একতা, সম্প্ৰীতি আৰু মানৱতাৰ বাৰ্তাৰে অজস্ৰজনৰ হৃদয় জয় কৰিলে নীৰজ চোপ্ৰাৰ মাতৃয়ে

Story by  atv | Posted by  [email protected] • 29 d ago
পেৰিছ অলিম্পিকত ৰূপৰ পদক লাভৰ পিছত অনুৰাগীৰ সৈতে নীৰজ চোপ্ৰা
পেৰিছ অলিম্পিকত ৰূপৰ পদক লাভৰ পিছত অনুৰাগীৰ সৈতে নীৰজ চোপ্ৰা
 
মুকুট শৰ্মা / গুৱাহাটী

অসম গৌৰৱ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই প্ৰায় চাৰি দশক পূৰ্বে কৈছিল-"এই পৃথিৱী এক ক্রীড়াংগন; ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগন"। সঁচাকৈয়ে  ক্ৰীড়াই সমাজলৈ একতা, সম্প্ৰীতি, সমন্বয়, প্ৰেম, মানৱতা আৰু শান্তিৰ বাৰ্তা কঢ়িয়াই আনে।
 
পেৰিছ অলিম্পিকত ভাৰতৰ তাৰকা জেভলিন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰাই ৰূপৰ পদক জয়েৰে দেশবাসীক গৌৰবান্বিত কৰাৰ পিছতে এই কথা পুনৰ এবাৰ প্ৰমাণিত হৈছে। পাকিস্তানৰ প্ৰতিদ্বন্দ্বী আৰ্ছাদ নদীমৰ হাতত ফাইনেলত পৰাস্ত হৈ ৰূপৰ পদকতে সন্তুষ্ট থকা নীৰজ চোপ্ৰাৰ মাতৃৰ এক হৃদয়স্পৰ্শী মন্তব্যই দেশৰ সীমা পাৰ হৈ পাকিস্তানী নাগৰিকৰো মন জয় কৰিবলৈ সক্ষম হৈছে।      
 
ভাৰত -পাক সীমান্তত উত্তেজনা আৰু উভয় দেশৰ ৰাজনৈতিক সংঘাত অব্যাহত থকাৰ সময়তে নীৰজ চোপ্ৰাৰ মাতৃ সৰোজ দেৱীয়ে ফাইনেলত পুত্ৰৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ আৰ্ছাদ নদীমৰ ত্যাগ-কষ্টক প্ৰশংসা কৰাৰ লগতে তেওঁকো নিজৰ সন্তান বুলি আখ্যা দিয়ে।

স্বৰ্ণ পদক বিজয়ী আৰ্ছাদ নদীমক লৈ অপৰিসীম গৌৰৱ অনুভৱ কৰে বুলি উল্লেখ কৰি সৰোজ দেৱীয়ে কয়, "আমি নীৰজৰ ৰূপৰ পদক লৈ সুখী। এইটো ৰূপ আমাৰ বাবে স্বৰ্ণসদৃশ। কাৰণ, নীৰজ শেহতীয়াকৈ আঘাতমুক্ত হৈ উঠিছে মাত্ৰ। সোণৰ পদক লাভ কৰা আৰ্ছাদ নদীমো মোৰ সন্তান। এই সফলতাৰ বাবে নদীমেও যথেষ্ট ত্যাগ, কষ্ট আৰু অধ্যাৱসায় কৰিছে। মই তেওঁক অভিনন্দন জনাইছো।"

নীৰজ চোপ্ৰাৰ মাতৃৰ এই মন্তব্যত মৰম, ভালপোৱা, পাৰস্পৰিক শ্ৰদ্ধা, মানৱতা আৰু শান্তিৰ বাৰ্তা প্ৰতিফলিত হৈছে। লগতে তেওঁ ক্ৰীড়াবিদৰ অভিভাৱকসকলকো এনে এক গুৰুত্বপূৰ্ণ বাৰ্তা দিছে যে সন্তানৰ ফলাফলতকৈ প্ৰস্তুতি আৰু পৰিশ্ৰমকহে অধিক গুৰু্ত্ব দিয়া উচিত। একেদৰে, নিজৰ লগতে আনৰ সফলতাকো সুন্দৰভাৱে উদযাপন কৰিব লাগে। 
 
