উত্তৰ-প্ৰদেশ মাদ্ৰাছা শিক্ষা আইনক ‘অসাংবিধানিক’ ঘোষণা কৰা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত স্থগিতাদেশ ছুপ্ৰিম কৰ্টৰ

Story by  atv | Posted by  [email protected] • 24 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন দিল্লী

২০০৪ চনত উত্তৰ প্ৰদেশত প্ৰৱৰ্তন কৰা মাদ্ৰাছা শিক্ষা আইনখন ‘অসাংবিধানিক আৰু ধৰ্মনিৰপেক্ষতাৰ আদৰ্শৰ বিৰুদ্ধে’ বুলি যোৱা ২২ মাৰ্চত এলাহাবাদ উচ্চ ন্যায়ালয়ে ৰায় দিছিল। কিন্তু শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশ স্থগিত ৰাখিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰক লৈ গঠিত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰক এই বিষয়ত মতামত বিচাৰি জাননী জাৰি কৰে।
 
এই আদেশত কোৱা হৈছে যে মাদ্ৰাছা ব’ৰ্ডৰ লক্ষ্য আৰু উদ্দেশ্যই সংবিধানৰ ধৰ্মনিৰপেক্ষ আদৰ্শক উলংঘা কৰা বুলি এলাহাবাদ উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশ প্ৰথম দৃষ্টিত ভুল। ৰাজনৈতিক পৰ্যবেক্ষকৰ এটা অংশই অনুভৱ কৰে যে লোকসভা নিৰ্বাচনৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ চৰকাৰ আৰু শাসকীয় বিজেপিক লজ্জিত কৰিছে।
 
শুকুৰবাৰে মুখ্য ন্যায়াধীশৰ নেতৃত্বত থকা বিচাৰপীঠৰ এই নিৰ্দেশে উত্তৰ প্ৰদেশ চৰকাৰৰ মাদ্ৰাছা শিক্ষা ব্যৱস্থাক মূলসুঁতিলৈ অনাৰ প্ৰক্ৰিয়াক স্থবিৰ কৰি পেলায়। ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছত মাদ্ৰাছাসমূহে চৰকাৰী অনুদান লাভ কৰাত কোনো বাধাও নোহোৱা হ'ল। ফলত ১০ হাজাৰ মাদ্ৰাছা শিক্ষক আৰু ১৭ লাখ ছাত্ৰ-ছাত্ৰীয়ে আপাততঃ সকাহ লাভ কৰে।

উল্লেখ্য যে, এই আইনখনক এলাহাবাদ উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল বিজেপি কৰ্মী অংশুমান সিং ৰাথোৰে। আবেদনকাৰীয়ে এই আইনখন অবৈধ বুলি দাবী কৰিছিল। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিবেক চৌধুৰী আৰু ন্যায়াধীশ সুভাষ বিদ্যাৰ্থীৰ বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰি উত্তৰ প্ৰদেশৰ অনুমোদিত মাদ্ৰাছালৈ চৰকাৰী অনুদানৰ অন্ত পৰাৰ পথ মুকলি কৰি দিছিল।

মাদ্ৰাছা শিক্ষাক ‘মূল শিক্ষা ব্যৱস্থা’ত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰয়োজনীয় চৰকাৰী প্ৰক্ৰিয়া আৰম্ভ কৰাত যোগী আদিত্যনাথৰ চৰকাৰে কেইবাবছৰ ধৰি সক্ৰিয় হৈ আছে। চৰকাৰে দাবী কৰিছে যে উত্তৰ প্ৰদেশৰ মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীক গণিত আৰু বিজ্ঞানৰ দৰে বিষয় শিকোৱাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
 
ইয়াৰ উপৰিও উত্তৰ প্ৰদেশৰ মাদ্ৰাছালৈ বিদেশী অনুদানৰ তদন্তৰ বাবে যোৱা বছৰ বিশেষ অনুসন্ধান দল (SIT) গঠন কৰা হৈছিল। এনে পৰিস্থিতিত একাংশ অধিবক্তাই অনুভৱ কৰিছে যে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশৰ ফলত যোগী চৰকাৰৰ বাবে ব্যৱস্থা লোৱাটো কঠিন হ’ব।