জন্মগতভাৱে মই হিন্দু যদিও মুছলমানৰদ্বাৰা ডাঙৰ দীঘল হৈছোঁঃ অধ্যাপক ভি কে ত্ৰিপাঠী

Story by  atv | Posted by  Munni Begum • 1 Years ago
অধ্যাপক ভি কে ত্ৰিপাঠী
অধ্যাপক ভি কে ত্ৰিপাঠী
 
শাইস্ত ফাতিমা / নতুন দিল্লী
 
১৯২৯ চনৰে কথা। ভাৰতৰ স্বাধীনতাৰ সংগ্ৰামত ডেকা-বুঢ়া সকলোৱে ঐক্যবদ্ধ হৈ জঁপিয়াই পৰাৰ কথাই বহুতো ভাৰতীয়ৰ মনত এতিয়াও দেশপ্ৰেমৰ ভাৱ জাগ্ৰত কৰে। সেই সময়ৰ ১৩ বছৰীয়া এগৰাকী কিশোৰ হৰদাস শৰ্মাও ইয়াৰ পৰা পৃথক নাছিল। 
 
স্বাধীনতা সংগ্ৰামৰ সময়ত ঘৰৰ পৰা পলাই গৈ তেওঁ কেনেবাকৈ মহাত্মা গান্ধীৰ আশ্ৰমত উপস্থিত হৈছিল আৰু স্বাধীনতা সংগ্ৰামৰ ওপৰত গান্ধীজীৰ সভা-সমিতিসমূহত অংশগ্ৰহণ কৰিছিল। গান্ধীজীৰ বক্তৃতাত মন্ত্ৰমুগ্ধ হৈ তেওঁ দেশৰ স্বাধীনতা আন্দোলনত অংশ লোৱাৰ সিদ্ধান্ত লৈছিল।  
 
গৃহ চহৰলৈ উভতি আহি হৰদাস শৰ্মাই পোনে পোনে উত্তৰ প্ৰদেশৰ ললিতপুৰ চহৰৰ ২৮ বছৰীয়া গুৰু আহমেদ পেহলৱানৰ ওচৰলৈ গৈছিল। তেওঁ নিজৰ গুৰুক কৈছিল যে, "গান্ধীজীয়ে ভাৰতৰ স্বাধীনতাৰ বাবে যুঁজি আছে, আমিও তেনেকুৱা কৰিব নোৱাৰোনে..?"
 
আহমেদ পেহলৱানে প্ৰশ্ন কৰিছিল, "গান্ধীয়ে স্বাধীনতাৰ বিষয়ে কি কয়?" শৰ্মাই তেওঁৰ উত্তৰত কৈছিল, "তেওঁ সত্যতাৰ প্ৰচাৰ কৰে, কাকো হত্যা নকৰাৰ শিক্ষা দিয়ে, আনকি কোনোবাই আপোনাৰ সৈতে অভদ্ৰ ব্যৱহাৰ কৰিলেও, কাৰোবাক বিনামূলীয়াকৈ কাম কৰিবলৈ বাধ্য নকৰিব, অস্পৃশ্যতা নাই, হিন্দু আৰু মুছলমানক পৃথক নকৰিব আৰু যদি সম্ভৱ হয় তেন্তে খাদী পিন্ধিব লাগিব"
 
খাদীৰ ওপৰত কৰা প্ৰচাৰৰ বাহিৰে অন্য প্ৰচাৰ কৰাটো আহমেদ পেহালৱানৰ বাবে সম্ভৱপৰ যেন লাগিল। তেওঁ কয়, "খাদী পৰিধান কৰাটো এটা সমস্যা হ’ব পাৰে যদিও আমি নীতি অনুসৰণ কৰিব লাগিব। আমি বিভিন্ন ঠাইত আখৰা মুকলি কৰিম আৰু এই নীতিসমূহ অনুসৰণ কৰা যুৱক–যুৱতীসকলৰ নামভৰ্তি কৰিম।"
 
