কোনো কৰ্মক্ষেত্ৰ পুৰুষ প্ৰধান নহয়ঃ ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰেল পাইলট সুৰেখা যাদৱ

Story by  atv | Posted by  [email protected] • 1 Years ago
ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰেল পাইলট সুৰেখা যাদৱ
ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰেল পাইলট সুৰেখা যাদৱ
 
মুম্বাই

ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰে’ল পাইলট সুৰেখা যাদৱে বিশ্বাস কৰে যে কিছুমান বিশেষ বৃত্তিত কেৱল পুৰুষে আধিপত্য বিস্তাৰ কৰিব পাৰে বুলি আমাৰ সমাজত এক ভ্ৰান্ত ধাৰণা আছে। কোন ক্ষেত্ৰত কাম কৰিব বিচাৰে, সেয়া এগৰাকী মহিলাৰ নিজৰ পছন্দৰ বিষয় বুলি মহিলা পাইলটগৰাকীয়ে প্ৰকাশ কৰে। 
 
দেশৰ প্ৰথমগৰাকী মহিলাৰ ৰূপত বন্দে ভাৰত ৰেল গাড়ীৰ পাইলট হিচাপে নিযুক্তি লাভ কৰি শেহতীয়াকৈ ইতিহাস ৰচা সুৰেখা যাদৱে কয় যে, “কোনো কৰ্মক্ষেত্ৰ পুৰুষ প্ৰধান নহয়। আমি তাত প্ৰৱেশ কৰিব লাগিব। আমি কোনো পেছাত যোগদান কৰিব নোৱাৰো বুলি কোনেও কোৱা নাই। আমি কোন ক্ষেত্ৰত আগবাঢ়িব বিচাৰো, সেয়া আমাৰ ওপৰত নিৰ্ভৰ কৰে।”
 
যাদৱে কয় যে তেওঁ বন্দে ভাৰত এক্সপ্ৰেছৰ পাইলট হিচাপে কাম কৰাৰ এই সুযোগ পাই আনন্দিত হৈ পৰিছে। ‘যোৱা ফেব্ৰুৱাৰী মাহত এই বন্দে ভাৰত ৰে’লখন উদ্বোধন কৰা হৈছিল আৰু এমাহৰ ভিতৰতে মই চলাবলৈ সুযোগ লাভ কৰো। মই অতি সুখী আৰু এই সুযোগ দিয়াৰ বাবে প্ৰশাসনক ধন্যবাদ জনাইছো।’-যাদৱে কয়।
উল্লেখ্য যে, খেতিয়ক পৰিয়ালৰ পৰা অহা সুৰেখাই অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰিছিল। ১৯৮৯ চনৰ পৰাই চাকৰি জীৱন আৰম্ভ কৰা যাদৱে মুম্বাইত উপনগৰীয়া ৰে’ল, মুম্বাই বিভাগৰ দীৰ্ঘ দূৰত্বৰ ৰে’ল, আৰু এতিয়া তীব্ৰবেগী বন্দে ভাৰত এক্সপ্ৰেছৰ লোকো পাইলটৰ দায়িত্ব লাভ কৰা প্ৰথমগৰাকী মহিলা হিচাপে চিহ্নিত হৈছে।
 
মহাৰাষ্ট্ৰৰ ছাটাৰাত জন্ম গ্ৰহণ কৰা যাদৱে ১৩ মাৰ্চত মুম্বাইৰ সোলাপুৰ ষ্টেচন আৰু চত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ (চি এছ এম টি)ৰ পৰা অত্যাধুনিক ৰেলখন চলাইছিল। চি এছ এম টিৰ ৮ নম্বৰ প্লেটফৰ্মত তেওঁক সম্বৰ্ধনা জনোৱা হয়।
 
ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে টুইটযোগে কৈছিল- “বন্দে ভাৰত নাৰী শক্তিৰ দ্বাৰা চালিত। শ্ৰীমতী সুৰেখা যাদৱ বন্দে ভাৰত এক্সপ্ৰেছৰ প্ৰথমগৰাকী মহিলা ল'ক' পাইলট।” তেওঁৰ সপোনৰ চাকৰিটো নাছিল যদিও চাকৰিটো ভাল পাবলৈ আৰম্ভ কৰিছে। ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুৰেখা যাদৱক অভিনন্দন জনাই কৈছে যে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে নাৰীৰ সাফল্যই আমাক আত্মবিশ্বাস দিয়ে যে অমৃত কালৰ সংকল্প সঁচা প্ৰমাণিত হ’ব।