উৰুচে দেখুৱালে সমন্বয়ৰ বাট; বৰ নামঘৰত শৰাই দি আশীষ বিচাৰিলে হজৰত আজান পীৰ দৰগাহ সমিতিৰ সভাপতিয়ে

Story by  atv | Posted by  Munni Begum • 1 Years ago
 হজৰত আজান পীৰ  দৰগাহ
হজৰত আজান পীৰ দৰগাহ
 
আশ্ৰফুৰ ৰহমান / শিৱসাগৰ
 
তুমি আল্লাহ চাহেব ঐ, তুমি কৰা দৰিয়াৰ পাৰ...৷ এয়া হৈছে আজান ফকীৰ চাহেবৰ কালজয়ী এফাঁকি জিকিৰ৷ শিৱসাগৰৰ সৰাগুৰি চাপৰিৰ হজৰত আজান পীৰ চাহেবৰ দৰগাহত দেওবাৰে অনুস্থিত উৰুচৰ আখেৰী দোৱাত হাজাৰ হাজাৰ জনৰ হৃদয়ৰ আকুল আহ্বানত যেন এই জিকিৰ ফাঁকিৰে প্ৰতিফলন ঘটিল৷ 
 
পৃথিৱীৰ যন্ত্ৰণা, সমস্যাক পাৰাপাৰহীন দৰিয়াৰ সৈতে তুলনা কৰা আজান পীৰ চাহেবৰ জিকিৰৰ মাধ্যমেৰে অজস্ৰজনে পীৰ চাহাবৰ মাঝাৰৰ সন্মুখত এনেদৰেই বিচাৰিলে আশীষ৷ সমন্বয়, ভক্তি, আস্থা, বিশ্বাসৰ প্ৰতীক স্বৰূপ সৰাগুৰি চাপৰিৰ হজৰত আজানপীৰ দৰগাহত সুদীৰ্ঘ চাৰিটা বছৰৰ বিৰতিৰ অন্তত অনুস্থিত তিনিদিনীয়া উৰুচ, জিয়াৰত আৰু সমুহীয়া দোৱাৰ সামৰণীৰ দিনা উদূলি মুদূলী হৈ পৰে আজানপীৰ দৰগাহ চৌহদ৷
 
হজৰত আজান পীৰ  দৰগাহ সমিতিৰ উদ্যোগত অনুষ্ঠিত বাৰ্ষিক অধিবেশন
 
সৰাগুৰিৰ আকাশে বতাহে জিকিৰ, জাৰীৰ অমিয়া সুৰে ঝংকাৰ তুলিলে৷ বিগত তিনিটা দিন ধৰি এইগৰাকী জিকিৰ সাধক, পীৰৰ দৰগাহত দৰং জিলাৰ পৰা অহা শতাধিক পুৰুষ, মহিলাই ওৰে নিশা সাৰে থাকি মাঝাৰৰ সন্মুখত জুৰিলে বিনন্দীয়া বাউল গীতৰ লহৰ৷ দৰিকা, দিখৌ, ব্ৰহ্মপুত্ৰৰ ত্ৰিবেণী সংগমত নিৰৱে নিতালে শুই আছে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অনবদ্য অৰিহণা আগবঢ়াই অহা হজৰত শ্বাহ মিলান মিৰান ওৰফে আজান ফকীৰ চাহেবে৷
 
