অভিলেখ সৃষ্টিকাৰী প্ৰদৰ্শনৰ পিছত ৰিয়ান পৰাগৰ ভৱিষ্যত কোন দিশে ?

Story by  Imtiaz Ahmed | Posted by  Munni Begum • 6 Months ago
ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ জাৰ্চি পিন্ধি খেলি থকা এক মূহুৰ্ত (বাওঁফাল) আৰু খেলপথাৰত ৰিয়ান পৰাগ (সোঁফালে)
ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ জাৰ্চি পিন্ধি খেলি থকা এক মূহুৰ্ত (বাওঁফাল) আৰু খেলপথাৰত ৰিয়ান পৰাগ (সোঁফালে)
 
ইমতিয়াজ আহমেদ / গুৱাহাটী
 
অসমৰ উদীয়মান বেটছমেন ৰিয়ান পৰাগে টি-২০ ক্ৰিকেটত একেৰাহে ৬টা অৰ্ধশতক অৰ্জন কৰা প্ৰথমজন খেলুৱৈ হিচাপে ইতিহাসৰ পৃষ্ঠাত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত নিৰাশাজনক প্ৰদৰ্শনৰ বাবে ছ'চিয়েল মিডিয়াত বহু ট্ৰ’লৰ সন্মুখীন হোৱাৰ পিছত ৰাজস্থান ৰয়েলছৰ বেটছমেনজনে শেহতীয়াকৈ চৈয়দ মুস্তাক আলী ট্ৰফী টি-২০ প্ৰতিযোগিতাত গৃহ ৰাজ্য অসমৰ অধিনায়কৰ দায়িত্ব কান্ধত লৈ বিশ্বৰ আন কোনো বেটছমেনে অৰ্জন কৰিব নোৱাৰা অভিলেখ গঢ়ে। 
 
তেওঁ বীৰেন্দ্ৰ ছেহৱাগ (ভাৰত), ডেভিদ ৱাৰ্নাৰ (অষ্ট্ৰেলিয়া), ডেভন কনৱে (নিউজিলেণ্ড), হেমিল্টন মাছাকাডজা (জিম্বাবুৱে), কামৰাণ আকমল (পাকিস্তান) আৰু জোছ বাটলাৰ (ইংলেণ্ড)ৰ একেৰাহে পাঁচটা অৰ্ধশতকৰ অভিলেখ অতিক্ৰম কৰে। শুকুৰবাৰে মুম্বাইত ৩৩টা বলত অপৰাজিত ৫৭ ৰানৰ আকৰ্ষণীয় ইনিংছ খেলি ৰিয়ানে টি-২০ৰ ইতিহাসত নতুন অভিলেখ ৰচনা কৰে।
 
ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ সৈতে ৰিয়ান পৰাগ
 
কেৰালাৰ বিৰুদ্ধে অসমক দুই উইকেটৰ ৰোমাঞ্চকৰ জয়ৰ সোৱাদ দিয়াৰ পূৰ্বে ২১ বছৰীয়া ৰিয়ানে বিহাৰ (৩৪ বলত ৬১), চাৰ্ভিচেছ (৩৭ বলত ৭৬*), ছিকিম (২৯ বলত ৫৩*), চণ্ডীগড় (৩৯ বলত ৭৬) আৰু হিমাচল প্ৰদেশৰ (৩৭ বলত ৭২) বিৰুদ্ধে অৰ্ধশতক অৰ্জন কৰে। চলিত টি-২০ প্ৰতিযোগিতাখনত সৰ্বাধিক ৰান সংগ্ৰহ কৰা ৰিয়ানে এতিয়ালৈকে গড় ৬২.৮৬কৈ মুঠ ৪৪০ ৰান সংগ্ৰহ কৰিছে। 
 
বুধবাৰে হিমাচল প্ৰদেশৰ বিৰুদ্ধে ৭২ ৰানৰ বিস্ফোৰক ইনিংছ খেলি ৰিয়ানে টি-২০ত ক্ৰমাগত পঞ্চমটো অৰ্ধশতক অৰ্জন কৰাৰ লগে লগে ৰিয়ানে ভাৰতৰ দ্বিতীয় আৰু বিশ্বৰ ভিতৰতে সপ্তমজন খেলুৱৈ হিচাপে আন্তঃৰাষ্ট্ৰীয় অভিজাত অভিলেখ ধাৰক ক্লাবত প্ৰৱেশ কৰে। কেৰালাৰ বিৰুদ্ধে পৰৱৰ্তী মেচত তেওঁ একেৰাহে ষষ্ঠটো অৰ্ধশতক অৰ্জন কৰি তেওঁলোকৰ অভিলেখ ভংগ কৰে।
 
