টীম ইণ্ডিয়াৰ নতুন সদস্য অসম কন্যা উমা চেত্ৰীৰ সফলতাৰ আঁৰৰ ২ ব্যক্তি

Story by  Mukut Sarma | Posted by  Munni Begum • 9 Months ago
শৈশৱৰ প্ৰশিক্ষক ৰাজা ৰহমানৰ সৈতে উমা চেত্ৰী আৰু দ্বিতীয়খন ছবিত উমাৰ আনগৰাকী প্ৰশিক্ষক মেহবুব আলম
শৈশৱৰ প্ৰশিক্ষক ৰাজা ৰহমানৰ সৈতে উমা চেত্ৰী আৰু দ্বিতীয়খন ছবিত উমাৰ আনগৰাকী প্ৰশিক্ষক মেহবুব আলম
 
মুকুট শৰ্মা / গুৱাহাটী 
 
বোকাখাতৰ বিৰল প্ৰতিভাৱান মহিলা ক্ৰিকেটাৰ উমা চেত্ৰীয়ে শেহতীয়াকৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে ভাৰতীয় ছিনিয়ৰ ক্ৰিকেট দলত স্থান লাভ কৰিছে। ৰাজ্যবাসীয়ে দশক দশক ধৰি দেখি থকা সপোন বাস্তবায়িত কৰি ২০ বছৰীয়া উমা এতিয়া সমগ্ৰ অসমবাসীৰ চিনাকী নাম হৈ পৰিছে। ভাৰতীয় ক্ৰিকেটৰ পোষ্টাৰ গাৰ্ল স্মৃতি মান্ধানা, হৰমনপ্ৰীত কৌৰ আদিৰ সৈতে একেলগে টীম ইণ্ডিয়াৰ জাৰ্চী পৰিধান কৰি উমাই এতিয়া বিশ্ব দৰবাৰত অসমৰ নাম জিলিকাব।
 
মনকৰিবলগীয়া যে, অসমৰ ক্ৰীড়া জগতলৈ নতুন উছাহ আৰু সম্ভাৱনাৰ জোৱাৰ কঢ়িয়াই অনা বোকাখাতৰ উমা চেত্ৰীক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী ক্ৰিকেটাৰ হিচাপে গঢ়ি তোলাত মুখ্য ভূমিকা গ্ৰহণ কৰিছে ছৈয়দ ছাহিদূৰ ৰহমান (ৰাজা ৰহমান) আৰু মেহবুব আলম নামৰ দুগৰাকী প্ৰশিক্ষকে। বোকাখাতত মহিলা ক্ৰিকেটৰ চকুতলগা প্ৰসাৰৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰা প্ৰশিক্ষকদ্বয়ে উমাৰ লগতে কেইবাগৰাকীও ৰাজ্যিক পৰ্যায়ৰ মহিলা ক্ৰিকেটাৰ গঢ় দিবলৈ সক্ষম হৈছে।
 
"উমাই ভাৰতীয় দলত স্থান পোৱাটো মোৰ লগতে সমগ্ৰ বোকাখাতবাসীৰ বাবে এক গৌৰৱৰ বিষয়। তেওঁক লৈ আমি অত্যন্ত সুখী। যিহেতু আজিলৈ অসমৰ কোনো পুৰুষ বা মহিলাই ভাৰতীয় ছিনিয়ৰ দললৈ আমন্ত্ৰণ পোৱা নাছিল। গতিকে উমাৰ প্ৰথম প্ৰশিক্ষণ হিচাপে মই আজি সুখী আৰু গৌৰবান্বিত। মই ২০১১ চনত প্ৰথমবাৰৰ বাবে তাইক লগ পাইছিলো। তেতিয়া বোকাখাতত প্ৰথমবাৰৰ বাবে মহিলা ক্ৰিকেটৰ আৰম্ভণি হৈছিল। মই যিখন খেলপথাৰত মহিলাসকলক প্ৰশিক্ষণ দিছিলো, তাৰ কাষতে বোকাখাত হিন্দী হাইস্কুলখন আছিল। তেতিয়া উমা সম্ভৱতঃ চতুৰ্থ শ্ৰেণীত পঢ়ি আছিল।"-'আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত প্ৰশিক্ষক ৰাজা ৰহমানে এইদৰে কয়। 
 
