ফিৰদৌছ খান
১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ দিনা দিল্লীৰ চেহলুমত উলিয়াবলগীয়া শুভ্ৰ তাজিয়া শোভাযাত্ৰা এইবাৰ এদিন পূৰ্বে অৰ্থাৎ ১৪ আগষ্টত উলিওৱা হ’ব।
এই তাজিয়া পুৰণি দিল্লীৰ পাহাৰী ভোজলাৰ পৰা আৰম্ভ হ’ব আৰু জামা মছজিদৰ ১ নং গেট হৈ দক্ষিণ দিল্লীৰ জোৰবাগৰ দৰগাহ শ্বাহে-মৰ্দানত উপস্থিত হ’ব।
চেহলুম কি?
চেহলুম আল্লাহৰ শেষ ৰাছুল হজৰত মহম্মদ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ নাতি আৰু হজৰত আলী আলাইহিছলাম আৰু হজৰত বিবি ফাতিমা জহৰা চালামুল্লাহ আলাইহাৰ প্ৰিয় পুত্ৰ হজৰত ইমাম হুছেইন আলাইহিছলামৰ শ্বহীদ হোৱাৰ চল্লিশতম দিন।
তাজিয়া শোভাযাত্ৰাৰ এক দৃশ্য
ওঁৰ স্মৃতিত প্ৰতি বছৰে হিজৰী মাহৰ চফৰৰ ২০ তাৰিখে শুভ্ৰ তাজিয়া শোভাযাত্ৰা উলিওৱা হয়, যদিও এইবাৰ এই তাজিয়া ১৯ তাৰিখে উলিওৱা হ’ব। এই তাজিয়া চহৰৰ বিভিন্ন অঞ্চলৰ মাজেৰে পাৰ হৈ দৰগাহ শ্বাহে-মৰ্দনত উপস্থিত হয় আৰু তাতেই ইয়াক সমাধিস্থ কৰা হয়। তাজিয়াৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰা লোকসকলে শোক প্ৰকাশ কৰি খোজকাঢ়ি আহে।
মন কৰিবলগীয়া যে, মহৰম মাহ আৰম্ভ হোৱাৰ লগে লগে ইমাম্বৰাত মাজলিছ আৰম্ভ হয় আৰু এই মজলিছ চেহলুমলৈকে অব্যহত থাকে। এই সময়ছোৱাত কাৰবালাৰ শ্বহীদসকলক স্মৰণ কৰা হয়। নোহে আৰু মৰচিয়াও মজলিছত পাঠ কৰা হয়। এই সময়ছোৱাত টাবৰুক বিতৰণ কৰা হয়।
দৰগাহ শ্বাহে-মৰ্দন
দৰগাহ শ্বাহে-মৰ্দান হৈছে ছিয়া মুছলমানসকলৰ এক পবিত্ৰ তীৰ্থস্থান। আহলে-বাইত বিশ্বাস কৰা বৃহৎ সংখ্যক চুন্নী মুছলমানলোকো ইয়ালৈ আহে। মোগল যুগত এই ঠাইখন আলিগঞ্জ নামেৰে জনাজাত আছিল। এই নামটো প্ৰথম ইমাম হজৰত আলী আলাইহিছলামৰ নামত ৰখা হৈছিল। যিটো তেওঁৰ উপাধি আছিল। শ্বাহে-মৰ্দন মানে বীৰৰ ৰজা। ইয়াত এটা শুভ্ৰ মাৰ্বলৰ শিল আছে। যাৰ ওপৰত হজৰত আলী আলাইহিছলামৰ ভৰিৰ ছাপ আছে। ইয়াক কাদাম-ই-মুবাৰক বা কাদাম শ্বৰীফ বুলিও কোৱা হয়।
দৰগাহৰ চৌহদত বিবি কা ৰোজা বা বিবি কি চক্কি, নবাব কুদছিয়া মছজিদ, মজলিছ খানা, লাল মছজিদ, দৰগাহ আৰিফ আলী শ্বাহ আৰু ইমাম্বৰাও আছে। এই ইমাম্বৰাক বাৰাদাৰী বুলিও জনা যায়। ইয়াৰ চাৰিওফালে নক্কাৰ খানা, জিনাত কি মছজিদ, বাউলী, কানাটি মছজিদ, কাৰবালা আৰু চোটি কাৰবালা আছে।
শুভ্ৰ তাজিয়া সাম্প্ৰদায়িক সম্প্ৰীতিৰ প্ৰতীক
