১৭ বছৰ অনূৰ্ধ ভাৰতীয় ফুটবল দলত অসমৰ ছার্জিক আলম

Story by  Ariful Islam | Posted by  Munni Begum • 7 Months ago
ভাৰতীয় ফুটবল দলত অসমৰ ছার্জিক আলম
ভাৰতীয় ফুটবল দলত অসমৰ ছার্জিক আলম
 
আৰিফুল ইছলাম / গুৱাহাটী
 
প্ৰতিভা বিকাশৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও অন্তৰায় হ'ব নোৱাৰে। নেৰানেপেৰা চেষ্টা আৰু একাণপতীয়া সাধনা থাকিলে সকলো কামতে সফল হ'ব পাৰি। এই কথা প্ৰমাণ কৰি দেখুৱাইছে এগৰাকী প্ৰতিভাৱান যুৱকে। ফুটবলেৰে জগত জিনাৰ সপোন দেখা এই যুৱকজন হ’ল ছার্জিক আলম। 
 
মাত্ৰ ১৬ বছৰ বয়সতে তেওঁ বিশ্বমুখী যাত্ৰা আৰম্ভ কৰাৰ সুযোগ লাভ কৰিছে। অসমৰ প্ৰতিভাৱান ফুটবলাৰজনে থাইলেণ্ডত অনুষ্ঠিত হ'বলগীয়া এচিয়ান কেণ্টিনেণ্টেল কাপত ১৭ বছৰ অনুৰ্ধ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব। ১৭ বছৰ অনুৰ্ধ ভাৰতীয় ফুটবল দলৰ গ'লৰক্ষক হিচাপে খেলিব কামৰূপ জিলাৰ ডেকাৰকুছিৰ ছার্জিক আলমে।
 
 
ইয়াৰ পূৰ্বে পৰ্তুগালত অনুষ্ঠিত হোৱা ইণ্টাৰনেচনেল ইউথ কাপ ২০২২ ত তেওঁ খেলিবলৈ সুযোগ পাইছিল। প্ৰতিভা আৰু দক্ষতাৰ বলত ছাৰ্জিকে এতিয়া ভাৰতীয় জুনিয়ৰ ফুটবল দলত স্থান দখল কৰিবলৈ সক্ষম হৈছে। সৰুৰে পৰা ফুটবলৰ প্ৰতি আগ্ৰহী ছার্জিক আলমে গাওঁত ৰবাব টেঙাৰ বলেৰে ফুটবল খেলিবলৈ আৰম্ভ কৰিছিল।
 
কামৰূপ জিলাৰ অন্তৰ্গত ডেকাৰকুছি গাঁওত জন্ম লাভ কৰা ফুটবলাৰজনে বৰ্তমান মাতৃৰ সৈতে গুৱাহাটীৰ হাতীগাঁওৰ এটা ভাড়াঘৰত থাকে। দশম শ্ৰেণীত পঢ়া প্ৰতিভাৱান যুৱকজনে গুৱাহাটীৰ ভাড়াঘৰত থাকিয়েই পঢ়া-শুনা কৰে আৰু ফুটবলৰ অনুশীলন চলাই আছে। গুৱাহাটীৰ সুন্দৰবন নগৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ চার্জিক আলম। ধনৰ অভাৱত তেওঁ হাতীগাঁওৰ ভাড়াঘৰৰ পৰা সৰুসজাই ষ্টেডিয়ামলৈ খোজকাঢ়ি অনুশীলন কৰিবলৈ যায়।
 
'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ছার্জিকে কয়; "থাইলেণ্ডত অনুষ্ঠিত হ'বলগীয়া এচিয়ান কেণ্টিনেণ্টেল কাপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব পাই মই অত্যন্ত সুখী। তাত অংশগ্ৰহণ কৰাৰ বাবে যাৱতীয় সকলো কাম-কাজ সম্পন্ন হৈছে। ইয়াৰ পূৰ্বে মই পৰ্তুগালত অনুষ্ঠিত ইণ্টাৰনেচনেল ইউথ কাপ-২০২২ ত খেলাৰ সুযোগ পাইছিলোঁ। কিন্তু কিছু ব্যক্তিগত অসুবিধাৰ বাবে মই তাত অংশগ্ৰহণ কৰিব নোৱাৰিলোঁ। লণ্ডনৰ ৱেষ্টহাম ইউনাইটেডৰ এগৰাকী প্ৰাক্তন খেলুৱৈয়ে মই কেম্পত যাওঁতে মোৰ খেল চাই ভাল পাইছিল আৰু মোক ৱেষ্টহাম ইউনাইটেডৰ ১৫ বছৰ অনুৰ্দ্ধ দলতো গ'লৰক্ষক হিচাপে খেলিবলৈ আমন্ত্ৰণ জনাইছিল।"
 
