মহিলা এছিয়া কাপঃ ভাৰতে পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰে

Story by  PTI | Posted by   Imtiaz Ahmed • 1 h ago
 শ্ৰী চৰণী আৰু প্ৰেমা ৰাৱাট
শ্ৰী চৰণী আৰু প্ৰেমা ৰাৱাট
ডুবাই

শনিবাৰে ইয়াত অনুষ্ঠিত মহিলা টি-২০ এছিয়া কাপৰ গ্ৰুপ ‘এ’ৰ একপক্ষীয় খেলত ভাৰতে পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰে। ভাৰতৰ উদীয়মান স্পিনাৰ শ্ৰী চৰণী আৰু প্ৰেমা ৰাৱাটে তিনিটাকৈ উইকেট দখল কৰে।

বাওঁহতীয়া স্পিনাৰ চৰণী (৩/৭) আৰু ৰাৱাটে (৩/৯) বিধ্বংসী বলিং কৰি পাকিস্তানক ১৮.১ অভাৰত মাত্ৰ ৫৫ ৰানতে অলআউট কৰে। এয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পাকিস্তানৰ সৰ্বনিম্ন দলীয় স্ক’ৰ। ভাৰতে মাত্ৰ ৮.৪ অভাৰত ৩টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। অধিনায়ক হৰমনপ্ৰীত কৌৰ ১৮ ৰানত অপৰাজিত থাকে।

এই জয়ৰ লগে লগে ভাৰতে তিনিখন খেলত নিজৰ অপৰাজিত ধাৰা অব্যাহত ৰাখি ৬ পইণ্ট লাভ কৰে আৰু ইতিমধ্যে ছেমিফাইনেলৰ স্থান নিশ্চিত কৰিছে। পাকিস্তানৰ পইণ্ট ২-তে আছে আৰু এতিয়া ছেমিফাইনেলত যোগ্যতা অৰ্জন কৰিবলৈ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত হংকঙক পৰাস্ত কৰিব লাগিব।

শ্বেফালি বাৰ্মাই প্ৰথমটো সফলতা আনি মুনিবা আলীক (১৩) ব’ল্ড কৰাৰ পাছত চৰণীয়ে ষষ্ঠ অভাৰত দুটা উইকেট দখল কৰে। তেওঁ গুল ফিৰোজা (০) আৰু শ্বাৱাল জুলফিকাৰক (১৪) আউট কৰি পাকিস্তানক ৩ উইকেটত ২৯ ৰানৰ বিপৰ্যয়জনক অৱস্থালৈ ঠেলি দিয়ে।

অষ্টম অভাৰত পাকিস্তানৰ স্ক’ৰ ৪ উইকেটত ৩২ ৰানলৈ অৱনমিত হয় আৰু দলটোৱে তাৰ পাছত আৰু উভতি আহিব নোৱাৰিলে। ৰাৱাট আৰু দীপ্তি শৰ্মাই (২/৫) পাকিস্তানৰ বিপৰ্যয় অধিক গভীৰ কৰে। ফলত ১৩তম অভাৰত পাকিস্তানৰ স্ক’ৰ ৭ উইকেটত ৪৫ ৰান হয়।

পাকিস্তানৰ ইয়াৰ পূৰ্বৰ সৰ্বনিম্ন টি-২০ আন্তঃৰাষ্ট্ৰীয় স্ক’ৰ আছিল ৬৩ ৰান। ২০১২ চনৰ মহিলা টি-২০ এছিয়া কাপৰ গ্ৰুপ পৰ্যায়ত গোৱাংঝৌত ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত খেলখনত পাকিস্তানে ১৯.১ অভাৰত এই স্ক’ৰ কৰিছিল।

সংক্ষিপ্ত স্ক’ৰ

পাকিস্তানঃ ১৮.১ অভাৰত ৫৫ ৰানত অলআউট — শ্বাৱাল জুলফিকাৰ ১৪, মুনিবা আলী ১৩; শ্ৰী চৰণী ৩/৭, প্ৰেমা ৰাৱাট ৩/৯, দীপ্তি শৰ্মা ২/৫।

ভাৰতঃ ৮.৪ অভাৰত ৩ উইকেটত ৫৭ ৰান — হৰমনপ্ৰীত কৌৰ ১৮ ৰানত অপৰাজিত; ফাতিমা ছানা ৩/১৭।