অনিৰ্দিষ্টকাললৈ স্থগিত আইপিএল-২০২৫, খেলুৱৈ-বিষয়ববীয়াৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিচিচিআইৰ সিদ্ধান্ত

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন দিল্লী

২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক উত্তেজনা তীব্ৰভাৱে বৃদ্ধি পোৱাৰ ফলত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আইপিএল) ২০২৫ অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে।
 
জম্মু আৰু পাঠানকোটৰ নিকটৱৰ্তী অঞ্চলত পাকিস্তানৰ আকাশী আক্ৰমণৰ সতৰ্কবাণীৰ বাবে ধৰ্মশালাত যোৱানিশা পঞ্জাৱ কিংছ আৰু দিল্লী কেপিটেলছৰ মাজৰ খেলখন আধাতে বন্ধ হোৱাৰ এদিন পিছতে বিচিচিআই-এ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 
 
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) খেলুৱৈ, সহায়ক কৰ্মচাৰী, অনুৰাগীৰ সুৰক্ষাক প্ৰধান অগ্ৰাধিকাৰ হিচাপে উল্লেখ কৰি প্ৰতিযোগিতাখনৰ বিষয়াসকলৰ সৈতে এখন জৰুৰী বৈঠকৰ আযোজন কৰে। এই বৈঠকৰ অন্তত শুকুৰবাৰে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় যে এই বছৰৰ আইপিএল অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে। 
পিটিআইক এই কথা নিশ্চিত কৰি বিচিচিআইৰ এজন জ্যেষ্ঠ বিষয়াই মন্তব্য কৰে যে, “দেশ যুদ্ধত থকাৰ সময়ত ক্ৰিকেট চলি থকাটো ভাল দেখা নাযায়। খেলুৱৈ, সহায়ক কৰ্মচাৰী, অনুৰাগীৰ সুৰক্ষাৰ বিষয়টো আমাৰ প্ৰধান অগ্ৰাধিকাৰৰ বিষয়।”
 
ইয়াৰ ফলত ২৫ মে’লৈ চলিবলগীয়া ঐশ্বৰ্যশালী আইপিএল ছিজনৰ বাকী অংশ সম্পূৰ্ণ অনিশ্চয়তাৰ মাজত সোমাই পৰিছে।