চুফীবাদৰ প্ৰাসংগিকতা চিৰস্থায়ী

Story by  Safiur Rahman Saikia | Posted by  Munni Begum • 11 Months ago
চুফীবাদৰ প্ৰতিনিধিত্বমূলক  ছবি
চুফীবাদৰ প্ৰতিনিধিত্বমূলক ছবি
 
  চফিউৰ ৰহমান শ‍ইকীয়া
 
চুফীবাদ আধ্যাত্মিক বিকাশৰ এটি প্রাচীন পন্থা। এই পন্থা ইছলাম ধৰ্মৰ মাজৰ পৰাই উদ্ভৱ হৈছে যদিও বহুতো চুফী সাধকৰ মতে এই আধ্যাত্মিক মৰমীবাদী ধাৰা কোনো নির্দিষ্ট ধর্ম, সময়, সমাজ তথা ভাষাৰ ভিতৰত সীমাবদ্ধ নহয়। চুফীবাদ হ'ল সকলো ধৰ্মৰ মূল নিৰ্যাসসমূহৰ বস্তুনিষ্ঠ সমষ্টি। 
 
সমসাময়িক পৰিৱেশ পৰিস্থিতি, সাংস্কৃতিক প্রয়োজনীয়তা অথবা বাহ্যিক ৰূপৰ পৰিবৰ্তন হ'লেও চুফীবাদ সকলো সময়তে বিদ্যমান। চুফী সাধকসকলে যুগে যুগে পৃথিৱীৰ সকলো জাতি, ধৰ্মৰ ব্যক্তিক এডাল মালাত গাঁথিবলৈ প্ৰয়াস কৰি আহিছে। তেওঁলোকৰ ব্যক্তিগত আচৰণ, শিক্ষা আৰু ৰচনাৱলীৰ মাজেৰে তেওঁলোকে প্ৰকাশ কৰিব বিচাৰে সৃষ্টিকৰ্তাৰ অপাৰ সৌন্দৰ্যৰ উপলব্ধি। চুফীবাদ বিভিন্ন তাৰিকা অথবা ধাৰাৰ মাজেৰে বিকশিত হৈছে। 
 
চিয়া, চুন্নীসকলৰ তাৰিকা বিভিন্ন নামেৰে নামকৰণ হ'লেও মূল উদ্দেশ্য আৰু বিষয়বস্তু একেই হজৰত মহম্মদ (চঃ)ৰ কথা, কাম, উপদেশ আদিক জীৱন ধাৰণৰ আদৰ্শৰূপে মানি লোৱা আৰু হজৰত আলী(ৰাঃ)ক গুৰুত্বপূর্ণ ব্যক্তি হিচাপে শ্রদ্ধা কৰা। কিন্তু নকচবন্দী তৰিকাৰ অনুসৰি চুফীসকলৰ মাজত ইয়াৰ ব্যতিক্রম দেখা যায়। তেওঁলোকে হজৰত আবু বকৰ(ৰাঃ)ক তেওঁলোকৰ প্ৰধানৰূপে বিবেচনা কৰে। চুফী শব্দৰ উৎপত্তি বিষয়ত বহুত মতবাদ আছে। কিছুমানৰ মতে, মদিনাৰ মছজিদৰ সংলগ্ন ঠাইত বাস কৰা সংসাৰ নির্লিপ্ত ব্যক্তিসকলকে চুফী বুলি কোৱা হৈছিল। তাৰে পৰাই চুফী নামটো উদ্ভৱ হয়। 
 
পীৰ অজন ফকীৰৰ দৰগাহত মহিলা
 
বহুতৰ মতে 'চাফ' অর্থাৎ পৱিত্র শব্দটোৰ পৰা চুফী নামটো আহিছে। আন কিছুমানৰ মতে 'চুফ' অর্থাৎ উল শব্দটোৰ পৰা চুফী শব্দটোৰ সৃষ্টি হৈছে। যিসকল সংসাৰৰ মায়া-মোহ এৰি বৈৰাগ্য জীৱন ধাৰণ কৰে আৰু ঊলৰ ঢিলা কাপোৰ পৰিধান কৰে, তেওঁলোককে চুফী বুলি কোৱা হয়। চুফীসকলৰ জীৱন ধাৰণ অতি সাধাৰণ। বৈষয়িক বিষয়সমূহৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন। 
 