ইয়াৰ পূৰ্বে বছৰৰ আৰম্ভণিতে ৰিয়ানে পুডুচেৰীত অনুষ্ঠিত দেওধৰ ট্ৰফী এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতাত পাঁচখন মেচত ৩৫৪ ৰান সংগ্ৰহ কৰি সৰ্বাধিক ৰান সংগ্ৰহকাৰী আৰু সৰ্বাধিক ছিক্সাৰ কোবোৱা বেটছমেন হিচাপে পৰিগণিত হয়। তেওঁ ১১টা উইকেট দখল কৰি যৌথভাৱে তৃতীয় সৰ্বাধিক উইকেট দখলকাৰী হিচাপেও কৃতিত্ব অৰ্জন কৰে। এই প্ৰদৰ্শনেৰে অসমৰ ৰিয়ান দেওধৰ ট্ৰফীৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়। পূব মণ্ডলক প্ৰতিনিধিত্ব কৰি তেওঁ উত্তৰ মণ্ডলৰ বিৰুদ্ধে ১০২ বলত ১৩১ ৰান আৰু পশ্চিম মণ্ডলৰ বিৰুদ্ধে ৬৮ বলত অপৰাজিত ১০২ ৰানৰ আকৰ্ষণীয় ইনিংছ খেলি দেশৰ ক্ৰিকেট অনুৰাগীৰ মন জয় কৰে। 
 
দেওধৰ ট্ৰফী ছিজনৰ পিছত ছৈয়দ মুস্তাক আলীত দাঙি ধৰা চমকপ্ৰদ প্ৰদৰ্শনেৰে ৰিয়ানে এতিয়া টীম ইণ্ডিয়াত স্থান লাভৰ প্ৰবল দাবীদাৰ হৈ উঠিছে। কিয়নো, চলিত আইচিচি এদিনীয়া বিশ্বকাপৰ পিছতে ভাৰতে ঘৰৰ মাটিত কেইবাখনো টি-২০ শৃংখলা খেলিব আৰু ২০২৪ চনৰ জুন মাহত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ ওপৰত দলটোৱে দৃষ্টি নিবদ্ধ কৰিব। এই শৃংখলাসমূহৰ বাবে দল বাছনিৰ সময়ত ৰাষ্ট্ৰীয় নিৰ্বাচক মণ্ডলীয়ে নিশ্চয়কৈ ৰিয়ান পৰাগৰ নাম চৰ্চা কৰিব।  
 
অসম ক্ৰিকেট দল
 
অৱশ্যে, অসমৰ খেলুৱৈ এজন ৰাষ্ট্ৰীয় ছিনিয়ৰ দলৰ তেনেই কাষ চপাটো এয়াই প্ৰথম নহয়। আগন্তুক ঘৰুৱা ছিজনত ৰিয়ানে বিজয় হাজাৰে ট্ৰফী (৫০ অভাৰ), ৰঞ্জি ট্ৰফী, দেওধৰ ট্ৰফীৰ লগতে টি-২০ বিশ্বকাপৰ পূৰ্বে অনুষ্ঠিত হ'বলগীয়া আই পি এলত সুন্দৰ প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হ'লে, অসমবাসীৰ বহুদিনীয়া প্ৰত্যাশা পূৰণ হোৱাৰ সম্ভাৱনা নথকা নহয়। 
 
আগন্তুক ছিজনত ঘৰুৱা ক্ৰিকেটত দুটামান শতকীয় ইনিংছ খেলিলে ৰিয়ানৰ বাবে ভাৰতীয় ছিনিয়ৰ দলৰ দুৱাৰ মুকলি হোৱাই নহয়, অহা বৰ্ষৰ আই পি এলৰ পূৰ্বে তেওঁৰ আত্মবিশ্বাসো যথেষ্ট বৃদ্ধি পাব। টি-২০ বিশ্বকাপৰ পূৰ্বে ২০২৪ৰ আইপিএল ৰিয়ানৰ দৰে যুৱ খেলুৱৈসকলৰ বাবে প্ৰতিভা প্ৰদৰ্শনৰ উপযুক্ত মঞ্চ হ'ব।  
 
যুৱ অলৰাউণ্ডাৰজনৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ শলাগ লৈ বিচিচিআইৰ প্ৰাক্তন নিৰ্বাচক কমল দাসে কয়, "তেওঁ এই ছিজনত অতি আকৰ্ষণীয় খেল খেলিছে। ৰিয়ানৰ প্ৰদৰ্শন নিশ্চিতভাৱে অতুলনীয়। কিন্তু, একে সময়তে তেওঁৰ সন্মুখত অতি কঠোৰ প্ৰত্যাহ্বান আছে। কাৰণ টিম ইণ্ডিয়াত প্ৰৱেশৰ বাবে বহুকেইগৰাকী প্ৰতিভাশালী বেটছমেনে নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰিছে। আগন্তুক ছিজনত ধাৰাবাহিকতা আৰু মনোনিৱেশ তেওঁৰ মূল সম্পদ হ’ব। তেওঁৰ কিছুমান প্লাছ পইণ্ট আছে। তেওঁ এজন উপযোগী বলাৰৰ লগতে এজন দক্ষ ফিল্ডাৰ। তেওঁ মাথোঁ গুৰুত্ব দিব লাগিব ধাৰাবাহিকতা আৰু বিজয় হাজাৰে ট্ৰফী আৰু ৰঞ্জি ট্ৰফীত দুটামান শতক অৰ্জন কৰিব লাগিব।”
 