অলিম্পিক পৰ্যায়ৰ এগৰাকী খেলুৱৈৰ  নিষ্ঠা আৰু অধ্যৱসায়ক সন্মান জনোৱা আৰু পাৰস্পৰিক শ্ৰদ্ধাৰ ভাৱ প্ৰকাশ পোৱা তেওঁৰ সোণসেৰীয়া মন্তব্যক ভাৰত আৰু পাকিস্তানৰ ক্ৰীড়া অনুৰাগীয়ে বহুলভাৱে প্ৰশংসা কৰিছে। পাকিস্তানৰ একালৰ তাৰকা ক্ৰিকেটাৰ ছোৱাইব আখতাৰেও নীৰজ চোপ্ৰাৰ মাকৰ ক্ৰীড়াসুলভ মানসিকতা আৰু মানৱীয় দৃষ্টিভংগীত অভিভূত হৈ পৰিছে।
উল্লেখযোগ্য যে বৃহস্পতিবাৰে গভীৰ নিশা পাকিস্তানৰ তাৰকা নদীমে পুৰুষৰ জেভেলিন থ্ৰ' ইভেণ্টত সোণৰ পদকেৰে এথলেটিকছত পাকিস্তানৰ হৈ প্ৰথমটো অলিম্পিক পদকৰ ইতিহাস ৰচনা কৰে। নদীমে দ্বিতীয়টো প্ৰচেষ্টাত ৯২.৯৭ মিটাৰৰ চমকপ্ৰদ থ্ৰ’ নিক্ষেপ কৰি অলিম্পিকৰ অভিলেখ ভংগ কৰাই নহয়, জেভেলিন থ্ৰ’ৰ সৰ্বকালৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ তালিকাত ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হয়।
 
ইফালে, নীৰজ চোপ্ৰাই ৮৯.৪৫ মিটাৰৰ থ্ৰ’ নিক্ষেপ কৰি ৰূপৰ পদক লাভ কৰে। তেওঁৰ আন পাঁচটা প্ৰচেষ্টা ফাউল হোৱাত নীৰজৰ স্বৰ্ণজয়ৰ স্বপ্ন ভংগ হয়। গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছে ৮৮.৫৪ মিটাৰ থ্ৰ’ৰে ব্ৰঞ্জৰ পদক দখল কৰে।
ইফালে, পেৰিছ অলিম্পিকত ৰূপৰ পদক লাভ কৰা তাৰকা জেভেলিন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰাই কয় যে তেওঁ নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন দাঙি ধৰিলেও আজিৰ দিনটো পাকিস্তানৰ আৰ্ছাদ নাদীমৰ সোণ জয়ৰ দিন আছিল।
 
চোপ্ৰাই কয় যে এতিয়া তেওঁৰ প্ৰদৰ্শনৰ মূল্যায়ন আৰু ভৱিষ্যতৰ উন্নতিৰ ওপৰত গুৰুত্ব দিয়াৰ সময় আহি পৰিছে। ‘আমি সকলোৱে যেতিয়াই দেশৰ হৈ পদক লাভ কৰো তেতিয়াই যথেষ্ট সুখ অনুভৱ কৰো। এতিয়া মই নিজৰ খেল আৰু অধিক উন্নত কৰাৰ সময় আহি পৰিছে৷ আমি বহি আলোচনা কৰিম আৰু আমাৰ প্ৰদৰ্শন উন্নত কৰিম।’-এএনআইক এইদৰে কয় চোপ্ৰাই।