চুফী সাধক আল ৰুদবাৰীৰ মতে, চুফী হ'ল সেইজন ব্যক্তি যিজনে উলৰ কাপোৰ পৰিধান কৰে আৰু সম্পূর্ণ শুদ্ৰতাৰ সাক্ষ্য বহন কৰে। বিশেষকৈ নৱ-দীক্ষিত চুফীসকলক এইধৰণৰ পোছাক পৰিধান কৰোৱা হয়। বেছিভাগ চুফী পণ্ডিতে কয়- উলৰ পোছাক পৰিধানকাৰী বৈৰাগী লোকেই হ'ল চুফী। অৱশ্যে জ্ঞানতাপস ৰায়হান আল বেৰুনীৰ মতে, চুফী শব্দ উদ্ভৱ হৈছে গ্রীক শব্দ 'চোফিয়া'ৰ পৰা, যাৰ অৰ্থ হৈছে বিজ্ঞ আৰু বিচক্ষণ।
 
চুফীৰ সংজ্ঞা নানাজনে ভিন্ন ভিন্নৰূপে ব্যাখ্যা কৰিলেও বিদগ্ধ চুফী সাধক তুচী আল গাজ্জালিৰ মতে, চুফীবাদ হ'ল এনেকুৱা এটা পন্থা—যিয়ে অন্তৰাত্মাৰ পৱিত্ৰতাৰ কথা কয় আৰু সৃষ্টিকৰ্তাৰ লগত অবিচ্ছেদ্য সম্পৰ্কৰ নিৰ্দেশ দিয়ে। চুফী প্ৰেমিকসকলে সৃষ্টিকৰ্তাৰ সন্তানত নিজক ব্যস্ত ৰাখে। তেওঁলোকৰ অন্তৰাত্মাত ইয়াৰ বাহিৰে কোনো আন চিন্তা-ভাবনাৰ অস্তিত্ব নাথাকে।
 
বিখ্যাত মনীষী আৰ এ নিকলছনে তেওঁৰ The mystics of Islam' নামৰ গ্ৰন্থখনত উল্লেখ কৰিছে যে চুফীতত্ত্ব ইছলামৰ ধর্মীয় দর্শন-যিয়ে ঐশ্বৰিক অনুধাৱনক নির্দেশ দিয়ে। লগতে তেওঁ চুফীবাদক ইছলামৰ মৰ্মীবাদী শাখা বুলি আখ্যা দিয়ে। মার্টিন লিঙে তেওঁৰ What is Sufismত কৈছে— 'Sufism or Tasaw-wuf as it is known in the Muslim world, is the Islamic mysticism'
 
কেন্দ্রীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুকতাৰ আব্বাছ নাকভীৰ সৈতে অল ইণ্ডিয়া চুফি চজ্জাদানাছিম কাউন্সিলৰ প্ৰতিনিধিসকল 
 
চুফী অনুসাৰীসকলে হজৰত মহম্মদ (দঃ)ক তেওঁলোকৰ প্ৰথম গুৰুৰূপে বিবেচনা কৰে। চুফীসকলৰ মতে, তেওঁ মৌখিকভাৱে জটিল আৰু দুর্বোধ্য শিক্ষাবোৰ তেওঁৰ সংগীসকলক বৰ্ণনা কৰিছিল, যাতে তেওঁলোকে সহজে আল্লাহৰ কৃপা আৰু অনুগ্ৰহত মুক্তি লাভ কৰিব পাৰে, যাৰ ফলত ইয়াৰ মাধ্যমত বিশ্বাসীসকলৰ মাজত এটি স্বর্গীয় সত্তাৰ অবিচ্ছেদ্য মিলনৰ সংযোগ গঢ়ি উঠে। 
 
তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ খুড়াকৰ পুত্ৰ ভায়েক হজৰত আলী (ৰাঃ)ৰ মাধ্যমত ইয়াৰ ধাৰাবাহিকতা বংশগতভাৱে প্ৰসাৰিত হৈ আজিৰ অৱস্থাত উপনীত হৈছে। চিয়া-চুন্নী দুয়োটা সম্প্ৰদায়ৰ মাজতে চুফীবাদৰ অস্তিত্ব অটুট থকা দেখা যায় যদিও চিয়াসকলৰ মাজত ইয়াৰ প্ৰভাৱ বেছি। চুফীবাদৰ প্রভাৱ অষ্টম আৰু নৱম শতিকাত তিনিটা অঞ্চলত বেছিকৈ বিকশিত হয় - (১) মেছোপটেমিয়া সভ্যতাৰ অন্তৰ্গত বচৰা অঞ্চলত (বৰ্তমান ইৰাক) (২) পাৰস্যৰ খোৰাচানৰ বলখ চহৰত (বৰ্তমান আফগানিস্তান),(৩) মিছৰীয়া সভ্যতাৰ মিছৰ আৰু আফ্ৰিকাৰ বিভিন্ন দেশত। অষ্টম আৰু নৱম শতিকাৰ চুফী সাধকসকলৰ কেইজনমান হ'ল - (১) হাচান বচৰী, (২) ইব্রাহিম আদহাম, (৩) আল মুহাচিবি, (৪) জুন্নুন মিশ্রী (৫) বায়েজিদ বোস্তামী, (৬) জুনাইদ বাগদাদী আৰু (৭) মনচুৰ হাল্লাজ। 
 
ইৰাকী তাপসী ৰাবিয়া বচৰীয়ে চুফী তত্ত্বৰ এটি নতুন ধাৰণাৰ উদ্‌ঘাটন কৰে। তেওঁৰ মতে, ঐশ্বৰিক প্ৰেমৰ প্রতিদান স্বৰূপে কোনো পুৰস্কাৰ তথা নৰকৰ যন্ত্ৰণাৰ পৰা মুক্তি পোৱাৰ আশা কৰা উচিত নহয়। এই ধাৰণাৰ ভিত্তিত পাছৰ কালত চুফীতত্ত্বৰ প্ৰচুৰ উন্নতি হয়। ঈশ্বৰ প্ৰেমৰ দ্বাৰা ঈশ্বৰৰ সৈতে এক নিবিড় সম্পর্ক স্থাপন কৰাহে মূল উদ্দেশ্য; অর্থাৎ আত্মাৰ পৰমাত্মাৰ লগত সংযোগ। চুফীবাদীসকলৰ মতে, মানৱিক প্ৰেমৰ সৰ্বোচ্চ ৰূপটোৱেই হ'ল স্বকীয় সত্তাৰ লগত সহযোগ। মানুহে এই প্রেম অর্জন তেতিয়াহে কৰিব পাৰে যেতিয়া তেওঁ আল্লাহৰ ইচ্ছাৰ ওচৰত নিজকে সমর্পণ কৰি দিয়ে। 
 
চুফীসকলে ভাবে এই যাত্রাপথত জাগতিক প্রেম, পাৰিবাৰিক প্রেম, বন্ধুত্বৰ প্ৰেম আদি বিষয় অন্তৰায় হয়। তেওঁলোকে এইবোৰ মোহ, স্পৃহাৰ পৰা আঁতৰি অঞ্চল প্ৰভুৰ প্ৰেমত আত্মনিয়োগ কৰাৰ বাসনা কৰে আৰু বৈৰাগ্য জীৱন আঁকোৱালি লয়। এই প্ৰেৰণাৰে উদ্বুদ্ধ হৈ তপস্বিনী ৰাবিয়াই কৈছে— 'মই আল্লাহক ইমান ভাল পাওঁ, তাত চয়তানক ঘৃণা কৰাৰ সময়ৰ অৱকাশ নাই। প্ৰেমৰ মাজেৰে স্ৰষ্টাৰ প্ৰকৃত ৰূপ ব্যক্ত হয়-যিজন সকলো বস্তুতে বিৰাজমান।'
 