শদিয়াৰ পৰা ধুবুৰীলৈ বৰ্ণ, ধৰ্ম, নিৰ্বিশেষে অজস্ৰজনৰ বাবে আশা প্ৰাপ্তিৰ থলী সৰাগুৰিৰ আজানপীৰ দৰগাহত দেওবাৰে অনুষ্ঠিত সমূহীয়া দোৱাত সমবেত হ'বলৈ হিল দল ভাঙি ওলাই আহিল ৰাইজ৷ আজানদেউ চাহেবৰ আদৰ্শক বাস্তৱত প্ৰতিফলিত কৰাৰ মানসেৰে দৰগাহৰ চৌপাশে অসমীয়া হিন্দু সমাজে আৱৰি ৰখা সৰাগুৰিবাসীৰ মংগল কামনাৰে দৰগাহ পৰিচালনা সমিতিৰ সভাপতি আলহাজ হাৰুনাল ৰছিদে পুৱাঁই সৰাগুৰি বৰ নামঘৰত উপস্থিত হয়৷ একেদৰে, সৰাগুৰিৰ বয়োজেষ্ঠ ব্যক্তিসকলৰ উপস্থিতিত উৰুচৰ লগত ৰজিতা খোৱাই সভাপতি হাৰুনাল ৰছিদে নামঘৰত শৰাই আগবঢ়াই৷ নামঘৰৰ মজিয়াত ভকত, বৈষ্ণৱ,নামঘৰীয়াৰ উপস্থিতিত সষ্টাংগে প্ৰণিপাত জনাই মণিকূটৰ সন্মুখত মংগল কামনাৰ বাবে জনোৱা বিৰল দৃশ্য পীৰ চাহেবৰ সমন্বয়ৰ প্ৰতিফলন হিচাবেই পৰিগণিত হৈছে৷ 
 
 
ইফালে সামৰণীৰ দিনা আয়োজিত মুকলি সভা আৰু সৰাগুৰি আজান স্মৃৰ্তি গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট নিৱন্ধকাৰ তথা গড়গাও কলেজৰ অধক্ষ্য ডঃ সব্যসাচী মহন্তই৷ 'আৱাজ-দ্য ভইচ'ৰ সন্মুখত ডঃ মহন্তই কয় যে, আজানপীৰ চাহেবৰ জীৱনচৰ্চা,কৰ্ম, সৃষ্টিৰাজি আৰু দৰ্শন প্ৰতিজন অসমীয়াৰ কাৰণে অনুকৰণীয়৷ অসমীয়াৰ সমাজ জীৱন গঢ় দিয়াৰ ক্ষেত্ৰত আমি যেনেদৰে স্বৰ্গদেউ চাউল্যুং চ্যুকাফাৰ নাম লঁও, যেনেদৰে মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱ, মাধৱদেৱৰ নাম লঁও, ঠিক একেদৰে আজানপীৰৰ চাহাবো এগৰাকী প্ৰাতঃস্মৰণীয় পুৰোধা ব্যক্তি আৰু আধ্যাত্মিক গুৰু।
 
লিখক এনামউদ্দিন আহমেদ, সাংবাদিক খলিলুৰ ৰহমান হাজৰিকাৰ যুগ্ম সম্পাদনাত প্ৰকাশিত 'সৰাগুৰিৰ আজান' শীৰ্ষক স্মৃতি গ্ৰন্থ উন্মোচন কৰি ডঃ সব্যসাচী মহন্তই কয় যে, অসমীয়া সমাজ জীৱন, অসমীয়া আধ্যাত্মিক জীৱন, সাহিত্যৰ ভেঁটি প্ৰতিস্থাৰ ক্ষেত্ৰত যি সকল বৰেণ্য ব্যক্তিয়ে অফুৰন্ত অৱদান আগবঢ়াই গৈছে, সেই সকলৰ ভিতৰত হজৰত আজানপীৰ চাহেবো এগৰাকী অন্যতম অগ্ৰনী ব্যক্তি৷ তেওৰ সৃষ্টিৰাজিৰ উচিত অধ্যয়ন, মূল্যায়ন আৰু গৱেষণাৰ প্ৰয়োজনীয়তা আছে৷ 
 