একে নীতিৰ ওপৰত ভিত্তি কৰি বহুতো আখৰা গঠন কৰা হৈছিল। যিয়ে অৱশেষত সত্যগ্ৰহৰ জন্ম দিছিল। ১৯৩০ চনত মহাত্মা গান্ধীৰ নেতৃত্বত ‘ডাণ্ডী মাৰ্চ’ ঘৰুৱা ক্ষোভত পৰিণত আৰম্ভ হৈছিল, যি সময়ত ইণ্টাৰনেট বা মোবাইল সেৱাৰ কোনো সুবিধা নাছিল। আহমেদ পেহলৱানে  হৰদাস শৰ্মাৰ সৈতে নিজৰ গাঁৱৰ পৰা এই আন্দোলন আগবঢ়াই হৈ গৈছিল। 
 
এই আন্দোলন আগবঢ়াই নিয়াৰ ফলত আহমেদ পেহলৱান আৰু হৰদাস শৰ্মা দুয়োকে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল। যিহেতু হৰদাস এগৰাকী কিশোৰ আছিল, সেয়েহে তেওঁক মুক্ত কৰি দিয়া হৈছিল। আনহাতে আহমেদে কিছু দিন জেলতে সেৱা আগবঢ়াবলগীয়া হৈছিল। আহমেদ আৰু হৰদাসৰ মাজত পিতৃ আৰু পুত্ৰৰ সম্পৰ্ক আছিল। আহমেদে হৰদাসক প্ৰদান কৰা শিক্ষাই এই বন্ধনক অধিক শক্তিশালী কৰি তুলিছিল। ১৯৪৮ চনৰ ১১ মাৰ্চত জন্মগ্ৰহণ কৰা পুত্ৰ বিপিন কুমাৰৰ হাতত হৰদাসে এই সম্পৰ্কটো গতাই দিছিল। নতুন দিল্লীৰ সৰ্বোদয় এনক্লেভত থকা নিজৰ অধ্যয়নৰ মেজত বহি অধ্যাপক বিপিন কুমাৰ ত্ৰিপাঠীয়ে এই কথা মনত পেলাইছে। 
 
বিপিন কুমাৰ ত্ৰিপাঠীয়ে স্মৃতি ৰোমন্থন কৰি কয় যে,  "এবাৰ আহমেদ পেহলৱান দিল্লীলৈ আহিছিল আৰু  তেতিয়া এনে লাগিল যেন আমাৰ জেষ্ঠ্য ভাতৃয়ে আমাক সাক্ষাৎ কৰিবলৈ আহিছিল। এনেকুৱাই আছিল আমাৰ মাজৰ সম্বন্ধ আৰু এনেকুৱাই আছিল আমাৰ শিক্ষা।" 
 
অধ্যাপক ত্ৰিপাঠী তেওঁৰ শিক্ষাৰ্থীসকলৰ সৈতে
 
আই আই টিৰ পদাৰ্থ বিজ্ঞান বিভাগৰ কেৰিয়াৰ শিক্ষক হোৱাৰ পিছতো মাদ্ৰাছাৰ শিক্ষাৰ প্ৰতি তেওঁক কিহৰ বাবে ইমান আগ্ৰহী কৰি তুলিছিল, সেই বিষয়ে ‘আৱাজ-দ্য ভইচ’ৰ সৈতে হোৱা এক আলোচনাত ত্ৰিপাঠীয়ে শৈশৱৰ কথা মনত পেলাই কয়, “আমাৰ সংস্কৃতি আৰু পৰম্পৰা কেৱল কাগজত নহয়, মোৰ দেউতা আৰু তেওঁৰ গুৰু (মল্লযুঁজৰ গুৰু), মই আৰু মোৰ শিক্ষক (মাছ চাব আহমেদ বক্স) এগৰাকীয়ে আছিল। মোৰ দেউতাই চতুৰ্থ শ্ৰেণীলৈ পঢ়িছিল আৰু তেওঁ এগৰাকী কৃষক আছিল।  
 
আহমেদ বক্সক আমাৰ গাঁৱৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক হিচাপে নিয়োগ কৰা হৈছিল। এয়া তেওঁৰ জীৱনৰ অন্তিম চাকৰি আছিল। উত্তৰ প্ৰদেশৰ ললিতপুৰ জিলাৰ পিপ্ৰাই গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত ভি কে ত্ৰিপাঠীক তেওঁ পাঠদান কৰিছিল। তেওঁ কয়, "মোক মূল কথাবোৰ শিকোৱাৰ পিছত তেওঁ মোক প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পদোন্নতি দিছিল আৰু তেওঁ মোক প্ৰায় ৪০ বছৰ বয়সলৈ যতন লৈছিল।"   
 