এটা চুফী দৰগাহ
 
চুফী সাধকসকলে বিশ্বাস কৰে যে প্ৰেমৰ মাজেৰে পৃথিৱীৰ সকলো সৃষ্টিতে প্রতিফলিত হয় স্ৰষ্টাৰ প্ৰতিচ্ছবি। চুফী সাধক আৰু কবিসকলে তেওঁলোকৰ লেখাত সেই প্ৰেমৰ কথা সুন্দৰভাৱে প্ৰকাশ কৰিছে। জালালুদ্দি কৰ্মী, শ্বেইখ চাদী, ফিৰদৌচী, জামী, ফৰিদুদ্দিন আত্তাৰ, ৰাবিয়া বাচৰী, ওমৰ খায়ামৰ কবিতাত সেই ঈশ্বৰ প্ৰেমৰ কথা বর্ণনা কৰিছে। জালালুদ্দিন ৰুমীৰ 'মচনবী' গ্রন্থত তেওঁৰ স্বকীয় সত্তাৰ সৈতে একাত্মতা আৰু প্ৰেমৰ বহু ৰচনা উপলব্ধ হৈছে। ফৰিদুদ্দিন আত্তাৰ ৰচিত গ্রন্থ 'মানতিক আত তাহিৰ'ত স্ৰষ্টাৰ দৰ্শন লাভ আৰু মিলন বিষয়টো ৰূপক আকাৰত দাঙি ধৰিছে।
 
প্রথম অৱস্থাত চুফী গুৰুসকলে ঘৰুৱা আৰু অনানুষ্ঠানিকভাৱে মৌখিকভাৱে শিক্ষাদান কৰিছিল। এই ব্যৱস্থাত ৰক্ষণশীল লোকসকলে চুফীসকলক ঈশ্বৰৰ নিন্দুক আৰু বিপথে পৰিচালিত হোৱা বুলি ধাৰণা কৰিছিল। কিন্তু তেওঁলোকৰ এই দৃষ্টিভংগী প্রত্যাখ্যান কৰি দশম শতিকাত বহু গ্ৰন্থ ৰচনা কৰি কেইজনমান চুফী তাত্ত্বিকে প্রমাণ কৰি দিয়ে যে তেওঁলোক ধর্মীয় কর্মযজ্ঞৰ বিৰোধী নহয়। তেওঁলোকৰ ভিতৰত আছিল আল আৰাবী, আল মনকী, চাৰৰাজ কাৰবাদী। তেওঁলোকে চুফীবাদৰ ইতিহাস, ইতিবৃত্ত আৰু আত্মজীৱনীমূলক গ্রন্থ ৰচনা কৰি মানুহৰ মাজত চুফীবাদৰ স্বচ্ছ ধাৰণা প্ৰক্ষেপ কৰে। 
 
আল্লাহৰ একাত্ম সম্বদ্ধে ইবনে আল আকাবীয়ে আঠ শতাধিক গ্ৰন্থ ৰচনা কৰে। তেওঁ প্ৰৱৰ্তিত তত্ত্বৰ নাম- 'ওবাহদাতুল উজুদ' অর্থাৎ স্ৰষ্টাৰ একাত্মবাদ। এই তত্ত্বই কয় — ঈশ্বৰ সকলোতে বিৰাজমান, প্রত্যেকটো বস্তুৱে ঈশ্বৰৰ নিদৰ্শন সমৃদ্ধ। ঈশ্বৰেই একমাত্র পৰম সত্তা, তেওঁৰ সমকক্ষ কোনো নাই। তেওঁতে বিলীন হৈ যোৱা সকলো চুফীৰ কামনা। খ্ৰীষ্টিয় দ্বাদশ আৰু ত্রয়োদশ শতিকাত একেজন গুৰুকে কেন্দ্র কৰি বিভিন্ন তৰিকা অথবা পদ্ধতিৰ সূচনা হয়। সেই সময়তে মোগলৰ আক্ৰমণত বাগদাদত আবুাচী সাম্রাজ্যৰ ধ্বংস হয় আৰু বিজয়ী শ্ৰেণীৰ মাজত  চুফীবাদৰ আগ্ৰাসন হয়। এই সময়টোকে চুফীবাদৰ ইতিহাসত স্বর্ণযুগ বুলি কোৱা হয়। 
 