শুভ্ৰ তাজিয়া হজৰত ইমাম হুছেইন আলাইহিছলামৰ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰতীক। যিটোৰ ৰং শুভ্ৰ হয়। সেইবাবেই ইয়াক শুভ্ৰ তাজিয়া বুলি কোৱা হয়। বগা ৰং শান্তি, পবিত্ৰতা আৰু শোকৰ প্ৰতীক হয়।
তাজিয়া শোভাযাত্ৰাত হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণ
তাজিয়াও সাম্প্ৰদায়িক সম্প্ৰীতিৰ প্ৰতীক। হিন্দু মহিলাসকলেও তাজিয়াৰ প্ৰতি অতিশয় শ্ৰদ্ধা প্ৰদৰ্শন কৰি আহিছে। তেওঁলোকে তাজিয়াক প্ৰণাম (মূৰ দোৱাই সেৱা জনোৱা) কৰে। বহু ঠাইত পূজাও কৰা হয়। ল’ৰা-ছোৱালীক চুই আশীৰ্বাদ ল’বলৈ কোৱা হয়। তেনে কৰিলে তেওঁলোকৰ জীৱনত সুখ আৰু সমৃদ্ধি আহিব আৰু তেওঁলোকৰ দুখ-কষ্টৰ অন্ত পৰিব বুলি তেওঁলোকে বিশ্বাস কৰে।
কাৰবালাৰ বাৰ্তা
ইয়াজিদৰ অত্যাচাৰৰ বিৰুদ্ধে হজৰত ইমাম হুছেইনে (আঃ) মাত মাতিছিল। তেওঁৰ ত্যাগে আমাক শিকাইছিল যে, সত্যৰ বাবে যুঁজ দিয়াটোৱেই হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ জয়। যাৰ বাবে আপুনি হয়তু শ্বহীদ হবলগীয়া হব পাৰে। হজৰত ইমাম হুছেইনে (আঃ) কৈছিল, "মোৰ কোৰবাণীৰ উদ্দেশ্য বুজি লওঁক, নহ’লে পিছত কান্দি কান্দি অজ্ঞান হৈ পৰিলেও, আপোনালোকৰ দুখ আৰু কষ্ট কোনো কামত নাহিব। তেওঁ (আঃ) কৈছিল, যদি আপোনালোক সত্যৰ দিশত থিয় হৈ আছে। তেন্তে কোনো লোকক একো কোৱাৰ প্ৰয়োজন নাই। কিয়নো সময়ে নিজেই ইয়াৰ সাক্ষী দিব যে আপুনি সঠিক পথত আছে।
ইয়াজিদে কাৰবালাত আক্ৰমণ কৰাৰ পূৰ্বে হজৰত ইমাম হুছেইন (আঃ)এ তেওঁৰ সংগীসকলক কৈছিল যে, যিয়ে তেওঁক এৰি যাব বিচাৰে তেওঁলোকে যাব পাৰে। কিন্তু তেওঁৰ ছাহাবীসকলে প্ৰাণ আঁহুতি দিছিল যদিও ইমামক এৰি যোৱা নাছিল। তেওঁ (আঃ) কৈছিল - সঁচা কথা ক’বলৈ গ’লে মোৰ সংগীসকলতকৈ ভাল আৰু আনুগত্যশীল আন কোনো সংগীক মই নাজানো।
ইয়াৰদ্বাৰা তেওঁ আমাক এইটোও শিকাইছে যে, যদি আপুনি কাৰোবাক সমৰ্থন কৰে, তেন্তে শেষ নিশ্বাস পৰ্যন্ত তেওঁক সমৰ্থন কৰক। এজন প্ৰকৃত বন্ধু আৰু সংগী সেইজনে, যিয়ে কঠিনতকৈ কঠিন সময়তো আপোনাক অকলে এৰি নাযায় বৰং আপোনাৰ সমৰ্থনত দৃঢ়তাৰে থিয় হৈ থাকে।
চেহলুমৰ শুভ্ৰ তাজিয়া শোভাযাত্ৰাৰ সময়ৰ এক দৃশ্য
শোক আৰু চকুলো
কাৰবালাৰ ঘটনা যিয়েই শুনিব, তেওঁৰ চকুৰে চকুলো নিগৰিবলৈ আৰম্ভ কৰিব। হজৰত ইমাম হুছেইনে (আঃ) কৈছিল - মই চকুলোৰে ভৰি পৰিছো, যিসকল মুমিনে মোক স্মৰণ কৰিব তেওঁলোকৰো চকুলো বৈ যাব।