সতীৰ্থৰ সৈতে উমা চেত্ৰী (সোঁফালৰ পৰা প্ৰথমগৰাকী)
 
উল্লেখ্য যে, ক্ৰিকেটক জীৱনৰ অভিন্ন অংশ কৰি লোৱা প্ৰশিক্ষক ৰহমানে ২০১১ চনত বোকাখাত ক্ৰীড়া সন্থাৰ অধীনষ্ঠ চেলেঞ্জাৰ ক্লাবত মহিলা ক্ৰিকেটৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিছিল। আজিৰ পৰা প্ৰায় ডেৰ দশক পূৰ্বে বোকাখাতৰ দৰে অঞ্চলত ছোৱালীসকলক লৈ ক্ৰিকেটৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰাক লৈ প্ৰশিক্ষক ৰাজা ৰহমানক সেই সময়ত বহুতে হাঁহিছিল। কিন্তু তেওঁৰ আশাশুধীয়া প্ৰচেষ্টাই আজি অভূতপূৰ্ব ফল লাভ কৰিছে আৰু গোলাঘাটবাসীক গৌৰবান্বিত কৰিছে। কাৰণ, তেওঁৰ প্ৰশিক্ষণ শিবিৰত ক্ৰিকেটৰ আদিপাঠ গ্ৰহণ কৰা কেইবাগৰাকীও খেলুৱৈ এতিয়া ৰাজ্যিক পৰ্যায়ৰ ক্ৰিকেটাৰ হিচাপে প্ৰতিষ্ঠিত হৈছে। তেওঁলোকৰ ভিতৰত অন্যতম হ'ল কল্পনা চাওতাল, অনামিকা বড়ি আদি।
 
অত্যন্ত পৰিশ্ৰমী আৰু অধ্যাৱসায়ী উমা চেত্ৰীৰ ক্ৰিকেট কেৰিয়াৰৰ আৰম্ভণিৰ দিনবোৰ স্মৰণ কৰি প্ৰশিক্ষক ৰহমানে কয়, "হিন্দী হাইস্কুলত পঢ়ি থকা সময়ত তাই এদিন মোৰ ওচৰলৈ আহিছিল। আমাৰ শিবিৰৰ তেতিয়া প্ৰায় ৭ দিন মান গৈছিল। উমাই মোক কৈছিল যে ছাৰ মই ক্ৰিকেট শিকিব বিচাৰো। মই তেতিয়া কৈছিলো যে তুমি ইমান সৰু ছোৱালী, কেনেকৈ শিকিবা। তথাপি তাইৰ দৃঢ়তা দেখি মই তাইক আহিব কৈছিলো। তেতিয়া তাই কৈছিল যে ছাৰ মই আজিৰ পৰা আৰম্ভ কৰিম। মই অলপ আঁচৰিত হৈছিলো আৰু কৈছিলো যে তুমি এই পোচাকেৰে কেনেকৈ ক্ৰিকেট খেলিবা। তাই লগে লগে কৈছিল যে মই ড্ৰেছ লৈ আহিছো। তাৰ পিছত তাই আমাৰ সৈতে প্ৰশিক্ষণ আৰম্ভ কৰিলে। তাইৰ কোনো ভয়-আশংকা নাছিল। সম্পূৰ্ণৰূপে আত্মবিশ্বাসী আছিল। আৰম্ভণিৰ কেইদিনতে তাই ধুনীয়াকৈ কেচ ধৰিব পাৰিছিল। খেলপথাত তাই অত্যন্ত উদ্যমী আছিল। কোনো কথাত হাৰ মনা নাছিল। সেইবোৰ দেখি মোৰ ভাল লাগিছিল।"  
 
