উলুবাৰী মাঝাৰৰ উৰুছত বিশ্বশান্তিৰ বাবে দোৱা সকলো ধৰ্মাৱলম্বী লোকৰ

Story by  Ariful Islam | Posted by  Munni Begum • 1 Years ago
উলুবাৰী মাঝাৰত উৰুছ উদযাপন
উলুবাৰী মাঝাৰত উৰুছ উদযাপন
 
আৰিফুল ইছলাম / গুৱাহাটী
 
গুৱাহাটী মহানগৰীৰ মাজমজিয়াত অৱস্থিত এখন আধ্যাত্মিক স্থান হৈছে হজৰত জাহিৰ আউলিয়া দৰগাহ। দৈনিক অগনন ভক্তই ভিৰ কৰা এই দৰগাহত প্ৰত্যেকবাৰৰ দৰে এইবাৰো  ব্যাপক উলহ মালহেৰে অনুষ্ঠিত হ'ল বাৰ্ষিক উৰুছ উৎসৱ। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উৰুছ উৎসৱত জাতি, ধৰ্ম, বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ভক্তই শ্ৰদ্ধা আৰু ভক্তিভাৱেৰে অংশগ্ৰহণ কৰে। 
 
উলুবাৰী মাঝাৰ নামেৰে জনপ্ৰিয় এই দৰগাহত বছৰৰ প্ৰতিটো দিনতে অগনন ভক্তৰ আগমন ঘটে। ভক্তসকলে ধূপ,মমবাটি জ্বলোৱাৰ উপৰিও দৰগাহৰ কৱৰত চাদৰ আগবঢ়াই মনৰ আশা পূৰণৰ বাবে দোৱা কৰে। সপ্তাহৰ প্ৰতিটো দিনতেই এই দৰগাহলৈ ভক্তৰ আগমন ঘটে যদিও, বৃহস্পতিবাৰ আৰু শুকুৰবাৰে ভক্তৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱা যায়। 
 
 
প্ৰতিবছৰ ফেব্ৰুৱাৰী মাহত উলুবাৰীত অৱস্থিত এই দৰগাহত উৰুছ উদযাপন কৰা হয়। হজৰত পীৰ জাহিৰ আউলিয়া দৰগাহৰ সভাপতি তথা খাদিম চৈয়দ আব্দুল কৰিমে কয়; "উৰুছৰ দিনা ৰাতিপুৱা বাবাক গোচল (গা ধোৱা) কৰোৱা হয়। তাৰ পিছত দোৱা আৰু কোৰআন পাঠ কৰা হয়। গধূলিৰ সময়ত ৬ বজাৰ পৰা ৮ বজালৈ মেহফিল-এ-মিলাদ শ্বৰীফ কৰা হয়। প্ৰতিবছৰৰ দৰে এইবাৰো বহু মানুহৰ সমাগম ঘটিছে। দুয়োদিনেই আমাৰ অনুষ্ঠান ভালকৈ চলিছে। প্ৰথম দিনাই প্ৰায় ৫০০ ভক্তৰ সমাগম হৈছে আৰু দ্বিতীয় দিনাও ৫০০ ৰ পৰা ৬০০ ভক্ত আহি আমাৰ উৰুছ উৎসৱ সাফল্যমণ্ডিত কৰিছে।"
 
"আমাৰ ইয়াত উৰুছ বুলিয়ে নহয়, সকলো সময়তে ভক্তৰ আগমন ঘটে। উৰুছৰ সময়ত ভক্তৰ ভিৰ অলপ বেছি হয়। উৰুছৰ সময়ত আমি ভক্তসকলক ড্ৰাই ফ্ৰুইটছ, হালোৱা আৰু পোলাও আদি প্ৰসাদ ৰূপে আগবঢ়াও। আমাৰ উৰুছ আয়োজনত বিভিন্নজনে সহায়ৰ হাত আগবঢ়াইছে। হিন্দু-মুছলমান সকলোৱে সহায় কৰিছে। প্ৰতিদিনেই ইয়াত ভক্তৰ সমাগম হয়, সপ্তাহত বৃহস্পতিবাৰ আৰু শুকুৰবাৰে অধিক ভক্ত আহে। যেতিয়া ভক্তৰ মনৰ আশা পূৰ হ'লে মোক কয়। বাবাৰ ইয়াত আহি মনৰ আশা পূৰ হয় বুলি সকলোৱে বিশ্বাস কৰে। বিশেষকৈ উৰুছৰ সময়ত আমি অসম তথা ভাৰতবৰ্ষৰ বাবে দোৱা কৰিছোঁ। বিশ্বশান্তি, ভাতৃত্ববোধ আৰু সমন্বয়ৰ বাবে আমি দোৱা কৰিছোঁ", দৰগাহৰ খাদিম তথা সভাপতি চৈয়দ আব্দুল কৰিমে কয়। 
 
উলুবাৰী মাঝাৰত অনুষ্ঠিত উৰুছত দোৱা কৰাৰ এক মূহুৰ্ত
 
আনহাতে, এই উৰুছত অংশগ্ৰহণ কৰা ভক্তসকলক ফলৰ ৰস যোগান ধৰে বিশাল ভাৰত সংস্থা নামৰ এটা সংগঠনে। ২০১৫ চনৰ পৰাই ভক্তসকলক পানী আৰু ফলৰ ৰস যোগান ধৰি আহিছে বিশাল ভাৰত সংস্থাই। 
 
১৯৪৮ চনত স্থাপন হৈছিল উলুবাৰীস্থিত পীৰ জাহিৰ আউলিয়াৰ দৰ্গাহ সুদূৰ আজমীৰৰ পৰা প্ৰয়াত হাজী জিন্নাত শ্বাহে স্থাপন কৰিছিল উলুবাৰীস্থিত জাহিৰ আউলিয়া দৰগাহ। বৰ্তমানৰ খাদিম চৈয়দ আব্দুল কৰিমৰ ককা হাজী জিন্নাত শ্বাহে জাহিৰ আউলিয়াৰ কৱৰৰ সপোন দেখিছিল। সপোন দেখাৰ পিছত তেওঁ আজমিৰৰ পৰা আহি ইয়াত জাহিৰ আউলিয়াৰ কৱৰ চাফ-চিকুণ কৰি খাদিম হিচাপে থাকিবলৈ লৈছিল।  
 
উলুবাৰীৰ হজৰত জাহিৰ আউলিয়া দৰগাহত সৰ্বধৰ্মৰ লোকৰ ভিৰ
 
জনবিশ্বাস আছে যে এই দৰগাহত তিনিদিন একেৰাহে প্ৰাৰ্থনা কৰিলে মনৰ সকলো আশা পূৰণ হয়। তাৰোপৰি, হজৰত জাহিৰ আউলিয়াৰ দৰগাহত প্ৰতিদিনেই সকলো ধৰ্মৰে ভক্তৰ আগমন ঘটে।