হজৰত ইমাম ছাজ্জাদ (আঃ) য়ে পিতৃৰ বাবে ইমানেই কান্দিছিল যে, তেওঁক ইতিহাসৰ পাঁচজন কান্দি থকা মানুহৰ মাজত স্থান দিয়া হৈছিল। যেতিয়াই তেওঁক ইমান কান্দোনৰ কাৰণৰ বিষয়ে সোধা হৈছিল, তেতিয়াই তেওঁ কাৰবালাৰ ঘটনাটো মনত পেলাই কৈছিল- মোক ভুল বুলি নকবা। তেওঁ কৈছিল, মই সেইজন ব্যক্তিৰ পুত্ৰ যাৰ বাবে আকাশৰ ফেৰেস্তাসকলে চকুলো টুকিছে। মই সেইজন ব্যক্তিৰ পুত্ৰ যাৰ বাবে পৃথিৱীৰ জিন আৰু বতাহত উৰি ফুৰা চৰাইবোৰে চকুলো টুকিছে।
হজৰত ইয়াকুব (আঃ)এ তেওঁৰ এজন পুত্ৰক হেৰুৱাইছিল। সেই সময়ত তেওঁ ইমানেই কান্দিছিল যে, শোকতে তেওঁ চকুযুৰি বগা হৈ পৰিছিল। আনহাতে তেওঁ নিশ্চিত আছিল যে, তেওঁৰ পুত্ৰ জীয়াই আছে।
হজৰত শ্বেখ ফৰিদুদ্দিন আত্তাৰে লিখিছে- যিসকলে কান্দিছে তেওঁলোকৰ হৃদয় মৰমেৰে ভৰি পৰিছে। আৰু যিসকলে হুছেইন (আঃ)ৰ বাবে কান্দিছে প্ৰেমৰ বাস্তৱতাৰ সৈতে চিনাকি হৈছে।
আল্লাহৰ ৰাছুল হজৰত মহম্মদ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে তেওঁৰ নাতি হজৰত ইমাম হাছান (আঃ) আৰু হজৰত ইমাম হুছেইন (আঃ)ক বহু মৰম কৰিছিল। এক হাদীছৰ মতে, কিছুমান মানুহ ৰছুল আল্লাহৰ লগত এক দাৱাতলৈ গৈছিল। এই সকলোবোৰ মানুহৰ মাজত সকলোতকৈ আগত ৰছুল আল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম খোজকাঢ়ি গৈ আছিল। তেওঁ বাটত হুছেইন (আঃ)ক দেখিছিল। তেওঁ তেওঁক কোলাত তুলি ল’ব বিচাৰিছিল। কিন্তু হুছেইন (আঃ) এফালৰ পৰা সিফাললৈ দৌৰি আছিল।
এই কথা দেখি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাঁহি এটা মাৰিছিল আৰু তেওঁক কোলাত উঠাই লৈ গৈছিল। তেওঁ এখন হাত মূৰৰ পিছফালে আৰু আনখন হাত ঠুটৰীৰ তলত ৰাখি মৰমেৰে এটি চুমা খাই কৈছিল- হুছেইনৰ অস্তিত্ব মোৰ পৰা আৰু মোৰ অস্তিত্ব হুছেইনৰ পৰা। যিয়ে হুছেইনৰ সৈতে বন্ধুত্ব কৰিব, আল্লাহেও তেওঁৰ সৈতে বন্ধুত্ব কৰিব।
চেহলুমৰ তাজিয়া শোভাযাত্ৰাৰ এক দৃশ্য
কাৰবালাৰ ভূমি
হজৰত আলী (ছাঃ) কাৰবালাৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত এই ঠাইৰ তাৱাফ কৰিছিল আৰু কৈছিল- এইখন প্ৰেমিকৰ বলিদানৰ ভূমি। যাৰ স্থান কোনেও লাভ কৰিব পৰা নাই আৰু পিছলৈও কোনেও লাভ কৰিব নোৱাৰে।
যেতিয়া হজৰত নুহ (ছাঃ)ৰ নাওখন ঘূৰ্ণী বতাহৰ মাজত আৱদ্ধ হৈ পৰিছিল, তেতিয়া তেওঁ আল্লাহ তাআলাক ইয়াৰ কাৰণ সুধিছিল। তেতিয়া উত্তৰত কৈছিল এইয়া কাৰবালা ভূমি আৰু জিব্ৰাইল আলাইহিছলামে হজৰত ইমাম হুছেইন আৰু তেওঁৰ পৰিয়ালক বন্দী কৰা আৰু শ্বহীদ হোৱাৰ খবৰ দিছিল। তাৰপিছত নাওখনেও শোকত কান্দিছিল আৰু হজৰতেও কান্দিছিল।
(লেখক এগৰাকী আলিমা হয়। তেওঁ ফহম আল কোৰাণ লিখিছে)