সুৰংগৰ ভিতৰত যোগাসন কৰি নিজকে সুস্থ কৰি ৰাখিছিলোঃ প্ৰধানমন্ত্ৰীক জনালে উদ্ধাৰ হোৱা শ্ৰমিকে

Story by  atv | Posted by  [email protected] • 1 Years ago
উদ্ধাৰ হোৱা শ্ৰমিকৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
উদ্ধাৰ হোৱা শ্ৰমিকৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
 
নতুন দিল্লী

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগতে অন্যান্য সংস্থাসমূহৰ ১৭ দিনৰ অক্লান্ত প্ৰচেষ্টাৰ অন্তত মঙলবাৰে নিশা উত্তৰাখণ্ডৰ উত্তৰকাশী সুৰংগৰ পৰা উদ্ধাৰ হোৱা ৪১ জন শ্ৰমিকৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জীৱন যুদ্ধত জয়ী হোৱাৰ বাবে শ্ৰমিকসকলক অভিনন্দন জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ১৭ দিন সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকাটো কম সময় নহয়।
 
এই জটিল সময়ছোৱাত শ্ৰমিকসকলে আশা নেহেৰুৱাকৈ থকাটো অত্যন্ত প্ৰশংসনীয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "আমাৰ ওচৰত কেদাৰনাথ, বদ্ৰীনাথৰ আশীৰ্বাদ আছে। কিবা অশুভ ঘটনা সংঘটিত হ'লে আমি ইয়াক কিধৰণে গ্ৰহণ কৰিলোহেতেঁন, সেয়া মই বৰ্ণনা কৰিব নোৱাৰো। আপোনালোক সকলোৱে দৃষ্টান্তমূলক সাহস দেখুৱাইছে। গোটেই সংকটৰ সময়ছোৱাত আপোনালোক ইজনে সিজনৰ সাহস আৰু ভৰসা আছিল।"
এজন শ্ৰমিকে প্ৰধানমন্ত্ৰী মোদীক কয় যে তেওঁলোকে সুৰংগৰ ভিতৰত এক মুহূৰ্তৰ বাবেও ভয় অনুভৱ কৰা নাছিল। "আমি সকলোৱে বিভিন্ন ৰাজ্যৰ, কিন্তু সকলোৱে নিজৰ ভাই-ভনীৰ দৰে একেলগে আছিলো। আমি একেলগে খাইছিলো। নিশা আহাৰ খোৱাৰ পিছত আমি ২.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগটোৰ ভিতৰত খোজ কাঢ়িছিলো। পুৱা আমি যোগাসন কৰিছিলো, কাৰণ সুৰংগৰ ভিতৰত আমাৰ শাৰীৰিক পৰিশ্ৰম বুলিবলৈ একোৱে নাছিল।" শ্ৰমিকজনে ক'লে।
 
শ্ৰমিকজনে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জেনেৰেল ভি কে সিং (অৱসৰপ্ৰাপ্ত)ৰ সহায় আৰু পৰিশ্ৰমৰ কথা উল্লেখ কৰাত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "হয়, ভি কে সিং মহোদয়ে গোটেই সময়ছোৱা তাত আছিল। তেওঁ নিজৰ সেনাবাহিনীৰ প্ৰশিক্ষণ আৰু অনুশাসন প্ৰদৰ্শন কৰি উদ্ধাৰ অভিযানক গতি দিছিল।"
 
উল্লেখ্য যে, নিৰ্মাণৰত সুৰংগৰ ভিতৰত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক উদ্ধাৰৰ বাবে ১৭ দিনীয়া অভিযানে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰে কাৰণ এই অভিযানৰ বাবে আন্তঃৰাষ্ট্ৰীয় টানেলিং বিশেষজ্ঞ আৰ্নল্ড ডিক্সক বিমানেৰে ভাৰতলৈ অনা হৈছিল। আমেৰিকাত নিৰ্মিত এটা গধুৰ অগাৰ মেচিন নিয়োগ কৰা হৈছিল যদিও ই কেইবাবাৰো বিকল হৈ পৰিছিল। অৱশেষত rat-hole miners (নিগনিৰ দৰে মাটি খন্দা কৌশল)ৰ এটা দলক উদ্ধাৰ অভিযানত নিয়োগ কৰা হয় আৰু তেওঁলোকে ২৪ ঘণ্টাৰ অবিৰত প্ৰচেষ্টাৰ অন্তত মঙলবাৰে সন্ধিয়া ৪১ জন শ্ৰমিকক সুৰংগৰ পৰা ওলিয়াই আনিবলৈ সক্ষম হয়।
 
ইয়াৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্ধাৰকাৰীসকলক প্ৰশংসা কৰি টুইটযোগে কয়, "উত্তৰকাশীত আমাৰ শ্ৰমিক ভাইসকলৰ উদ্ধাৰ অভিযানৰ সফলতাই সকলোকে আৱেগিক কৰি তুলিছে। সুৰংগটোত আবদ্ধ হৈ থকা বন্ধুসকলক ক'ব বিচাৰিছো যে আপোনালোকৰ সাহস আৰু ধৈৰ্য্যই সকলোকে অনুপ্ৰাণিত কৰিছে। আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰিছো।"
প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰত লিখিছে, "বহুদিন অপেক্ষাৰ অন্তত আমাৰ এই বন্ধুসকলে এতিয়া নিজৰ আপোনজনক লগ পোৱাটো অতি সন্তুষ্টিৰ বিষয়। এই প্ৰত্যাহ্বানমূলক সময়ত এই সকলো পৰিয়ালে যি ধৈৰ্য্য আৰু সাহস দেখুৱাইছে, তাৰ শলাগ ল'বই লাগিব।" 
 
আটাইকেইজনক উদ্ধাৰ কৰি চিন্যালিছাউৰৰ কমিউনিটি হেল্থ চেণ্টাৰলৈ অনাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোকৰ সৈতে টেলিফোনযোগে কথা পাতি সকলোৰে মংগল কামনা কৰে।