অৱশেষত ১৯৭১ চনত আই আই টি-দিল্লীত পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হিচাপে নিযুক্তি পোৱা অধ্যাপক ভি কে ত্ৰিপাঠীয়ে কয়, "মাছ চাহাবে মোক নিজৰ পুত্ৰৰ দৰেই মৰম আৰু আদৰ কৰিছিল। আমাৰ সমাজত থকা উচ্চ-নীচৰ চিন্তা ধাৰা থকা সত্বেও তেওঁ আমাৰ সৈতে এক হৈ আছিল। তেওঁ মোক গণিত শিকাইছিল। গোটেই চহৰখনত তেওঁ গণিতৰ উৎকৃষ্ট দক্ষতাৰ বাবে পৰিচিত আছিল।" 
 
অধ্যাপক ত্ৰিপাঠীয়ে তেওঁৰ গুৰুৰ বিষয়ে কয়, "১৯৪৭ চনত ললিতপুৰৰ পৰা ৩০ কিলোমিটাৰ দূৰত্বৰ এখন গাঁৱত মাছ চাহাবক নিয়োগ কৰা হৈছিল। আনহাতে তেওঁৰ পৰিয়ালটো ললিতপুৰত হিন্দু লোকসকলৰ মাজত বসবাস কৰিছিল। মাহিলী অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানৰ বাবে মাহত এবাৰ তেওঁ ঘৰলৈ গৈছিল। তেনে এটা অনুষ্ঠানত আহমেদ বক্স তেওঁৰ নিজৰ ঠাইলৈ গৈছিল। কিন্তু তেওঁ তেওঁৰ ঘৰৰ দুৱাৰত তলা লগোৱা প্ৰত্যক্ষ কৰিছিল। ইফালে সিফালে সুধাত মানুহে তেওঁক কৈছিল যে, "চহৰৰ সকলো মুছলমান সম্প্ৰদায়ৰ লোকে আতংকিত হৈ ভূপাললৈ গুচি গৈছে। আপোনাৰ পৰিয়ালটোও আজি ৰাতিপুৱা তেওঁলোকৰ লগতে গৈছে।" 
 
খবৰটো জনাৰ লগে লগে মাছ চাহাবে ৰেলৱে ষ্টেচনলৈ গৈছিল আৰু তাত তেওঁৰ পৰিয়ালৰ সদস্যসকলক বিচাৰি পাইছিল। তেওঁ পৰিয়ালৰ সদস্যসকলক কিয় নিজৰ দেশ এৰি গৈ আছে বুলি প্ৰশ্ন কৰিছিল? লগতে তেওঁ নিজৰ পৰিয়ালক কৈছিল, "নেহৰু আৰু গান্ধী এতিয়াও জীয়াই আছে। ভাৰত আমাৰ প্ৰকৃত ৰাষ্ট্ৰ আৰু আমি ইয়াতে থাকিব লাগিব।" তেওঁ নিজৰ পৰিয়ালৰ লগতে আন বহু লোকক পুনৰ উভতাই আনিছিল।" 
 
মোৰ দেউতাই নিজৰ লগতে অন্য কেইবাটাও পৰিয়ালক উভতাই অনাৰ কিছুদিন পিছলৈ আমাৰ ললিতপুৰত কোনো সংঘৰ্ষ হোৱা নাছিল। মাছ চাহাবে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। পৰিয়ালবোৰক উভতাই অনাৰ বীৰত্বপূৰ্ণ কাৰ্য্যৰ পিছত হিন্দু লোকসকল অত্যন্ত আঁচৰিত হৈছিল। গোটেই গাঁওখনৰ লোকসকলে এনেকুৱাকৈ ভাবিছিল যে এই মানুহজনে আমাক বিশ্বাস প্ৰদান কৰিছে, তেওঁ আমাক উভতাই আনিছে। 
 
অধ্যাপক ত্ৰিপাঠীয়ে কয় যে স্বাধীনতাৰ সময়ত গান্ধীৰ সামগ্ৰিক প্ৰভাৱ এইটোৱেই আছিল আৰু তেওঁলোকৰ পৰিয়ালে 'গান্ধী আৰু সৰ্বশক্তিমান আল্লাহ'ৰ ওপৰত গভীৰভাৱে বিশ্বাস কৰিছিল। 
 
