে বেদ অনুবাদ কৰিব বিচাৰিছিল যদিও তেওঁৰ ভাতৃ ঔৰংজেবে শ্বাহজাহানৰ সিংহাসনৰ উত্তৰাধিকাৰীত্বৰ যুদ্ধত তেওঁক হত্যা কৰিছিল।
"আজি প্ৰধানমন্ত্ৰী মোদীৰ শাসনত দাৰা শিকোহৰ আধৰুৱা সপোন পূৰণ কৰিলোঁ। ঔৰংজেব পৰাজিত হ’ল আৰু মোদীয়ে জয়ী হ’ল,”-লেখক দুৰানীয়ে কয়। এই উপলক্ষে উপস্থিত থকা আন ব্যক্তিসকলৰ ভিতৰত আছিল গীতা মণিষী, স্বামী জ্ঞানানন্দ মহাৰাজ, স্বামী কৈলাশানন্দ, ড° ইকবাল দুৰানী, আৰ এছ এছৰ নেতা ড° ইন্দ্ৰেশ কুমাৰ, ৰাম লাল, বলীউডৰ শিল্পী গজেন্দ্ৰ চৌহান, সুনীল শেট্টী, জয়প্ৰদা, আৰু মুকেশ খান্না।
 
ইয়াৰ উপৰি ভজন কণ্ঠশিল্পী অনুপ জালোটা, মৌলানা উমেৰ ইলিয়াছি, সাংসদ মনোজ তিৱাৰী, আৰু হান্স ৰাজ হান্স অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে অনুপ জালোটাই ভজন পৰিবেশন কৰে। তাৰ পিছত এদল শিল্পীৰ দ্বাৰা শিৱ স্তুতি পৰিবেশন কৰা হয়।
 
 
এই উপলক্ষে সংঘৰ মুৰব্বী মোহন ভাগৱতে কয় যে সকলোৰে উপাসনা কৰাৰ পদ্ধতি বেলেগ বেলেগ; সকলোৰে উপাসনা কৰাৰ পথ বেলেগ বেলেগ, কিন্তু সকলোৰে গন্তব্যস্থান একে। “গন্তব্যস্থানলৈ চাওক, তাৰ দিশে আগবাঢ়ক, আৰু পদ্ধতিবোৰ চাই ইজনে সিজনৰ লগত যুঁজ নকৰিব, এইটো সকলোৰে বাবে এটা বাৰ্তা আৰু ভাৰতে এই বাৰ্তা সমগ্ৰ বিশ্বক দিব লাগিব।”
 
ভাগৱতে কয় যে পূজা-অৰ্চনা এটা ধৰ্মৰ অংশ। অৱশ্যে কেৱল পূজা-অৰ্চনা আৰু প্ৰাৰ্থনাই কোনো ধৰ্মৰ সত্যতা নিৰূপন নকৰে। “প্ৰকৃত সত্যক লাভ কৰাই হৈছে প্ৰতিটো ধৰ্মৰ মূল আৰু সকলোৱে ইয়াক লাভ কৰিবলৈ চেষ্টা কৰা উচিত। তেওঁ কয় যে সকলোৰে পথ সঠিক যেন লাগে, কিন্তু এইটো বুজিব লাগে যে এই সকলোবোৰ পথৰ চূড়ান্ত লক্ষ্য হৈছে এক সত্যক লাভ কৰা।’-আন্তঃধৰ্মীয় পাৰ্থক্য আৰু উত্তেজনা মোকাবিলা কৰাৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ভাগৱতে এইদৰে কয়।
 
ভাগৱতে কয় যে সনাতন ধৰ্মত আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োটা জ্ঞান অবিহনে জ্ঞান সম্পূৰ্ণ বুলি গণ্য কৰা নহয়। বেদৰ বাক্যৰ দৰে, ইয়াৰ সম্পূৰ্ণ অৰ্থ বুজিবলৈ উপনিষদৰ দৰে আন ৰচনাৰ প্ৰয়োজন। আমি সেইবোৰ অধ্যয়ন কৰিব লাগিব, যাতে আমি ইয়াৰ মৌলিক বাৰ্তাবোৰ বুজিব পাৰো।
 
দুৰানীৰ কামৰ শলাগ লৈ ভাগৱতে কয় যে আমি সকলোৱে আমাৰ লৌকিক জীৱন আৰু আধ্যাত্মিক জীৱনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিব লাগিব। “মই তেওঁক অভিনন্দন জনাইছো। এই কথা আমি সকলোৱে বুজিব লাগিব আৰু লাহে লাহে ইয়াক আমাৰ অভ্যাস কৰি ল’ব লাগিব বুলি মই অনুভৱ কৰোঁ। আমি সকলোৱে এই কামটো কৰিম, সকলোকে শুভেচ্ছা জনালোঁ।
 
ইফালে, ধৰ্ম সন্দৰ্ভত ভাগৱতে কয় যে কোনো পথেই ভুল নহয়। সকলো ধৰ্মই আমাক যি উমৈহতীয়া গন্তব্যস্থানলৈ লৈ যায়, সেই উমৈহতীয়া গন্তব্যস্থানত উপনীত হোৱাৰ বাবে মানুহে ইজনে সিজনৰ লগত যুঁজ কৰিব নালাগে।
 
লেখক আৰু সাহিত্যিক ইকবাল দুৰানীয়ে কয় যে সামবেদ গ্ৰন্থখন হৈছে মাংগলিক অনুষ্ঠানত ব্যৱহাৰ হোৱা মন্ত্ৰোচ্চাৰণৰ এক সংকলন। এই মন্ত্ৰ মানুহ আৰু ঈশ্বৰৰ মাজত যোগাযোগৰ মাধ্যম। এই কিতাপখনত এনেকুৱা একো নাই যে যিটো পঢ়াৰ পিছত এজন মুছলমানে বুজি নাপাব। "মই বিচাৰো যে দেশত হিন্দু-মুছলমানৰ ঐক্য থাকিব লাগে, আৰু ইজনে সিজনৰ শাস্ত্ৰৰ বিষয়ে জ্ঞান অৰ্জন কৰা উচিত। কাৰণ এই সকলোবোৰ ঈশ্বৰৰ বাক্য।"-ইকবালে কয়।