উল্লেখ্য যে, ছার্জিক আলমে অসম দলৰ হৈ খেলাৰ উপৰিও বিভিন্ন ক্লাৱক প্ৰতিনিধিত্ব কৰিছে। অসম ফুটবল দলৰ সদস্য হৈ তেওঁ বিভিন্ন ঠাইত উন্নত প্ৰদৰ্শনেৰে ফুটবল অনুৰাগীৰ মন জয় কৰিছে। পাঞ্জাৱৰ আগশাৰীৰ ফুটবল ক্লাব মিনাৰ্ভা পাঞ্জাৱ এফ চিতো খেলাৰ সুযোগ পোৱা উদীয়মান খেলুৱৈজনে মিনাৰ্ভা পাঞ্জাৱ এফ চি অনুৰ্দ্ধ-১৪ ৰ গ'লৰক্ষক হিচাপে খেলিছিল। 
 
ছার্জিক আলম তেওঁৰ স্কুলীয়া বন্ধু-বান্ধৱীৰ সৈতে
 
"ইয়াৰে আগতে মই বিভিন্ন ঠাইত খেলাৰ উপৰিও, নৰ্থ ইষ্ট ইউনাইটেড এফ চিত অনুশীলনৰ সুবিধা পাইছিলোঁ। তাত মই প্ৰায়ে অনুশীলন কৰোঁ। খালিদ জামিল ছাৰে মোক নৰ্থ ইষ্ট ইউনাইটেড এফ চিত খেলাৰ সুযোগ দিছে। তেওঁ বৰ্তমান আই এছ এলৰ বেংগালুৰু দলৰ মুখ্য প্ৰশিক্ষক। সেই সময়ত মোৰ এযোৰ ভাল বুট জোতা নাছিল। জাৰ্চি আৰু বুট জোতা খালিদ জামিল ছাৰে মোক যোগান ধৰিছিল। কিন্তু, ক'ভিডৰ বাবে নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰশিক্ষণ কেন্দ্ৰটো বন্ধ হ'ল। তাৰ পিছত মই গুৱাহাটী চিটি এফ চিত প্ৰশিক্ষণৰ বাবে যোগদান কৰিলোঁ। গুৱাহাটী চিটি এফ চিত বিতোপন সোনোৱাল ছাৰে মোক বহুত সহায় কৰিছিল আৰু ক'ভিডৰ সময়চোৱাত ব্যক্তিগত ভাবেও মোক প্ৰশিক্ষণ দিছিল," ছার্জিক আলমে কয়।
 
সুন্দৰবন নগৰ জাতীয় বিদ্যালয়ৰ স্বত্বাধিকাৰী তথা ছার্জিক আলমৰ শিক্ষক বিল্লালুৰ ৰহমানে কয়; "ব্যক্তিগত ভাৱে মই নথৈ আনন্দিত। আমাৰ বিদ্যালয়ৰ দৰে এখন সৰু বিদ্যালয়ৰ পৰা এজন ছাত্ৰ ওলাই ৰাষ্ট্ৰীয় পৰ্য্যায়ত দেশক প্ৰতিনিধিত্ব কৰিবলৈ ওলাইছে। আমাৰ কাৰণে এইটো এটা গৌৰৱৰ কথা। মোৰ লগতে সকলো শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰী সকলোৱে আনন্দিত। ছার্জিক আলম আৰু আগুৱাই যাওঁক। বিশ্ব পৰ্য্যায়ৰ এগৰাকী ফুটবলাৰ হৈ ওলাই আহক, আমি তাৰে কামনা কৰিছোঁ।"
 
পেলে, ৰোনাল্ডো, লিঅ’নেল মেছিৰ দৰে মহান ফুটবলাৰে সদায় আকৰ্ষিত কৰি অহা ছার্জিকে এতিয়া নিজকে এজন সুদক্ষ ফুটবলাৰ হিচাপে প্ৰতিষ্ঠিত কৰাৰ সপোন দেখিছে। আৰ্থিক দূৰৱস্থাই জীৱনলৈ বহুতো প্ৰত্যাহ্বান আনিছে, যদিও সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি তেওঁ সফলতাৰ শিখৰ চুব খোজে।