মাদ্ৰাছাৰ শিক্ষাৰ্থীসকলৰ সৈতে এখন কৰ্মশালা
 
অধ্যাপকগৰাকীয়ে কয়, "আহমেদ বক্সে কিছু ৰঙা আৰু সেউজীয়া কাগজেৰে মালা প্ৰস্তুত কৰিছিল আৰু তেওঁ ঘৰলৈ গৈ ভগৱান ৰামৰ মূৰ্তিত সেই মালাডাল আগবঢ়াইছিল। আহমেদ বক্স এগৰাকী সম্পূৰ্ণ নামাজী ব্যক্তি আছিল আৰু দিনে পাঁচবাৰকৈ নামাজ পঢ়িছিল।" 
 
তেওঁ কয়, "এবাৰ মোৰ জেষ্ঠ্য ভগ্নীৰ বৰ আই হৈছিল। যাৰ ফলত তেওঁ চাৰি-পাঁচদিনলৈ একো খাব পৰা নাছিল। দেউতাই তাইৰ শৰীৰ পৰীক্ষা কৰিছিল আৰু দুপৰীয়ালৈ তাইৰ মৃত্যু হ’ব বুলি কৈছিল। তাৰ পিছত  মই অধ্যাপক আহমেদ বক্সৰ ওচৰলৈ গৈছিলো আৰু কৈছিলো যে মাছ চাহাব আজি দুপৰীয়াৰলৈ মোৰ বাইদেউৰ মৃত্যু হ’ব।" 
 
তেতিয়া আহমেদ বক্সে নিজৰ বাকচটো লৈ অধ্যাপকৰ ঘৰলৈ আহিছিল। তেওঁ বিপিনৰ মাকক মাত দিছিল আৰু  বিপিনৰ মাতৃয়ে আহি তেওঁৰ ভৰি চুইছিল আৰু চকুলো টুকি কৈছিল, "অনুগ্ৰহ কৰি মোৰ ছোৱালীক বচাওঁক।" সেইদিনা তেওঁ প্ৰথমবাৰৰ বাবে মোৰ ঘৰত প্ৰৱেশ কৰিছিল। 
 
তেওঁ কয়, "মোৰ জেষ্ঠ্য ভগ্নীৰ বিচনাৰ সমীপতে বহি আহমেদ বক্সে কোৰানৰ কিছু আয়াত পাঠ কৰিলে আৰু  আয়তাবোৰ পঢ়াৰ পিছত তেওঁ পানী ফুৱাই দিছিল আৰু সেই পানী চাৰিওফালে ছটিয়াই দিছিল। ইয়াৰ পিছতে মোৰ বাইদেউৱে লাহে লাহে চকু মেলিছিল। মাছ চাহাবে আকৌ দুপৰীয়াৰ নামাজৰ পিছত উভতি আহিছিল আৰু আকৌ আয়াত পঢ়ি ফুৱাই দিয়া পানী ছটিয়াই দিছিল। ইয়াৰ পিছত মোৰ বাইদেউৱে ৫ দিনৰ ভিতৰত প্ৰথমবাৰৰ বাবে মাত দিছিল। তেতিয়া মাছ চাহাবে মোক গাখীৰ বা পানী দিবলৈ মাক ক’বলৈ কৈছিল।" 
 
তেওঁ কয় যে, "বহু মুছলমান ছাত্ৰ-ছাত্ৰীক হিন্দু শিক্ষকে পঢ়ুৱাই আছে আৰু যিদিনা তেওঁৰ অধ্যাপকে তেওঁৰ ভনীয়েকৰ জীৱন ৰক্ষা কৰিছিল, সেইদিনা আহমেদ বক্স আমাৰ পৰিয়ালৰ সদস্য হৈ পৰিছিল আৰু তেওঁ আজীৱন মোৰ শিক্ষক হৈ পৰিছিল।" 
 
অধ্যাপক ত্ৰিপাঠীয়ে কয় যে বিদ্যালয়খনত প্ৰায় পাঁচটা শ্ৰেণী আছিল। তেওঁ সকলো শ্ৰেণীৰ শিক্ষাৰ্থীৰে যত্ন লৈছিল আৰু কৈছিল যে, তোমালোক ঘৰত হিন্দু, ব্ৰাহ্মণ বা মুছলমান হ'ব পাৰা, কিন্তু ইয়াত তোমালোক সকলোৱে ছাত্ৰ আৰু সকলোৱে সমান।
 