উল্লেখ্য যে, ভাৰতীয় টি-২০ আৰু এদিনীয়া দলত স্থান লাভ কৰিবলৈ সক্ষম হোৱা ২০ বছৰীয়া উমা কাজিৰঙাৰ অতি পিছপৰা এটা বানবিধ্বস্ত অঞ্চলৰ আৰ্থিকভাৱে দূৰ্বল পৰিয়ালৰ কন্যা। শৈশৱৰ পৰা তেওঁ দৰিদ্ৰতা আৰু আন বহুতো প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিবলগীয়া হৈছিল। তথাপি তেওঁ হাৰ মনা নাছিল। ক্ৰিকেটেৰে জীৱন গঢ়াৰ দুৰ্বাৰ সপোন বাস্তৱায়িত কৰিবলৈ তেওঁ প্ৰতিটো বাধা, প্ৰতিটো প্ৰত্যাহ্বান ওফৰাই লক্ষ্যৰ দিশে আগবাঢ়িছিল। 
 
উমা চেত্ৰী আৰু আন দুগৰাকী মহিলা ক্ৰিকেটাৰৰ সৈতে প্ৰশিক্ষক ৰাজা ৰহমান
 
দৃঢ়মনা উমাৰ জীৱন সংগ্ৰামৰ বিষয়ে প্ৰশিক্ষক ৰাজা ৰহমানে 'আৱাজ দ্য ভইচ'ক কয়, "প্ৰশিক্ষণ চলি থকাৰ মাজতে এদিন মই উমাৰ সংগ্ৰামৰ কথা জানিব পাৰি আচৰিত হৈ পৰিছিলো। ক্ৰিকেটৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ তাই প্ৰায় ৮ কিলোমিটাৰ দূৰৰ এখন দুৰ্গম গাঁওৰ পৰা খোজকাঢ়ি আহিছিল। বৰষুণৰ দিনত বোকা-পানীৰে লুটুৰি-পুতুৰি হৈ আহিছিল। বানপানীৰ সময়ত নাওঁৰে পাৰ হৈ আহিছিল। তেনেকৈ সংগ্ৰাম কৰি তাই প্ৰশিক্ষণ চলাই থাকে আৰু ২০১৩ চনত ১৯ বছৰ অনুৰ্ধ অসম দলত স্থান লাভ কৰে। ইয়াৰ পিছত উমাই আৰু কেতিয়াও পিছলৈ ঘুৰি চাবলগীয়া হোৱা নাই।" 
 
মনকৰিবলগীয়া যে, উমা চেত্ৰী, কল্পনা চাওতাল, অনামিকা বড়ি আদিৰ দৰে খেলুৱৈসকলৰ সফলতাৰ ফলত বোকাখাত অঞ্চলত মহিলা ক্ৰিকেটে নতুন উদ্যম লাভ কৰিছে আৰু দৈনিক নতুন নতুন ল'ৰা-ছোৱালীক মাক-দেউতাকে প্ৰশিক্ষক ৰাজা ৰহমানৰ ওচৰলৈ লৈ আহিছে। এয়া অসমৰ ক্ৰীড়া জগতৰ বাবে নিশ্চয়কৈ আশাৰ বতৰা। 
 
ক্ৰিকেটকে জীৱন-যাপনৰ অংশ কৰি লোৱা প্ৰশিক্ষকজনে দৈনিক ৩-৪ কিলোমিটাৰ দূৰত্ব চাইকেল চলাই আহি উদীয়মান খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। দুপৰীয়া ২ বজাৰ পৰা সন্ধিয়া প্ৰায় ৬ বজালৈ তেওঁ কিশোৰ-কিশোৰীসকলৰ সৈতে খেলপথাৰত সময় কটায়। বছৰ বছৰ ধৰি নিঃস্বাৰ্থভাৱে ক্ৰিকেটৰ প্ৰসাৰৰ কামত লাগি থকা ৰাজা ৰহমানে অঞ্চলটোৰ বিভিন্ন স্থানত হোৱা স্থানীয় ক্ৰিকেট প্ৰতিযোগিতসমূহত আম্পায়াৰিং কৰি লাভ কৰা ধনেৰে জীৱন নিৰ্বাহ কৰি আছে। 
 