বর্তমান প্রচলিত উল্লেখযোগ্য তৰিকাকেইটা হ'ল- (১) আহমাদিয়া তৰিকা, (২) কাদৰিয়া তৰিকা, (৩) নকচবন্দিয়া তৰিকা, (৪) চুহাৰদিয়া তৰিকা, (৫) চাণ্ডিলীয়া তৰিকা, (৬) মৌলবীয়া তৰিকা, (৭) চিস্তীয়া তৰিকা আদি।
 
চুফীসকলৰ এক নৃত্য
 
চুফী সাধকসকলে নিজেই নিৰূপণ কৰা অনুশীলন অনুযায়ী তৰিকাবোৰৰ নামকৰণ হয়। অনুশীলন প্রকৃতি আৰু নিয়ম পদ্ধতি যিয়েই নহওক কিয় সকলো চুফীৰে লক্ষ্য, ধ্যান-ধাৰণা একে যাতে তেওঁৰ আত্মা পৰমাত্মাৰ লগত সংযোগ কৰিব পাৰে। তৰিকাভেদে কোনো চুফীয়ে ধ্যানত নিমগ্ন হয়। জপমালা কৰি কোনোবাই বাৰে বাৰে প্ৰভুৰ নাম স্মৰণ কৰে। আন কোনোবাই নৃত্য আৰু গীতৰ মাজেৰে সেই সংযোগৰ প্রচেষ্টা কৰে। চুফী সংগীত, কাৱালী ঘূর্ণায়মান নৃত্য সাধাৰণ মানুহৰ মাজত জনপ্রিয়। কিয়নো সেইবোৰৰ মাজত ঈশ্বৰ প্ৰেমৰ সুবাস ৰহিত থাকে। আন কিছুমান চুফীয়ে বৈৰাগী হৈ বিভিন্ন মঠ-মন্দিৰ, তীর্থস্থান, মাজাৰ আদি দর্শন কৰে।   
 
চুফীবাদৰ মূল ভিত্তি হ'ল প্ৰেম। চুফী সাধক জালালুদ্দিন কৰ্মীয়ে কৈছে সৌন্দৰ্য আৰু সম্প্ৰীতিৰ প্ৰবল আবেগৰ পৰা প্ৰেমৰ সৃষ্টি হয় আৰু সেই প্ৰেমৰ সকলোৰে প্রতি সাম্য বা বৈষম্যহীনতাৰ মাজেৰে ফুটি উঠে। চুফীতত্ত্বত প্ৰেমক প্রধান শক্তি হিচাপে বিবেচনা কৰা হয়। যি শক্তিৰ মাধ্যমত মানুহে আন বস্তুৰ প্ৰতি নিৰাসক্ত হৈ প্ৰভুৰ ওচৰলৈ দৌৰ মাৰে। শিক্ষাগতভাৱে চুফীবাদত চৰীয়ত, তৰিকত, হকিকত আৰু মাৰিফাতৰ জ্ঞান অৰ্জনৰ দৰকাৰ। মাৰিফতে হ'ল চুফীবাদৰ শেষ স্তৰ। যাৰ দ্বাৰা চুফীয়ে আল্লাহ আৰু প্ৰকৃত সত্য সম্পর্কে জ্ঞানলব্ধ হয়। ইয়েই হ'ল মিষ্টিচিজম অর্থাৎ অতীন্দ্রিয়বাদ। 
 
বিশ্বব্ৰহ্মাণ্ডৰ সাতখন সৌৰজগত অথবা স্তৰৰ ভিতৰত চুফীবাদীসকলৰ মতে প্ৰধান স্তৰটোৰ নাম 'জাট', সেইটোকে স্ৰষ্টাৰ বাসস্থান বুলি কোৱা হয়। তাৰপৰাই তেওঁ বিশ্বজগত পৰিচালনা কৰে। সকলোৱে স্বীকাৰ কৰে যে প্ৰভুৱেই একমাত্র সত্তা—যাৰ সমকক্ষ আন কোনো সত্তা নাই। কিন্তু চুফীসকলে তাক বিশ্বাসৰ পৰ্যায়ত নাৰাখি চূড়ান্ত পৰিণতিৰ দিশলৈ ধাৱমান হয়।
 
(লেখক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্রাক্তন মুখ্য অভিযন্তা, সাহিত্যিক তথা সমাজকৰ্মী)