তেওঁ কয়, "গতিকে যদি মই ধৰ্মনিৰপেক্ষ আৰু মোৰ মনত বিভাজন বা মৌলবাদ নাই। ইয়াৰ মূল কাৰণ আংশিকভাৱে মোৰ দেউতা যিহেতু তেওঁ স্বাধীনতা সংগ্ৰামী আছিল। কিন্তু মূল মানুহজন আছিল আহমেদ বক্স, যি মোৰ গুৰু আছিল।" 
 
অধ্যাপকে কয় যে তেওঁ স্কুলত এজন সাধাৰণ ল’ৰা আছিল। আহমেদ বক্সৰ অসাধাৰণ শিক্ষাই তেওঁক কঠোৰ পৰিশ্ৰম কৰি জীৱনত কিবা এটা অৰ্জন কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁ লগতে কয়, "মোৰ আজীৱন যত্ন লোৱা আহমেদ বক্সৰ দৰে মানুহ এজনৰ প্ৰতি সন্মানৰ বাহিৰে মোৰ মনত অন্য একো নাই। কোৰান শ্বৰীফে কৈছে,আল্লাহে সকলোৰে যত্ন লয় আৰু কোনো ব্যক্তিৰ কোনো  ব্যক্তিৰ সৈতে পাৰ্থক্য নাথাকে।" 
 
আই আই টি-দিল্লীত প্ৰবক্তা হিচাপে প্ৰথম কাৰ্যকালত(১৯৭১-১৯৭৬) অধ্যাপক ত্ৰিপাঠীয়ে আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ৰ পৰা বিশেষ সুবিধা লাভ কৰি ১৯৭৬ চনত আমেৰিকালৈ স্থানান্তৰিত হৈছিল। 
 
বাওঁফালৰ পৰা  শ্ৰীমতী ত্ৰিপাঠী, ৰাখী ত্ৰিপাঠী, অধ্যাপক ভি কে ত্ৰিপাঠী
 
তেওঁ কয়, "সেই সময়ত প্ৰায় ২০ হাজাৰ নিৰীহ পেলেষ্টাইনীক হত্যা কৰা হৈছিল। যেতিয়া মই সহযোগী বিজ্ঞানী আৰু অধ্যাপকৰ সৈতে এই বিষয়ে আলোচনা কৰিবলৈ ইচ্ছা কৰিছিলো, তেতিয়া তেওঁলোকে কথা পাতিবলৈ অনিচ্ছুক আছিল। মই উপলব্ধি কৰিছিলো যে তাত মানুহে শ্ৰেণীকোঠাত ভৰি উঠাই বহি থকাৰ স্বাধীনতা লাভ কৰিছিল ঠিকে, কিন্তু অতি গুৰুত্বপূৰ্ণ বিষয়বোৰৰ বিষয়ে মাত মাতিবলৈ শক্তিৰ অভাৱ আছিল।" 
 
এই ঘটনাৰ পিছত অধ্যাপকগৰাকীয়ে আমেৰিকা ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল আৰু ১৯৮৩ চনত তেওঁ পুনৰ ভাৰতলৈ আহি আই আই টি-দিল্লীত পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে পুনৰ যোগদান কৰিছিল। তেওঁ লগতে কয়, "অস্ত্ৰ-শস্ত্ৰৰ ব্যৱহাৰ ভাল কামতকৈ অন্যায়ৰ বাবে বেছি ব্যৱহাৰ কৰা হয়। মই মোৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অহিংসাৰ মতবাদ গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ, যাতে ছাত্ৰ-ছাত্ৰীসকলে অন্যায়ৰ বিৰুদ্ধে মাত মাতিব পাৰে। পিছৰ ছবছৰ ধৰি ১৯৮৯ চনলৈ মই মোৰ ছাত্ৰ-ছাত্ৰীসকলক অহিংসাৰ পাঠ দি আহিছিলো।"  
 
ইয়াৰ পিছত অধ্যাপক ত্ৰিপাঠীয়ে ১৯৮৯ চনত ভাগলপুৰত সংঘটিত হোৱা সংঘৰ্ষত কেনেকৈ মুছলমান লোকসকলে প্ৰাণ হেৰুৱাইছিল সেই বিষয়ে ‘আৱাজ-দ্য ভইচ’ক কয় যে,  এই সংঘৰ্ষত ৯৫০ জন লোকৰ প্ৰাণহানি হৈছিল। ইয়াৰ ভিতৰত ৯০০জন মুছলমান আৰু ৫০জন হিন্দু লোক আছিল। 
 