হজৰত আজান পীৰ  দৰগাহৰ নিশাৰ দৃশ্য
 
শ্ৰীমন্ত শংকৰদেৱে যেনেদেৰে এক দেৱ, এক সেৱ, এক বিনে নাই কেও বুলি একেশ্বৰবাদৰ ভিত্তিত এক শৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰিছিল, ঠিক তেনেদৰে হজৰত আজানপীৰ চাহেবেও একেশ্বৰবাদৰ ভিত্তিত ধৰ্ম প্ৰচাৰ কৰিছিল৷ মহন্তই কয় যে সুদূৰ বাগদাদৰ পৰা অহা আজানপীৰে অসমৰ মাটিক মাতৃ ৰূপে গ্ৰহণ কৰি হাড়ে হিমজুৱে অসমীয়া হৈ পৰিছিল৷ তেও অসম আৰু অসমীয়াৰ সৈতে সংপৃক্ত হৈ পৰে৷
 
উল্লেখ্য যে, দেওবাৰৰ মুকলি সভাত উপস্থিত থাকে অসম সংখ্যালঘু উন্নয়ণ বৰ্ডৰ সভাপতি তথা প্ৰখ্যাত উদ্যোগপতি হাবিব মহম্মদ চৌধুৰী। তেওঁ 'আৱাজ-দ্য ভইচ'ৰ সন্মুখত কয় যে আজানপীৰ দৰগাহৰ পৰিৱেশে তেওক আকৃষ্ট কৰে আৰু  আজানপীৰক অসমৰ ভিতৰতে সীমাবদ্ধ নাৰাখি আমি তেওঁক দেশ-বিদেশলৈকো লৈ যাব লাগিব। 
 
তেও কয় যে, আজানপীৰে সৃষ্টি কৰি যোৱা জিকিৰ আৰু জাৰী আমাৰ বংশ বৃক্ষ (লিগেচী)৷ তথাপি আমি জিকিৰ জাৰীৰ পৰা আঁতৰি আছো। আজানপীৰ দৰগাহৰ পৰিৱেশ উন্নত কৰি পৰ্যটকক আকৰ্ষণ কৰিব পাৰিলে এইয়া এক পৰ্যটনৰ ক্ষেত্ৰ হৈ উঠিব বুলি চৌধুৰীয়ে আশা প্ৰকাশ কৰে। ইফালে, শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম যাদৱে অহা এটা বছৰৰ ভিতৰত আজানপীৰ দৰগাহৰ আন্তগাঠনি উন্নয়ণৰ বাবে চৰকাৰ তথা প্ৰশাসনে কেতবোৰ ব্যৱস্থা হাতত ল'ব বুলি আশ্বাস দিয়ে৷ তেও সমগ্ৰ দিখৌ মুখ অঞ্চলৰ উন্নয়ণৰ বাবেও পৰিকল্পনা হাতত লোৱাৰ কথা উল্লেখ কৰে৷ 
 
মুকলি সভাত সন্মানীয় অতিথি হিচাবে উপস্থিত থাকি উজনি অসমৰ প্ৰাক্তন আয়ুক্ত চৈয়দ ইফতিকাৰ হুছেইনে আজানপীৰৰ জীৱন দৰ্শন সম্পৰ্কে মননশীল বক্তব্য আগবঢ়ায়৷ সাংবাদিক মণিৰুল ইছলাম বড়াই আঁত ধৰা সভাখনত দৰগাহ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক নৱাব মুস্তাকিন আলিয়ে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে৷ সভাপতি হাৰুনল ৰছিদে সভাপতিৰ অবিভাষণত দৰগাহৰ উন্নয়ণৰ বাবে হাতত লোৱা পৰিকল্পনাৰ কথা ব্যক্ত কৰে৷ তেও দৰগাহৰ লগতে লাগি থকা সাত বিঘা মাটি ক্ৰয়ৰ প্ৰচেষ্টা চলোৱাৰ কথা উল্লেখ কৰে৷ সভাপতি গৰাকীয়ে অসম চৰকাৰক আজানপীৰ ক্ষেত্ৰ নিৰ্মাণৰ লগতে সৰাগুৰি চাপৰি উন্নয়ণত গুৰুত্ব দিবলৈ আহব্বান জনাই৷ 
 