ইফালে, উমাৰ কেৰিয়াৰ গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা আনজন প্ৰশিক্ষক হ'ল মেহবুব আলম। ২০১৭ চনৰ পৰা মহিলা ক্ৰিকেটাৰগৰাকীক প্ৰশিক্ষণ আগবঢ়াই অহা বোকাখাত টাউন ক্ৰিকেট ক্লাৱৰ প্ৰশিক্ষকজনে কয় যে উমা এগৰাকী অত্যন্ত দক্ষ উইকেটৰক্ষক আৰু বেটাৰ। "উমাৰ সাফল্যই আমাক গৌৰবান্বিত কৰিছে। তেওঁ বহুদূৰ আগুৱাব পাৰিব। অসম দলৰ হৈও তেওঁ ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন দাঙি ধৰিছে। জুনিয়ৰ পৰ্যায়তো তেওঁ প্ৰতিভাৰ প্ৰমাণ দাঙি ধৰিছিল। মই আশাবাদী যে উমা ভাৰতীয় দলৰ নিৰ্ভৰযোগ্য আৰু নিয়মীয়া উইকেটৰক্ষক হৈ পৰিব।"- আলমে কয়।  
 
বোকাখাতৰ একাংশ মহিলা প্ৰশিক্ষাৰ্থীৰ সৈতে ক্ৰিকেট প্ৰশিক্ষক ৰাজা ৰহমান
 
ইফালে, ছোৱালী এগৰাকীক ক্ৰিকেটৰ প্ৰশিক্ষণ দিয়াতো যথেষ্ট প্ৰত্যাহ্বানজনক বুলি প্ৰকাশ কৰি প্ৰশিক্ষকজনে কয়, "ছোৱালীয়ে ক্ৰিকেট খেলাটো সমাজত মানুহে ভাল দৃষ্টিৰে নাচায়। ছোৱালী এজনীয়ে টি-ছাৰ্ট, পেণ্ট পিন্ধি খেলপথাৰলৈ আহিলে মানুহে বহুত কিবা-কিবি কয়। বহু সময়ত আমি তেনে পৰিস্থিতিৰ সন্মুখীন হৈছো। তথাপি আমি উমাৰ দৰে প্ৰতিভাৱান খেলুৱৈসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেওঁলোকক প্ৰশিক্ষণ দি গৈছিলো। উমাৰ লগতে আমাৰ একাডেমীত আৰু কেইবাগৰাকীও প্ৰতিভাৱান খেলুৱৈ আছে। অৱন্তিকা মুণ্ডা, ৰীমা পেগু, পলক কুমাৰী, টিনামণি পাটগিৰী আদিৰ দৰে প্ৰতিভাৱান খেলুৱৈসকলে অনাগত দিনত হয়তো ভাৰতীয় দলৰ হৈ খেলিব পাৰিব। তেওঁলোকক লৈ আমি অত্যন্ত আশাবাদী।"
 
উল্লেখ্য যে, হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দললৈ নিৰ্বাচিত হোৱা বোকাখাতৰ উমা চেত্ৰীয়ে অহা ৮ জুলাইৰ পৰা বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ শৃংখলাত দেশক প্ৰতিনিধিত্ব কৰিব। তেওঁৰ এই সাফল্যই অসমৰ ক্ৰিকেট জগতলৈ সম্ভাৱনাৰ নতুন জোৱাৰ কঢ়িয়াই আনিছে। 
 
২০০২ৰ ২৭ জুলাইত বোকাখাতৰ এটা কৃষকৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা উমা চেত্ৰীয়ে শেহতীয়াকৈ মহিলা আই পি এলত সুযোগ নোপোৱাত অসমৰ ক্ৰীড়া মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। কিন্তু, দেওবাৰে নিশা ক্ৰিকেটাৰগৰাকীক বিচিচিআই-এ ভাৰতীয় ছিনিয়ৰ দলত সুযোগ দিয়াত ৰাজ্যৰ ক্ৰীড়া মহল উত্‍ফুল্লিত হৈ পৰিছে।