তেওঁ কয়, "শৈশৱৰ পৰাই মোৰ শিৰা-উপশিৰাত গান্ধীজী গভীৰভাৱে খোদিত হৈ আছিল। মই জানিছিলোঁ যে মোৰ যুদ্ধত যুঁজিবলৈ সহায়ক হিচাপে মোৰ সৈতে মাত্ৰ ধৰ্মনিৰপেক্ষতাহে আছে। সাম্প্ৰদায়িক বিভেদে মোৰ হৃদয় কঁপাই তুলিছিল, আৰু মোৰ সন্মুখত একমাত্ৰ উপায় আছিল শিক্ষাৰ জৰিয়তে মৌলবাদৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলা।"
 
সন্ত্ৰাসবাদৰ সৈতে মুছলমানসকলৰ পাৰ্শ্বক্ৰিয়াৰ কথা কওঁতে অধ্যাপকে কয় যে ১৯৭৯ চনত ৰাছিয়াই (তেতিয়াৰ ছোভিয়েট  ইউনিয়ন) আফগানিস্তানত আগ্ৰাসন কৰাটোৱেই আমেৰিকাক তালিবানৰ দৰে মিত্ৰ দেশ গঢ়ি তুলিবলৈ আৰু পাকিস্তানৰ সহায়ত সন্ত্ৰাসবাদী বাহিনী (উগ্ৰপন্থী) সৃষ্টি কৰিবলৈ প্ৰেৰণা দিছিল।
তেওঁ কয়,  "আপুনি দেখিছে। সাধাৰণ জনসাধাৰণক মাত্ৰ খাদ্যৰ প্ৰয়োজন আছিল। আমেৰিকান বাহিনীয়ে ইয়াৰ সুবিধা লৈয়ে ওছামা বিন লাডেনক সৃষ্টি কৰিছিল। যি পিছলৈ তেওঁলোকৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈ পৰিছিল। মই বিশ্বাস কৰোঁ যে মুছলমান বিৰোধী তত্ত্বটো এইবোৰৰ পৰাই আৰম্ভ হৈছিল।"
 
জ্ঞান প্ৰদানৰ প্ৰতি থকা প্ৰেম তেওঁৰ গুৰুজনে ত্ৰিপাঠীৰ অন্তৰত সোমাই দিছিল আৰু এইদৰে অধ্যাপকজনে তেওঁৰ স্থানীয় অঞ্চলৰ অভাৱগ্ৰস্ত ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদান কৰিছিল। তেওঁ কয়, "মোৰ গুৰুৱে মোক যি দিছিল, সেয়া উভতাই দিবলৈ মই উদগ্ৰীৱ হৈ পৰিছিলো, যিয়ে মোক ১৯৮৯ চনত সদ্ভাৱ মিছন স্থাপন কৰাত সহায় কৰিছিল।"
 
অৱশ্যে, অধ্যাপক ত্ৰিপাঠী মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ সৈতে কৰা কামৰ বাবে পৰিচিত যদিও ২০০০ চনতহে অধ্যাপকগৰাকীয়ে প্ৰথমবাৰৰ বাবে এখন মাদ্ৰাছা ভ্ৰমণ কৰিছিল। তেওঁ কয়, "আই টি অ’ (দিল্লী) পাৰ হোৱাৰ পিছত আৰু যমুনা নদীৰ ঠিক সিপাৰে এখন মাদ্ৰাছা আছিল। মই সেই মাদ্ৰাছাখনলৈ গৈ পাঠদানৰ পদ্ধতি পৰ্যবেক্ষণ কৰিছিলোঁ। তেওঁলোকৰ পাঠদানৰ শৈলী অতি মৌলিক আছিল কাৰণ তেওঁলোক পাঠদানৰ নতুন কৌশলৰ সৈতে পৰিচিত নাছিল।" 
 