হজৰত আজান পীৰ  দৰগাহৰ উৰুচলৈ অহা ৰাইজ
 
সভাত উদীয়মান যুৱ নেতা সুদৰ্শন হাজৰিকাই আজানপীৰক দেশৰ চুকে কোণে পৰিচয় কৰাই দিয়াৰ বাবে পৰিকল্পনা প্ৰস্তুতৰ পোষকতা কৰে৷ মুকলি সভাত জিকিৰ গৱেষক ডঃ ভূৱনেশ্বৰ  কলিতা, সমাজকৰ্মী  দিলীপ হাজৰিকা, শিক্ষাবিদ বিপুল বৰকটকী, জাকিৰূল হুছেইন, চৈয়দ হকিকুৰ ৰহমান, হবিব উল্লাহ, চৌখত লটিফ, কাৰ্য্যকৰী সভাপতি বুবুল দত্ত, ডাক্টৰ মুবিদুৰ ৰহমান, অধ্যক্ষ ৰঞ্জিত বৰুৱা, জিকিৰ গৱেষক ডঃ মল্লিকা ৰহমান, ডক্টৰ চেমিমা আহমেদকে আদি কৰি ভালে সংখ্যক ব্যক্তি উপস্থিত থাকে৷ সভাত ৰাজ্যৰ বিশিষ্ট জিকিৰ গৱেষক ডঃ মল্লিকা ৰহমানৰ  'আজানপীৰৰ জীৱন আৰু কৃৰ্তী' শীষৰ্ক গ্ৰন্থখন চৈয়দ ইফটিকাৰ হুছেইনে উন্মেচন কৰে ৷
 
উল্লেখ্য যে, বাৰ্ষিক জিয়াৰত আৰু উৰুচ উপলক্ষে সৰাগুৰিৰ আজানপীৰ দৰগাহলৈ নিমন্ত্ৰণ কৰা হৈছিল অসমৰ বিভিন্ন প্ৰান্তৰ কুৰি গৰাকীতকৈও অধিক জিকিৰ সাধক আৰু বিশিষ্ট জিকিৰ শিল্পীক৷ নৱ নিৰ্বাচিত আজানপীৰ দৰগাহ পৰিচালনা সমিতিয়ে পোন প্ৰথমবাৰৰ বাবে এই সকল জিকিৰ শিল্পীক একেখন মঞ্চত থিয় কৰাই বিশেষভাৱে সন্মানিত কৰে৷ দীৰ্ঘ সময় ধৰি আজানপীৰ চাহেবৰ সৃষ্ট জিকিৰ জাৰীৰ সংৰক্ষণ আৰু প্ৰচাৰ চলাই অহা তথা অনাতাঁৰ শিল্পী গুৱাহাটীৰ নিৱাসী হাফিজা বেগম চৌধুৰী, দৰং জিলাৰ ফচিসৰ ৰহমান,ওদালগুৰিৰ নজমল হুছেইন, দৰং জিলাৰ বাহাৰুল ইছলাম, শিৱসাগৰৰ ফৰিদুৰ ৰহমান, শিৱসাগৰ বলিয়াঘাটৰ ইব্ৰাহীম আলি, শিৱসাগৰ কৰদৈগুৰিৰ ইদুল আলি, গুৱাহাটীৰ হাজোৰ মুস্তাকিন আহমেদ, দৰঙৰ আব্দুৰ ৰহিম, মংগলদৈৰ আজমল হুছেইন, ওদালগুৰিৰ চহিৰউদ্দিন আহমেদ,শিৱসাগৰৰ আবু খায়েৰ আৰু গোলাঘাট জিলাৰ চামচুদ্দিন আহমেদক একোখনকৈ মান পত্ৰ, চেলেং চাদৰ, গামোচা আৰু সঁফুৰাৰে বিশেষভাৱে সন্মানিত কৰা হয়৷ আনহাতে সভাৰ অন্তত শিৱসাগৰৰ সদৰৰ ভাৰপ্ৰাপ্ত কাজী মৌলানা আলহাজ আতিকুৰ ৰহমান কাচিমীয়ে বিশ্ব শান্তিৰ বাবে সমুহীয়া প্ৰাৰ্থনা কৰে ৷