উল্লেখ্য যে, ৰিয়ানে চৈয়দ মুস্তাক আলী ট্ৰফীত ৭.১৪ৰ উল্লেখযোগ্য ইকনমি ৰেটেৰে ৭খন মেচৰ পৰা ৯টা উইকেট দখল কৰি অসমৰ সফল বলাৰৰ তালিকাতো সন্নিবিষ্ট হৈছে। 
 
 ৰিয়ান পৰাগ
 
"আই পি এলত তেওঁৰ আচল পৰীক্ষা হ’ব। তেওঁ যিহেতু বেটিং ক্ৰমৰ শেষৰ ফালে বেটিং কৰিবলৈ আহে, গতিকে কেইটামান দ্ৰুতগতিৰ অৰ্ধশতক বা ৩০-৪০ ৰানৰ ইনিংছ খেলিব লাগিব। মই নিশ্চিত যে এইবাৰ নিৰ্বাচকসকলে তেওঁক উপেক্ষা নকৰে।" - দাসে লগতে কয়।
 
পূৰ্বৰ খেলুৱৈসকলৰ ক্ষেত্ৰত অসম ক্ৰিকেট সন্থাৰ পৰা পৰ্যাপ্ত সমৰ্থনৰ অভাৱৰ অভিযোগ সন্দৰ্ভত সোধাত দাসে কয়, "মই ইয়াৰ সৈতে সম্পূৰ্ণ একমত নহয়। ৰাজ্যিক ক্ৰিকেট সন্থাই কোনো খেলুৱৈক ঠেলিব নালাগে। যদি এজন খেলুৱৈ যথেষ্ট ভাল হয়, তেন্তে নিৰ্বাচকসকলে কেতিয়াও উপেক্ষা কৰিব নোৱাৰে। আৰু যদি খেলুৱৈজন ভাল নহয়, তথাপি আমি তেওঁক দলত ঠেলি-হেচি স্থান দিও, তেন্তে তেওঁ নিশ্চয় ক’ৰবাত গৈ ৰৈ যাব আৰু তাৰ ওপৰত উঠিব নোৱাৰে।”
 
অসমৰ বি চি চি আইৰ আন এজন প্ৰাক্তন নিৰ্বাচক ৰাজেশ বৰাই কয়, “ৰিয়ানে নিশ্চিতভাৱে এনে এক কৃতিত্ব অৰ্জন কৰিছে, যিটো নিৰ্বাচকৰ চকুত নপৰাকৈ থাকিব নোৱাৰে। মই নিশ্চিত যে নিৰ্বাচকসকলে এইবাৰ তেওঁক ভাৰতীয় দললৈ আমন্ত্ৰণ জনাব। এইবাৰ ৰিয়ান দুৰ্দান্ত ফৰ্মত আছে। ক্ৰিকেটাৰসকলে প্ৰায়ে ফৰ্মৰ অভাৱত ভুগিবলগীয়া হয়। কিন্তু, ক্ৰিকেটাৰ এজনৰ এনে ৰূপ খুব কমেইহে দেখা যায়। এদিনীয়া আৰু টি-২০ দুয়োটা সংস্কৰণতে তেওঁ ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন দাঙি ধৰিছে।" - 'আৱাজ-দ্য ভইচ অসম'ক এইদৰে কয় বৰাই।
 
কমল দাসৰ দৰেই বৰাইও আশা কৰে যে ৰিয়ানে আগন্তুক ঘৰুৱা ছিজনৰ মাজেৰে নিজৰ ধাৰাবাহিকতা বজাই ৰাখিব যাতে তেওঁৰ দাবী আৰু অধিক শক্তিশালী হয়। "অহা মাহত ৫০ অভাৰৰ খেল (বিজয় হাজাৰে ট্ৰফী) তেওঁৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব। মগজু ঠাণ্ডা ৰাখি তেওঁ ধাৰাবাহিকভাৱে স্ক'ৰ কৰিব লাগিব, বিশেষকৈ এটা বা দুটা শতক অৰ্জন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব।" - তেওঁ লগতে কয়।