শেহতীয়াকৈ যেতিয়া তেওঁৰ স্থানীয় অঞ্চলৰ এজন নিৰাপত্তাৰক্ষীয়ে মাদ্ৰাছাত অধ্যয়ন কৰা কিছুমান ছাত্ৰ-ছাত্ৰীৰ বাবে অসাৱধানতাৰে 'মাদ্ৰাছা-ছাপ' শব্দটো ব্যৱহাৰ কৰিছিল, তেতিয়া অধ্যাপক গৰাকী গভীৰ যন্ত্ৰণা অনুভৱ কৰিছিল আৰু একেটা বিষয়তে এটা ব্যাখ্যামূলক ভিডিঅ' বনাইছিল। তেওঁৰ কন্যা ৰাখী ত্ৰিপাঠীয়ে বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভিডিঅ’টো শ্বেয়াৰ কৰিছিল আৰু অতি কম সময়ৰ ভিতৰতে ভিডিঅ’টো ভাইৰেল হৈ পৰিছিল।   
 
অধ্যাপকৰ মতে ভাৰতীয় মাদ্ৰাছাৰ এজনো ছাত্ৰ বা শিক্ষক কেতিয়াও কোনো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত হোৱা নাই। তেওঁলোক সহজ সৰল পৰিয়ালৰ পৰা অহা সাধাৰণ লোক হয়।অধ্যাপকে কিছুদিন ছাত্ৰ-ছাত্ৰীসকলক পঢ়ুৱাইছিল যদিও তেওঁ এই প্ৰচেষ্টাত সন্তুষ্ট নাছিল। তেওঁ কয়, "সকলো থকা সত্বেও মই অসন্তুষ্ট অনুভৱ কৰিছিলো। কিয়নো বিশ্বব্ৰহ্মাণ্ডৰ পৰা মই নিজকে ঋণী অনুভৱ কৰিছিলো। ২০০৪ চনত মই সদ্ভাৱ অভিযানৰ অধীনত তৃণমূল পৰ্যায়ৰ শিক্ষা বা সকলোৰে বাবে শিক্ষাৰ অভিযানৰ আৰম্ভ কৰিছিলোঁ।"
 
অধ্যাপক ত্ৰিপাঠীয়ে মাদ্ৰাছা শিক্ষকসকলৰ বাবে কৰ্মশালা আৰম্ভ কৰিছিল। ২০০৪ চনত তেওঁ 'শিক্ষকক শিকোৱা পদক্ষেপ'ৰ অধীনত প্ৰথমখন কৰ্মশালাৰ আয়োজন কৰিছিল। সংগম বিহাৰৰ তালিমাবাদত তেওঁ ১০ দিনীয়া গণিত কৰ্মশালাৰ নেতৃত্ব দিছিল।
 
বক্তৃতাৰ পিছত শিক্ষাৰ্থীসকলৰ সৈতে অধ্যাপক
 
তেওঁ কয় যে ২০০৪ চনতহে মুলায়ম সিং যাদৱৰ চৰকাৰে উৰ্দু শিক্ষক নিযুক্তিৰ আহ্বান জনাইছিল। তেওঁ কয়,  "তেওঁলোকক গণিত আৰু বিজ্ঞানৰ দৰে বিষয়ত প্ৰশিক্ষণ দিয়াৰ সুযোগ প্ৰদান কৰা হৈছিল। কাৰণ তেতিয়া অধিক অমুছলমান ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকক শিক্ষক হিচাপে গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। যাৰদ্বাৰা তেওঁলোকৰ মাজত থকা মৌলবাদৰ অনুভূতি নিৰ্মূল হ'ব।"  
 
তেওঁ কয়, "মই যিসকল মাদ্ৰাছা শিক্ষকক শিকাইছিলো, তেওঁলোক আছিল অত্যন্ত সহজ, উগ্ৰবাদৰ সম্পূৰ্ণ বিপৰীত। ২০০৪ চনৰ পৰা মই সমগ্ৰ ভাৰতৰ বিভিন্ন মাদ্ৰাছালৈ গৈছিলো আৰু মই কম যে মই তাতেই প্ৰকৃত ভাৰতৰ অৰ্থ বিচাৰি পাইছিলোঁ।"  
 
তেওঁ কয়,“বহু মাদ্ৰাছাই এনচিইআৰটিৰ পাঠ্যক্ৰম শিকাইছিল। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে মোক গান্ধী আশ্ৰমৰ কথা মনত পেলাই দিছিল আৰু তেওঁলোকক লগ পাই মই নিজকে ধন্য অনুভৱ কৰিছিলো।”
 
তেওঁ স্থানীয় অঞ্চলত থকা মাদ্ৰাছাসমূহৰ বিষয়ে কয়, "ইয়াত বহনক্ষমতাৰ মৌলিক গাঁথনিৰ অভাৱ। যদিও কম সময়ৰ বাবে তেওঁ মাদ্ৰাছাসমূহত শিক্ষকতা কৰিছিল, তথাপিও তেওঁলোকৰ বাবে দৰমহাৰ কোনো ব্যৱস্থা নাছিল বা মৌলিক ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কম্পিউটাৰ আৰু অন্যান্য আধুনিক সঁজুলিৰ দৰে সুবিধাসমূহ নাছিল।"
 
অধ্যাপক গৰাকীয়ে কয়, "মাদ্ৰাছাসমূহ সন্ত্ৰাসৰ কেন্দ্ৰ। ইয়াতকৈ ডাঙৰ মিছা  আৰু একো হব নোৱাৰে। তেওঁ তৃণমূল পৰ্যায়ৰ মানুহৰ সৈতে সংযোগ স্থাপনত বিশ্বাস কৰে। তেওঁ কয়, “মই তৃণমূল পৰ্যায়ৰ মানুহৰ লগত সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰো আৰু হৃদয়ৰ পৰা হৃদয়লৈ সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰো, সেইদৰেই মোৰ শিক্ষা তেওঁলোকৰ হৃদয়ত বাস কৰে।" 
 
উল্লেখ্য যে, ত্ৰিপাঠীৰ দুই পুত্ৰ আমেৰিকাত আৰু একমাত্ৰ কন্যা ৰাখী ত্ৰিপাঠী দিল্লীত বাস কৰে। ৰাখী ত্ৰিপাঠীয়ে জামিয়া মিলিয়া ইছলামিয়াৰ পৰা অংকশাস্ত্ৰ অধ্যয়ন কৰিছিল আৰু ভাৰতৰ এখন সুনামধন্য বিজনেছ স্কুলৰ সহযোগী অধ্যাপক।
 
অধ্যাপক ত্ৰিপাঠীয়ে অনুভৱ কৰে যে ভাৰতৰ শিক্ষা ব্যৱস্থা বিগত দুবছৰত ক’ভিড আৰু লকডাউনৰ বাবে ক্ষতিগ্ৰস্ত হৈছে। তেওঁ কয়, "শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে বহুত কাম কৰিব লাগিব। মোৰ গৱেষণাৰ মতে গৱেষণাৰ বাবে খৰচ কৰা দেশসমূহে ভাল উৎপাদন কৰে। আমেৰিকাই জিডিপিৰ প্ৰায় ৩.৫ শতাংশ আৰু চীনে জিডিপিৰ প্ৰায় ২.৪ শতাংশ গৱেষণাত ব্যয় কৰে আৰু  আমি প্ৰায় ০.৭ শতাংশ ব্যয় কৰো। ইয়াৰ পৰা মূল অংশটো পৰীক্ষাগাৰলৈ লৈ যোৱা হয় আৰু এইদৰে বিশ্ববিদ্যালয় আৰু অভিযান্ত্ৰিক লেবসমূহে গৱেষণাৰ বাবে কোনো ধন লাভ নকৰে। এইদৰে আমি গৱেষণাৰ বাবে কিছু ধন খৰচ নকৰালৈ আমি অন্য স্তৰত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰো।"
 
অধ্যাপকগৰাকী কয়, "জাতি, লিংগ, ধৰ্ম, উচ্চ শ্ৰেণী, আৰু মধ্যবিত্ত শ্ৰেণীৰ ওপৰত ভিত্তি কৰি আমি পাৰ্থক্য কৰিব নালাগে। ভাৰতত জন্ম লোৱা যিকোনো মানুহ জন্মসূত্ৰে হিন্দুস্তানী, কোনো ব্যক্তিৰ অখণ্ডতাক লৈ কোনেও প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে।"
 
তেওঁ লগতে কয়, "আজিৰ দিনৰ পৃথিৱীত আমি মানৱতাক শিকাব লাগিব, আনক হেয়জ্ঞান নকৰিব।  কোনো চৰকাৰী আদেশৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীয়ে কিয় ইমান হিংস্ৰ প্ৰতিবাদ কৰে মই বুজি নাপাওঁ।"